Showing posts with label সম্পাদকীয়. Show all posts
Showing posts with label সম্পাদকীয়. Show all posts

Monday, April 14, 2025

 ষড়যন্ত্ৰৰ পৰা জাতীয় উৎসৱলৈ

ষড়যন্ত্ৰৰ পৰা জাতীয় উৎসৱলৈ

 ষড়যন্ত্ৰৰ পৰা জাতীয় উৎসৱলৈ

ভূপেন দেউৰ গীতৰ ভাষাৰে- 
ব'হাগ মাথো এটি ঋতু নহয়, 
নহয় ব'হাগ এটি মাহ 
অসমীয়া জাতিৰ আয়ুস ৰেখা 
গণ জীয়নৰ ই সাহ।।

Friday, February 21, 2025

তিনি বাৰৰ চেষ্টাত বিধায়ক হৈ আৰ এছ এছৰ ঘনিষ্ঠ ৰেখা গুপ্তাই কেনেকৈ দিল্লীৰ মুখ্যমন্ত্ৰী হ’ল

তিনি বাৰৰ চেষ্টাত বিধায়ক হৈ আৰ এছ এছৰ ঘনিষ্ঠ ৰেখা গুপ্তাই কেনেকৈ দিল্লীৰ মুখ্যমন্ত্ৰী হ’ল

তিনি বাৰৰ চেষ্টাত বিধায়ক হৈ আৰ এছ এছৰ ঘনিষ্ঠ ৰেখা গুপ্তাই কেনেকৈ দিল্লীৰ মুখ্যমন্ত্ৰী হ

নেচনেল ডেস্ক, ২১ফেব্ৰুৱাৰীঃ দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে ৫০ বছৰীয়া ৰেখা গুপ্তাক বাছনি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে স্পষ্ট কৰি দিছে যে দল পৰিচালনাৰ পৰা আৰম্ভ কৰি দলৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তলৈকে সকলোতে তেওঁলোকৰ পছন্দই চূড়ান্ত বা শেষ কথা

একে সময়তে বুজা গল যে উত্তৰাখণ্ড, ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বাছনিৰ জৰিয়তে যি নীতিৰ ধাৰাবাহিকতা লক্ষ্যণীয় আছিল আৰু সেই নীতিৰ ধাৰাবাহিকতা দিল্লীৰ ক্ষেত্ৰতো বাহাল ৰাখিছেইয়াৰ কোনো বিচ্যুতি নঘটিল।

সেই ধাৰাবাহিকতা হল এনে এজন ব্যক্তিক মুখ্যমন্ত্ৰী হিচাপে বাছি লোৱা, যাৰ স্বকীয়তা বা ব্যক্তিত্ব বুলি একোৱে নাথাকিব। যিয়ে হব তেওঁ কেৱল এক দলীয় যন্ত্ৰ, যাক যন্ত্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত হব। বিগত ১০ বছৰে বিজেপিৰ সৰ্বভাৰতীয় যন্ত্ৰ কোন বা কৌনে তাক পুনৰাবৃত্তিৰ প্ৰয়োজন নাই।

সেই ধাৰাবাহিকতাৰ অক্ষুন্ন ৰাখি গুপ্তাৰ দৰে কোনোবা এজনীক বাছি লোৱা হল যিয়ে নেকি দিল্লী বিজেপিৰ ৰাজনীতিত একে বাৰে পৈনত নহয় বুলিয়ে কব পাৰি ।

ৰেখাৰ পিতৃ-মাতৃ হাৰিয়ানাৰ বাসিন্দা আৰু ১০০শতাশই অৰাজনৈতিক পৰিয়ালৰ । পিছত তেওঁলোক দিল্লীলৈ আহেৰেখাৰ দেউতাক জয় ভগৱান জিন্দল দিল্লীৰ পিতামপুৰাত ভাৰতীয় ষ্টেট বেংকৰ শাখা পৰিচালক আছিল। মা এগৰাকী গৃহিণী। দিল্লীৰ দৌলত ৰাম মহাবিদ্যালয়ত নামভৰ্তি কৰাৰ পিছত ৰেখাই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘত যোগদান কৰে। তাৰ পৰাই ছাত্ৰ ৰাজনীতিত তেওঁৰ আৰম্ভণি হৈছিল।

১৯৯৪ চনত ৰেখা মহাবিদ্যালয়ৰ ছাত্ৰ সন্থাৰ সম্পাদিকা আৰু দুবছৰৰ পিছত দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থাৰ সভাপতি নিৰ্বাচিত হয়। ১৯৯৮ চনত তেওঁৰ বিবাহ হয়। তেওঁৰ স্বামী মনীষ গুপ্তাও এগৰাকী অৰাজনৈতিক ব্যক্তিতেওঁ পেচাত পিতলৰ ব্যৱসায়ী। বিবাহৰ ছবছৰৰ পাছত ৰেখা বিজেপিৰ যুৱ শাখা ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সম্পাদক নিৰ্বাচিত হয়।

যদিও তেতিয়াৰ পৰা বিজেপিৰ সৈতে তেওঁৰ সম্পর্ক সুদৃঢ় হৈ আহিছে তাৰ পিছতো ৰেখাই দিল্লীৰ ৰাজনীতিত কোনো প্রভাৱ পেলাব পৰা নাছিল কাৰণ তেওঁৰ লাইমলাইটলৈ আহিব পৰা তেনে কোনো বিশেষ একো কৰিব পৰা নাছিল৷ তেওঁৰ ৰাজনৈতিক উত্তৰণও সেই অৰ্থত মসৃণ আছিল।

২০০৭ চনত দিল্লী পৌৰ নিগমৰ নিৰ্বাচনত পিতামপুৰাৰ পৰা বিজেপিৰ টিকটত ৰেখা কাউন্সিলাৰ হিচাপে নিৰ্বাচিত হয়। পাঁচ বছৰৰ পাছত দ্বিতীয়বাৰৰ বাবে সেই সমষ্টিৰ পৰা জয়লাভ কৰে। যদিও তাৰ আগতে ২০০৯ চনত দিল্লী বিজেপিৰ মহিলা শাখাৰ সাধাৰণ সম্পাদিকা হিচাপে মনোনীত হৈছিল, আৰু পিছৰ বছৰত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য হৈছিল। ২০১৪ চনত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই তেওঁক দিল্লী প্ৰদেশৰ সাধাৰণ সম্পাদক হিচাপে বাচনি কৰে।

কাউন্সিলাৰৰ পৰা বিধায়কলৈ উন্নীত হোৱা ৰেখাই ২০১৫ আৰু ২০২০ চনত শালীমাৰ বাগ সমষ্টিৰ পৰা বিধানসভাৰ টিকট লাভ কৰিছিল। আম আদমী পাৰ্টিৰ প্ৰাৰ্থী বন্দনা কুমাৰীৰ হাতত দুয়োবাৰেই পৰাজিত হয়। তেওঁ প্ৰথমবাৰৰ বাবে ১০,৯৭৮টা ভোটত পৰাস্ত হয়, দ্বিতীয়বাৰৰ বাবে ৩৪৪০টা ভোটত পৰাস্ত হয়। সেই আসনৰ পৰা এইবাৰ তৃতীয়বাৰৰ বাবে বিজেপিয়ে তেওঁক প্ৰক্ষেপ কৰেতেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী আছিল আপৰ বন্দনা কুমাৰীএইবাৰ ৰেখাই ২৯,৫৯৫টা ভোটৰ ব্যৱধানত জয়লাভ কৰে। প্ৰথমবাৰৰ বাবে বিধায়ক হোৱাৰ লগতে তেওঁ দিল্লীৰ মুখ্যমন্ত্ৰী হোৱাৰ সৌভাগ্য ঘটে

এইবাৰ মুখ্যমন্ত্ৰীৰ বাবে যিসকলৰ নাম সৰ্বাধিক চৰ্চিত হৈছিল তাৰ ভিতৰত আছিল দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চাহেব সিং ভাৰ্মাৰ পুত্ৰ প্ৰভশৰ নামএইবাৰ তেওঁ আম আদমি পাৰ্টিৰ মুখ্য নেতা অৰবিন্দ কেজৰিৱালক পৰাস্ত কৰিছে। তেওঁৰ সমান্তৰাল কৈ দৌৰিছিল বিধায়ক বিজেন্দ্ৰ গুপ্তা আৰু সতীশ উপাধ্যায়।  দিল্লীৰ পূর্বাঞ্চলীয় ভোটাৰৰ কথা মনত ৰাখি ভোজপুৰী নেতা তথা দিল্লীৰ সাংসদ মনোজ তিৱাৰীৰ নামো পোহৰলৈ আহিছিলদিল্লীৰ শেষৰজন বিজেপি মুখ্যমন্ত্ৰী সুষমা স্বৰাজৰ কন্যা বাঁশুৰি স্বৰাজৰ নামো প্ৰবলভাৱে আহিল। কিন্তু সকলোকে আচৰিত কৰি দিল্লীৰ মচনদত উঠিল লো প্ৰফাইলৰেখাই

দিল্লী জলবায়ু আৰু যমুনাৰ পানী প্ৰদূষণ ৰোধ কৰাৰ লগতে খোৱাপানীৰ যোগান অব্যাহত ৰখাটো ৰেখাৰ অন্যতম প্ৰধান কাম। তেওঁক তিনিটা ক্ষেত্ৰত হাৰিয়ানাৰ সহযোগিতাৰ প্ৰয়োজন। জন্মসূত্রে হৰিয়ানাৰ আদি বাসিন্দা ৰেখাৰ সাফল্যত হৰিয়ানাত বুধবৰে যি উল্লাস দেখা গৈছে, তাত এই দুই সমস্যা সমাধানৰ ক্ষেত্ৰত তেওঁ আশান্বিত হব পাৰে।

ৰেখা গুপ্তা হৈছে সুষমা স্বৰাজ, শীলা দীক্ষিত আৰু আতিশীৰ পিছত দিল্লীৰ চতুৰ্থগৰাকী মহিলা মুখ্যমন্ত্ৰী। মমতা বেনাৰ্জীৰ পিছত দেশৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰীও। বিদায়ী মুখ্যমন্ত্ৰী আতিশিয়ে তেওঁক অভিনন্দন জ্ঞাপন কৰেঅৱশ্যে মুখ্যমন্ত্রী পদৰ বাবে  খোৱাকামোৰা দেখি তেওঁ কয় যে পাঁচ বছৰত তিনিজন মুখ্যমন্ত্রী পাবলৈ দিল্লীৰ জনসাধাৰণ প্রস্তুত থাকিব লাগে৷

বিজেপিয়ে দলীয় বিবাদৰ দিশলৈ চালে স্পষ্ট যে মোডী-শ্বাহৰ মনোনীত মুখ্যমন্ত্রীসকলৰ কোনো এজনেই সাম্প্রতিক সময়ত দলীয় বিবাদৰ বলি হোৱা নাই৷ ৰাজস্থানৰ হেভিৱেট নেতা বসুন্ধৰা ৰাজে দায়িত্ব লব নোৱাৰাৰ বিপৰীতে মধ্যপ্ৰদেশৰ শিৱৰাজ সিং চৌহানেও বিদ্ৰোহৰ পতাকা নুৰুৱাকৈ কেন্দ্ৰীয় মন্ত্রিত্ব গ্ৰহণ কৰে। উত্তৰাখণ্ড আৰু ছত্তীশগড়তো কোনো অসন্তুষ্টি নাই। স্পষ্টভাৱে মোডী-শ্বাহৰ পথ এতিয়াও কুসুমকোমল

Sunday, February 16, 2025

মোডী-ট্ৰাম্পৰ দ্বিপাক্ষিক বৈঠকে ভাৰতৰ ওপৰত চাপ বৃদ্ধি কৰিলে নেকি?

মোডী-ট্ৰাম্পৰ দ্বিপাক্ষিক বৈঠকে ভাৰতৰ ওপৰত চাপ বৃদ্ধি কৰিলে নেকি?

 মোডী-ট্ৰাম্পৰ দ্বিপাক্ষিক বৈঠকে ভাৰতৰ ওপৰত চাপ বৃদ্ধি কৰিলে নেকি?

সম্পাদকীয় ডেস্ক, ১৬ফেব্ৰুৱাৰীঃ হোয়াইট হাউছত ভাৰত-আমেৰিকা সম্পৰ্ক সন্দৰ্ভত দ্বিপাক্ষিক বৈঠকত মিলিত হয় মোডী আৰু ট্ৰাম্প। দুয়োখন দেশৰ মাজত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয়। কিন্তু, প্ৰকৃততে কোনে লাভৱান হ, ভাৰতে ইয়াৰ পৰা কিমান লাভৱান হল নে মাজত বাটতে ট্ৰাম্পে মোডীক পাঁচটা কৈ গল দি আগবাঢ়িল সেই সম্পৰ্কে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক বিশদ বিশ্লেষণ আৰম্ভ হৈছে। এই বৈঠকে ভাৰতৰ ওপৰত চাপ বাঢ়িছে বুলি বহুতে ইতিমধ্যে দাবী কৰিছে। এই বৈঠকৰ ফলত ভাৰতীয় অৰ্থনীতিৰ কোনো ইতিবাচক সমাধান নহল বুলিও বহুতে দাবী কৰিছে।বহু আশা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আমেৰিকা ভ্ৰমণলৈ গৈছিল। কিন্তু আমেৰিকা আৰু ট্ৰাম্পৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰখিব লৈ গৈ মোদীয়ে ফলপ্ৰসূভাৱে আমেৰিকাক ব্যৱসায়িক সুবিধাহে প্ৰদান কৰিলে। বিনিময়ত দেশৰ কোনো ডাঙৰ বাণিজ্যিক লাভ নহল । আনকি বাংলাদেশ আৰু চীনৰ সীমান্ত নিৰাপত্তাৰ সন্দৰ্ভতো কোনো গঠনমূলক পদক্ষেপ দেখা নগল।

প্ৰসংগক্ৰমে মোডী আৰু ট্ৰাম্পৰ মাজত আলোচনা হোৱা বিষয়সমূহৰ ভিতৰত অতি গুৰুত্বপূৰ্ণ বিষয় সমুহ হল- মাগা + মিগা = মেগা অৰ্থাৎ মেক আমেৰিকা গ্ৰেট এগেইন’ (মাগা) আৰু মেক ইণ্ডিয়া গ্ৰেট এগেইনমিগা, বাণিজ্যিক ঘাটি হ্ৰাস কৰিবলৈ ভাৰত আমেৰিকাৰ তেল আৰু গেছ আমদানি বৃদ্ধি কৰিব, প্ৰতিৰক্ষাৰ সম্পৰ্ক শক্তিশালী কৰা, পঞ্চম প্ৰজন্মৰ এফ-৩৫ যুঁজাৰু বিমান সৰবৰাহ, অবৈধ অনুপ্ৰৱেশৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি, একবিংশ শতিকাৰ বাবে আমেৰিকা-ভাৰত চুক্তি, বাণিজ্য আৰু শুল্ক, ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ বাণিজ্য কৰিডৰৰ ওপৰত চৰ্চা, মোডীৰ ওপৰত আস্থা, ভাৰত-চীন সীমা বিবাদৰ মধ্যস্থতাৰ প্ৰস্তাৱ আদি গুৰুত্বপূৰ্ণ বিষয় সমুহৰ ভিতৰত কোনটো ভাৰতৰ বাবে উপকাৰী? আৰু আমেৰিকাই ইয়াত সঠিকভাৱে কি অৰ্থনৈতিক স্বাৰ্থ লুকুৱাই ৰাখিছে সেই সম্পৰ্কে প্ৰশ্ন উত্থাপন হবলৈ আৰম্ভ কৰিছে।

বিশেষকৈ মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠকৰ পূৰ্বে ট্ৰাম্পে ভাৰতীয় সামগ্ৰীৰ ওপৰত প্ৰতিশোধমূলক শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছিল। আনকি যৌথ সংবাদমেলত তেওঁ সেই ভাব প্ৰকাশ হৈছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতে যি মাত্ৰাত আমদানি শুল্ক আৰোপ কৰিছে, সেই স্তৰৰ আমদানি শুল্ক আমেৰিকাৰ সামগ্ৰীৰ ওপৰত আমি আৰোপ কৰিম। ফলত আমেৰিকালৈ সামগ্ৰী ৰপ্তানি যে ভাৰতৰ বাবে যথেষ্ট ব্যয়বহুল হৈ পৰিব তাত কোনো সন্দেহ নাই। কাৰণ যদি ভাৰতে আমেৰিকালৈ ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰত শুল্ক হ্ৰাস কৰিব বিচাৰে তেন্তে তাৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰতো ভাৰতে শুল্ক হ্ৰাস কৰিব লাগিব। আৰু এই বিষয়টো কাৰ্যতঃ ভাৰতৰ বাবে বৃহৎ ক্ষতিকৰ পৰিস্থিতিৰ উদ্ভৱ হ। প্ৰথমতে, আমদানি শুল্ক হ্ৰাস কৰিলে ঘৰুৱা ঔদ্যোগিক সামগ্ৰী বজাৰত বিদেশী সামগ্ৰীতকৈ বহু সস্তা হৈ পৰিব। আকৌ, যদি আমেৰিকাই আমদানি শুল্কত এই সুবিধা প্ৰদান কৰে, তেন্তে বিশ্বৰ আন দেশসমূহেও একেদৰেই আমদানি শুল্কৰ ৰেহাই দিব লাগিব। ফলত ঘৰুৱা কোম্পানীসমূহ ঘৰুৱা প্রতিযোগিতাত পিছ পৰিব৷ তুলনামূলকভাৱে তেওঁলোকৰ সামগ্ৰীৰ চাহিদা কমি যাব আৰু ঘৰুৱা উদ্যোগ সমুহে বৃহৎ ক্ষতিৰ সন্মুখীন হব।

বাংলাদেশৰ সৈতে পশ্চিম বংগৰ ঘনিষ্ঠ সম্পৰ্ক। সেই দেশত যদি অশান্তিৰ সৃষ্টি হয়, তেন্তে ইয়াৰ প্ৰত্যক্ষ আৰু পৰোক্ষ প্ৰভাৱ ভাৰতৰ ওপৰত পৰিব। আনকি বাংলাদেশৰ সৈতে বাণিজ্য আৰু অৰ্থনৈতিক সম্পৰ্কতো ইয়াৰ ব্যাপক প্ৰভাৱ পৰে। অৱশ্যে বাংলাদেশৰ  অস্থিৰ পৰিস্থিতিৰ পৰা ট্ৰাম্পে কোনো দায়িত্ব নোলোৱাকৈয়ে সম্পূৰ্ণৰূপে মোডীক দোষাৰোপ কৰি হাত ধুইছে। কিন্তু বৰ্তমানৰ আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক পৰিস্থিতিত বিশ্বৰ আটাইতকৈ শক্তিশালী দেশ আমেৰিকা যদি ভাৰতৰ লগত নাথাকে তেন্তে বাংলাদেশ সন্দৰ্ভত কোনো ডাঙৰ পদক্ষেপ লোৱাটো ভাৰতৰ বাবে সম্ভৱ হবনে? বাৰে বাৰে উত্থাপিত হৈ আহিছে এই প্ৰশ্ন । বিশেষকৈ বাংলাদেশৰ আভ্যন্তৰীণ অস্থিৰতাত ভাৰতে কিমানখিনি হস্তক্ষেপ কৰিব পাৰিব বা আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি সেই দেশৰ সংখ্যালঘু নিৰ্যাতনত কিমানখিনি হস্তক্ষেপ কৰিব ? সেই বিষয়েও যথেষ্ট সন্দেহ আছে। এই পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰে হাছিনাক দেশত স্থান দি, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ জৰিয়তে চিঠি প্ৰেৰণ আৰু মৌখিক আলোচনাৰ বাহিৰে আন কোনো ডাঙৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নাই।

ইফালে, ২০২০ চনৰ আগষ্ট মাহত লাডাখৰ গালৱান উপত্যকাত চীনা সেনাৰ আক্ৰমণত ২০ জন ভাৰতীয় জোৱান নিহত হৈছিল। ভাৰত-চীন সীমান্তত এতিয়াও মাজে মাজে উত্তেজনাই বিৰাজ কৰে । কিন্তু চীনৰ সৈতে সীমান্ত সমস্যা আৰু অন্যান্য বিষয়ত ট্ৰাম্প প্ৰশাসন নৰম মনোভাবাপন্ন । বৰঞ্চ আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনত চীনৰ গুৰুত্বক অধিক প্ৰাধান্য দিছে আমেৰিকাই। ভাৰত-চীন সীমান্ত বিষয়ত মধ্যস্থতা কৰিব বিচাৰি ট্ৰাম্পে কাৰ্যতঃ ভাৰতৰ সাৰ্বভৌম শক্তিৰ ওপৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে। আনকি চীনক প্ৰতিহত কৰাৰ নামত ভাৰতক সামৰিক অস্ত্ৰ-শস্ত্ৰ বিক্ৰী কৰি আমেৰিকাই নিজৰ ব্যৱসায়িক লাভৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। সেই ক্ষেত্ৰত পঞ্চম প্ৰজন্মৰ এফ-৩৫ যুঁজাৰু বিমানখনৰ যোগানক লৈও প্ৰশ্ন উত্থাপন হবলৈ আৰম্ভ কৰিছে। কাৰণ ইয়াৰ কাৰিকৰী মানদণ্ডক লৈ ইতিমধ্যে বিশেষজ্ঞসকলে সন্দেহ প্ৰকাশ কৰিছে।

বৰ্তমান দেশখনৰ আটাইতকৈ বিতৰ্কিত বিষয়টো হল আমেৰিকাত থকা অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক হাত-ভৰি বান্ধি ভাৰতীয়ৰ আৱেগক আঘাত কৰি নিজৰ দেশলৈ ঘূৰাই পঠিওৱা হৈছে। ট্ৰাম্পৰ সৈতে হোৱা বৈঠকত এই সমস্যা সমাধান কৰিব নোৱাৰিলে মোদীয়ে। ট্ৰাম্প প্ৰশাসনৰ ওচৰত এই বিষয়ত হেঁচাও বৃদ্ধি কৰিব নোৱাৰিলে।

ইয়াৰ উপৰিও ভাৰতত পাৰমাণৱিক ব্যবসায়িক সম্প্ৰসাৰণ কৰি ব্যৱসায়িক স্বাৰ্থ আগবঢ়াই নিবলৈ চেষ্টা কৰিছে ট্ৰাম্পে। তেল আৰু গেছ সৰবৰাহৰ প্ৰতি আমেৰিকাৰ এটা ডাঙৰ ব্যৱসায়িক স্বার্থ সিদ্ধি বলৈ ওলাইছে। কিন্তু সেই বাণিজ্যত আন দেশৰ তুলনাত ভাৰতে আমেৰিকাৰ পৰা কিমান লাভৱান হব সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ মুঠতে মোডীক সাৱটি ধৰি, কিতাপ উপহাৰ দি, ভূয়সী প্ৰশংসা কৰি ট্ৰাম্পে প্ৰমাণ কৰিলে যে তেওঁ মোডীতকৈ বহুত ডাঙৰ বিক্ৰেতা।  

Tuesday, February 11, 2025

 ৫৪৩ জন সাংসদৰ ভিতৰত ২৫১ জনৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ

৫৪৩ জন সাংসদৰ ভিতৰত ২৫১ জনৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ

 ৫৪৩ জন সাংসদৰ ভিতৰত ২৫১ জনৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ

তথ্য অনুসৰি কেৰালাৰ ২০ জন সাংসদৰ ভিতৰত ১৯ জনৰ বিৰুদ্ধে (৯৫%)আছে অপৰাধমূলক গোচৰ, ইয়াৰে ১১ টা গুৰুতৰ গোচৰ।

সম্পাদকীয় ডেস্ক, ১১ফেব্ৰুৱাৰীঃ ৰাজনীতিক অপৰাধীকৰণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত তথ্য দাখিল কৰা হয়। সেই তথ্য বিশ্লেষণ কৰিলে দেখা যায় যে ৫৪৩ জন লোকসভা সাংসদৰ ভিতৰত ২৫১ জনৰ বিৰুদ্ধে অপৰাধমূলক (ফৌজদাৰী) গোচৰ চলি আছে। ইয়াৰে ১৭০ জনৰ বিৰুদ্ধে ৫ বছৰ বা তাতকৈ অধিক শাস্তিযোগ্য অপৰাধৰ অভিযোগ আছে। জ্যেষ্ঠ অধিবক্তা বিজয় হান্সাৰিয়াই ন্যায়াধীশ দিপাংকৰ দত্ত আৰু মনমোহনৰ বিচাৰপীঠত ৮৩ পৃষ্ঠাৰ প্ৰতিবেদন দাখিল কৰা হৈছে, যিখন প্ৰতিবেদনত বিভিন্ন উচ্চ ন্যায়ালয়ৰ তথ্য ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়। এই তথ্য অনুসৰি কেৰালাৰ ২০ জন সাংসদৰ ভিতৰত ১৯ জনৰ বিৰুদ্ধে (৯৫%) অপৰাধমূলক গোচৰ আছে, ইয়াৰে ১১ টা গুৰুতৰ গোচৰ।

তথ্য অনুসারে, হরিয়ানার ১০ জন এবং ছত্তিশগড়ের ১১ জন সাংসদের মধ্যে মাত্র একজনের বিরুদ্ধে ফৌজদারি অভিযোগ রয়েছে। পাঞ্জাবের ১৩ জন সাংসদের মধ্যে ২ জন, অসমের ১৪ জনের মধ্যে ৩ জন, দিল্লির ৭ জনের মধ্যে ৩ জন, রাজস্থানের ২৫ জনের মধ্যে ৪ জন, গুজরাতের ২৫ জনের মধ্যে ৫ জন এবং মধ্যপ্রদেশের ২৯ জন সাংসদের মধ্যে ৯ জনের নামে ফৌজদারি মামলা রয়েছে।



তথ্য অনুসৰি হাৰিয়ানাৰ ১০ জন আৰু ছত্তীশগড়ৰ ১১ জন সাংসদৰ ভিতৰত মাত্ৰ এজনৰ বিৰুদ্ধে অপৰাধমূলক গোচৰৰ অভিযোগ আছে। পঞ্জাৱৰ ১৩ জন সাংসদৰ ভিতৰত দুজন, অসমৰ ১৪ জনৰ ভিতৰত ৩ জন, দিল্লীৰ ৭ জনৰ ভিতৰত ৩ জন, ৰাজস্থানৰ ২৫ জনৰ ভিতৰত ৪ জন, গুজৰাটৰ ২৫ জনৰ ভিতৰত ৫ জন আৰু মধ্যপ্ৰদেশৰ ২৯ জনৰ ভিতৰত ৯ জন সাংসদৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে।

উচ্চতম ন্যায়ালয়ৰ মতে ৰাজনীতিক অপৰাধীকৰণ কৰাটো এটা ডাঙৰ সমস্যা। আদালতে এই প্ৰশ্ন উত্থাপন কৰে যে, ফৌজদাৰী গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত এজন ব্যক্তি কেনেকৈ সংসদলৈ নিৰ্বাচিত হৈ আহিব পাৰে? ন্যায়াধীশ দিপাংকৰ দত্ত আৰু মনমোহনৰ সমন্বয়ত গঠিত বিচাৰপীঠে সেয়ে এই বিষয়ত ভাৰতৰ এটৰ্নী জেনেৰেলৰ সহায় বিচাৰিছে। অধিবক্তা অশ্বিনী উপাধ্যায়ে দেশৰ সাংসদ আৰু বিধায়কৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰৰ শীঘ্ৰে নিষ্পত্তি আৰু দোষী সাব্যস্ত হোৱা ৰাজনীতিবিদৰ আজীৱন নিষেধাজ্ঞাৰ দাবীত দাখিল কৰা জনস্বাৰ্থৰ গোচৰৰ শুনানি গ্ৰহণ কৰি আছিল এই বিচাৰপীঠে । জনপ্ৰতিনিধিত্ব আইনৰ ৮ আৰু ৯ নং ধাৰাৰ সাংবিধানিক বৈধতাৰ প্ৰত্যাহ্বান সন্দৰ্ভত কেন্দ্ৰ আৰু নিৰ্বাচন আয়োগৰ পৰা তিনি সপ্তাহৰ ভিতৰত উত্তৰ বিচাৰিছে আদালতে।



Monday, February 10, 2025

দিল্লী বিধানসভাত আপৰ শোচনীয় পৰাজয় কিয়?

দিল্লী বিধানসভাত আপৰ শোচনীয় পৰাজয় কিয়?

 দিল্লী বিধানসভাত আপৰ শোচনীয় পৰাজয় কিয়?

কংগ্ৰেছ আৰু আপৰ সংঘাতৰ ফলত তেওঁলোকৰেই লোকচান হৈছে। আৰু কংগ্ৰেছে নিজৰ নাক কাটি আপৰ যাত্ৰা ভঙ্গ কৰা কাৰ্যৰ বাবে বিজেপিয়ে শেষ হাঁহি মাৰিব পালে।

সম্পাদকীয় ডেস্ক, ১০ফেব্ৰুৱাৰীঃ সুদীৰ্ঘ ২৭ বছৰৰ অন্তত পুনৰবাৰ দিল্লী বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰি মচনদ দখল কৰিছে। বিগত নিৰ্বাচনত বিজেপিয়ে যত মাত্ৰ ৮খন আসন লাভ কৰিছিল তাৰ বিপৰীতে এইবাৰ বিজেপিয়ে ৪৮খন আসন লাভ কৰিবলৈ সক্ষম হয় । আৰু ৬২খন আসন লাভ কৰি বিপুল সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰা আম আদমী পাৰ্টিয়ে এই বাৰ লাভ কৰিলে মাত্ৰ ২২খন আসন ।



এইবাৰ আপৰ ফলাফলক লৈ যথেষ্ট সন্দেহৰ সৃষ্টি হৈছিল। দুৰ্নীতিৰ অভিযোগত জেল যাব লগাত পৰিছিল আপৰ মূল চালিকা শক্তি অৰবিন্দ কেজৰিৱাল। জেলৰ পৰা ওলাই আহি মুখ্যমন্ত্রীৰ আসনত নিজে নবহি আতিশী মাৰ্লেনাক মুখ্যমন্ত্রী হিচাপে নিযুক্তি দিয়ে৷ কেজৰিৱালে কৈছিল যে দিল্লীৰ জনসাধাৰণে বিচাৰিলেহে তেওঁ নিৰ্বাচনত জয়ী হোৱাৰ পিছতহে মুখ্যমন্ত্ৰীৰ দায়িত্ব লব। কিন্তু কেজৰিৱালৰ সেই আশা পূৰণ নহল। তথাপি ক্ষমতালৈ অহাৰ পাছত তেওঁ চৰকাৰৰ হৈ দিল্লীবাসীক কেইবাটাও সুবিধা প্ৰদান কৰিছিল। মূল দুটা হৈছে ২০০ ইউনিট পৰ্যন্ত বিদ্যুতৰ বিলত ৰেহাই আৰু মহিলাৰ বাবে বিনামূলীয়া বাছ যাত্ৰা। বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰতো বিভিন্ন সংস্কাৰ সাধন কৰিছিল যাতে ছাত্ৰ-ছাত্ৰীসকলে উপকৃত হয়। নিৰ্বাচনৰ পূৰ্বে কেজৰিৱালে ঘোষণা কৰিছিল যে যদি তেওঁ পুনৰ ক্ষমতালৈ আহে তেন্তে তেওঁ পুৰোহিতক মাহিলী ১৮ হাজাৰ টকা ভাট্টা দিব। কিন্তু এই সকলোবোৰৰ পিছতো তেওঁ আৰু তেওঁৰ দলটোৰ কিয় এই অৱস্থা হ’ল?

আচলতে মানুহে কেৱল চৰকাৰৰ দয়াত জীয়াই থাকিব নিবিচাৰে। তেওঁলোকে নিজৰ উপার্জনৰ সংস্থাপন, আয়ৰ উৎস, উন্নয়ন, অধিকাৰ আদি বিচাৰে। দিল্লীৰ বায়ু প্ৰদূষণ আৰু যমুনাৰ পানী প্ৰদূষণে সকলো সীমা অতিক্ৰম কৰিছে। কেতিয়াবা কাৰ্যালয়লৈ যোৱাৰ সময়ত দিল্লীৰ যান-জঁট ভয়ংকৰ হৈ পাৰে। মানুহে উন্নত আন্তঃগাঁথনি বিচাৰে। কাৰাগাৰলৈ যাবলগীয়া হৈছে আপৰ কেইবাজনো মন্ত্ৰী। ফলত তেওঁলোকৰ ভাবমূর্তি জনমানসত হেৰাই গৈছে৷ আৰু কেজৰিৱালৰ কাৰ্যকালতে পূব দিল্লীৰ একাংশত সাম্প্ৰদায়িক দাঙ্গা সংঘটিত হয়। সেই সময়ত আপে ইয়াক চম্ভালিবলৈ বিশেষ ভূমিকা লোৱা দেখা নাযায়। এইবাৰ মুছলমান অঞ্চলত ভোটৰ ভাগ হৈ কংগ্ৰেছ আৰু আছাদুদ্দিন ওৱাইছিৰ এ আই এম আই এম (এম আই এম)ৰ মাজত বিভক্ত হৈছে। আনকি দাঙ্গা সংঘটিত হোৱা অঞ্চলতো আপ আৰু এম আই এমৰ মাজত বিভাজিত ভোটেৰে বিজেপি প্ৰাৰ্থীগৰাকীয়ে জয়লাভ কৰে।



যোৱা ৫ বছৰত দিল্লীত আপৰ শীৰ্ষ নেতা-মন্ত্ৰীৰ বিৰুদ্ধে ইডি-চিবিআইৰ তদন্ত সঘনাই দেখা গৈছে। আনকি নিৰ্বাচনৰ দিনটোতো দুৰ্নীতি নিবাৰক ব্যুৰোৱে কেজৰিৱালৰ ঘৰত অভিযান চলাইছিল। কেন্দ্ৰত ক্ষমতাত থকা বিজেপিৰ এই সকলোবোৰ ষড়যন্ত্ৰ বুলি আপে বাৰে বাৰে অভিযোগ উত্থাপন কৰি আহিছে। আবকাৰী দুৰ্নীতিৰ অভিযোগত জেললৈ যাবলগীয়া হৈছিল কেজৰিৱাল আৰু তেওঁৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছদিয়া। মন কৰিবলগীয়া যে তেওঁলোকৰ বিৰুদ্ধে সাক্ষ্য নিদিয়াৰ বাবেও আদালতে ইডিক ধমক দিছিল আৰু তেওঁলোকক জামিন মঞ্জুৰ কৰা হৈছিল। এনেদৰে কেন্দ্ৰত থকা বিজেপি চৰকাৰৰ সৈতে আপ চৰকাৰৰ সংঘাত অহৰহ হৈ আহিছে। এই সংঘাতৰ বাবে আপ চৰকাৰে বিভিন্ন কেন্দ্ৰীয় প্ৰকল্পৰ পৰা আঁতৰি আহিছে।

ফলত দিল্লীৰ সাধাৰণ জনতা কিছু অঞ্চলত বঞ্চিত হৈছে। ইয়াৰ উপৰিও দিল্লী আৰক্ষী কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰণত থাকে আৰু দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰে কেন্দ্ৰৰ প্ৰতিনিধি হিচাপে কাম কৰে। লেফটেনেণ্ট গৱৰ্ণৰৰ সৈতে আপৰ বিবাদে বাৰে বাৰে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। সাধাৰণ ৰাইজে নিশ্চয় এই সংঘাত নিবিচাৰে। সেয়েহে এই নির্বাচনত প্রতিষ্ঠান বিৰোধী আৱেগে কাম কৰিছে ৷ দিল্লীৰ ৰাইজে এই পৰিস্থিতিৰ পৰিৱৰ্তন বিচাৰে। আৰু কংগ্ৰেছৰ ভূমিকাও ইয়াত উল্লেখ কৰাটো প্ৰয়োজন। আপ আৰু কংগ্ৰেছ একে ইণ্ডিয়ামিত্ৰজোঁটৰ সদস্য হৈও ইটোৱে সিটো দলৰ ওপৰত যিদৰে আক্ৰমণ প্ৰত্যাক্ৰমণ আৰম্ভ কৰিলে, যাত ফলত বিজেপি উপকৃত হ’ল । সামান্য ভোট ব্যৱধানত বিজেপিৰ প্ৰাৰ্থীয়ে বহু আসনত জয়লাভ কৰে। সেই আসনসমূহত যদি আপ আৰু কংগ্ৰেছৰ ভোটৰ ভাগ নহল হেঁতেন তেন্তে বিজেপিৰ প্ৰাৰ্থী সেই আসনসমূহত কোনো কাৰণতে জয় হব নোৱাৰিলে হেঁতেন। কংগ্ৰেছ আৰু আপৰ সংঘাতৰ ফলত তেওঁলোকৰেই লোকচান হৈছে। আৰু কংগ্ৰেছে নিজৰ নাক কাটি আপৰ যাত্ৰা ভঙ্গ কৰা কাৰ্যৰ বাবে বিজেপিয়ে শেষ হাঁহি মাৰিব পালে।



Sunday, February 9, 2025

 কেজৰিৱালৰ পৰাজয়ে নিদ্ৰা ভংগ কৰিলে আন্না হাজাৰেৰ

কেজৰিৱালৰ পৰাজয়ে নিদ্ৰা ভংগ কৰিলে আন্না হাজাৰেৰ

 কেজৰিৱালৰ পৰাজয়ে নিদ্ৰা ভংগ কৰিলে আন্না হাজাৰেৰ

সম্পাদনা ডেস্ক, ৮ফেব্ৰুৱাৰীঃ যাৰ ছত্রচ্ছায়াত অৰবিন্দ কেজৰিৱালে পৰিচিতি লাভ কৰিছিল, সেই গৰাকী প্রবীণ গান্ধীবাদী নেতা আন্না হাজাৰেই শনিবাৰে কয় যে, “চিন্তাধাৰাৰ বিশুদ্ধতাৰ পৰিৱৰ্তে অৰবিন্দ কেজৰিৱালে ধন-সম্পত্তিৰ প্ৰতি আকৰ্ষিত হ’ল” "মই কোৱা কথাখিনি তেওঁৰ মনত নাই।"



দিল্লীৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ পৰাজয়ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আন্না হাজাৰেই আজি সংবাদ মাধ্যমৰ আগত কয় যে, ৰাইজৰ আদালতত ভোট ভিক্ষাৰ সময়ত এজন প্ৰাৰ্থীৰ চাল-চলন, আচাৰ- ব্যৱহাৰ আৰু চিন্তা-চৰ্চা বিশুদ্ধ হব লাগে বুলি মই বাৰে বাৰে কৈ আহিছো। জীৱনটো নিৰ্মল হব লাগে। জীৱনত যদি ত্যাগ থাকে তেন্তে ভোটাৰৰ আস্থা আৰু আত্মবিশ্বাস গঢ় লৈ উঠে। কেজৰিৱালে এই কথাবোৰক গুৰুত্ব নিদিলে। তেওঁ ধন-সম্পত্তিৰ প্ৰতি আকৰ্ষিত হ’ল

আন্না হাজাৰেৰ দুৰ্নীতি বিৰোধী আন্দোলনেই কেজৰিৱালক বিখ্যাত কৰি তুলিছিল। ২০১১-১২ চনৰ দিল্লীৰ আন্দোলনে কঁপাই তুলিছিল তেতিয়াৰ কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰৰ মচনদ। আন্দোলনৰ পিছত আন্নাই ৰাজনৈতিক দল গঠন কৰিব বিচৰা নাছিল। কেজৰিৱালৰ মতামত আছিল বেলেগ। তেওঁ আন্দোলনত যোগদান কৰা আন লোকৰ সৈতে আম আদমী পাৰ্টি গঠন কৰে। তেওঁৰ যুক্তি আছিল যে ব্যৱস্থাটোৰ ভিতৰৰ পৰাই ব্যৱস্থাটো সলনি কৰিব লাগিব। এনে কৰি তেওঁ নিজেই ব্যৱস্থাটোৰ অংশ হৈ পৰিল। বিজেপিৰ আগত পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হল তেওঁ।



নির্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি দিল্লী বিধানসভাৰ ৭০খন আসনৰ ভিতৰত ৪৭খন আসন লাভ কৰি ২৭ বছৰৰ পাছত দিল্লীত ক্ষমতালৈ আহিছে বিজেপি৷ এই বিজয় নিশ্চিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দিল্লীৰ উন্নয়নেই তেওঁৰ দলৰ চৰকাৰৰ কেন্দ্ৰবিন্দু হব। ২৩খন আসন লাভ কৰিবলৈ গৈ আছে আপে। এইবাৰো কংগ্ৰেছ শূন্য।

দিল্লী বিধানসভাত কংগ্ৰেছে পৰাজয়ৰ হেট্ৰিক কৰিব, সেই কথাক লৈ কাৰো মনত কোনো সন্দেহ নাছিল। কিন্তু ২০১৫ আৰু ২০২০ চনৰ দৰে এইবাৰো যে তেওঁলোকে এখনো আসন লাভ নকৰিব সেইটো কোনেও আশা কৰা নাছিল। নিৰ্বাচনৰ আগত আৰু পিছত কংগ্ৰেছৰ শীৰ্ষ নেতাসকলৰ মনত ধাৰণা আছিল এইবাৰ অন্তত কমেও দুখন তিনিখন আসন লাভ কৰিব । কিন্তু দেখা গল যে এইবাৰো তেওঁলোকৰ পকেট খালী। কংগ্ৰেছে অন্ধ্ৰপ্ৰদেশ আৰু ছিকিম বিধানসভাৰ খালী আসনৰ হেট্ৰিক জয় কৰাৰ ইতিহাস আছে। এতিয়া দিল্লী তাৰ লগত যোগ হ’ল



কংগ্ৰেছে ভাবিছিল যে তেওঁলোকৰ ভোটৰ অংশ ১০ শতাংশতকৈও অধিক হব। ২০২০ চনত তেওঁলোকে লাভ কৰিছিল ৪.৬২ শতাংশ ভোট। কিন্তু নিৰ্বাচন আয়োগৰ হিচাপ অনুসৰি ৩:০০ বজালৈকে তেওঁলোকৰ ভোটৰ অংশ আছিল প্ৰায় ৬.৫ শতাংশ। অৰ্থাৎ পাঁচ বছৰৰ আগৰ তুলনাত এইবাৰ কংগ্ৰেছৰ ভোটৰ ভাগ ২ শতাংশ বৃদ্ধি পাইছে। সংখ্যাৰ ফালৰ পৰা নগণ্য হলেও কেইবাখনো আসনত আপৰ প্ৰাৰ্থীৰ পৰাজয়ৰ কাৰণ হিচাপে আত্মপ্ৰকাশ কৰিছে কংগ্ৰেছ।

যেনে নতুন দিল্লীৰ কেন্দ্ৰত অৰবিন্দ কেজৰিৱাল। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে লাভ কৰে ২৫,৯২৫টা ভোট। ৩০,০২৪ টা ভোট লাভ কৰি বিজেপিৰ প্ৰবেশ সিং ভাৰ্মাই পৰাস্ত কৰে। অৰ্থাৎ জয়ৰ ব্যৱধান ৪০৯৯ টা ভোট। এই সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ পুত্ৰ সন্দীপ দীক্ষিত। তেওঁ লাভ কৰে ৪৫০৪টা ভোট। যদি কংগ্ৰেছ আৰু আপৰ মিত্ৰতা হলহেঁতেন আৰু কেজৰিৱালে এই ভোটসমূহ লাভ কৰিলেহেঁতেন তেন্তে তেওঁ বিজেপিক পৰাস্ত কৰি ৪০৫টা ভোটত জয়ী হব পাৰিলেহেঁতেন। ৬০০ ভোটৰ ব্যৱধানত পৰাস্ত হয় কেজৰিৱালৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছদিয়া। তাতো কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে অধিক ভোট লাভ কৰে। বদলী, নাংলয় জাট, মাডিপুৰ, ৰোহিনী আৰু দ্বাৰকা বিধান সভা সমষ্টিতো দেখা গল একে ছবি। আপ আৰু কংগ্ৰেছে লাভ কৰা ভোট বিজেপিৰ প্ৰাৰ্থীৰ জয়ৰ ব্যৱধানতকৈও অধিক।



বিজেপি বিৰোধী ইণ্ডিয়ামিত্ৰজোঁটৰ সদস্য হোৱাৰ পিছতো দিল্লীত কংগ্ৰেছ আৰু আপৰ মাজত হোৱা যুঁজৰ বাবে একাংশ মিত্ৰজোঁটৰ অংশীদাৰে কংগ্ৰেছক জগৰীয়া কৰিছে। জম্মু-কাশ্মীৰৰ ওমৰ আব্দুল্লাই ছচিয়েল মিডিয়াত লিখিছে, “নিজৰ মাজতে অধিক যুঁজ দিয়কসমাজবাদী পাৰ্টিৰ নেতা ৰামগোপাল যাদৱে কয় যে কংগ্ৰেছে ভোট কৰ্তন কৰি বিজেপিৰ জয়ৰ পথ প্ৰশস্ত কৰিছে। এই নিৰ্বাচনত সমাজবাদী পাৰ্টি আৰু তৃণমূল কংগ্ৰেছে আপৰ বাবে প্ৰচাৰ চলাইছিল। ঝাৰখণ্ড মুক্তি মৰ্চাই পুনৰ কংগ্ৰেছৰ সপক্ষে প্ৰচাৰ চলায়। মুঠৰ ওপৰত দিল্লীৰ ভোটে ভাৰতৰ মিত্ৰতা আৰু অধিক দুৰ্বল কৰি তুলিলে।

কিন্তু ইমান হোৱাৰ পিচতো কংগ্ৰেছে নিজৰ ভূমিকাক লৈ একেবাৰেই লাজ্জিত নহয়। বৰং তেওঁলোকে কয় যে আপে তেওঁলোকৰ কার্যৰ বাবেই পৰাস্ত হল৷ কংগ্ৰেছৰ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনেতে কয় যে আপৰ জয়ৰ দায়িত্ব আৰু জবাবদিহিতা কংগ্ৰেছৰ দায়িত্ব নহয়। দিল্লী এনে এখন ৰাজ্য যত কংগ্ৰেছে একেৰাহে ১৫ বছৰ শাসন কৰি আহিছে। কংগ্ৰেছে নিশ্চিতভাৱে সেই ৰাজ্যৰ হেৰাই যোৱা ভূমি বিচাৰিব। তেওঁ কয়, আপক জয়ী কৰাটো কংগ্ৰেছৰ কাম নহয়। সংগঠনটোক শক্তিশালী কৰি হেৰুৱা সমৰ্থন পুনৰ লাভ কৰাটোৱেই কংগ্ৰেছৰ লক্ষ্য।



দিল্লীত আপৰ উত্থানে কংগ্ৰেছক দুৰ্বল কৰিছে। এসময়ত দলিত, পিছপৰা শ্ৰেণী, অনুসূচিত জাতি, সংখ্যালঘু, বস্তিবাসীৰ মাজত কংগ্ৰেছৰ সমৰ্থন থকা অঞ্চল বোৰতে আপে মূৰ তুলি উঠিছে।

সুপ্ৰিয়া শ্ৰীনেতে কয় যে আজি কংগ্ৰেছে যি যুক্তিৰে দিল্লীত যুঁজিছিল, সেই যুক্তিৰে পূৰ্বে গোৱা, হাৰিয়ানা, গুজৰাট আৰু উত্তৰাখণ্ডতো আপ নেতৃত্বই যুঁজিছিল । আজি  কংগ্ৰেছক দোষাৰোপ কৰা সকলে তেতিয়া কিন্ততু আপক অপৰাধীৰ কাঠগড়াত তোলা নাছিল।



Friday, January 31, 2025

দেশৰ প্ৰতি চাৰিজনৰ এজন দিন মজুৰি কৰা শ্ৰমিকে আত্মহত্যা কৰে

দেশৰ প্ৰতি চাৰিজনৰ এজন দিন মজুৰি কৰা শ্ৰমিকে আত্মহত্যা কৰে

 দেশৰ প্ৰতি চাৰিজনৰ এজন দিন মজুৰি কৰা শ্ৰমিকে আত্মহত্যা কৰে

বি.চি. সম্পাদকীয় ডেস্ক,৩০জানুৱাৰীঃ ভাৰতত আত্মহত্যা কৰা প্ৰতি চাৰিজন লোকৰ ভিতৰত এজন দিন মজুৰি কৰা শ্ৰমিক। যোৱা বছৰৰ শেষৰ ফালে সংসদত এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় চৰকাৰে ২০১৯-২১ বৰ্ষৰ বাবে এই তথ্য দাখিল কৰিছিল। ৰাষ্ট্ৰীয় অপৰাধ অভিলেখ ব্যুৰোৰ তথ্য অনুসৰি ২০১৯ চনৰ তুলনাত ২০২১ চনত আত্মহত্যা কৰা শ্ৰমিকৰ সংখ্যা ১২ হাজাৰ বৃদ্ধি পাইছে। ২০২১ চনত প্ৰতিদিনে গড়ে ১১৫ জন দৈনিক মজুৰি শ্ৰমিকে আত্মহত্যা কৰিছিল। যি তথ্য কেৱল ভাবিলেই কঁপি উঠে।

অসুস্থতাড্ৰাগছ আৰু মদৰ আসক্তিক আত্মহত্যাৰ কাৰণ হিচাপে দোষাৰোপ কৰে। কিন্তু সেয়া বাস্তৱ নহয়। যদিও যুক্তিৰ খাতিৰত এইবোৰেই শ্ৰমিকৰ আত্মহত্যাৰ কাৰণসেই ভয়াবহ পৰিস্থিতিৰ বাবে কোন দায়ী বাৰু ?

ল- উচিত মজুৰি বা আনকি এটা মান্য মজুৰি নোপোৱাকম বা অনিয়মিত আয়চাকৰিৰ অসুৰক্ষিততাঅত্যধিক কামৰ সময় আৰু অমানৱীয় চাপচাকৰিৰ পৰা বৰ্খাস্ত কৰাঋণৰ বোজাআকাশলংঘী মূল্যৰ বৃদ্ধি পোৱা বাবে  আৰ্থিক দুৰ্দশা। ইয়াৰ বাহিৰেও অসংগঠিত খণ্ডৰ কৰ্ম পৰিৱেশ অত্যন্ত অমানৱীয়। সামাজিক সুৰক্ষা আইন কেৱল নামতহে আছেকিন্তু শ্ৰমিকৰ সুৰক্ষা বুলি কোনো কথা নাই। যিহেতু বেছিভাগ নিয়োগ ঠিকাভিত্তিকসেয়েহে ট্ৰেড ইউনিয়ন গঠন কৰিও তেওঁলোকৰ দাবী কৰ্তৃপক্ষৰ ওচৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয়। মোডী চৰকাৰে নতুন শ্ৰম সংহিতা প্ৰৱৰ্তন কৰি চাকৰিৰ নিৰাপত্তা যি আছিলসেইখিনি কাঢ়ি লৈ ​​গৈছে।

ভিড-১৯ মহামাৰীৰ বাবে বহু ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগে কাম-কাজ বন্ধ কৰিবলৈ বাধ্য হৈছে। সেই সংগঠনসমূহৰ কৰ্মচাৰীকে ধৰি অসংখ্য লোকে উপাৰ্জন হেৰুৱাইছে। তাৰ পিছত তেওঁলোকে আৰু কেতিয়াও ভাল দিন দেখা নাপালে। পৰিয়াল বচাবলৈ হতাশ হৈ পৰা এই কৰ্মচাৰী সকলে যিকোনো চাকৰি কৰিবলৈ আগ্ৰহী। কিন্তু কাম ক'ত! চৰকাৰৰ কৰ্মসংস্থাপনৰ প্ৰসাৰৰ মূল চাবিকাঠি। বহুতে ঋণ লবলৈ বাধ্য হৈছেকিন্তু ঋণ পৰিশোধ কৰিব পৰা নাই। কোনো দিশ নেদেখাৰ বাবে বহুতে আত্মহত্যা কৰিবলৈ বাধ্য হৈছে।

বা ৰাজ্য চৰকাৰসমূহে কি পদক্ষেপ গ্ৰহণ কৰিছেসংসদত প্ৰশ্নৰ উত্তৰ দিওঁতে তেতিয়াৰ কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী ভূপেন্দ্ৰ সিং যাদৱে বিভিন্ন সামাজিক সুৰক্ষা আঁচনিবীমাঅসংগঠিত শ্ৰমিকৰ স্বাস্থ্য বীমাৰ কথা উল্লেখ কৰি নিজৰ কৰ্তব্য পালন কৰিছিল। কৃষি শ্ৰমিকসকলে লাভ কৰা মজুৰি জীৱন-যাপনৰ বাবে উপযুক্ত হয় নে নহয় সেই সন্দৰ্ভত তেওঁ কোনো উত্তৰ দিব পৰা  নাছিল। আকাশলংঘী মুদ্ৰাস্ফীতিৰ বাবে তেওঁলোকৰ মজুৰি বৃদ্ধিক লৈ চৰকাৰৰ কোনো চিন্তা নাই। চৰকাৰে নূন্যতম মজুৰি নিৰ্ধাৰণৰ বৈজ্ঞানিক পদ্ধতি এৰি কাল্পনিক হিচাপৰ ভিত্তিত মজুৰি নিৰ্ধাৰণ কৰিছেযাতে পৰিয়ালৰ সকলো খৰচ বহন কৰাৰ পৰা বহু দূৰৰ কথা যাতে শ্ৰমিকস কলোৰ পেট থকাটোৱে সসমস্যা হয়।                                                          

Tuesday, January 28, 2025

১০ বছৰত ২৪ বাৰ কাৰ্যকৰী সমিতিৰ বৈঠক, তথাপিও ৪০টা নিৰ্বাচনত পৰাস্ত কংগ্ৰেছে

১০ বছৰত ২৪ বাৰ কাৰ্যকৰী সমিতিৰ বৈঠক, তথাপিও ৪০টা নিৰ্বাচনত পৰাস্ত কংগ্ৰেছে

 ১০ বছৰত ২৪ বাৰ কাৰ্যকৰী সমিতিৰ বৈঠক, তথাপিও ৪০টা নিৰ্বাচনত পৰাস্ত কংগ্ৰেছে

বি.চি. সম্পাদকীয় ডেস্ক, ২৫জানুৱাৰীঃ বেলাগাভিৰ কার্যকৰী সমিতিৰ বৈঠকত কংগ্রেছক পুনৰুজ্জীৱিত কৰাৰ সিদ্ধান্ত লোৱা হয়৷ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে উদ্বোধনী ভাষণত কয় যে ২০২৫ চন কংগ্ৰেছ সংগঠনক শক্তিশালী কৰাৰ বছৰ। খৰ্গে ২০২৫ চনৰ ভিতৰত সকলো খালী পদ পূৰণ হব বুলিও প্ৰতিশ্ৰুতি দিয়ে। কংগ্ৰেছৰ সভাপতিগৰাকীয়ে সংগঠনটোৰ প্ৰতি সকলোৱে গুৰুত্ব দিব লাগে বুলি মন্তব্য কৰে। তৃণমূল পৰ্যায়ৰ পৰা দলটোক শক্তিশালী কৰিব লাগে তেওঁ কয়।

কিন্তু চি ডব্লিউ চিৰ বৈঠকত সংগঠনটোক শক্তিশালী কৰাৰ সিদ্ধান্ত লোৱাটো এইটোৱেই প্ৰথম নহয়। ২০১৪ চনত মনমোহন সিঙৰ চৰকাৰ যোৱাৰ পাছত কংগ্ৰেছে ২৪খন কাৰ্যকৰী সমিতিৰ বৈঠক অনুষ্ঠিত কৰিছে। এই বৈঠকসমূহ বৈঠক কৰাৰ  পিচতো বিগত ১০ বছৰত কংগ্ৰেছে ৪০টাতকৈও অধিক নিৰ্বাচনত পৰাস্ত হৈছে।

বিগত ১০ বছৰত দেশত দুটা লোকসভা আৰু ৫৩টা বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছে। ইয়াৰ ভিতৰত ২৮খন ৰাজ্য আৰু ২খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিধানসভা নিৰ্বাচন। ২ টা লোকসভা নিৰ্বাচনত পৰাজিত কংগ্ৰেছ। তদুপৰি ৪০টাতকৈও অধিক বিধানসভা নিৰ্বাচনত পৰাজিত হৈছে।

কেৱল কংগ্ৰেছে পঞ্জাব (২০১৭), মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড় (২০১৮), হিমাচল প্ৰদেশ (২০২২), কৰ্ণাটক (২০২৩) আৰু তেলেংগানা (২০২৩)ত জয়লাভ কৰে। শতিকা পুৰণি ৰাজনৈতিক দলটোৱে মিত্ৰজোঁটৰ সমৰ্থনত দুবাৰকৈ ঝাৰখণ্ডত আৰু এবাৰ তামিলনাডুত ক্ষমতালৈ আহিছে। মহাৰাষ্ট্ৰত তিনিবাৰ, হাৰিয়ানাত তিনিবাৰ আৰু দিল্লীত তিনিবাৰ নিৰ্বাচনত কংগ্ৰেছ পৰাজিত হৈছে। ইয়াৰ উপৰিও উত্তৰ প্ৰদেশ, বিহাৰ, বংগকে ধৰি ১২খন ৰাজ্য দুবাৰকৈ পৰাস্ত হৈছে।

কংগ্ৰেছ ৱৰ্কিং কমিটি বা চি ডব্লিউ চি কংগ্ৰেছৰ সৰ্বোচ্চ নীতিগত সংস্থা। কংগ্ৰেছৰ সংবিধানতো ইয়াৰ উল্লেখ আছে। সকলো গুৰুত্বপূৰ্ণ সিদ্ধান্ত কাৰ্য্যকৰী সমিতিৰ সদস্যসকলে গ্ৰহণ কৰে। এই সমিতিৰ অধ্যক্ষ দলৰ ৰাষ্ট্ৰীয় সভাপতি। কংগ্ৰেছ ৱৰ্কিং কমিটিত সৰ্বাধিক ২৫ জন সদস্য আছে । ছোনিয়া গান্ধী দলৰ সভানেত্ৰী হোৱাৰ পিছত স্থায়ী আৰু বিশেষ সদস্য লোৱাৰ বিষয়টো আৰম্ভ      কৰা হয়।

২০১৪ চনৰ লোকসভা নিৰ্বাচনত পৰাজয়ৰ পিছত মেমাহত দিল্লীত কংগ্ৰেছ কৰ্মী সমিতিৰ বৈঠক আহ্বান কৰা হৈছিল। তাৰ পাছৰে পৰা মুঠ ৩৪খন চি ডব্লিউ চিৰ বৈঠক অনুষ্ঠিত হৈছে। ২০১৪ চনৰ মেমাহৰ পিছত ২০১৪ চনৰ নৱেম্বৰ মাহত চি ডব্লিউ চিৰ বৈঠক আহ্বান কৰা হয়। ২০১৫ চনত (জানুৱাৰী আৰু ছেপ্টেম্বৰ) দুখন, ২০১৬ চনত দুখন (এপ্ৰিল আৰু নৱেম্বৰ), ২০১৭ চনত দুখন (নৱেম্বৰ আৰু ডিচেম্বৰ), ২০১৮ চনত তিনিখন (জুলাই, আগষ্ট আৰু অক্টোবৰ) আৰু ২০১৯ চনত (মাৰ্চ, মেআৰু আগষ্ট) তিনিখন বৈঠক অনুষ্ঠিত হয় ।

২০২০ চনত আগষ্ট মাহত চি ডব্লিউ চিৰ বৈঠক অনুষ্ঠিত হৈছিল। তাৰ পিছত কৰনাৰ বাবে ২০২১ চনৰ এপ্ৰিল মাহত পোনপটীয়াকৈ চি ডব্লিউ চিৰ বৈঠক আহ্বান কৰা হৈছিল। ২০২১ চনৰ অক্টোবৰ মাহতো চি ডব্লিউ চিৰ বৈঠক অনুষ্ঠিত হৈছিল। ২০২২ চনত কংগ্ৰেছ কৰ্মী সমিতিৰ দুখন বৈঠক অনুষ্ঠিত হৈছিল, এখন মাৰ্চ মাহত আৰু আনখন আগষ্ট মাহত। ২০২৩ চনতো চি ডব্লিউ চিৰ দুখন বৈঠক আহ্বান কৰা হৈছিল। ২০২৪ চনত কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ মুঠ ৪খন বৈঠক অনুষ্ঠিত হৈছে।

২০১৪ চনৰ মেমাহৰ বৈঠকত কংগ্ৰেছে এই বিপৰ্যয়ৰ পৰ্যালোচনাৰ বাবে এখন কমিটীৰ গঠনৰ কথা কোৱা হৈছিল। পিছত এ কে এণ্টনীৰ অধ্যক্ষতাত এখন কমিটী গঠন কৰা হয় যদিও ইয়াৰ প্ৰতিবেদন প্ৰকাশ নহল আৰু ইয়াক কাৰ্যকৰী কৰাৰ বাবেও কোনো ব্যৱস্থা গ্ৰহণ কৰা নহল। এণ্টনি কমিটীয়ে নিজৰ প্ৰতিবেদনত সংস্থাটোৰ ব্যাপক পৰিৱৰ্তনৰ আহ্বান জনাইছিল ।

২০১৮ চনত ৱৰ্ধাত অনুষ্ঠিত চি ডব্লিউ চিৰ বৈঠকত সংগঠনটোক শক্তিশালী কৰাৰ লগতে নতুন কৌশল ৰচনা কৰি জনসাধাৰণৰ মাজলৈ যোৱাৰ কথা চৰ্চা হৈছিল। ২০১৯ চনত পৰাজয়ৰ পিছতো কংগ্ৰেছ কৰ্মী সমিতিৰ বৈঠকত সংগঠনটোক গুৰুত্ব দিয়াৰ কথা আছিল। ৰাহুল গান্ধীয়ে বৈঠকত কৈছিল যে কংগ্ৰেছ নেতাসকলে এতিয়া সংগঠনটোক শক্তিশালী কৰাৰ কথা চিন্তা কৰিব লাগে। গান্ধী পৰিয়ালৰ কোনেও এতিয়া কংগ্ৰেছৰ দায়িত্বত নাই।

২০২২ চনৰ মাৰ্চ মাহৰ বৈঠকত সংগঠনৰ বিষয়টোৱে অগ্ৰাধিকাৰ লাভ কৰিছিল। শতিকা পুৰণি দলটোৱে সংগঠনটোক পুনৰুজ্জীৱিত কৰাৰ বাবে বুদ্ধিবৃত্ত বা পৰামৰ্শ শিবিৰৰ আয়োজন কৰাৰ সিদ্ধান্ত লয়। ২০২২ চনৰ মেমাহত ৰাজস্থানৰ উদয়পুৰত চিন্তা শিবিৰ আহ্বান কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। উদয়পুৰত কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলে আলোচনা কৰি সংগঠনটোক শক্তিশালী কৰাৰ বাবে কিছু সিদ্ধান্ত গ্ৰহণ কৰে। কিন্তু আজিলৈকে কোনো সিদ্ধান্ত কাৰ্যকৰী হোৱা দেখা নগল ।