২৬ৰ' ছেমি ফাইনেল ২৫ৰ' পঞ্চায়ত নিৰ্বাচন
বি. চি ডেস্ক, ১০এপ্ৰিলঃ দীর্ঘদিন ধৰি চলি থকা জল্পনা-কল্পনাৰ অন্তত অসম ৰাজ্যিক নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। বহুদিনৰ অপেক্ষাৰ অন্তত এই ঘোষণা ৰাজ্যৰ গ্ৰাম্য শাসন ব্যৱস্থাত এক গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। এইবাৰ পঞ্চায়ত নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ হ'ব ২ মে' ২০২৫ তাৰিখে আৰু দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ হ'ব ৭ মে' ২০২৫ তাৰিখে।
প্ৰথম পৰ্যায়ৰ অন্তৰ্গত জিলাসমূহ হ'ল: তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি (কৰিমগঞ্জ)। এই জিলাসমূহত ভোটগ্ৰহণৰ বাবে প্ৰয়োজনীয় সকলো আয়োজন সম্পন্ন কৰা হৈছে।
দ্বিতীয় পৰ্যায়ৰ অন্তৰ্গত জিলাসমূহ হ'ল: ধুবুৰী, দক্ষিণ শালমাৰা, মানকাছাৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ (গ্ৰা) , কামৰূপ (ম), হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং। এই জিলাসমূহতো যথাযথ নিৰাপত্তা আৰু নিৰ্বাচনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি নিৰ্বাচন আয়োগে নিশ্চিত কৰিছে।
২ এপ্ৰিল ২০২৫ তাৰিখে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে এক বিজ্ঞপ্তিৰ মাধ্যমে এই নিৰ্বাচনৰ দিনসমূহ ঘোষণা কৰে। মনোনয়ন পত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ ১১ এপ্ৰিল ২০২৫, যি দিনা পুৱা ১১ বজাৰ পৰা আবেলি ৩ বজালৈ প্ৰাৰ্থীসকলে নিজৰ মনোনয়ন পত্ৰ জমা দিব পাৰে। মনোনয়ন পত্ৰ প্ৰকাশৰ তাৰিখ ১২ এপ্ৰিল ২০২৫ বুলি নিৰ্ধাৰণ কৰা হৈছে। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ১৭ এপ্ৰিল ২০২৫, যি দিনা আবেলি ৩ বজাৰ ভিতৰত প্ৰতিদ্বন্দ্বিতা কৰিব নিবিচৰা প্ৰাৰ্থীসকলে নিজৰ নাম উঠাই ল’ব পাৰিব।
মনোনয়নৰ যাবতীয় প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত ১৭ এপ্ৰিল দিনাই চূড়ান্ত প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা হ’ব। এই তালিকাৰ ভিত্তিতেই ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। যদি কিবা কাৰণত পুনৰ ভোটগ্ৰহণৰ প্ৰয়োজন হয়, তেন্তে প্ৰথম পৰ্যায়ৰ পুনৰ ভোটগ্ৰহণ ৪ মে' ২০২৫ আৰু দ্বিতীয় পৰ্যায়ৰ পুনৰ ভোটগ্ৰহণ ৯ মে' ২০২৫ তাৰিখে অনুষ্ঠিত হ’ব।
ভোটগ্ৰহণৰ সময়সীমা পুৱা ৭-৩০ বজাৰ পৰা বিয়লি ৪-৩০ বজালৈকে নিৰ্ধাৰণ কৰা হৈছে। এই সময়চোৱাত ভোটাৰসকলে নিজৰ ভোটাধিকাৰ প্ৰয়োগ কৰিব। ভোটগ্ৰহণৰ পাছত ১১ মে' ২০২৫ তাৰিখে পুৱা ৮-০০ বজাৰ পৰা ভোটগণনা আৰম্ভ হ’ব। ফলাফল ঘোষণা সম্পূৰ্ণ হোৱাৰ পিছত চূড়ান্তভাৱে নিৰ্বাচিত প্ৰতিনিধিসকল ঘোষণা কৰা হ’ব।
এইবাৰ পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰা মুঠ ভোটাৰৰ সংখ্যা হৈছে ১৮,০৩,৬৬৮২ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ ৯০,৭১২৬৪ জন, মহিলা ভোটাৰ ৮৯,৬৫০১০ জন আৰু অন্যান্য ৪০৮ জন। সঁচাকৈয়ে এইবাৰ বৃহৎ পৰিসৰৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব, যাৰ বাবে মুঠ ভোটদান কেন্দ্ৰৰ সংখ্যা নিৰ্ধাৰণ কৰা হৈছে ২৫,০০৭টা।
গাঁও পঞ্চায়তৰ সদস্য পদৰ মুঠ আসন ২১,৯২০খন, যাৰ ভিতৰত ১০,৮৮৩খন মহিলাৰ বাবে সংৰক্ষিত কৰা হৈছে। এই আসনসমূহৰ ভিতৰত মুক্ত আসন ৯,২৭০খন, এছ চিৰ বাবে সংৰক্ষিত ৭৩৩খন (যাৰ ভিতৰত মহিলা ৮৪৯খন), আৰু এছ টিৰ বাবে সংৰক্ষিত ১,০৩৪খন (যাৰ ভিতৰত মহিলা ৯৮৩খন)। মহিলাৰ বাবে অসংৰক্ষিত আসন ৯,০৪৭খন। এই বাৰৰ পঞ্চায়ত নিৰ্বাচনত এইটো স্পষ্ট হয় যে মহিলাৰ অংশগ্ৰহণ এইবাৰ ব্যাপকভাৱে বৃদ্ধি পাইছে।
গাঁও পঞ্চায়তৰ সভাপতিৰ মুঠ আসন ২,১৯২খন, যাৰ ভিতৰত ১,০৯৭খন মহিলাৰ বাবে সংৰক্ষিত। উপ-সভাপতিৰ ২,১৯২খন আসনৰ ভিতৰত ১,১০৮খন মহিলাৰ বাবে সংৰক্ষিত। এই সংখ্যাবোৰে দেখুৱাই যে মহিলাৰ নেতৃত্ব আৰু অংশগ্ৰহণক অধিক গুৰুত্ব দিয়া হৈছে।
আঞ্চলিক সদস্য পদৰ মুঠ আসন ২,১৯২খন, যাৰ ভিতৰত ১,১২৪খন মহিলাৰ বাবে সংৰক্ষিত। এইসমূহৰ ভিতৰত এছ টি আৰু এছ চিৰ সংৰক্ষিত আসন মুঠ ১৯৬খন। এইবোৰৰ মাধ্যমে সমাজৰ বিভিন্ন অংশৰ প্ৰতিনিধিত্ব নিশ্চিত কৰা হৈছে।
জিলা পৰিষদৰ সদস্য পদৰ মুঠ আসন ৩৯৭খন, যাৰ ভিতৰত ১৯৯খন মহিলাৰ বাবে সংৰক্ষিত। এই তথ্যসমূহ পঞ্চায়ত নিৰ্বাচনৰ মাধ্যমে গঠিত হ’বলগা নেতৃত্বৰ এক বিশাল ছবি আগবঢ়ায়।
অসমৰ পঞ্চায়ত নিৰ্বাচন ২০২৫ত অংশগ্ৰহণ কৰিবলগা প্ৰতিটো ভোটাৰে নিজৰ ভূমিকা নিৰ্ণায়ক হ’ব। গণতন্ত্ৰৰ এই উৎসৱত সক্ৰিয় অংশগ্ৰহণই জনতাৰ শক্তি আৰু গণ-ইচ্ছাক প্ৰতিফলিত কৰিব বুলি সচেতন মহলে কয়।
0 coment rios: