অস্কাৰ অনুষ্ঠান বাতিল
বিনোদন ডেস্ক, ১৯ জানুৱাৰীঃ ইতিহাসত প্ৰথমবাৰৰ বাবে বাতিল হ’বলৈ ওলাইছে অস্কাৰ। লছ এঞ্জেলছত সংঘটিত হোৱা ভয়াৱহ অগ্নিকাণ্ডৰ বাবে
এইবাৰ বাতিল কৰা হ’ব ৯৬ বছৰীয়া এই অনুষ্ঠান। লছ এঞ্জেলছে
বৰ্তমান কল্পনাতীত ক্ষতিৰ সন্মুখীন হৈছে। সেয়েহে সিদ্ধান্ত লোৱা হৈছে যে এই
অনুষ্ঠানৰ বাবে যি খৰচ হয় সেই পুঁজিৰ পৰা ক্ষতিপূৰণ হিচাপে পৰিশোধ কৰব।
প্ৰসংগক্ৰমে ২০২১ চনত যেতিয়া সমগ্ৰ বিশ্বতে লকডাউনৰ পৰিস্থিতি
অব্যাহত আছিল, তেতিয়া অস্কাৰ বাতিলৰ পৰিৱৰ্তে দুমাহ পিছুৱাই দিয়া হৈছিল। ইফালে এক
প্ৰতিবেদন অনুসৰি যদিও অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ’ব, তথাপিও ১ লাখ ৪০ হাজাৰ পাউণ্ডৰ গুডী বেগ বাতিল কৰা হ’ব। এই গুডি বেগ সমূহৰ ভিতৰত আছে চুইছ আল্পছত তিনি
ৰাতি থকা, কচমেটিক চাৰ্জাৰী, গহনা আৰু ১২২০ ডলাৰৰ
বাৰ্বিকিউ গ্ৰীল।
কিন্তু ব’ৰ্ডৰ সদস্যসকলে
এই পৰিস্থিতিত এই গুডী বেগবোৰ প্ৰয়োজনীয় বুলি অনুভৱ কৰা নাই। লছ
এঞ্জেলছৰ অগ্নিকাণ্ডত মেণ্ডী মূৰ, পেৰিছ হিল্টনকে ধৰি বহু ঘৰ
ধ্বংস হয়। এই পৰ্যন্ত ২৫ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু জৰুৰীকালীন সেৱাও অচল
অৱস্থা হৈছে।
0 coment rios: