Sunday, February 23, 2025

৯০ বছৰৰ পাছত অসম বিধানসভাত বন্ধ হ’ল ‘জুম্মাৰ নামাজ বিৰতি’

 ৯০ বছৰৰ পাছত অসম বিধানসভাত বন্ধ হজুম্মাৰ নামাজ বিৰতি

বি. চি ডেস্ক, ২৩ফেব্ৰুৱাৰীঃ বিজেপি শাসিত অসম বিধানসভাৰ অধিৱেশনত শুকুৰবাৰৰ নামাজৰ পৰম্পৰাগত দুঘণ্টীয়া বিৰতি বিলুপ্ত কৰা হৈছে। শুকুৰবাৰৰ পৰা কাৰ্যকৰী হল এই সিদ্ধান্ত। বিজেপিৰ বিধায়ক বিশ্বজিৎ ফুকনে দাবী কৰে যে বিগত আগষ্টত বিধানসভাত গৃহীত প্ৰস্তাৱৰ ভিত্তিত এই পদক্ষেপ লোৱা হৈছে।

ইয়াৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ত ছচিয়েল মিডিয়াত পোষ্ট কৰিছিল। তেওঁ লিখে, "আমি কামক অগ্ৰাধিকাৰ দিব বিচাৰো।" সেয়ে অসম বিধানসভাত জুম্মা নামাজৰ বাবে দুঘণ্টাৰ বিৰতিৰ প্ৰথা বিলুপ্ত কৰা হৈছে। ঔপনিৱেশিকতাবাদৰ আন এক লক্ষণ মচি পেলোৱা হৈছে। এই প্ৰথা ১৯৩৭ চনত মুছলিম লীগৰ চৈয়দ ছাদুল্লাই প্ৰৱৰ্তন কৰিছিল।

সেই ঐতিহাসিক পদক্ষেপত সহায় আগবঢ়োৱা অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীকে ধৰি শাসকীয় শিবিৰৰ বিধায়কসকলকো বিজেপি নেতা হিমন্তই কৃতজ্ঞতা জ্ঞাপন কৰে। প্ৰসংগক্ৰমে অসম বিধানসভাৰ অধ্যক্ষই শুকুৰবাৰৰ নামাজৰ বাবে দুঘণ্টীয়া বিৰতিৰ প্ৰথা পুনৰীক্ষণৰ বাবে এপ্ৰিল মাহত সাতজনীয়া এখন সমিতি গঠন কৰিছে। কমিটীত বিভিন্ন দলৰ বিধায়ক সন্নিবিষ্ট কৰা হৈছিল। হিমন্ত সৰকাৰে দাবী কৰিছে যে কমিটীৰ সকলো সদস্যই কেইবাখনো বৈঠকত ব্ৰিটিছ যুগৰ প্ৰথা বিলুপ্ত কৰিবলৈ সন্মত হৈছে।

কমিটীৰ প্ৰতিবেদনৰ ভিত্তিত শুকুৰবাৰে বাজেট অধিবেশনৰ পৰা জুম্মা নামাজৰ সময়ত দুঘণ্টাৰ বিৰতিৰ প্ৰায় ৯ দশক পুৰণি পৰম্পৰা উঠাই লোৱা হয়। অসমৰ অন্যতম বিৰোধী দল এ আই ইউ এফৰ বিধায়ক ৰফিকুল ইছলামে বিজেপি চৰকাৰৰ এই সিদ্ধান্তক সমালোচনা কৰি কয় যে, "সংখ্যাগৰিষ্ঠতাৰ শক্তিৰে একপক্ষীয় সিদ্ধান্ত লোৱা হৈছে।" বিধানসভাৰ বিৰোধী দলৰ নেতা কংগ্ৰেছৰ দেৱব্ৰত শইকীয়াই বিধান সভা ভৱনৰ সমীপত মুছলমান বিধায়কসকলে নামাজ পঢ়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে।


আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: