মানুহ আৰু কৱিতাৰ সম্পৰ্ক অবিচ্ছেদ্য৷ যেতিয়ালৈকে মানুহ থাকিব তেতিয়ালৈকে কৱিতা থাকিব৷ যেতিয়ালৈকে কৱিতা থাকিব তেতিয়ালৈকে এখন সজীৱ মানৱসমাজ থাকিব৷ অনুভৱৰ নিজৰা ব’ব৷ অপেক্ষা হ’ল প্ৰেমৰ এটি দাৰ্শনিক উপচাৰ৷ ভালপোৱাৰ এটি নিদৰ্শন অপেক্ষা৷ সকলোৱে তপৰাই কয় ভালপাওঁ বুলি৷ কিন্তু মজাৰ কথাটো হ’ল ভাল পোৱাটো অথৱা অনাবিল প্ৰেমক প্ৰতীয়মান কৰাবলৈ অপেক্ষা কৰিব নোৱাৰাটো৷ অকলে থাকি ভাল লাগে৷ সেই ভাল লগা গৈ সহচৰী হয়৷ অনাবিল ভাৱ সাগৰত ডুবি থকা হয়৷ নিসঙ্গতাই স্পৰ্শ কৰিব নোৱাৰে৷ তেতিয়াই কৱিতাৰ সৃষ্টি হয়৷ মানুহ মৰিলে গেলি পঁচি যায়৷ যদি বাচি থাকে; কাৰণে-অকাৰণে সলনি হয়৷
কৱি নিৰ্মিতা বৰগোহাঁইৰ কৱিতাসমূহ সুখপাঠ্য কৱিতা৷ ইতিমধ্যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ কৱিতাৰ পথাৰখনত খুটি পুতিবলৈ সক্ষম হোৱা নিৰ্মিতা বৰগোহাইৰ কৱিতা অসমৰ বিভিন্ন আগশাৰীৰ বাতৰিকাকতত নিয়মীয়াকৈ প্ৰকাশ পোৱাটো গুৰুত্বপূৰ্ণ কথা৷ অকল অসমতে নহয় পশ্চিমবঙ্গৰ আলোচনীতো কৱিতা প্ৰকাশ পাইছে৷
এইখিনি কৱিতা পাঠকক আমোদ দিব পৰাকৈ ৰচনা কৰিছে৷ জটিলতা বিহীন কৱিতা; এয়াই কৱিৰ কৱিতাসমূহৰ বৈশিষ্ট্য৷ তাৰ সোৱাদ পাব পাৰাকৈ কেইটামান শাৰীৰ উদ্ধৃতি দিলোঁ৷
...আকাশ বতাহ কঁপে
নকঁপে অত্যাচাৰী শাসকৰ
অহংকাৰী হৃদয়৷...
...মাটি যাওঁ যাওঁ
ভেটি যাওঁ যাওঁ
নিজৰ বুকুতে
ভিঠা হেৰুৱাওঁ...
...সাগৰৰ প্ৰেয়সী মই...
...তোমাৰেই প্ৰেয়সী হৈ
বিলীন হ'ব খোজোঁ
তোমাতেই মই।...
এনেকৈয়ে কৱিতাসমূহ থুপাই ’এজাক ৰূপালী বৰষুণ’ শিৰ্ষক নামেৰে পুথি এখন সঙ্কলন কৰি উলিয়াইছে৷ পুথিখনে নিশ্চিত ভাৱে পাঠকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হ’ব৷
শেষত কৱিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি এইখিনিতে মোখনীৰ ৰেখা আঁকিলোঁ৷
ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
দূৰাভাষ নম্বৰঃ ৯৮৬৪১২৫৮৮৭
0 coment rios: