Saturday, January 18, 2025

 

অভিশপ্ত দক্ষিণ জনীয়া ওৰিয়েণ্টেল হাইস্কুলত অবৈধ শিক্ষকৰ ভৰভৰণিঃ কৰ্তৃপক্ষ নিমাওমাও

বৰপেটাৰ পৰা শ্বেখ ৰফিকুল হক, ১৭ জানুৱাৰীঃ বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত শিতুলীস্থিত দক্ষিণ জনীয়া ওৰিয়েণ্টেল হাইস্কুল স্থাপিত হোৱাৰে পৰা প্ৰাদেশিকৰণ হোৱা লৈকে প্ৰধান শিক্ষক মজিবৰে (বৰ্তমান অৱসৰ প্ৰাপ্ত) যি অবৈধ শিক্ষক নিযুক্তিৰ ৰমৰমীয়া বেহা চলাইছিল সেই প্ৰদূষণৰ বিষবাষ্প বিদ্যালয় খনৰ পৰা এতিয়াও মাৰ যোৱা নাই।

       প্ৰাপ্ত তথ্য মতে, জনীয়াৰ শিতুলী গাওঁত ১৯৭ ৯ চনত স্থাপিত ডিজেও হাইস্কুল খন ২০১৩ চন প্ৰাদেশিকৰণ হয়। কিন্তু অপাত্ৰ প্ৰধান শিক্ষক মজিবৰে বিদ্যালয় খনত আৰম্ভণিতে বিয়পিওৱা বিষবাষ্পত পৰৱৰ্তী সময়ত ভালে সংখ্যক ব্যক্তি লুতুৰি-পুতুৰি হোৱা দেখা যায়। স্মৰ্তব্য যে,ধূৰ্ত দূৰ্নীতি সম্ৰাট মজিবৰে নিজৰ' কুকীৰ্তিৰ বাবে ২০০৯ চনৰ ২৬অক্টোবৰত প্ৰধান শিক্ষক পদৰ পৰা পদত্যাগ কৰিবলগীয়া হয়। দূৰ্নীতিপৰায়ণ মজিবৰে নিজৰ বিৰুদ্ধে থকা গোচৰত পুলিচৰ পৰা হাত সাৰিবৰ বাবে ২০১১ চনৰ ৮মাৰ্চলৈ পলাই থাকিব লগীয়া হৈছিল। এই সময়ছোৱাত প্ৰায় ডেৰ বছৰ কাল বৰপেটা জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ ভাইড মেমো নংএচটিএন/আইআৰ ৮৪/৩০/৬৪১২-১৪ ডিটি.২৬/১০/২০০৯ পত্ৰযোগে আৰবী বিষয়ৰ সহ শিক্ষক আকমত আলী আহমেদক ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক নে প্ৰধান শিক্ষক (কৰ্তৃপক্ষ‌ই গাপ দিবলৈ চেষ্টা কৰিছে) হিচাবে বিদ্যালয় খন পৰিচালনা কৰাৰ দায়িত্ব দিছিল পৰ্যায়ক্ৰমে দাবী,ধমকি,ফুচলনি দি আকমতক একাষৰীয়া কৰি ২০১১ চনৰ ৯ মাৰ্চত মজিবৰে পুনৰ প্ৰধান শিক্ষক হিচাবে বিদ্যালয় খনত যোগদান কৰে। উল্লেখ্য যে, বিদ্যালয় পৰিচালনা সমিতিৰ এজন সদস্য ৰুস্তম আলীয়ে জনোৱা মতে ২০০৯-১০ চনত কোনো "বৈধ সমিতি" নাছিল আৰু কোনো প্ৰধান শিক্ষক নাছিল। তাহানি বাতৰি কাকতৰ শিৰোনামা দখল কৰা দূৰ্নীতি সম্ৰাট মজিবৰে প্ৰায় ডেৰ বছৰ পলায়নৰ পাছত পুনৰ বিদ্যালয় খনত  যোগদান কৰি দূৰ্নীতি কৰাৰ সুযোগ গ্ৰহণ কৰে জানিব পৰা মতে, বিদ্যালয় প্ৰাদেশিকৰণ এডুকেশ্বন এক্ট ২০১১ অনুসৰি এজন শিক্ষকে এখন বিদ্যালয়ত একেৰাহে ১০বছৰ কাম কৰিলেহে এগৰাকী শিক্ষকে প্ৰধান শিক্ষক হোৱাৰ যোগ্যতা লাভ কৰে তেন্তে দূৰ্নীতি পৰায়ণ মজিবৰে কেনেকৈ প্ৰধান শিক্ষক হ'বলৈ পালে  বুলি সচেতন মহলে প্ৰশ্ন উত্থাপন কৰে?

      আন এক তথ্য মতে,৩০ডিচেম্বৰ ২০১০ চনৰ অনুমোদিত এচ‌এমচি"ৰ "দাতা সদস্য" নাদিৰ হুছেইনে নিজে তথ্য জনাৰ বাবে ২০১০ চনত বিদ্যালয় খনৰ পৰা তথ্য বিচাৰি RTI কৰে। সেই তথ্য প্ৰতিবেদকৰ হাতত মজুত আছে তেনেস্থলত সেই গৰাকী নাদিৰ হুছেইনক ০২/০৫/২০০৭ চনৰ পৰা শিক্ষকতা কৰি থকা বুলি কেনেকৈ দেখুৱালে মজিবৰে ? লগতে আন এক অভিযোগ মতে চাহাৰাফ খান, হালিদা খাতুন আৰু ৰকমত আলীকো অবৈধ ভাৱে নিযুক্তি দিয়া দেখুৱাইছে মজিবৰ আৰু এচ‌এমচি'ৰ সভাপতি গৰাকীয়ে। প্ৰাপ্ত তথ্য মতে, ৩১/১০/২০০২ তাৰিখৰ এমচি'ৰ ১নং প্ৰস্তাৱ মৰ্মে ৰকমত আলীৰ যোগদানৰ তাৰিখ হ'ল ২৭/১২/২০০২আৰু পোষ্ট এপ্ৰ'ভেল অৰ্ডাৰ্ড বাই দা আইএচ অফ বিডিচি ভাইড মেমো নং ইএ-৩০৭ আইআৰ ২০০১/৩৬৮৯ ৯১ ডিটি. ২৯/৬/২০১১ মতে ২৭/১২/২০০৩। এজনে ব্যক্তি,যাৰ এখন বিদ্যালয়তে যোগদানৰ তাৰিখ ২টা। ৰহস্যজনক কথা হ'ল ২৭/১২/২০০২ চনত ৰকমত আলীয়ে B.Sc.পাছ কৰাই নাছিল। তেন্তে অযোগ্য ব্যক্তি এজনক নিযুক্তি দিলে কেনেকৈ? আনহাতে ডিজেও হাইস্কুলৰ ২৬/০২/২০১১তাৰিখৰ এমচি'ৰ ১নং প্ৰস্তাৱ মতে শিক্ষয়িত্ৰী হালিদা খাতুনৰ যোগদানৰ তাৰিখ হ'ল ০১/০৩/২০১১,আই,এচ',ৰ পোষ্ট এপ্ৰ'ভেল  অৰ্ডাৰ্ড মতেও একে আছে। কিন্তু সঞ্চালকৰ "প্ৰাদেশিকৰণ নিৰ্দেশনা"ৰ ভাইড লেটাৰ নংএএচ‌ই/৮৬/২০১৩/পিটি-১১/২৮৬ডিটি.২৫/০৭/২০১৩মতে হালিদাৰ কৰ্তব্যত যোগদানৰ তাৰিখ হ'ল০১/০৩/২০১০ । আশ্চৰ্যৰ বিষয় এই যে একেজনী হালিদাৰ একেখন বিদ্যালয়ত যোগদান কৰা তাৰিখ 2টা। এয়া কেনেকৈ গ্ৰহণযোগ্য হ'ব পাৰে? আনহাতে তথ্য মতে ২০১০চনত কোনো বৈধ সমিতি নাছিলেই। যিখন বিদ্যালয়ত দুবাৰকৈ পোষ্ট এপ্ৰ'ভেলৰ অৰ্ডাৰ হোৱা স্বত্বেও নাদিৰ হুছেইনৰ নাম কোনো এখন তালিকাতে অন্তৰ্ভুক্ত  নহ'ল এনেস্থলত ০২/০৫/২০০৭'ত নাদিৰৰ নিযুক্তি হ'ল কেনেকৈ?পদ অনুমোদন নোহোৱাকৈ নিযুক্তি কেনেকৈ সম্ভৱ বুলি সচেতনমহলে প্ৰশ্ন উত্থাপন কৰিছে?

  এনেকুৱা বৃহৎ কেলেংকাৰী জড়িত হৈ থকা হেতুকে ডিজেও হাইস্কুল কৰ্তৃপক্ষৰ লগতে আই,এচ কৰ্তৃপক্ষই ও RTI'ৰ তথ্য দিয়াৰ পৰা আতৰি থাকি পলায়নবাদী মনোবৃত্তি গ্ৰহণ কৰা দেখা গৈছে। বৰপেটা জিলাৰ এই সৰ্ববৃহৎ অবৈধ শিক্ষক নিযুক্তিৰ কেলেংজিলাৰ এই সৰ্ববৃহৎ অবৈধ শিক্ষক নিযুক্তিৰ কেলেংকাৰীটোৰ মুখা খোলাৰ বাবে জিলা খনৰ শিক্ষিত সচেতন মহলে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰি অনুৰোধ জনাইছে।

 

 

 

 

 


আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: