Showing posts with label ৰাজনীতি. Show all posts
Showing posts with label ৰাজনীতি. Show all posts

Sunday, April 13, 2025

 তিনি গগৈ একলগ হ'লে অসমৰ ৰাজনীতিত মেজিক সৃষ্টি হ'ব : অখিল গগৈ

তিনি গগৈ একলগ হ'লে অসমৰ ৰাজনীতিত মেজিক সৃষ্টি হ'ব : অখিল গগৈ

 তিনি গগৈ একলগ হ'লে অসমৰ ৰাজনীতিত মেজিক সৃষ্টি হ'ব : অখিল গগৈ

বি. চি ডেস্ক, ১৩ এপ্ৰিলঃ "ৰাইজৰ দলৰ চৰকাৰ হ'লে থলুৱাক প্ৰথম অগ্ৰাধিকাৰ দিয়া হ'ব। যদি মই মুখ্যমন্ত্ৰী হওঁ, তেন্তে অসমৰ চৰকাৰে কেন্দ্ৰৰ পৰা জিএসটি মুক্ত কৰিবলৈ সকলো পদক্ষেপ ল'ব। অসমৰ সাধাৰণ ৰাইজৰ ওপৰত পৰি থকা আৰ্থিক ভাৰ কমাবলৈ এই সিদ্ধান্ত অত্যন্ত প্ৰয়োজনীয়।" — তেজপুৰত আয়োজিত ৰাইজৰ দলৰ যোগদান অনুষ্ঠানত এই মন্তব্য আগবঢ়ায় দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে। তিনি গগৈ — লুৰীণজ্যোতি গগৈ, গৌৰৱ গগৈ আৰু অখিল গগৈ — এক হোৱা উচিত বুলি তেওঁ পুনৰ জোৰ দিয়ে।

Friday, April 11, 2025

 এনডিএৰ পূৰ্ণ প্ৰস্তুতি: মুখ্যমন্ত্ৰী ২৭ খন আৰু দিলীপ শইকীয়াই ৫০তকৈ অধিক প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব

এনডিএৰ পূৰ্ণ প্ৰস্তুতি: মুখ্যমন্ত্ৰী ২৭ খন আৰু দিলীপ শইকীয়াই ৫০তকৈ অধিক প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব

 এনডিএৰ পূৰ্ণ প্ৰস্তুতি: মুখ্যমন্ত্ৰী ২৭ খন আৰু দিলীপ শইকীয়াই ৫০তকৈ অধিক প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব

বি. চি ডেস্ক, ১১এপ্ৰিলঃ পঞ্চায়ত নিৰ্বাচনৰ দিন ওচৰ চাপি আহিছে আৰু এতিয়া কেৱল মাত্ৰ কেইটামান দিন বাকী। অহা ২ আৰু ৭ মে’ তাৰিখে দুটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া এই পঞ্চায়ত নিৰ্বাচনৰ বাবে এনডিএ মিত্ৰজোঁটে পূৰ্ণোদ্যমে প্ৰস্তুতি চলাইছে। দলটোৰ মণ্ডল, জিলা তথা ৰাজ্যিক পৰ্যায়ত এক বিস্তৃত পৰিকল্পনা গ্ৰহণ কৰা হৈছে। মিত্ৰ দলসমূহৰ সৈতে একাধিক বৈঠক অনুষ্ঠিত কৰি, ৰাজ্যিক প্রতিনিধিসকলৰ সহায়ত অঞ্চলভিত্তিক আলোচনাৰ জৰিয়তে সৰ্বসন্মতিক ভিত্তিত ৰাইজৰ মাজৰ পৰা প্ৰাৰ্থীসকলক বাছনি কৰা হৈছে। এইবাৰ দলটোৰ উদ্দেশ্য হ’ল, স্থানীয় জনতাৰ আশা-আকাংক্ষা পূৰণ কৰিব পৰা প্ৰাৰ্থীক টিকট দিয়া।

Thursday, April 10, 2025

 ৪০ ডিগ্ৰী গৰমতো কম্বল বিতৰণ, বিহাৰৰ বিজেপি মন্ত্ৰীৰ!

৪০ ডিগ্ৰী গৰমতো কম্বল বিতৰণ, বিহাৰৰ বিজেপি মন্ত্ৰীৰ!

 ৪০ ডিগ্ৰী গৰমতো কম্বল বিতৰণ, বিহাৰৰ বিজেপি মন্ত্ৰীৰ!

নেচনেল ডেস্ক, ১০এপ্ৰিলঃ বিহাৰৰ বেগুছৰাই বৰ্তমান এপ্ৰিল মাহীয়া ৪০ ডিগ্ৰী গৰমত জ্বলি আছে। অৱশ্যে কম্বল বিতৰণ কৰাৰ কথা ঘোষণা কৰে এগৰাকী মন্ত্ৰীয়ে। আৰু সেই কথা শুনি প্ৰায় ৭০০ জন লোকে অহিয়াপুৰ গাঁৱত গোট খায়। বচোৱাৰা বিজেপিৰ বিধায়ক তথা ৰাজ্যৰ ক্ৰীড়া মন্ত্ৰী সুৰেন্দ্ৰ মেহতাই প্ৰচণ্ড গৰম আৰু ৰ’দত দুর্গতজনৰ হাতত একোখন কৈ গৰম কম্বল তুলি দি মিচিকিয়া হাঁহিৰে তোলা এখন ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ঘটনাক তীব্ৰ সমালোচনা কৰিছে বিৰোধী শিবিৰে। তেওঁলোকে কয় যে যদি সমাজ সেৱা কৰিব লাগে তেন্তে শীতকালতো কম্বল দান কৰিব লাগিছিল। এই ভৰ গৰমত হঠাৎ কম্বল বিলাই দিয়াৰ অৰ্থ প্ৰচাৰ পোৱাৰ বাহিৰে আন একো নহয়। যোৱা ৬ এপ্ৰিলত আছিল বিজেপিৰ ৪৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন । সেই উপলক্ষে মন্ত্ৰীগৰাকীয়ে কম্বল বিতৰণৰ আয়োজন কৰে। তীব্ৰ গৰমতো কম্বল বিতৰণৰ কথা শুনি বহু লোকে ধপলিয়াই আহিছিল অঞ্চলটোলৈ।


Sunday, April 6, 2025

 ৱাকফ সংশোধনী বিধেয়কত সন্মতি দিলে ৰাষ্ট্ৰপতিয়ে , নীতিশৰ দলত বিভাজন অব্যাহঃ সংখ্যালঘু ভোট বেংক হেৰুৱাৰ আশংকাত চিৰাগ

ৱাকফ সংশোধনী বিধেয়কত সন্মতি দিলে ৰাষ্ট্ৰপতিয়ে , নীতিশৰ দলত বিভাজন অব্যাহঃ সংখ্যালঘু ভোট বেংক হেৰুৱাৰ আশংকাত চিৰাগ

 ৱাকফ সংশোধনী বিধেয়কত সন্মতি দিলে ৰাষ্ট্ৰপতিয়ে , নীতিশৰ দলত বিভাজন অব্যাহঃ সংখ্যালঘু ভোট বেংক হেৰুৱাৰ আশংকাত চিৰাগ

নেচনেল ডেস্ক, ৬এপ্ৰিলঃ ৱাকফ বিধেয়ক গৃহীত হোৱাৰ লগে লগে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু । মুছলমান সংগঠনৰ লগতে বিভিন্ন ৰাজনৈতিক দলে গোচৰ ৰুজু কৰাৰ ইংগিত পোৱা গৈছে। একে সময়তে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল ব’ৰ্ডে এই আইনৰ বিৰুদ্ধে দেশজোৰা আন্দোলন আৰম্ভ কৰিব বুলি কৈছে।

Saturday, April 5, 2025

 ৰাভা হাছং পৰিষদত NDA মিত্ৰজোঁটৰ বৃহৎ জয়! একেবাৰে ধূলিস্যাৎ কংগ্ৰেছ

ৰাভা হাছং পৰিষদত NDA মিত্ৰজোঁটৰ বৃহৎ জয়! একেবাৰে ধূলিস্যাৎ কংগ্ৰেছ

 ৰাভা হাছং পৰিষদত NDA মিত্ৰজোঁটৰ বৃহৎ জয়! একেবাৰে ধূলিস্যাৎ কংগ্ৰেছ 

বি. চি ডেস্ক, ৪এপ্ৰিলঃ টংকেশ্বৰ ৰাভাৰ নেতৃত্বত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু NDA মিত্ৰজোঁটে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত এক ঐতিহাসিক জয় লাভ কৰিছে। ৩৬ টা সমষ্টিৰ ভিতৰত ৩৩ টাত ভোট অনুষ্ঠিত হয় আৰু এইবাৰ দলটোৱে বিপুল সংখ্যক আসনত জয় লাভ কৰি ৰাজনৈতিকভাৱে এক শক্তিশালী অৱস্থানত উপনীত হৈছে। গোটেই অঞ্চলজুৰি এই জয়ক এক শুভ সংকেত হিচাপে গ্ৰহণ কৰা হৈছে আৰু স্থানীয় ৰাইজে নতুন আশা আৰু ভৱিষ্যতৰ উন্নয়নৰ স্বপ্ন দেখা আৰম্ভ কৰিছে।

  

এইবাৰ নিৰ্বাচনত NDA মিত্ৰজোঁটে অধিকাংশ আসন দখল কৰি এটা দৃঢ় জনসমৰ্থন প্ৰতিপন্ন কৰিছে। ভোটাৰসকলে স্থিতিশীলতা, উন্নয়ন আৰু শাসনৰ বাবে এই জোটত আস্থা প্ৰকাশ কৰিছে। গোৱালপাৰাৰ ২০ টা আৰু কামৰূপৰ ১৬ টা সমষ্টিৰ ভিতৰত কংগ্ৰেছে কেৱল এটা সমষ্টিতহে জয় লাভ কৰিবলৈ সক্ষম হয়, যিটো তেওঁলোকৰ বাবে এক বৃহৎ হতাশাজনক ফলাফল বুলি গণ্য হৈছে।

  

উল্লেখযোগ্য ফলাফলসমূহ হ'ল ১ নং ধূপধৰা সমষ্টিত অনাদি সৰকাৰ (যৌথ মঞ্চ) ৭৪০৬ ভোটে জয়ী হৈছে। তেওঁ কংগ্ৰেছৰ মীনা পাটগিৰীক ৫৪৬১ ভোটৰ ব্যাৱধানত পৰাস্ত কৰে, ২ নং কোঠাকুঠি সমষ্টিত বিজেপিৰ ভৈৰৱ কছাৰী ৫৫৪৭ ভোটে জয়ী হৈছে। তেওঁ কংগ্ৰেছৰ ৰবীন্দ্ৰ ৰাভা ১৮২৮ ভোটৰ ব্যাৱধানত পৰাস্ত কৰে,৩ নং ধনুভাঙা সমষ্টিত ফনীন্দ্ৰ ৰাভা (যৌথ সংগ্ৰাম সমিতি) ২৬২০ ভোটৰ ব্যাৱধানত জয়ী হৈছে। ৪ নং ৰংজুলি সমষ্টিত মনিদীপা ৰাভা (যৌথ সংগ্ৰাম সমিতি) ৬১৩৮ ভোটে জয়ী হৈছে। ৫ নং দৰংগিৰি কুশধোৱা সমষ্টিত কংগ্ৰেছৰ পৰমা ৰাভা জয়ী হৈছে, যি কংগ্ৰেছৰ বাবে একমাত্ৰ সন্তোষজনক খবৰ। ৬ নং উত্তৰ দুধনৈ সমষ্টিত উজ্জ্বলা ব্ৰক্ষ্ম (যৌথ মঞ্চ) ৭০২৫ ভোটে জয়ী হোৱাৰ লগতে ৭ নং দক্ষিণ দুধনৈ সমষ্টিত NDA-ৰ মুখ্য নেতা টংকেশ্বৰ ৰাভা ৭১৬৪ ভোটে জয়ী হৈ তৃতীয়বাৰৰ বাবে পৰিষদত চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে। 

 

এইবাৰ গোৱালপাৰা আৰু কামৰূপ জিলাৰ আন বহু সমষ্টিতো NDA আৰু যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থীসকলে জয়ী হৈছে। বহু ঠাইত শক্তিশালী প্ৰতিদ্বন্দ্বিতা থাকিলেও NDA প্ৰাৰ্থীসকলে সংখ্যাগৰিষ্ঠ ভোটত আগ বাঢ়িছে। এই ফলাফলৰ পিছত জনসাধাৰণৰ মাজত এক ধৰণৰ আশাবাদী মনোভাব পৰিলক্ষিত হৈছে। 

 

বিশেষকৈ, কামৰূপ জিলাৰ ১৪ টা সমষ্টিত যৌথ মঞ্চৰ প্ৰাৰ্থীসকলে জয় লাভ কৰিছে। এই জয়ৰ ফলত সমষ্টিত ৰাজনৈতিক ভাৰসাম্য মিত্ৰজোঁটৰ দিশে সলনি হৈছে। এই ফলাফলে অহা দিনত মিত্ৰজোঁটক অঞ্চলটোত অধিক সক্ৰিয়তা আৰু উন্নয়নমূলক কাম-কাজৰ পথ মুকলি কৰি দিব বুলি আশা কৰা হৈছে।

  

এইবাৰ পৰিষদৰ নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী প্ৰাৰ্থীসকল ক্ৰমে-  ২০ নং জয়ৰামকুছিৰ প্ৰেমাজুলি ৰাভা (বিজেপি সমৰ্থিত), ২৩ নং খালিহাকোঠৰ নগৰমল স্বৰ্গীয়াৰী (যৌথ সংগ্ৰাম সমিতি) আৰু ২৫ নং হাহিমৰ সোণাৰাম ৰাভা (যৌথ সংগ্ৰাম সমিতি) । এই জয়ে NDA-ৰ ওপৰত থকা দৃঢ় জনসমৰ্থনৰ প্ৰতিফলন কৰে। 

 

এইবাৰ ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত NDA আৰু যৌথ সংগ্ৰাম সমিতিয়ে এক প্ৰকাৰ কংগ্ৰেছ মুক্ত পৰিষদ গঠন কৰা বুলি কলে বঢ়াই কোৱা যেন নালাগিব । মিত্ৰজোঁটৰ এই বৃহৎ জয়ই অঞ্চলটোত এক নতুন অধ্যায় আৰম্ভ কৰিছে। কংগ্ৰেছৰ বাবে এইবাৰ নিৰ্বাচনৰ ফলাফল অত্যন্ত হতাশাজনক, আৰু তেওঁলোকে ভবিষ্যতৰ বাবে নিজৰ সংগঠন, জনসংযোগ আৰু ৰণনীতি পুনৰ পৰ্যালোচনা কৰিব লাগিব বুলি বিশ্লেষকৰ মত প্ৰকাশ কৰিছে। 

 

এই ফলাফলে ৰাভা হাছং পৰিষদত নতুন নেতৃত্বৰ অধীনত অধিক উন্নয়নমূলক কাৰ্যসূচী আৰু জনমুখী নীতি প্ৰৱৰ্তনৰ আশাও বৃদ্ধি কৰিছে। বিশেষকৈ, যুৱ আৰু মহিলা সমাজৰ অংশগ্ৰহণ আৰু ভোট প্ৰদান এই জয়ৰ ক্ষেত্ৰত এক মুখ্য কাৰক হিচাপে বিবেচিত হৈছে। আগন্তুক দিনত দলটোৱে জনতাৰ আশা-আকাঙ্খা পূৰণ কৰিবলৈ অধিক দায়িত্বশীলতা, স্বচ্ছতা আৰু জবাবদিহিতাৰে কাম কৰাৰ প্ৰয়োজন হ’ব। 

 

এই নিৰ্বাচনী ফলাফল মাত্ৰ এটা ৰাজনৈতিক জয় নহয়, এইটো হৈছে জনতাৰ আশা, ভৱিষ্যত উন্নয়ন আৰু গণতান্ত্ৰিক সদিচ্ছাৰ এক প্ৰতিফলন।


Tuesday, April 1, 2025

 বাংলাদেশ বংগোপসাগৰৰ ‘ৰক্ষক’! ইউনুছৰ মন্তব্যক লৈ ক্ষুব্ধ অসমৰ মুখ্যমন্ত্ৰী

বাংলাদেশ বংগোপসাগৰৰ ‘ৰক্ষক’! ইউনুছৰ মন্তব্যক লৈ ক্ষুব্ধ অসমৰ মুখ্যমন্ত্ৰী

 বাংলাদেশ বংগোপসাগৰৰ ‘ৰক্ষক’! ইউনুছৰ মন্তব্যক লৈ ক্ষুব্ধ অসমৰ মুখ্যমন্ত্ৰী

নেচনেল ডেস্ক, ১এপ্ৰিলঃ চীন ভ্ৰমণৰ সময়ত উত্তৰ-পূব ভাৰতৰ ভৌগোলিক অৱস্থান সম্পৰ্কে মহম্মদ ইউনুছে কৰা মন্তব্যক ভাৰতে ভালদৰে গ্ৰহণ কৰা নাই। যদিও এই বিষয়ত কেন্দ্রই ৰাজহুৱাভাৱে একো কোৱা নাই যদিও অসমৰ মুখ্যমন্ত্রী তথা বিজেপি নেতা হিমন্ত বিশ্ব শর্মাই মাত মাতিছে৷ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টাগৰাকীয়ে কৰা মন্তব্যক গৰিহণা দি হিমন্তই ছ’চিয়েল মিডিয়াত লিখিছে, “মহম্মদ ইউনুছৰ এনে উচটনিমূলক মন্তব্যক সহজভাৱে লোৱা হোৱা নহ'ব।”

ইউনুছৰ মন্তব্যৰ প্ৰতিক্ৰিয়া জনাই হিমন্তই ‘চিকেন নেক’ বা শিলিগুৰি কৰিডৰৰ উপৰিও উত্তৰ-পূব ভাৰতক ভাৰতৰ বাকী অংশৰ সৈতে সংযোগ স্থাপনৰ বাবে বিকল্প পথ নিৰ্মাণৰ কথা উল্লেখ কৰে। তেওঁ কয় যে উত্তৰ-পূব ভাৰতক ভাৰতৰ বাকী অংশৰ পৰা বিচ্ছিন্ন কৰাৰ প্ৰয়াস কৰা হৈছে। এনে পৰিস্থিতিত তেওঁ কেৱল শিলিগুৰি কৰিড’ৰৰ কাষেৰেই নহয় ইয়াৰ কাষৰীয়া অঞ্চলতো অধিক নিবিড় ৰে’ল আৰু পথ সংযোগৰ দাবী জনায়।

যোৱা সপ্তাহত চাৰিদিনীয়া চীন ভ্ৰমণলৈ গৈছিল ইউনুছে। তাতেই তেওঁ চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে সাক্ষাৎ কৰে। তেওঁ চীনক বাংলাদেশত অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি কৰিবলৈ আহ্বান জনায়। সেই উৎসৰ পৰাই তেওঁ বাংলাদেশৰ ভৌগোলিক অৱস্থানৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ কয়, "বাংলাদেশেই সাগৰৰ (বংগ উপসাগৰ) একমাত্ৰ ৰক্ষক।" চীন আৰু বাংলাদেশৰ সীমান্তৱৰ্তী লাগি থকা উত্তৰ-পূব ভাৰতৰ সাতখন ৰাজ্যৰ ভৌগোলিক অৱস্থানৰ বিষয়ে ব্যাখ্যা কৰি তেওঁ আৰু কয়, "ভাৰতৰ পূব অংশৰ সাতখন ৰাজ্যক সাত ভনী বুলি কোৱা হয়। ইহঁত স্থলপথতে আবদ্ধ। ইহঁতৰ সাগৰত প্ৰৱেশৰ কোনো সুবিধা নাই।"

ইউনুছে স্পষ্ট কৰি দিয়ে যে এই ভৌগোলিক অৱস্থানৰ বাবে চীনে বংগোপসাগৰত অৰ্থনৈতিক কাৰ্যকলাপ সম্প্ৰসাৰণৰ “বৃহৎ সুযোগ” লাভ কৰিব। ইতিমধ্যেই প্ৰশ্ন উত্থাপন হৈছে যে ইউনুছে নিজৰ দেশলৈ চীনৰ বিনিয়োগ আকৰ্ষণ কৰিবলৈ ভাৰতৰ বিষয়টো কিয় উত্থাপন কৰিলে।

উল্লেখ্য যে, আকৃতিগত সাদৃশ্যৰ বাবে এই সংকীৰ্ণ শিলিগুৰি কৰিড’ৰটোক ‘চিকেন নেক’ বুলি কোৱা হয়। উত্তৰ বংগত অৱস্থিত এই ‘চিকেন নেক’ৰ দৈৰ্ঘ্য মাত্ৰ ২০ কিলোমিটাৰ। এই কৰিড’ৰটোৱেই হৈছে ভাৰতৰ মূল ভূখণ্ডৰ পৰা উত্তৰ-পূবৰ ৰাজ্যসমূহলৈ যোৱাৰ দুৱাৰ৷ এই কৰিডৰৰ এফালে নেপাল, আৰু আনফালে বাংলাদেশ। এই গুৰুত্বপূৰ্ণ ‘চিকেন নেক’ ৰ পৰা ভূটান আৰু চীন বহু দূৰত নহয়।

 আৰ এছ এছৰ দৰবাৰলৈ গৈ কোনো লাভ নহ'ল, ছেপ্টেম্বৰতে মোডীৰ অৱসৰ

আৰ এছ এছৰ দৰবাৰলৈ গৈ কোনো লাভ নহ'ল, ছেপ্টেম্বৰতে মোডীৰ অৱসৰ

 আৰ এছ এছৰ দৰবাৰলৈ গৈ কোনো লাভ নহ'ল, ছেপ্টেম্বৰতে মোডীৰ অৱসৰ 

নেচনেল ডেস্ক, ১এপ্ৰিলঃ সংঘৰ দৰবাৰলৈ যোৱাৰ পিছতো বৰফ নগলিল নেকি? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নাগপুৰ ভ্ৰমণৰ মাত্ৰ এদিন পিছতে শিৱসেনাৰ (উদ্ধবপন্থী) মুখপাত্ৰ সঞ্জয় ৰাউতে কৰা দাবীয়ে এই জল্পনা-কল্পনাক আৰু অধিক শক্তিশালী কৰি তুলিছে। তেওঁৰ স্পষ্ট বক্তব্য হ’ল, ‘ছেপ্টেম্বৰৰ পিছত নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী নাথাকিব।’ কিয় ? সঞ্জয় ৰাউতৰ পোনপোটীয়া উত্তৰ, ‘নৰেন্দ্ৰ মোডীয়ে ছেপ্টেম্বৰ মাহত ৭৫ বছৰ সম্পূৰ্ণ কৰিব। তেওঁ সৃষ্টি কৰা অকথিত নিয়মৰ জালত তেওঁ নিজেই পৰিছে। "এইবাৰ তেওঁৰ ঠাইত আন স্থলাভিষিক্ত হ'ব।"

সোমবাৰে ৰাজ্যসভাৰ সাংসদগৰাকীয়ে কয় যে মোডীয়ে ১০ বছৰৰ ভিতৰত এবাৰো নাগপুৰৰ আৰ এছ এছৰ কাৰ্যালয়লৈ যাবলৈ সময় পোৱা নাছিল। তেনেহ'লে এই বছৰ কিয়? কাৰণ তেওঁৰ ৰাজনৈতিক যাত্ৰা আৰ এছ এছৰ পৰাই আৰম্ভ হৈছিল। সংঘইহে তেওঁক প্ৰধানমন্ত্ৰীৰ আসনলৈ লৈ আহিছিল। গতিকে তেওঁ হয়তো অৱসৰৰ আৱেদন জমা দিবলৈ নাগপুৰলৈ গৈছিল।

শিৱসেনা আৰু বিজেপিৰ মিত্ৰতা নব্বৈৰ দশকৰ পৰা আৰম্ভ হৈছিল। বালাছাহেব থাকৰে আৰু লাল কৃষ্ণ আদৱানীৰ যৌথ উদ্যোগত এই মিত্ৰতা স্থাপন কৰা হয়। বহু উত্থান-পতনৰ পিছতো সেই মিত্ৰতা ভংগ হোৱা নাছিল। কিন্তু নৰেন্দ্ৰ মোডী ক্ষমতালৈ অহাৰ পাছত অসন্মানী হৈ শিৱসেনাই মিত্ৰতাৰ সম্পৰ্ক বিচ্ছিন্ন কৰিলে। সেয়া ২০১৯ চনৰ বিধানসভা নিৰ্বাচনৰ পিছত। 

দীঘলীয়া যাত্ৰাত মহাৰাষ্ট্ৰৰ বিজেপি, শিৱসেনা আৰু আৰএছএছৰ মাজৰ ৰসায়ন সদায় ঘনিষ্ঠ হৈ আছিল। আৰু সেইবাবেই শিৱসেনাই সংঘৰ আভ্যন্তৰীণ গতিবিধিৰ বিষয়ে অতি ভালদৰেই জানে। ইয়াৰ প্ৰমাণ আজি সঞ্জয় ৰাউতৰ মন্তব্যত পোৱা গৈছে। তেওঁ কয়, ‘আমি তথ্য নিশ্চিত কৰিছো যে আৰ এছ এছে এতিয়া প্ৰধানমন্ত্ৰীৰ পদৰ পৰিৱৰ্তন বিচাৰিছে। অহা ছেপ্টেম্বৰৰ পিছত মোডীক সেই স্থানত ৰাখিবলৈ তেওঁলোক অনিচ্ছুক।' ইয়াতেই শেষ নহয়। তেওঁৰ দাবী, "মোডীৰ উত্তৰাধিকাৰী অৰ্থাৎ পৰৱৰ্তী প্ৰধানমন্ত্ৰী মহাৰাষ্ট্ৰৰ হ'ব।" ৰাউতৰ এই মন্তব্যই আৰু অধিক চাঞ্চল্যৰ সৃষ্টি কৰিছে। কাৰণ, এনে উৰাবাতৰি বিয়পোৱাৰ আঁৰত শিৱসেনাৰ মূল লক্ষ্য হৈছে বিজেপিৰ মাজতো চৰম সন্দেহ বিয়পাই দিয়া। অকথিত এই বাৰ্তাৰ দ্বৰা ইয়াকো বুজাই দিয়া হৈছে যে, অমিত শ্বাহ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ’বলৈ সংঘৰ পছন্দৰ ব্যক্তি নহয়। 

তেনে হ'লে কোন? মহাৰাষ্ট্ৰৰ পৰা বাছনি কৰাৰ কথা আহিলে নিশ্চিতভাৱে মনলৈ অহা নামবোৰ হ’ল নীতিন গাডকাৰী আৰু দেৱেন্দ্ৰ ফাদনবী। দুয়োজনেই আৰ এছ এছৰ ওচৰৰ। তদুপৰি নাগপুৰৰ বিধায়ক ফাদনবিছ। নাগপুৰৰ সাংসদ গডকাৰী। সঞ্জয় ৰাউতৰ বিস্ফোৰক মন্তব্যই বিজেপিক যে অস্বস্তিকৰ কৰি তুলিছে তাৰ প্ৰমাণ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাদনবিছৰ প্ৰতিক্ৰিয়া। এই মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰি তেওঁ এক বিশদ বিবৃতি প্ৰকাশ কৰে। সেই মন্তব্য খণ্ডন কৰি তেওঁ কয় যে আমাৰ নেতা নৰেন্দ্ৰ মোডী। আগন্তুক দিনতো তেওঁৱেই থাকিব। আমি তেওঁক ২০২৯ চনতো প্ৰধানমন্ত্ৰী হিচাপে বিচাৰো। গতিকে শিৱসেনাৰ এই মন্তব্য ৰাজনৈতিক অশান্তিৰ সৃষ্টিৰ প্ৰয়াস। ইয়াৰ কোনো সত্যতা নাই।

বিজেপিৰ সভাপতি হৈছিল অমিত শ্বাহ। জগৎপ্রকাশ নাড্ডাও। এই নামবোৰৰ সিদ্ধান্ত ল’বলৈ মোদীয়ে কেতিয়াও আৰ এছ এছৰ মুখ্য কাৰ্যালয়লৈ যাব লগা হোৱা নাছিল। আলোচনা হ’লেও সেই বোৰ লুকাই আছিল। এইবাৰ মোডীয়ে হঠাৎ নাগপুৰলৈ যাব লগা হ’ল কেৱল তেওঁ সৰ্বভাৰতীয় সভাপতি ঘোষণা কৰাৰ সিদ্ধান্ত ল’বলৈ নেকি, যিটো ৰাজনৈতিকভাৱে বিশ্বাসযোগ্য নহয়। সেইবাবেই প্ৰশ্ন আৰু জল্পনা-কল্পনাৰ সৃষ্টি হৈয়েই আছে, মোডীৰ ভ্ৰমণৰ প্ৰকৃত কাৰণ কি? সঁচাকৈয়ে ছেপ্টেম্বৰৰ আগতে কোনো ডাঙৰ ৰাজনৈতিক পট পৰিবৰ্তন হ’ব নেকি?

Monday, March 31, 2025

 অৱসৰ ৰোধ কৰিবলৈ সংঘত নতজানু মোডীয়ে, বিকশিত ভাৰত প্ৰধানমন্ত্ৰীৰ নহয়, কিন্তু আৰ এছ এছৰ ফর্মুলা

অৱসৰ ৰোধ কৰিবলৈ সংঘত নতজানু মোডীয়ে, বিকশিত ভাৰত প্ৰধানমন্ত্ৰীৰ নহয়, কিন্তু আৰ এছ এছৰ ফর্মুলা

 অৱসৰ ৰোধ কৰিবলৈ সংঘত নতজানু মোডীয়ে, বিকশিত ভাৰত প্ৰধানমন্ত্ৰীৰ নহয়, কিন্তু আৰ এছ এছৰ ফর্মুলা

নেচনেল ডেস্ক, ২৯মাৰ্চঃ ২০১৪ চনত প্ৰধানমন্ত্ৰী হোৱাৰ পিছত মোডীৰ এই প্ৰথম নাগপুৰ ভ্ৰমণ। সংঘৰ মুখ্য কাৰ্যালয়ত। আৰু উপস্থিত হৈয়ে নৰেন্দ্ৰ মোদীয়ে নিজৰ পৰম্পৰাগত আত্মপ্ৰচাৰৰ পথ পৰিত্যাগ কৰি আৰ এছ এছক শ্ৰদ্ধাঞ্জলি জনায়। 

Saturday, March 29, 2025

 ৱাকফ বিধেয়ক বিষয়ত মুছলমানক সমৰ্থন জনোৱাৰ কথা ঘোষণা নাইডুৰঃ   ৰাজনৈতিক পাৰ গৰম বিজেপিৰ

ৱাকফ বিধেয়ক বিষয়ত মুছলমানক সমৰ্থন জনোৱাৰ কথা ঘোষণা নাইডুৰঃ ৰাজনৈতিক পাৰ গৰম বিজেপিৰ

 ৱাকফ বিধেয়ক বিষয়ত মুছলমানক সমৰ্থন জনোৱাৰ কথা ঘোষণা নাইডুৰঃ   ৰাজনৈতিক পাৰ গৰম বিজেপিৰ

নেচনেল ডেস্ক, ২৯মাৰ্চঃ ৱাকফ বিধেয়কক লৈ উদ্বেগ প্ৰকাশ কৰিছে বিজেপিৰ মিত্ৰ তেলেগু দেশম পাৰ্টিয়ে। অন্ধ্ৰ প্ৰদেশৰ এই গুৰুত্বপূৰ্ণ মিত্ৰ দলটোৰ নেতা চন্দ্ৰবাবু নাইডুৱে শুকুৰবাৰে মুছলমান সম্প্ৰদায়ৰ কাষত থিয় দি ৱাকফৰ সম্পত্তি ৰক্ষাৰ দায়িত্ব তেওঁৰ বুলি কয়। ৰাজ্যৰ ৱাকফ সম্পত্তিৰ চৰিত্ৰ কলংকিত কৰৰিব পৰা তেওঁ এনে একো হ’বলৈ নিদিয়ে যিয়ে বুলি ঘোষণা কৰে ।

Saturday, March 8, 2025

 মোডীৰ ৰাজ্যৰ পৰা চকুত থাকি বুকুত কামোৰা কংগ্ৰেছীক বহিষ্কাৰেৰে সকীয়নি ৰাহুলৰ

মোডীৰ ৰাজ্যৰ পৰা চকুত থাকি বুকুত কামোৰা কংগ্ৰেছীক বহিষ্কাৰেৰে সকীয়নি ৰাহুলৰ

 মোডীৰ ৰাজ্যৰ পৰা চকুত থাকি বুকুত কামোৰা কংগ্ৰেছীক বহিষ্কাৰেৰে সকীয়নি ৰাহুলৰ

 নেচনেল ডেস্ক, ৮মাৰ্চঃ কংগ্ৰেছত থাকিবলৈ হলে আমি একত্ৰিত হব লাগিব। বহু কংগ্ৰেছ সদস্যই দলৰ পৰা বিজেপিৰ হৈ কাম কৰি আছে! কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে গুজৰাটৰ দলীয় অনুষ্ঠানত এই অভিযোগ উত্থাপন কৰে। কেৱল সেয়াই নহয়, প্ৰয়োজন হলে দলৰ পৰা ৩০-৪০ জন লোকক বহিষ্কাৰ কৰিব বুলি সকীয়াই দিয়ে।

গুজৰাট বিধানসভা নিৰ্বাচনলৈ এতিয়াও ডেৰ-দুবছৰ বাকী। কিন্তু শুকুৰ বাৰৰ পৰা ৰাহুলে নৰেন্দ্ৰ মোডী-অমিত শ্বাহ ৰাজ্য গুজৰাটত কংগ্ৰেছ সংগঠনক শক্তিশালী কৰাৰ চেষ্টা আৰম্ভ কৰিছে। তেওঁ প্ৰাদেশিক কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ সৈতে এক বৈঠকত মিলিত হয়। ইয়াৰ পিছত শনিবাৰে আহমেদাবাদত পাৰ্টিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাহুলে কয় যে গুজৰাটৰ জনসাধাৰণৰ সৈতে যদি আমি সংযোগ স্থাপন কৰিবলগীয়া হয় তেন্তে আমি দুটা কাম কৰিব লাগিব। অৰ্থাৎ প্ৰথমে দলৰ ভিতৰৰ আনুগত্যবাদী আৰু বিদ্ৰোহীক পৃথক কৰিব লাগিব। "সেই কামটো কৰিবলৈ যদি আমি ৩০-৪০ জন লোকক বহিষ্কাৰ কৰিবলগীয়া হয়, তেন্তে তাৰ বাবেও আমি সাজু।"

ৰাহুলৰ কয় যে, "কংগ্ৰেছৰ যিসকলে গোপনে বিজেপিৰ বাবে কাম কৰি আছে, তেওঁলোকে মুকলিকৈ ওলাই আহিব লাগে।" তেওঁলোকে গোপনে নহয়, মুকলিকৈ বিজেপিৰ হৈ কাম কৰা উচিত। কিন্তু এইটোও মনত ৰাখিব লাগিব যে বিজেপিত আপোনালোকৰ কোনো স্থান নাই। তেওঁলোকে আপোনালোকক ব্যৱহাৰ কৰি  পেলাই দিব।

১৯৯৫ চনৰ পৰাই গুজৰাটত বিজেপিৰ ক্ষমতা আছে। ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে বিজেপিক কঠোৰ প্ৰত্যাহ্বান জনাইছিল। কিন্তু ২০২২ চনত ৰাহুল গান্ধীয়ে গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰতি কাৰ্যতঃ কোনো আগ্ৰহ প্ৰকাশ কৰা নাছিল। ২০২৭ চনক লক্ষ্য কৰি গুজৰাটত পৰৱৰ্তী এআইচিচিৰ অধিৱেশন অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে কংগ্ৰেছে। লক্ষ্য ২০২৫ চনৰ ভিতৰত সমগ্ৰ কংগ্ৰেছ সংগঠনক শক্তিশালী কৰা। প্ৰায় ৬৪ বছৰৰ পাছত গুজৰাটত অনুষ্ঠিত হব সৰ্বভাৰতীয় কংগ্ৰেছৰ অধিৱেশন। অহা ৮-৯ এপ্ৰিলৰ অধিৱেশনত প্ৰথমে আহমেদাবাদৰ চৰ্দাৰ পেটেল স্মাৰকত কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হব।

ৰাহুলৰ মন্তব্যক লৈ বিজেপিয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। বিজেপিৰ মুখপাত্ৰ শ্বেহজাদ পুনাৱালাই তেওঁক খুন্দা মাৰি কয় যে, "তেওঁ বিজেপিৰ আটাইতকৈ ডাঙৰ সম্পদ!" শ্বেহজাদে দাবী কৰে যে ৰাহুলে সকলোৰে সন্মুখত নিজকে আৰু নিজৰ দলটোক হাস্যাস্পদ কৰি তুলিছে।

বহুতৰ মতে দক্ষিণৰ পিছত ৰাহুলে গুজৰাটৰো ৰাজনৈতিক খেলপথাত নামিছে। শেহতীয়াকৈ কেৰালা কংগ্ৰেছত ভাঙনৰ লক্ষণ দেখা গৈছিল। শশী থাৰুৰৰ সৈতে কংগ্ৰেছৰ সংঘাত-বিতৰ্কপোহৰলৈ আহিছিল। যোৱা মাহত থাৰুৰৰ এটা প্ৰবন্ধক লৈ কংগ্ৰেছ শিবিৰত অস্বস্তিৰ সৃষ্টি হৈছিল। কেৰালাত নতুন ব্যৱসায় (ষ্টাৰ্টআপ)ৰ বৃদ্ধিৰ প্ৰশংসা কৰে থাৰুৰে। তাৰ পৰাই সূত্ৰপাত হৈছিল বিতৰ্কৰ। তেতিয়া প্ৰশ্ন উত্থাপন হয়, তেওঁ কেৰালাত বাওঁপন্থী নেতৃত্বাধীন মিত্ৰজোঁট এল ডি এফক প্ৰশংসা কৰিছে নেকি ? বিতৰ্কৰ মাজতে থাৰুৰে নিজৰ স্থিতিও ব্যাখ্যা কৰে। কংগ্ৰেছ সাংসদগৰাকীয়ে বাওঁ মিত্ৰজোঁটৰ চৰকাৰক প্ৰশংসা কৰা নাই বুলি মন্তব্য কৰে। তেওঁ কেৱল ৰাজ্যৰ উন্নয়নৰ ওপৰত আলোকপাত কৰে। অৱশ্যে বিতৰ্কই সাম কাটে । কেৰালা কংগ্ৰেছৰ নেতৃত্বই এই মন্তব্যৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। এই বিতৰ্কৰ মাজতে দিল্লীত কেৰালা প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ সৈতে ৰাহুলে বৈঠকত মিলিত হয়। দলীয় সূত্ৰৰ মতে, সেই বৈঠকত কেৰালাৰ কংগ্ৰেছৰ নেতাসকলক থাৰুৰৰ সন্মুখত সকীয়াই দিয়া হৈছিল আৰু দলীয় সীমাৰ বাহিৰলৈ গৈ কোনো ধৰণৰ ৰাজহুৱা মন্তব্য নকৰিবলৈ কোৱা হৈছিল।

Tuesday, March 4, 2025

 বাজপেয়ী ভৱনত চলিছে ২৬ৰ' ৰণ জয়ৰ আখৰা: বিজেপিৰ লক্ষ্য ১০০ প্লাছ

বাজপেয়ী ভৱনত চলিছে ২৬ৰ' ৰণ জয়ৰ আখৰা: বিজেপিৰ লক্ষ্য ১০০ প্লাছ

 বাজপেয়ী ভৱনত চলিছে ২৬ৰ' ৰণ জয়ৰ আখৰা: বিজেপিৰ লক্ষ্য ১০০ প্লাছ

বি. চি ডেস্ক, ৩মাৰ্চঃ ২৬ৰ' অসম বিধানসভা নিৰ্বাচনৰ বাবে সাজু বিজেপি। বিজেপিৰ লক্ষ্য ১০০ প্লাছ আসন জয় লাভ কৰা। দলীয় পৰিকল্পনা, সংগঠনিক শক্তি বৃদ্ধি আৰু আগন্তুক নিৰ্বাচনী কৌশলসমূহক কেন্দ্ৰ কৰি বাজপেয়ী ভৱনত অবিৰত  চলি আছে ইখনৰ পিচত সিখন বৈঠক । এই বাৰ বিজেপিয়ে নিৰ্বাচনত অৱতীৰ্ণ হ'ব ১০০ প্লাছৰ লক্ষ্যৰে । বিৰোধীক ৰুধিবলৈ ৰচা হৈছে চক্ৰবেহু, আৰু আৰু এই ক্ষেত্ৰত সকলো স্তৰৰ নেতা-কৰ্মী সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে।

বিজেপিৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব লোৱাৰ পাছৰে পৰা ২৬ৰ' বিধানসভাৰ নিৰ্বাচনৰ কৌশল প্ৰস্তুতত ব্যস্ত দিলীপ শইকীয়া। কেন্দ্ৰীয় সমিতিৰ দায়িত্বত থকা নেতাসকলৰ সৈতে তেওঁ সঘন বৈঠকত মিলিত হৈছে। শনিবাৰে বাজপেয়ী ভৱনত অনুষ্ঠিত হৈছে গুৰুত্বপূৰ্ণ বৈঠক, য'ত দলীয় নেতা-কৰ্মীলৈ সভাপতি দিলীপ শইকীয়াই স্পষ্ট বাৰ্তা প্ৰেৰণ কৰে - "বদঅভ্যাস ত্যাগ কৰক। অন্যথা বন্ধ কৰক মোবাইল ফোন। দলীয় দায়িত্বত থকাসকলে '২৬লৈ নাপাব ছুটী। ২৪ ঘণ্টাই কৰিব লাগিব দলৰ কাম-কাজ এই ভাষ্য সভাপতি দিলীপ শইকীয়াৰ ।" অসম বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় চাৰিখনকৈ গুৰুত্বপূৰ্ণ বৈঠক। ইয়াৰ মূল লক্ষ্য আছিল সংগঠনৰ ভৱিষ্যত পৰিকল্পনা সুদৃঢ় কৰা।

বিজেপিৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব লোৱাৰ পাছৰে পৰা '২৬ ৰ বিধানসভাৰ নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুতক লৈ ব্যস্ত দিলীপ শইকীয়া। তৃণমূল পৰ্যায়ৰ পৰা কেন্দ্ৰীয় সমিতিৰ দায়িত্বত থকা নেতালৈ সকলোৰে সৈতে সঘন বৈঠকত মিলিত হৈছে সভাপতিগৰাকী। 

বাজপেয়ী ভৱনত শনিবাৰে অনুষ্ঠিত হোৱা চাৰিখনকৈ গুৰুত্বপূৰ্ণ বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষ, কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, প্ৰভাৰী হৰিশ দ্বিবেদী আদি উপস্থিত থাকে। ৰাজ্য়িক বিজেপিৰ ৩৯ খন সাংগঠনিক জিলাৰ নৱ-নিৰ্বাচিত জিলা সভাপতি আৰু ৪৩৩ টা মণ্ডলৰ নৱ-নিৰ্বাচিত মণ্ডল সভাপতিসকলৰ সৈতে অনুষ্ঠিত হয় এই বৈঠক। বৈঠকত আগতীয়াকৈ নিৰ্ধাৰিত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হয়, বিশেষকৈ বুথ পৰ্যায়ৰ সংগঠনক অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়।

ইফালে, মণ্ডল, জিলা সভাপতিসকলক প্ৰভাৰী হৰিশ দ্বিবেদীয়েও পৰামৰ্শ আগবঢ়ায়। দলীয় শৃংখলা, নেতৃত্বগুণ আৰু সংগঠনৰ ভিতৰুৱা কার্যপদ্ধতি উন্নীত কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়। আনহাতে, দিনজোৰা বৈঠক সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱলোচন দাসে কয়, "তৃণমূল পৰ্যায়ত যিহেতু আমাৰ মণ্ডল সভাপতিগৰাকী অতি গুৰুত্বপূৰ্ণ। আমাৰ নৱ-নিৰ্বাচিত মণ্ডল সভাপতি আৰু জিলা সভাপতিসকলৰ সৈতে আজি বৈঠক অনুষ্ঠিত হৈছে। তৃণমূল পৰ্যায়ত সংগঠনৰ কাম-কাজ কেনেকৈ আগবঢ়াই লৈ যাব লাগে সেই কথা সবিশেষ আলোচনা কৰা হৈছে। বহু পৰামৰ্শ আৰু নিৰ্দেশনা আহিছে। সাংগঠনিক শৈলী কেনেকৈ আমি সলনি কৰিম, আধুনিক প্ৰযুক্তি আমি কেনেকৈ ব্যৱহাৰ কৰিম, ৰাইজৰ মাজলৈ আমাৰ কথাখিনি কেনেকৈ আমি লৈ যাব পাৰিম আদি সকলো বিষয় সুক্ষ্মভাৱে আলোচনা কৰা হৈছে।" তেওঁ লগতে কয়, "নেতৃত্বৰ গুণাগুণ আৰু সমাজত স্বীকৃতি পাবলৈ বিজেপিৰ নেতা-কৰ্মীৰ আচার-ব্যৱহাৰ আৰু শৃংখলাৰ প্ৰয়োজন। মোবাইল ফোনৰ অপব্যৱহাৰ ৰোধ কৰাৰ লগতে সাংগঠনিক দক্ষতা বৃদ্ধিতো গুৰুত্ব দিয়া হৈছে। নতুনভাবে নিৰ্বাচিত সভাপতি সকল সংগঠনত এক নতুন দিশ আনিব।"

উল্লেখ্য় যে এডভাণ্টেজ আছাম, ঝুমইৰ বিনন্দীয়া নৃত্যৰ কাৰ্যসূচীত অংশগ্ৰহণেৰে একপ্ৰকাৰে প্ৰধানমন্ত্ৰীৰ অসমত প্ৰাকনিৰ্বাচনী ভ্ৰমণ কৰি গ’ল বুলি ক’লেও ভুল কোৱা নহ’ব। ইফালে আৰ এছ এছ প্ৰধান মোহন ভাগৱতেও শেহতীযাকৈ পাঁচদিন অসমত থাকি বিভিন্ন পৰ্যায়ত কেইবাখনো গোপন বৈঠকত মিলিত হয়। তেওঁ অসমত বিজেপিৰ ভৱিষ্যত ৰণনীতিৰ বিষয়ে গভীৰভাৱে আলোচনা কৰে। বিজেপিৰ এই ব্যাপক প্ৰস্তুতি ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত ১০০ প্লাছ আসন জয় কৰাৰ লক্ষ্য পূৰণৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলিও দলীয় সূত্ৰে জনোৱা হৈছে।


Wednesday, February 19, 2025

 “পৰাজয়ৰ ভয়”  ! ব্ৰিটিছ পত্নীৰ বিতৰ্কক লৈ পুনৰ মুখ্যমন্ত্ৰীক কটাক্ষ সাংসদ গৌৰৱ গগৈৰ

“পৰাজয়ৰ ভয়” ! ব্ৰিটিছ পত্নীৰ বিতৰ্কক লৈ পুনৰ মুখ্যমন্ত্ৰীক কটাক্ষ সাংসদ গৌৰৱ গগৈৰ

 পৰাজয়ৰ ভয়”  ! ব্ৰিটিছ পত্নীৰ বিতৰ্কক লৈ পুনৰ মুখ্যমন্ত্ৰীক কটাক্ষ সাংসদ গৌৰৱ গগৈৰ

বি. চি ডেস্ক, ১৮ফেব্ৰুৱাৰীঃ ব্ৰিটিছ নাগৰিক তথা সাংসদ গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানী সংস্থা আই এছ আইৰ সৈতে সম্পৰ্কৰ বিতৰ্ক চলি থকাৰ মাজতে সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ কটাক্ষ কৰিছে সাংসদ গগৈয়ে। তেওঁৰ ভাষ্য অনুসৰি, এই বিতৰ্ক ৰাজনৈতিক ষড়যন্ত্ৰৰ অংশমঙলবাৰে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে দাবী কৰে যে, ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰাজয়ৰ ভয়হৈছে । আৰু এয়াই শেহতীয়া পৰিস্থিতিৰ আঁৰৰ মূল কাৰণ।তেওঁ কয় যে এনে অভিযোগৰে নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক উত্তেজনা বৃদ্ধি কৰাৰ চেষ্টা কৰিছে।

উল্লেখ্য যে, পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে সাংসদগৰাকীৰ ব্ৰিটিছ পত্নী এলিজাবেথ কলবাৰ্নৰ সম্পৰ্ক থকাৰ অভিযোগক লৈ সাংসদ গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে আক্ৰমণ চলাই আহিছে। এইলৈ পুনৰ সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী শৰ্মাক উদ্দেশ্যি গগৈয়ে মন্তব্য কৰে যে, অসম চৰকাৰে যদি ইচ্ছা কৰে, তদন্ত কৰিব পাৰে, কিন্তু জনতাই প্ৰকৃত সত্য জানে। তেওঁ অভিযোগ কৰে যে বিজেপি চৰকাৰে জনমত প্ৰভাৱিত কৰাৰ উদ্দেশ্যে এই অভিযোগ তুলিছে। গগৈয়ে মন্তব্য কৰে যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চকী হেৰুৱাব বুলি ভয় খাই আছে, সেয়েহে এনে অপপ্ৰচাৰ চলাইছে।

উল্লেখ্য যে, পাকিস্তানী নাগৰিক আলী তাকিৰ শ্বেখৰ বিৰুদ্ধে ৰুজু হোৱা এক গোচৰৰ তদন্তৰ বাবে সোমবাৰে অসম আৰক্ষীয়ে বিশেষ তদন্তকাৰী দল গঠন কৰে। দেওবাৰে অসম কেবিনেটে  সাংসদগৰাকী বা তেওঁৰ ব্ৰিটিছ পত্নীৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু নকৰাৰ সিদ্ধান্ত লয় যদিও পাকিস্তানী নাগৰিকজনৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিবলৈ ডিজিপিক নিৰ্দেশ দিছিল।পাকিস্তান পৰিকল্পনা আয়োগৰ উপদেষ্টা তথা কলবাৰ্নৰ প্ৰাক্তন সহকৰ্মী শ্বেখৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা (বিএনএছ) আৰু বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (UAPA)ৰ বিভিন্ন ধাৰাৰ অধীনত অসম আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে । লগতে ব্ৰিটিছ নাগৰিক হোৱাৰ পিছতো পূৰ্বৰ কলিয়াবৰ সমষ্টিত লোকসভা নিৰ্বাচনী প্ৰচাৰত কলবাৰ্নে অংশগ্ৰহণৰ তদন্তৰ বাবে কেন্দ্ৰলৈ পত্ৰ লিখিব বুলিও ৰাজ্য চৰকাৰে ঘোষণা কৰে।

এই গোচৰ ৰুজু কৰাৰ পাছতে সোমবাৰে এক সংবাদমেলত সম্বোধন কৰি লোকসভাৰ সাংসদগৰাকীয়ে দাবী কৰিছিল যে, মুখ্যমন্ত্ৰী শৰ্মাই প্ৰতিদিনে নিজৰ স্থিতি সলনি কৰি আহিছে। পূৰ্বতে মুখ্যমন্ত্ৰীয়ে মোক আক্ৰমণ কৰিছিল আৰু মই খলনায়ক আছিলোঁ। কিন্তু কালিৰ পৰা তেওঁ মোক ভুক্তভোগী কৰি তুলিছে।সংবাদমেলত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল সাংসদ গৌৰৱ গগৈয়ে ।

ইফালে, গোচৰ ৰুজু কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, বিৰোধী নেতাগৰাকী বৃহত্তৰ ভাৰত বিৰোধীষড়যন্ত্ৰৰ বলি হব পাৰে । একে সময়তে তেওঁৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে গোচৰৰ তদন্তত সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনায়।

সাংসদ গগৈয়ে সংবাদমেলত কয়, “মুখ্যমন্ত্ৰী প্ৰতিদিনে বক্তব্য সলনি কৰে। আগতে মই খলনায়ক আছিলোঁ, এতিয়া মই ভুক্তভোগী হৈ পৰিছোঁ। কিন্তু মই কেতিয়াও পিছুৱাই যোৱাৰ কথা আহি নপৰে । আমি প্ৰমাণৰ ভিত্তিত কাম কৰোঁ।আনহাতে, মুখ্যমন্ত্ৰীয়ে গগৈক সহানুভূতি প্ৰদৰ্শন কৰি তেওঁক ভাৰত-বিৰোধী ষড়যন্ত্ৰৰ বলিবুলি অভিহিত কৰিছে। একে সময়তে গোচৰৰ তদন্তত সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছিল মুখ্যমন্ত্ৰীগৰাকীয়ে

এই বিতৰ্কই অসমৰ ৰাজনৈতিক পাৰা ওপৰলৈ তুলিছে । জনসাধাৰণৰ মাজত এই বিষয়ক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে। ৰাজনৈতিক বিশ্লেষকসকলে মত ব্যক্ত কৰিছে যে এই বিতৰ্কৰ প্ৰভাৱ অনাগত নিৰ্বাচনত পৰাৰ লগতে অসমত অনাগত দিনবোৰত এই বিতৰ্কৰ অধিক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।

Friday, February 14, 2025

এয়া মোক আৰু মোৰ পৰিয়ালক বদনাম কৰা অপচেষ্টা: বিজেপিৰ অভিযোগৰ বিৰুদ্ধে গৌৰৱ গগৈয়ে ল’ব আইনী ব্যৱস্থা

এয়া মোক আৰু মোৰ পৰিয়ালক বদনাম কৰা অপচেষ্টা: বিজেপিৰ অভিযোগৰ বিৰুদ্ধে গৌৰৱ গগৈয়ে ল’ব আইনী ব্যৱস্থা

 এয়া মোক আৰু মোৰ পৰিয়ালক বদনাম কৰা অপচেষ্টা: বিজেপিৰ অভিযোগৰ বিৰুদ্ধে গৌৰৱ গগৈয়ে লব আইনী ব্যৱস্থা

বি. চি ডেস্ক, ১৪ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এটা পোষ্টত গৌৰৱ গগৈৰ নাম উল্লেখ নকৰাকৈয়ে তেওঁৰ পত্নীক পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইৰ হৈ কাম কৰাৰ লগতে জৰ্জ ছৰছৰ সৈতেও সংযুক্ত বুলি অভিযোগ কৰিছিল। তাৰ পাছত মুখ্যমন্ত্ৰীয়ে পুনৰ সামাজিক মাধ্যমত পাকিস্তানৰ প্ৰাক্তন উচ্চায়ুক্তৰ সৈতে গৌৰৱ গগৈৰ এক বৈঠকৰ ফটো শ্বেয়াৰ কৰা পিছতে সকলো বোৰ স্পষ্ট হৈ পৰে।

সামাজিক মাধ্যমত চলা আক্ৰমণ-প্ৰত্যাক্ৰমণৰ যুঁজখনে ক্ৰমাৎ উত্তাপ্ত কৰি তুলিছে ৰাজ্যৰ ৰাজনীতি। ইফালে এই অভিযোগৰ বিৰুদ্ধে উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰিব উল্লেখ কৰে সাংসদ গৌৰৱ গগৈয়ে। সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি তেওঁ লিখিছে- বিজেপিয়ে মোক আৰু মোৰ পৰিয়ালক বদনাম কৰিবলৈ চৰম পদক্ষেপ হাতত লৈছে। তেওঁলোকৰ অভিযোগ ভিত্তিহীন কাৰণ ইয়াৰ কোনো সত্য সত্যা দেখা নাযায়। মই উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰিম। এই মন্তব্যৰ পাছত কংগ্ৰেছ আৰু বিজেপিৰ মাজত বাক যুদ্ধই তুঙ্গত উঠে ।চৰকাৰী পৰ্যায়তো এই ঘটনাক লৈ তৎপৰতা দেখা যায়।

আন এটা পোষ্টত সাংসদ গৌৰৱ গগৈয়ে লিখিছে যে, “পাকিস্তানৰ প্ৰাক্তন উচ্চায়ুক্ত আব্দুল বাছিতৰ সৈতে হোৱা এক পেনেল আলোচনাৰ এখন ফটো প্ৰচাৰ কৰি থকা দেখি ২০১১ চনত কেইজনমান বন্ধুৰ সৈতে লগ লাগি মই প্ৰতিষ্ঠা কৰা “Youth Forum on Foreign Policy” নামৰ সংগঠনটোৰ দিনৰ কথাবোৰ মনত পেলাই দিলে। এনেধৰণৰ এটা ফৰাম গঠন কৰিবলৈ মোৰ মনলৈ প্ৰথম ধাৰণাটো আহিছিল যেতিয়া মই ৰাষ্ট্ৰসংঘৰ নিউয়ৰ্কস্থিত ভাৰতৰ স্থায়ী মিছনত ২০১০ চনত ইন্টাৰ্নশ্বিপ কৰি আছিলো। সেয়েহে ২০১১ চনত মই এনে এটা ফৰাম গঠন কৰিব বিচাৰিছিলো যত ভাৰতীয় শিক্ষাৰ্থী আৰু যুৱ পেছাদাৰীসকলে বৈদেশিক নীতি আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বিষয়ে আলোচনা কৰিবলৈ সুবিধা লাভ কৰিব পাৰে।

তেওঁ পুনৰ লিখিছে, “বিশেষকৈ ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰা আৰু UPSC পৰীক্ষাৰ প্ৰাৰ্থীসকলৰ বাবে ই অত্যন্ত উপযোগী হিচাপে পৰিগণিত হৈছিল। Youth Forum on Foreign Policy য়ে ভাৰতীয় কূটনীতিবিদ আৰু বিদেশী ৰাষ্ট্ৰদূতসকলৰ সৈতে আলোচনাৰ আয়োজন কৰিছিল। এনে আলোচনা আৰু মত-বিনিময় অনুষ্ঠানে শিক্ষাৰ্থীসকলক জ্ঞানৰ বিকাশত যথেষ্ঠ অৰিহণা যোগাইছিল। আমি ভাৰতৰ প্ৰাক্তন বৈদেশিক সচিব শ্যাম চৰণ, প্ৰাক্তন আমেৰিকান ৰাষ্ট্ৰদূত ৰিচ ভার্মা, ইউনাইটেড কিংডমৰ প্ৰাক্তন হাই কমিচনাৰ জেমছ বেভান, প্ৰফেছাৰ চি. ৰাজা মোহন, নন্দন নীলকাৰ্ণী, অৱসৰপ্ৰাপ্ত কূটনীতিবিদ, সংসদ সদস্য, আৰু নেদাৰলেণ্ড, চিংগাপুৰ, ইজৰাইল, অষ্ট্ৰেলিয়া, থাইলেণ্ড, পাকিস্তান আদি দেশৰ ৰাষ্ট্ৰদূতসকলৰ দৰে বিশেষজ্ঞসকলৰ সৈতে সাক্ষাৎ কৰিছিলো।

গৌৰৱ গগৈয়ে আৰু লিখিছে যে, “ইয়াৰ উপৰি, আমি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ প্ৰবীণ বিষয়ববীয়া আৰু শিক্ষাবিদসকলৰ সৈতে বিভিন্ন বৈঠকত অংশগ্ৰহণ কৰিছিলো। এই আলোচনা আৰু মত বিনিময় কাৰ্যসূচীয়ে বহু শিক্ষাৰ্থীক আগ্ৰহ আৰু জ্ঞানৰ বিকাশৰ নতুন দিশ দেখুৱাইছিল। বৈদেশিক নীতি, ৰাজনৈতিক কূটনীতি আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক গঢ়াৰ ক্ষেত্ৰত এই ফৰাম অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

সাংসদগৰাকীয়ে উল্লেখ কৰেযে , “মোৰ মনত পৰে সেই সময়ত আমি আমাৰ দেশৰ বৈদেশিক মন্ত্ৰণালয়ৰ পাব্লিক ডিপ্লমেচিশাখাৰ সৈতেও সহযোগিতা কৰিছিলো। ২০১১ চনটো আমাৰ বাবে উৎসাহ ভৰা আছিল। কাৰণ আমি সেই সময়চোৱাত দিল্লী, গুৱাহাটী, বাংগালুৰু, মুম্বাই, কলকাতা আৰু চণ্ডীগড়ত কলেজৰ শিক্ষাৰ্থী আৰু যুৱ পেছাদাৰীসকলৰ সহায়ত ফৰামৰ শাখা স্থাপন কৰিবলৈ সক্ষম হৈছিলো। ২০১২ চনত গুৱাহাটীত অনুষ্ঠিত আলোচনাচক্ৰলৈ অৰ্থনীতিৰ নোবেল বঁটা বিজয়ী জোচেফ ষ্টিগলিজক মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰি আনিবলৈ সক্ষম হোৱাতো আমাৰ বাবে এক স্মৰণীয় ঘটনা আছিল। কিন্তু ২০১৪ চনত মই সংসদ সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ বাবে ফৰামৰ সৈতে জড়িত মোৰ কাম-কাজ হ্ৰাস পায়। সৌভাগ্যক্ৰমে, এদল মেধাবী যুৱক-যুৱতীৰ দলে ফৰামৰ দায়িত্ব লৈ গৱেষণা আৰু ফেলশ্বিপ কাৰ্যসূচী অব্যাহত ৰাখিছিল।

গৌৰৱ গগৈয়ে লিখিছে, “মোৰ ভূমিকা এতিয়া প্ৰায় তেওঁলোকৰ পৰামৰ্শদাতালৈ পৰিণত হৈ পৰিছে। তেওঁলোকৰ বহুতে আজি সফল হোৱা দেখি মই সন্তুষ্টি লাভ কৰো। স্বাভাৱিকতে, মই বৈদেশিক নীতিৰ প্ৰতি সদায়েই আগ্ৰহী । পাকিস্তানী ৰাষ্ট্ৰদূতৰ সৈতে হোৱা আমাৰ সাক্ষাৎকাৰত এটা হাস্যকৰ ঘটনা আছিল যে আমি কেৱল ক্ৰিকেটৰ বিষয়েই আলোচনা কৰা নাছিলো, বৰঞ্চ কোন দেশৰ কাবাব বেচি সুস্বাদু সেই বিষয়েও আলোচনা কৰিছিলো! YFFP ৰামৰ বিষয়ে জানিবলৈ ইচ্ছুক সকলৰ বাবে ফেচবুক পৃষ্ঠাৰ লিংক তলত দিয়া হল-অনুগ্ৰহ কৰি তলৰ ফটোবোৰ চাব। আপোনালোকে ৰাজীৱ চন্দ্ৰশেখৰ, জয় পাণ্ডা, ৱাছবিৰ হুছেইন, ননি গোপাল মহন্ত আদিকে ধৰি চিনাকি মুখসমূহ দেখা পাব।



এই সমগ্ৰ ঘটনাৰ বাবে ৰাজনৈতিক মহলত বিস্তৰ চৰ্চা আৰম্ভ হৈছে। বিভিন্ন দল আৰু সংগঠনৰ ব্যক্তিসকলে বিভিন্ন মন্তব্য প্ৰকাশ কৰিছে। কোনো কোনোৱে এই ঘটনাক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে। আনহাতে, বিশেষজ্ঞসকলে ইয়াক সামাজিক মাধ্যমত ভুৱা তথ্য প্ৰচাৰৰ এটি উদাহৰণ হিচাপে অভিহিত কৰিছে।

কোন সঁচা, কোন মিছা? এই বাকযুদ্ধৰ মাজত জনতাৰ মনত উঠিছে বহু প্ৰশ্নৰ। উল্লেখ্য যে, অহা ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হবলগীয়া অসম কেবিনেটৰ বৈঠকত ৰাজ্যৰ এগৰাকী সন্মানীয় সাংসদক লৈ সম্প্ৰতি প্ৰকাশ হোৱা তথ্যসমূহৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ ওপৰত প্ৰভাৱ আছে নেকি, সেই বিষয়ক লৈ আলোচনা কৰা হব বুলি জনাই মুখ্যমন্ত্ৰীয়ে। লগতে আলোচনাত বিষয়টো সম্পূৰ্ণ নিৰপেক্ষ আৰু পুংখানুপুংখভাৱে মূল্যায়ন কৰি পক্ষপাতহীন দৃষ্টিকোণেৰেই যিকোনো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাটো নিশ্চিত কৰিব বুলি সামাজিক মাধ্যমত উল্লেখ কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।

এই ঘটনাক লৈ ৰাজনৈতিক মহলত এতিয়া তীব্ৰ চৰ্চা চলি আছে। এই অভিযোগসমূহৰ প্ৰতি জনসাধাৰণৰ চিন্তাধাৰা কিদৰে গঢ় লৈ উঠিছে তাক লৈও ধাৰণা প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে। ইয়াৰ লগতে সংবাদ মাধ্যম আৰু ৰাজনৈতিক সমালোচকসকলে এই বিষয়ক গভীৰভাৱে পৰ্যালোচনা কৰি আছে। বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ প্রতিবেদকসকলে এই ঘটনাৰ নতুন নতুন তথ্য আৰু প্রমাণ সংগ্ৰহ কৰিবলৈ সক্ৰিয় হৈ পৰিছে।

ইতিমধ্যে, গগৈ পৰিয়ালৰ সমর্থকসকলে এই ঘটনাক সম্পূৰ্ণৰূপে ভিত্তিহীন বুলি অভিহিত কৰিছে আৰু সংবাদ মাধ্যমৰ জৰিয়তে জনসাধাৰণক এই অভিযোগসমূহৰ অন্তৰ্গত সত্যতা সন্দৰ্ভত অবগত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। সামাজিক মাধ্যমতো এই বিষয়ক লৈ ব্যাপক আলোচনাৰ সৃষ্টি হৈছে। সংবাদ প্ৰতিষ্ঠানসমূহে এই ক্ষেত্ৰত বিভিন্ন বিশেষজ্ঞৰ সাক্ষাৎকাৰ লৈ এই ঘটনাৰ পৰিপ্ৰেক্ষিত ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিছে।

Thursday, February 13, 2025

তিনিদিনতে ভুল উপলব্ধি কৰিলে দিল্লীৰ মানুহে, আতিশীৰ বিদ্যুৎৰ লুকাভাকুক লৈ তীব্ৰ কটাক্ষ

তিনিদিনতে ভুল উপলব্ধি কৰিলে দিল্লীৰ মানুহে, আতিশীৰ বিদ্যুৎৰ লুকাভাকুক লৈ তীব্ৰ কটাক্ষ

 তিনিদিনতে ভুল উপলব্ধি কৰিলে দিল্লীৰ মানুহে, আতিশীৰ বিদ্যুৎৰ লুকাভাকুক লৈ তীব্ৰ কটাক্ষ

নেচনেল ডেস্ক, ১৩ফেব্ৰুৱাৰীঃ আম আদমী পাৰ্টিক উৎখাত কৰি দিল্লীৰ ক্ষমতা দখল কৰিছে বিজেপিয়ে। ২৭ বছৰৰ পাছত ৰাজধানীৰ মসনদত বহিব বিজেপি। অৱশ্যে দিল্লীৰ নতুন মুখ্যমন্ত্রী কোন হব সেয়া এতিয়াও চূড়ান্ত হোৱা নাই৷ ফলত বিদায়ী মুখ্যমন্ত্রী আতিশীয়ে আপাততঃ কাম অব্যাহত ৰাখিছে৷ আৰু সেইগৰাকী আতিশীয়েই এতিয়া বিজেপিক কঠোৰ ভাষাৰে আক্ৰমণ কৰিছে। দিল্লীৰ ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰী আতিশীয়ে কয় যে বিজেপিৰ বিজয়ৰ পিছৰে পৰা ৰাজধানীত বিদ্যুৎৰ লুকাভাকু আৰম্ভ হৈছে। দিল্লীৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লোকে বিদ্যুতে লুকাভাকু কৰাৰ অভিযোগ উত্থাপন কৰিছে। ইনভাৰ্টাৰ কিনিব লগাত পৰিছে। তেওঁ দাবী কৰে যে তিনিদিনৰ ভিতৰতে মানুহে নিজৰ ‘ভুল’ উপলব্ধি কৰিলে।



কিছু নথি দেখুৱাই আতিশীয়ে কয় যে দিল্লীবাসীয়ে নিজৰ নিজৰ অঞ্চলত হোৱা বিদ্যুৎৰ সমস্যাৰ বিষয়ে ছচিয়েল মিডিয়াত অভিযোগ কৰিছে। আম আদমি পাৰ্টি চৰকাৰে বিদ্যুৎ সেৱাৰ বিষয়ত কঠোৰ সতৰ্কতা অক্ষুণ্ণ ৰাখিছিল। আমাৰ চৰকাৰ উৎখাত হোৱাৰ পিছৰে পৰা দিল্লীৰ বিদ্যুৎ সেৱাৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰিছে। তেওঁ কয়, "যোৱা নিশা ময়ুৰ বিহাৰত বিদ্যুৎ সেৱা বন্ধ হৈছিলআৰু আজি পুৱা বহুতৰে পৰা ফোন আহিছে।" এজন ব্যক্তিয়ে মোক কয় যে তেওঁ ইনভাৰ্টাৰ এটা কিনিলে।

আতিশীয়ে কয়, ‘বহুতে মোক ফোন কৰি কৈছে যে তিনিদিনৰ ভিতৰতে আমি উপলব্ধি কৰিছো যে আমি হয়তো নিৰ্বাচনত ভুল কৰিছিলোঁ। দিল্লীৰ ভাৰপ্রাপ্ত মুখ্যমন্ত্রী গৰাকীয়ে কয় যেআম আদমি পার্টিৰ বিদায়ৰ লগে লগে এইটো স্পষ্ট হৈ গৈছেবিজেপিয়ে সৰকাৰ চলাব নোৱাৰে। ফেব্ৰুৱাৰী মাহত যদি ইমান দীঘলীয়া বিদ্যুৎ  কৰ্তন হয়তেন্তে মে’, জুন আৰু জুলাই মাহত কি হযেতিয়া শীৰ্ষ চাহিদা ৮৫০০ মেগাৱাট অতিক্ৰম কৰিবচৰকাৰ চলাব নাজানে বিজেপিয়ে। ১৯৯৩ চনৰ পৰা ১৯৯৮ চনলৈ যেতিয়া বিজেপি ক্ষমতাত আছিল তেতিয়াও বিদ্যুৎ সেৱা অতি দুৰ্বল আছিল। এতিয়া ২০খন ৰাজ্যত বিজেপি চৰকাৰ। সেই আটাইকেইখন ৰাজ্যতে বিদ্যুতৰ পৰিস্থিতি একে।



আতিশীয়ে কয় যে নিৰ্বাচনত জয়ী হোৱাৰ পিছত বিজেপিয়ে দিল্লীক উত্তৰ প্ৰদেশলৈ ৰূপান্তৰিত কৰাটো অতি দুখজনক। উত্তৰ প্ৰদেশত বিদ্যুৎ সমস্যা হোৱাৰ দৰেই তিনিদিনৰ ভিতৰত দিল্লীতো একেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। সম্ভবত ইয়াৰ পৰাই প্ৰমাণিত হয় যে ইয়াত পূৰ্বৰ চৰকাৰখন শিক্ষিত লোকে চলাইছিল। অৰবিন্দ কেজৰিৱাল এজন অভিযন্তা যিয়ে শক্তি বিভাগ কেনে কৈ চলাব লাগে তেওঁ জানিছিল। আনহাতে এইবাৰ আহিছে ভুৱা ডিগ্ৰীধাৰী নিৰক্ষৰ লোকৰ চৰকাৰ।



সাংবাদিকসকলে আতিশীক শুধে যে তেওঁ দিল্লীৰ ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰ এতিয়াও গঠন হোৱা নাইগতিকে এই সন্দৰ্ভত তেওঁ এই অভিযোগ কেনেকৈ কৰিব পাৰেইয়াৰ উত্তৰত আতিছিয়ে কয়, " ৮ তাৰিখে ভোট গণনাৰ সময়ত তেওঁলোকৰ মানুহে মন্ত্ৰীসকলৰ কাৰ্যালয়ত তালাবন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছিল।" তেওঁলোকে কৈছিল যে, সচিবালয়ত আন কাকো প্ৰৱেশ কৰিবলৈ দিয়া উচিত নহয়কোনো নথি-পত্ৰ বা ফাইলও চাবলৈ দিয়া উচিত নহয়। ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে বিজেপিয়ে নিজেই ৮ তাৰিখৰ পৰাই চৰকাৰ চলাই আহিছে।ইয়াৰ ফলাফল দিল্লীত আগন্তুক দিন বোৰত দেখা যাব । বিজেপিক ক্ষমতালৈ অনাৰ পৰিণতি কি হব সেয়া এতিয়া দিল্লীবাসীৰ বাবে স্পষ্ট হৈ পৰিছে৷