Friday, January 17, 2025

জিয়াদ-ৰাণুৰচাকনৈয়াত স্থবিৰ ইছলাম জেউতি বিডিকে হাইস্কুৰ উন্নয়ন



বিকল্প চিন্তা১৬জানুৱাৰীঃ বৃহত্তৰ ভেল্লা অঞ্চলৰ বনবৰীয়াস্থিত ইছলাম জেউতি বিডিকে হাইস্কুলৰ ভাৰপ্ৰাপ্তপ্ৰধান শিক্ষক আব্দুলাজিয়াদৰ অবাধ দূৰ্নীতিয়ে সম্প্ৰতি বিদ্যালয় খনৰ শৈক্ষিক পৰিৱেশ সম্পূৰ্ণৰূপে বিনষ্ট কৰাত অঞ্চলবাসী ৰাইজে ত্ৰাহি মধূসুদন সুঁৱৰিব লগীয়াত পৰিছে।

ইছলাম জেউতি বিডিকে হাইস্কুলৰ ভা:প্ৰা:প্ৰধান শিক্ষক আব্দুলা জিয়াদে ধনৰ মৰ খকত নিজৰ পদ মৰ্য্যাদা পাহৰি শিক্ষানুষ্ঠানৰ আন্তঃগাথঁনিৰ আৰু অন্যান্য শিতানৰ ধন থিয়‌ই থিয়‌ই গিলাত লাগি পৰিছে। তথ্যমতে,বিগত ২০১৭ চনৰ ৩১মাৰ্চত ভা:প্ৰ:শিক্ষক হিচাবে কাৰ্য্যভাৰ গ্ৰহণ কৰা দিনৰে পৰা বিদ্যালয় খনৰ নিম্নবৰ্গৰ সহায়ক জাকিৰ হুছেইনক বিদ্যালয় কাৰ্য্যালয়ৰ কাম হিচাপৰ নামত কেৱল শিক্ষক গোটৰ দৰমহাৰ বিল বনোৱাৰ বাহিৰে আন কোনো কামৰে দায়িত্ব অৰ্পণ নকৰাৰ আৰৰ ৰহস্য কি বিভিন্ন জনে প্ৰশ্ন উত্থাপন কৰিছে । কোনো শিক্ষককে বিশ্বাস নকৰা জিয়াদৰ কেছ বুক,ভাউচাৰ আদিৰ খেলি-মেলি,নানা বিসংগতিৰ কথা পূৰ্বৰ অডিট ৰিপোৰ্ট এটিত পৰিস্ফূট। ভাউচাৰ বোৰৰ কোনো ক্ৰমিক নোহোৱা,কেছ বুক'ৰ সলনি উকা কাগজত নগদ ধনৰ হিচাপ-খিতাপ কৰা জিয়াদে বিদ্যালয় খনৰ উন্নয়নৰ লাখ-লাখ টকা থিয়‌ই- থিয়‌ই গিলিছে  বুলি একাংশ স্থানীয় লোকে কয়।

আন এক অভিযোগ মতে, লুণ্ঠন কাৰী নিকৃষ্ট মনোবৃত্তিৰ জিয়াদে নিজ বিদ্যালয়ৰ শিক্ষয়িত্ৰী ৰাণু ওজাৰ নামত ভুৱা ভেণ্ডৰ খুলি ৰাণুৰ ষ্টেট বেংকৰ একাউণ্ট ০৫৭৬ (শেষ চাৰিটা অংক)ত ক্ৰমে২৫,০০০টকা ,১৩,৯০০টকা,৬৪,৭০০টকা আৰু ১২,৫০০টকাকৈ মুঠ১,১৫,৪০০টকা

সুমাওতে জোলোঙাৰ মেকুৰী ওলাই পৰে। আন শিক্ষকে গম নাপালে ৰাণু- জিয়াদে মিলি ভকত হৈ সমগ্ৰ টকা আত্মসাৎ কৰাৰ অভিসন্ধি ৰচনা কৰি অৱশেষত ৰাণুৱে নিজ নামত জিয়াদে খোলা ভেণ্ডৰ সম্পৰ্কে একো নাজানো বুলি বিদ্যালয় সমূহৰ পৰিদৰ্শক আৰু শিক্ষা বিভাগৰ দায়িত্বত থকা এডিচি'ক বিষয়টো লিখিতভাৱে জনায়। ৰাণুৱে একো নজনা বুলি ক'লেও সচেতন মহলে কিন্তু দূৰ্নীতিৰ গোন্ধ পাইছে। আন এক মৌখিক অভিযোগ মতে, চলিত বৰ্ষৰ ৯ম আৰু ১০ম শ্ৰেণীৰ পৰীক্ষাৰ মাচুল বাবদ ছাত্ৰ-ছাত্ৰীৰ পৰা সংগ্ৰহ হোৱা প্ৰায় ৪৫,০০০টকা ৰাণু ওজাৰ হাতত জমা থকা স্বত্তেও ছাত্ৰৰ হকে কৰা কৰণীয় কামত এপ‌ইচাও উলিয়াই নিদিয়াত জনৈক জ্যেষ্ঠ শিক্ষ এগৰাকীয়ে বাকীকৈ কাম কৰিবলগীয়া হৈছে । এই ক্ষেত্ৰত অন্যান্য শিক্ষক-শিক্ষয়িত্ৰী সকলে ৰাণু ওজাক তীব্ৰ গৰিহণা দিয়াৰ লগতে এনেকুৱা শিক্ষক- শিক্ষয়িত্ৰী সকল বিদ্যালয়ৰ উন্নতিৰ ক্ষেত্ৰত হেঙাৰ স্বৰূপ বুলি মন্তব্য কৰিছে।

ৰহস্যজনক কথা হ',বিদ্যালয় প্ৰধান জিয়াদৰ নিজ নামৰ ভেণ্ডৰত বৰ্তমানৰ এচ‌এমডিচি'ৰ অস্থায়ী সভাপতি এডভোকেট মোজাম্মিলৰ একাউণ্টত, কোনোবা গ্ৰীলৰ দোকানী মইনুলৰ একাউণ্টত আৰুছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্মৰ টকা কোনো দিনুৰ ভেণ্ডৰ একাউণ্টত জমা থকাৰ কাৰণনো কি বুলি সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে। জিয়াদে বিদ্যালয়ৰ নামত থকা বেংক একাউণ্টত বিদ্যালয়ৰ চৰকাৰী ধন জমা নকৰি এক বৃহৎ জালিয়াতিৰে উন্নয়নৰ ধনৰ শৰাধ কৰি আহিছে সচেতন মহলে কয় ।



আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: