Saturday, February 8, 2025

হেমন্তই পাৰিছিল, কেজৰিৱালে নোৱাৰিলে! জেলৰ পৰা উভতি অহাৰ পিছতো এৰা নাই ছৰেনে! এৰি অৰবিন্দই

 হেমন্তই পাৰিছিল, কেজৰিৱালে নোৱাৰিলে! জেলৰ পৰা উভতি অহাৰ পিছতো এৰা নাই ছৰেনে! এৰি অৰবিন্দই  

জেল গমনে হেমন্ত ছৰেনৰ অভিশাপ আশীৰ্বাদত পৰিণত হল । জেললৈ যোৱাটো অৰবিন্দ কেজৰিৱালৰ বাবে কালল । ব্যৱধান মাত্ৰ ২ মাহ ১৫ দিন !

নেচনেল ডেস্ক, ৮ফেব্ৰুৱাৰীঃ যোৱা নৱেম্বৰ মাহত কাৰাগাৰৰ পৰা মুক্তি পাই হেমন্ত ৰাঁচীৰ শাসনলৈ প্রত্যাবর্তন কৰিছিল। কাকতলীয়াকৈ কবলৈ গলে তেতিয়া আছিল হেমন্তকাল। কিন্তু দিল্লীৰ নিৰ্বাচনত কেজৰিৱালৰ বাবে বসন্ত নাহিল। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (ইডি)য়ে গ্ৰেপ্তাৰ কৰিছিল হেমন্তক। অভিযোগ আছিল ভূমি দুৰ্নীতিৰ। কেজৰিৱালকো গ্ৰেপ্তাৰ কৰিছিল ইডিয়ে। সুৰাৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ ক্ষেত্ৰত দুৰ্নীতিৰ অভিযোগত। নিৰ্বাচনী প্ৰচাৰৰ সময়ত হেমন্ত আৰু কেজৰিৱাল দুয়োজনে এই গ্ৰেপ্তাৰক কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ৰাজনৈতিক প্ৰতিশোধৰ বক্তব্য হিচাপে চিত্ৰিত কৰিছিল। নিৰ্বাচনৰ ফলাফলত দেখা গৈছে যে হেমন্তৰ প্ৰচাৰ ঝাৰখণ্ডৰ ৰাইজে মানি লোৱাৰ বিপৰীতে দিল্লীয়ে কেজৰিৱালক প্রত্যাখ্যান কৰে।



অৱশ্যে ভোটৰ অঙ্ক ইমান সহজ নহয়। ই আন বহুতো সমীকৰণৰ ওপৰত নিৰ্ভৰ কৰে। হেমন্তই ঝাৰখণ্ডত মিত্ৰতাৰে যুঁজিছিল। সেই মিত্ৰতাত যেনেকৈ লালু প্ৰসাদ যাদৱৰ আৰজেডি আছিল তেনে কৈ কংগ্ৰেছও আছিল। প্ৰকৃতিৰ প্রাচুর্যৰে সমৃদ্ধ ৰাজ্য ঝাৰখণ্ডত চিপিআইএমএল (লিবাৰেচন)ৰ শক্তি আছে। বিজেপি বিৰোধী মিত্ৰজোটত যোগদান কৰিছিল। চাৰিটা দলৰ শক্তিশালী মিত্ৰতাই বিজেপিক বিফল কৰিবলৈ সক্ষম হৈছিল । কিন্তু দিল্লীত কোনো মিত্ৰতা নাছিল। কংগ্ৰেছৰ প্ৰচাৰ অভিযানে যেনেকৈ বিজেপিক লক্ষ্য কৰি লৈছিল তেনে কৈ কেজৰিৱালৰ দলটোও। আকৌ কেজৰিৱালেও নিজৰ প্ৰচাৰত বিজেপি আৰু কংগ্ৰেছক একেটা শাৰীত ৰাখিছিল। ভোট অঙ্কত ইয়াৰ প্ৰতিফলন স্পষ্ট।

দিল্লী বিধানসভাৰ নিৰ্বাচনৰ ফলাফলত দেখা যায় যে, একাধিক আসনত কংগ্ৰেছেৰ ভোট কাটাকাটিৰ বাবে আম আদমী পাৰ্টিৰ প্ৰাৰ্থী পৰাস্ত হৈছে। সেই তালিকাত নিজেই আছে কেজৰিৱাল। আছে মনীষ চিছদিয়াৰ দৰে নেতাও । ফলত বিজেপি বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ দুয়োটা দল আপ আৰু কংগ্ৰেছে সৰ্বভাৰতীয় পৰ্যায়ত একেলগে যুঁজ দিলে কি হলহেঁতেন সেই সম্পৰ্কে জল্পনা-কল্পনা অব্যাহত আছে। যদিও বিজেপি বিৰোধী কেইবাটাও আঞ্চলিক দলে ইতিমধ্যে কবলৈ আৰম্ভ কৰিছে যে কেৱল লোকসভাত অলপ ভালৰ মুখ দেখাৰ লগে লগে কংগ্ৰেছৰ পুৰণি বিগ ব্ৰাদাৰ এটিটুড’ (দাদাগিৰি) বৃদ্ধি পাইছে । যাৰ  সুফল লাভ কৰিছে বিজেপিয়ে।



ভোটদানৰ ফলাফলত স্পষ্টকৈ দেখা গৈছে যে বিগত পাঁচ বছৰত বিভিন্ন কাৰণত জনসমৰ্থন কেজৰিৱালৰ পৰা আঁতৰি গৈছে। প্ৰায় ৭ শতাংশ ভোট একেবাৰেই কমিছে। শনিবাৰে সন্ধিয়া ৫ বজালৈকে ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগে চূড়ান্ত ফলাফল বা ভোটাৰৰ শতাংশৰ তথ্য প্ৰকাশ কৰা নাছিল। কিন্তু এতিয়ালৈকে যি খন ছবি দেখা গৈছে তাত স্পষ্ট হৈ পৰিছে এই বাৰ বিধানসভা নিৰ্বাচনত কেজৰিৱালৰ দলক ভোট দিয়া দিল্লীৰ ভোটাৰৰ এটা অংশই বিজেপিক ভোট দিছে।




আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: