Showing posts with label বিশেষ প্ৰতিবেদন. Show all posts
Showing posts with label বিশেষ প্ৰতিবেদন. Show all posts

Thursday, January 30, 2025

 ড'নাল্ড ট্ৰাম্পৰ নতুন মন্ত্ৰকত"ইলন,বিবেক"

ড'নাল্ড ট্ৰাম্পৰ নতুন মন্ত্ৰকত"ইলন,বিবেক"

 ড'নাল্ড ট্ৰাম্পৰ নতুন মন্ত্ৰকত"ইলন,বিবেক"

বি.চি. ববিশেষ প্ৰতিবেদন, ২৮জানুৱাৰীঃ আমেৰিকা যুক্তৰাষ্ট্ৰক এক নতুন ৰূপ দিয়াৰ মানসেৰে সদ্য নিৰ্বাচিত ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে এক নতুন মন্ত্ৰক খুলি পেলালে।নাম দিয়া হৈছে "Department of Government Efficiency"যাৰ সংক্ষিপ্ত ৰূপ হ'ল "DOGE"(ড'জ)।

চৰকাৰৰ খৰছ কমোৱাৰ লগে-লগে ওয়াশিংটনৰ কাম-কাজত এক নতুন গতি -নতুন লহৰ অনাটো এই মন্ত্ৰকৰ কাম।আমেৰিকাৰ চেহাৰাই সলনি কৰি দিব বুলি প্ৰতিজ্ঞাবদ্ধ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প।ট্ৰাম্পৰ ভাষ্য-আমেৰিকাই পুনৰ বিশ্ব

দৰবাৰত শ্ৰেষ্ঠ আসনটি পাব।ভাষণৰ লগে-লগে ট্ৰাম্পে ইতিমধ্যে কৰ্মক্ষেত্ৰত খোজ দিছে।এইটো স্পষ্ট নহয় যে এই মন্ত্ৰক ফেডাৰেল চৰকাৰৰ মাজৰ পৰা কাম কৰিব নে বাহিৰৰ পৰা কাম কৰিব?কাৰণ 'আইন'অবিহনে এনেকৈ কোনো চৰকাৰী মন্ত্ৰক খুলিব নোৱাৰে 

ট্ৰাম্পে এয়া ইংগিত বহন কৰিছে যে,চৰকাৰৰ বাহিৰত থাকি এক উপদেষ্টা কমিচন হিচাবে

কাম কৰিব 'ডজ'।ট্ৰাম্পে ঘোষণা কৰা অনুসাৰে ডজ'ৰ মূৰব্বী হিচাবে তেওঁ আসনত বহুৱাইছে উদ্যোগপতি ধনকুবেৰ ইলন মাস্ক আৰু ভাৰতীয় বংশোদ্ভূত উদ্যোগপতি বিবেক

ৰাম স্বামীক।বিবেক সেইজন যিয়ে নেকি প্ৰথম পৰ্যায়ত ৰিপাব্লিকান পাৰ্টীৰ অন্যতম 'ৰাষ্ট্ৰপতি'পদ প্ৰাৰ্থী আছিল। অন্য দিকে ট্ৰাম্প চৰকাৰত ইলন'ৰ প্ৰৱেশ এক প্ৰকাৰ খাটাং হৈ আছিল।

ভোটৰ আগ মূহুৰ্তত ট্ৰাম্পৰ সমৰ্থত ইলনে ডিঙি ফুলাই কৈছিল,হোয়াইট হাউচ'ত ট্ৰাম্পৰ প্ৰত্যাবৰ্তন হ'লে তেওঁ প্ৰশাসনিক দায়িত্ব ল'বলৈ প্ৰস্তুত। ইলনক যে গুৰুত্বপূৰ্ণ প্ৰশাসনিক দায়িত্বৰ লগত জড়িত কৰিব সেই ইংগিত ইতিমধ্যে ট্ৰাম্পে দি থৈছিল।সেই ইংগিত মতে,এইবাৰ চীল মোহৰ মাৰিলে আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে।ইলন'ৰ মালিকাধীন

সংস্থা 'X'(এক্স)ৰ হেণ্ডলৰ পৰা প'ষ্ট কৰি ট্ৰাম্পে এই কথা কৈছে।'ডজ'ক নতুন যুগৰ "ম্যানহাটন প্ৰজেক্ট" বুলি অভিহিত কৰিছে ট্ৰাম্পে। উল্লেখ্য যে, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকাই পৰমাণু বোমা তৈয়াৰ কৰা গোপন

প্ৰকল্পৰ নাম আছিল "ম্যানহাটন প্ৰজেক্ট"।এই নতুন মন্ত্ৰক লৈ বুকুত ক'ত যে আশা বান্ধিছে ট্ৰাম্প,ইলন আৰু বিবেকৰ অনুগামী সকলে। কিন্তু একে লগতে বৃহৎ সংখ্যক আমেৰিকাবাসীয়ে হা-হুমুনিয়াহ কাঢ়িছে।একেলগে বৃহৎ সংখ্যক চাকৰি বন্ধ হোৱাৰ পথ প্ৰশস্ত।ট্ৰাম্প চৰকাৰে চাকৰি বন্ধ কৰি কৰ্মচাৰী 'ছাটাই' কৰি দিয়াৰ আশংকা ঘণীভূত হৈছে মানুহৰ মনত।এই পৰিস্থিতিৰ বাবে ইলন আৰু বিবেক'ক একাংশ আমেৰিকানে "জোড়া আতংক", বুলি অভিহিত কৰিছে।ইলন আৰু বিবেক'ক নিয়োগ কৰাৰ ঠিক পাছতে ট্ৰাম্পে এক বিবৃতি যোগে জনাইছে,চৰকাৰৰ বৃদ্ধি খৰছ কমোৱা,অতিৰিক্ত নিয়ম কমোৱা,

আমোলাতন্ত্ৰ ভংগ কৰা,ফেডাৰেল সংস্থা সমূহ পুনৰ্গঠন কৰাৰ বাবে 'ডজ' তৈয়াৰ কৰা হৈছে। ইয়াতে অনেক আমেৰিকাবাসীৰ মূৰ কামোৰণি হৈছে।ট্ৰাম্পৰ নিৰ্বাচনী প্ৰচাৰত ইলন আৰু বিবেক দুজনেই বাইডেন চৰকাৰৰ

অতিৰিক্ত খৰছৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল। দুজনেই দাবী কৰিছিল যে আমেৰিকাৰ ফেডাৰেল বাজেটত এনেকুৱা বিভিন্ন বিষয়ত'অৰ্থ' ধাৰ্য কৰা য'ৰ পৰা আমেৰিকাৰ অকণো লাভ নহয়।আনকি যিবোৰ মন্ত্ৰক(দপ্তৰ) কামৰ নামত 'অষ্টৰম্ভা' তেনেকুৱা বহু মন্ত্ৰক বন্ধ কৰি দিয়াৰ বাবে পৰামৰ্শ আগবঢ়াইছে তেওঁলোকে।ইলনতকৈ এখোজ ওপৰত গৈ বিবেকে শিক্ষা দপ্তৰ,এফ বি আই বন্ধ কৰি দিয়াৰ পৰামৰ্শ দিছিল। তেওঁলোকৰ যুক্তি আছিল যে কাম নকৰি চৰকাৰী পদ ধৰি ৰখাৰ অধিকাৰ কাৰো নাই। সেই দুজনক ডজ'ৰ মূৰব্বীৰ আসনত বহুওৱা হৈছে,যি ডজ তৈয়াৰ কৰা হৈছে ওয়াশিংটনৰ খৰছ কমোৱাৰ বাবে।একে সময়তে আশংকা হৈছে ইলন আৰু বিবেকৰ পৰামৰ্শ মতে ,বহু চৰকাৰী মন্ত্ৰালয়ৰ কৰ্মী ছাটাই হ'ব পাৰে।বিদায় দিয়া হ'ব পাৰেএক লাখতকৈ অধিক কৰ্মচাৰীক। ধাৰণা কৰা হৈছে ,২০২৬ বৰ্ষৰ ৪জুলাই,অৰ্থাৎ আমেৰিকাৰ স্বাধীনতাৰ ২৫০বছৰ পূৰ্ণ হোৱাৰ আগতে চৰকাৰৰ খৰছ কম কৰা আৰু চৰকাৰী আমোলাতন্ত্ৰ ভংগ কৰি দিব পাৰে 'ডজ' ।কিছু ক্ষেত্ৰত ৭৫% চৰকাৰী কৰ্মচাৰী ছাটাই কৰি দিব পাৰে।অন্য দিকে ইলনক ডজ'ৰ মূখ্য আসনত বহুওৱাকলৈ বিভিন্ন মহলত উদ্বেগৰ সৃষ্টি হৈছে।বিভিন্ন প্ৰতিবেদন অনুযায়ী২০০৮ বৰ্ষৰ পৰা আৰম্ভ কৰি বিভিন্ন চুক্তিৰ

মাধ্যমত চৰকাৰৰ পৰা ২০০০কোটি ডলাৰ সৰকাইছে ইলন'ৰ স্পেস এক্স। ইয়াৰোপৰি ইলন'ৰ বহু সংস্থা যেনেকৈ Zip2,X.com,Space X, Telsa,Inc ,X corp,X,theBoringcomp,xAI,Neurolink,OpenAI etc.আমেৰিকাৰ তদন্তকাৰী সংস্থাৰ নজৰদাৰি আওতাত বহুদিন ধৰি আছে।বহু অভিযোগ‌ও উত্থাপিত

হৈছে।এতিয়া ট্ৰাম্পৰ দ্বিতীয় কাৰ্যকালত ইলন মাস্ক নিজেই গুৰুত্ব পূৰ্ণ দায়িত্ব পোৱাত তেওঁৰ মালিকানাধীন সংস্থাৰ ওপৰত চৰকাৰৰ চাপ কমিব বুলি ধাৰণা কৰা হৈছে।এইটো ধাৰণা মনত জাগ্ৰত হৈছে যে 'ডজ' যদি আমেৰিকাৰ আমোলাতন্ত্ৰ ভংগ কৰি দিবলৈ সক্ষম হয় তেন্তে তদন্তকাৰী সংস্থা সমূহৰ পৰা ইলন মাস্কৰ সংস্থা সমূহ বাচি যাব পাৰে। আনহাতেকেবাটাওগুৰুত্বপূৰ্ণমহলৰদাবী,আমেৰিকাৰ প্ৰশাসনত গুৰুত্বপূৰ্ণ স্থান দখলৰ পাছত ইলনে অন্য সংস্থাবোৰতকৈ নিজৰ সংস্থা সমূহক বেছি সুবিধা প্ৰদান কৰিব।  Trump America First নীতিত নিজৰ জালত নিজে বন্দী আমেৰিকা। সৰ্বাগ্ৰে আমেৰিকা(America First) ,এই কথাষাৰত জোৱাৰ তুলি ট্ৰাম্পে হাতে-লোতে প্ৰমাণ‌ও পাইছে।৪৭তম

ৰাষ্ট্ৰপতি হিচাবে পুনৰ এক বাৰ ট্ৰাম্পক নিৰ্বাচিত কৰিছে আটলান্টিকৰ পাৰৰ বাসিন্ধা সকলে। কিন্তু ৰাষ্ট্ৰপতিৰ আসনত বহিয়েAmerica First এই নীতি কাৰ্য্কৰী কৰিব গ'লে"চুপাৰ পাৱাৰ" দেশৰ ৰাষ্ট্ৰপ্ৰধান গৰাকী অচিৰে বিপদত পৰাৰ সম্ভাৱনাৰ কথা একাংশ

বিশেষজ্ঞই উত্থাপন কৰিছে। তেওঁ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প।America First নীতিৰ বাস্তৱ প্ৰয়োগৰ ক্ষেত্ৰত ট্ৰাম্পে অৱশ্যে জল্পনা কল্পনা আৰম্ভ কৰিছে।

শ্বেখ ৰফিকুল হক

 ভ্ৰাম্যভাষ:৯৬৭৮৭ ৯৯৭৬৭