অসমীয়া কাৱ্যসাহিত্যৰ নতুন সংযোজন
অসমীয়া লতিফা আৰু কিছু প্ৰাসঙ্গিক কথা---
ডা ° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
অসমীয়া কাৱ্যসাহিত্যত সংযোজন ঘটাব
বিচৰা এটি ধাৰা এই লতিফা শৈলীৰ কৱিতাসমূহ৷ এই ধাৰাটো দৰাচলতে ভাৰতীয় কাৱ্যসাহিত্যৰ
ধাৰাই নহয়৷ এইটো মূলতঃ আৰৱীয় সাহিত্যৰ ধাৰা৷ আমি যিহেতু মাতৃভাষা অসমীয়াৰ লগতে
অতিৰিক্তভাৱে আন কেইবাটাও ভাষা লিখিব পঢ়িব জানো সেইহেতুকে আমি ’ লতিফা ’ লিখিবলৈ শিকি লৈ
বাংলা লতিফা সমাজখনত এখন স্বকীয় আসন আঁজুৰি ল ’ ব পাৰিছিলোঁ৷ সেই যাত্ৰা অব্যাহত
থাকিল৷ আমাৰদ্বাৰা সৃষ্ট বাংলা লতিফাসমূহ আবৃত্তিও হ ’ ব ধৰিলে আৰু লগতে ’ বাংলা লতিফা কলশ ’ সঙ্কলনতো ঠাই পালে৷
বাংলাদেশ , পশ্চিম বঙ্গৰ কিছুসংখ্যক কাৱ্যৰসিক আৰু কাৱ্যচৰ্চা কৰা লোকে এই
ধাৰাটোৰ চৰ্চা কিছুকালৰপৰা কৰি অহাৰ পৰিপ্ৰেক্ষিতত আমিও নাটকীয়ভাৱে জড়িত হৈ পৰি এই
ধাৰাত কাৱ্যচৰ্চা কৰিবলৈ উদ্বুদ্ধ হৈছিলোঁ৷ দিন গৈ আছিল আমাৰ সৃষ্টিৰো যতি পৰা
নাছিল৷ অৱশ্যে আজিও পৰা নাই৷ হঠাতে মান্যৱৰ লতিফ ড ° অনুপ কুমাৰ দত্তদেৱে আমাক ক ’ লে যে , যিহেতু আমি পাঁচটা
ভাষাত কাৱ্যচৰ্চা কৰোঁ সেয়ে অসমীয়া ভাষাত এই ধাৰাটোৰ প্ৰচলন ঘটাব লাগে৷ প্ৰথমতে
অকণমান বিমোৰত পৰিছিলোঁ৷ সেই বিশ্বাস মনত বহন কৰি আমাৰ তত্ত্বাৱধানত এদল
কাৱ্যসাধকে ইতিমধ্যে পৰীক্ষামূলক ভাৱে লতিফা চৰ্চা আৰম্ভ কৰিছে৷ অনাগত দিনবোৰত এয়া
যুগান্তকাৰী পদক্ষেপ হ ’ ব বুলি আমি আশা কৰিব পাৰোঁ৷
আৰৱী সাহিত্যত লতিফাৰ স্থান
উল্লেখণীয়৷ যি কোনো এটি সভ্য জাতিৰ পৰিচয় হ ’ ল সাহিত্য , কলা , সংস্কৃতি৷ মানুহৰ
সাধনা , সংগ্রাম , হর্ষ , বিষাদ , পতন বা প্রতিষ্ঠাৰ পৰিচয় নিহিত হৈ থাকে সাহিত্যত৷ সৃজনৰ আনন্দ-ৰস
সাহিত্যত যেনেকৈ নিহিত হৈ থাকে তেনেকৈ নিহিত হৈ থাকে বেদনাৰ ৰঙৰ চিহ্নও আমি দেখিবলৈ
পাওঁ৷ সাহিত্য হ ’ ল জাতিৰ অভিৱ্যক্তি। সেই দিশেৰে চালে আৰৱী সাহিত্যও পিছ হুহুঁকি
থকা নাই৷
খৃষ্টপূৰ্ব আনুমানিক ৩৫০ ’ চাবা মুৱাল্লাকা ’ অৰ্থাৎ ঝুলন্ত সপ্ত
কাৱ্য গ্ৰন্থ নামেৰে প্ৰকাশ হৈছিল৷ তৎকালীন সময়খিনিত সাতজন কৱিয়ে কৱিতা লিখি সদায়
কৱিতাবোৰ লিখি সকলোৱে পঢ়িব পাৰাকৈ ওলোমাই ৰাখিছিল হেতুকে এই কাৱ্যৰীতিৰ নাম দিয়া
হৈছিল ’ চাবা মুৱাল্লাকা ’
অৰ্থাৎ ঝুলন্ত সপ্ত কাৱ্য গ্ৰন্থ৷ এই
কৱিসকলৰ নাম ক্ৰমে আমৰ ইবনে কুলচুম , লাবিদ ইবনে ৰাবিয়া , আনতাৰা ইবনে
শাদ্দাদ , ইবনে ইমৰুল কায়েচ ,
তাৰাফা ইবনে আল-আদ , হাৰিচ ইবনে
হিল্লিজা , জুহাইৰ ইবনে আবি সালমা৷ এই কৱিবৃন্দৰ ভিতৰত অন্যতম আছিল ইবনে ইমৰুল
কায়েচ৷ এখেতসকলে সেই সময়ত কৱিতাৰ বিষয় বস্তু হিচাপে বাছি লৈছিল নাৰী , প্ৰেম , মদ , জুৱা আদি৷
এইখিনিতে পট পৰিৱৰ্তন হয়৷ হজৰত
মুহম্মদ(সাঃ)দেৱৰ আৱিৰ্ভাৱৰ পিছত যিসকল কৱি আহিল তেওঁলোকৰ ভিতৰত অন্যতম আছিল কৱি
কায়াৰ ইবনে আশৰাফ৷ এখেতসকলৰ আকৌ কৱিতাৰ বিষয় বস্তু আছিল নবী আৰু আল্লহৰ গুণগান৷
আৰৱত সেইসময়ত আৰু কিছু বিষয় বস্তুক লৈ
সাহিত্য ৰচনা কৰা হৈছিল৷ তাৰে অন্যতম আছিল যুদ্ধ , জয়-যাত্ৰা , জয়-পৰাজয় আদি৷ ইয়াৰ
মাজতে নাৱিক চোলায়মানে বিভিন্ন দেশ ঘুৰিপকি বাগদাদ পালেহি৷ তেওঁ যিদিনা বাগদাদ
এৰিছিল সিদিনা তেওঁৰ জীয়ৰীগৰাকীৰ বয়স আছিল এবছৰ৷ ঘুৰি আহি নাৱিক চোলায়মানে দেখে
তেওঁ এৰি যোৱা জীয়েক এতিয়া ছবছৰীয়া দীপলিপ ছোৱালী৷ ছবছৰীয়া জীয়েকৰ জন্মদিনৰ আয়োজন
কৰিলে৷ জন্মদিনৰ উপলক্ষে তেওঁৰ বাসগৃহত বিভিন্ন শ্ৰেণীৰ লোকৰ উপস্থিতি ঘটিল৷
জন্মদিনৰ দিনা দেউতাকে ছবছৰীয়া জীয়েকক বুকুত সাৱটি লৈ এটি গীতিকৱিতা ৰঁচি সুৰ দি
গালে৷ গানটোৱে সকলোৰে মন মুহিলে৷ সেই গানটো সমগ্ৰ আৰৱৰ বাসিন্দাৰ মুখেমুখে বিয়পি
পৰিল৷ সেই সুৱদি সুৰীয়া গানটোৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি এচামে গানটোৰ নামাকৰণ
কৰিব বিচাৰি নাৱিক চোলায়মানৰ ছবছৰীয়া দীপলিপ জীয়েক ’ লতিফা ’ ৰ নামেৰেই নামাংকিত কৰি লতিফাক উপহাৰ
স্বৰূপে দিলে৷ এনেদৰেই ’ লতিফা ’ ৰ আৰম্ভণি৷ পিছলৈ এই নাৱিক চোলায়মানেই প্ৰসিদ্ধ আৰৱীয় কৱি ’ সাবা ইবনে কায়েচ ’ নামেৰে প্ৰসিদ্ধি
লাভ কৰে৷ যদিয়ো লতিফাৰ ব্যুৎপত্তি লাভ দ্বাদশ-ত্ৰয়োদশ শতিকাত ঘটিছিল তেতিয়াৰ
লতিফাৰ চানেকি পাবলৈ নাই৷ পঞ্চদশ শতিকাৰপৰাহে লতিফাবোৰ পোৱা যায়৷ এইখিনিতে
প্ৰসঙ্গক্ৰমে পঞ্চদশ শতিকাৰ উপলব্ধ এটি লতিফা উদ্ধৃত কৰিলোঁ---
“ আল্লাহ্ দয়াবান তিনি মহান/
শোন মেহেরবান সৃষ্টি দান।/
তোমার দরবারে রাখি
নিজ মোর সন্তান জিম্মি ,/
জান্নাতুল ছায়ায় রাখো
তারে করি এই মিনতি।/
করি কোরবান মোর যে জান ,/
তুমি দাতা-জান তুমি যে ত্রান।/
মূল কৱি- “ ফাতে ইবনে জায়েদ ”
অনুবাদক-মৌলনা মুফতি সাহেদ আলী৷
বর্তমান ইৰাকৰ কুর্দীস্তান , ইৰাণৰ জৈন , আৰু আৰৱৰ
গ্রাম্যাঞ্চলত লতিফা গানৰ বৈঠক বহে৷ এনে বৈঠকবোৰত এই শৈলীৰ সাধকবোৰে পাল পাতি
৮-১০জনৰ একোটা গোটত ভাগ হৈ ছয়শৰীয়া গীতসমূহ গায়৷ আটাইতকৈ জনপ্ৰিয়তা লাভ কৰিছে আৰৱৰ
মৰুঅঞ্চলৰ যাযাবৰসকলৰ মাজত৷ সূত্ৰ অনুসৰি পাকিস্তানী আফ্ৰিদী আদিবাসীসকলোৱেও লতিফা
চৰ্চা কৰে বুলি জানিব পাৰা গৈছে৷ আমি ভাৱো অসমীয়া কাৱ্যসাধকসকলে আধুনিক
ধ্যান-ধাৰণাৰে এই লতিফাশৈলীত লতিফা চৰ্চা কৰিলে আমাৰ সাহিত্যৰ ভঁৰালৰ এটি নতুন দিশ
উন্মুক্ত হ ’ ব৷ লতিফা কাৱ্যধাৰাৰ লতিফা শব্দটোৰ উৎপত্তি হয় আৰৱী ভাষা সাহিত্যত৷
আৰৱীয় লতিফা আৰু কাৱ্য অধ্যয়ন কৰিলে এটা দিশে প্ৰকট ভাৱে ধৰা দিয়ে সেয়া হ ’ ল আৰৱীয়
সাহিত্যিকসৱে কৱিতাতকৈ ধৰ্মক লৈ বেছি চৰ্চা গৱেষণা কৰিছিল৷ সেয়ে আৰৱীয় ধৰ্মগ্ৰন্থ
যিমান পোৱা যায় সিমান পৰিমাণে কাৱ্য বা সাহিত্যৰ গ্ৰন্থ পাবলৈ নাই৷ আৰৱীয়
সাহিত্যিক ’ সাবা ইবনে কায়েস ’ ৰদ্বাৰা সৃষ্ট ষটপদী গীতিকৱিতাসমূহ লতিফা চৰ্চাৰ ভিত্তি বুলি ধৰি
লৈ আগুৱালে এই কাৱ্যধাৰাটোৱে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল৷ ফলত আৰৱীয়
কাৱ্যসাহিত্যৰ জগতত নতুন দিগন্তৰ সূচনা হয়৷ এনে লতিফাসমূহ মূলতঃ ঈশ্বৰপ্ৰেম আৰু
মানৱকল্যাণ সম্পৰ্কীয় গীত হিচাপে প্ৰচলিত হ ’ বলৈ ধৰিলে৷ এই শব্দটোৰ মূল শব্দটো হ ’ ল ’ লুৎফুন ’( লাম.ত.ফা)৷ ’ লুৎফুন ’ শব্দৰ অৰ্থ হ ’ ল প্ৰেম , প্ৰীতি , দয়া , মায়া , মমতা , সৌন্দৰ্য্য আদি৷
সেয়ে ’ লতিফা ’ শব্দটোৰ অৰ্থ(ব্যাকৰণ অনুসৰি স্ত্ৰী লিঙ্গ বাচক শব্দ) প্ৰেমিকা , দয়াময়ী , মমতাময়ী আদি৷ আন
এটা কথা(আখ্যান অনুসৰি লতিফা এগৰাকী ছয়বছৰীয়া শিশু) এই ধাৰাৰ কৱিতাসমূহ ছয়শৰীয়া
পূৰ্ণাঙ্গ কৱিতা৷
একাংশ কাৱ্য গৱেষকে ক ’ ব খোজে যে , ’ লতিফা ’ শব্দটো ’ কেতিফা ’( কপ.ত.ফা) আৰৱী শব্দৰপৰা নিষ্পন্ন হৈছে৷ কিন্তু ব্যুৎপত্তিগত অৰ্থৰ
দিশেৰে গমিলে এই শব্দটোৰ অৰ্থ মৰণা মাৰা , শস্য চপোৱা , শস্য কটা-চিঙা কৰা
কৃষিকৰ্মক বুজায়৷ সেয়ে ক ’ ব পাৰোঁ যে , শব্দ দুটাৰ কোনো সাদৃশ্য নাই৷ দুটা বিপৰীত ধৰ্মী শব্দ৷
লতিফাৰ সনাতনী ৰূপটোৱে এটি ব্যাকৰণিক
নীতি-নিয়ম মানি সৃষ্টি কৰি অহা দেখিবলৈ পোৱা যায়৷ সনাতনী ৰূপটোত এই নীতি-নিয়মসমূহ
বাধ্যতামূলকভাৱে মানি চলা হয়৷ লতিফা কৱিতাসমূহতো যিহেতু পৰ্ব আছে সেইহেতুকে এনে
কৱিতাসমূহৰ পৰ্ব বিভাজন তলত উল্লেখ কৰা ধৰণে কৰা হয়---
এটাৰ পৰ্ব বিভাজন হ ’ লঃ
প্ৰথম দুশাৰী ৪/৪/২
দ্বিতীয় দুশাৰী ৪/৪/৪
তৃতীয় বা শেষৰ দুশাৰী ৪/৪/২
আনটো স্বৰবৃত্ত পৰ্ব৷ সেইটোৰ বিভাজন হ ’ লঃ
প্ৰথম দুশাৰী ৪/৪/১
দ্বিতীয় দুশাৰী ৪/৪/৪/২
তৃতীয় বা শেষৰ দুশাৰী ৪/৪/১
উদাহৰণস্বৰূপে এটি শুদ্ধ লতিফা
উনুকিওৱা হ ’ ল৷ লতিফাটি বাংলা কৱি অমল কুমাৰ বৰ্মনদেৱৰ৷ শিৰোনাম হ ’ ল শান্তি৷
লতিফাটো ৪/৪/২ ; ৪/৪/২ ; ৪/৪/৪ ; ৪/৪/৪ ; ৪/৪/২ ; ৪/৪/২ ; মাত্ৰাবৃত্ত পৰ্বত
ৰচনা কৰিছে৷
শান্তিৰ পাখি/ পায়ৰা দিলাম/ উৰে ,
যাচ্ছে তাৰা/ সবাৰ নীড়ে/ নীড়ে৷
ফুলেৰ মতোই/ পাপৰি ঝৰুক/ সবাৰ মনে ,
কৰ্পূৰেৰ সু/ স্নিগ্ধ ঘ্ৰাণেই/ ভৰুক
প্ৰাণে৷
যেন প্ৰদীপ/ আলো জ্বলুক/ ঘৰে ,
নয় সুখ/ অসুক হৃদয়ে/ জুৰে৷
ইয়াৰদ্বাৰা এইটো বুজা গ ’ ল যে , ছয়টা পৰ্বৰে গঠিত
বাক্য সম্বলিত এই নতুন ধাৰাটোৱে একবিংশ শতিকাৰ ভাব , দৰ্শনৰ বিষয়বস্তুক সামৰি আগুৱাই
যাওঁতে ভুল শুদ্ধৰ মাজেদিয়েই আগবাঢ়িব৷ সেইবুলি লতিফা সাধকে যাতে বিশুদ্ধতাৰ দিশটোক
উলাই কৰি স্বইচ্ছাই মাথোঁ ছয়টা শাৰীৰে কৱিতাটো ৰচনা কৰিবলৈ লাগে এটা সময়ত বিকৃত
ধাৰা এটাৰহে প্ৰচলন ঘটিব৷ এই দিশত গৱেষণামূলক প্ৰচেষ্টাৰ অতীব প্ৰয়োজন হ ’ ব৷ এয়া মাথোঁঁ
আৰম্ভণিহে...
আগলৈ প্ৰেৰণ কৰক
0 coment rios: