Showing posts with label দেশ. Show all posts
Showing posts with label দেশ. Show all posts

Sunday, April 13, 2025

 উত্তৰ-পূবৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পক লৈ গুৰুত্বপূৰ্ণ পদক্ষেপ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ

উত্তৰ-পূবৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পক লৈ গুৰুত্বপূৰ্ণ পদক্ষেপ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ

 উত্তৰ-পূবৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পক লৈ গুৰুত্বপূৰ্ণ পদক্ষেপ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ

বি. চি ডেস্ক, ১৩ এপ্ৰিলঃ উত্তৰ-পূব ভাৰতৰ যোগাযোগ আৰু আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ সদ্য প্ৰকাশ পোৱা এক বিস্তৃত ঘোষণাত উল্লেখ কৰে যে, অহা দুবছৰৰ ভিতৰত সমগ্ৰ দেশজুৰি বিশেষকৈ উত্তৰ-পূব আৰু সীমান্ত অঞ্চলসমূহত ঘাইপথ উন্নয়নৰ বাবে ১০ লাখ কোটি টকাৰ বিনিয়োগৰ পৰিকল্পনা কৰা হৈছে। এই বিনিয়োগৰ জৰিয়তে দেশখনৰ আন্তঃগাঁথনি ব্যৱস্থাক বিশ্বমানৰ পৰ্যায়লৈ উন্নীত কৰাৰ লক্ষ্য ৰখা হৈছে।

Friday, April 11, 2025

 কণ্ঠৰোধৰ চেষ্টা! ডিজিটেল ডাটা সুৰক্ষা আইনৰ দোহাই দি আৰটিআইক টেটু চেপাৰ পৰিকল্পনা  মোডী চৰকাৰৰ

কণ্ঠৰোধৰ চেষ্টা! ডিজিটেল ডাটা সুৰক্ষা আইনৰ দোহাই দি আৰটিআইক টেটু চেপাৰ পৰিকল্পনা মোডী চৰকাৰৰ

 কণ্ঠৰোধৰ চেষ্টা! ডিজিটেল ডাটা সুৰক্ষা আইনৰ দোহাই দি আৰটিআইক টেটু চেপাৰ পৰিকল্পনা  মোডী চৰকাৰৰ 

নেচনেল ডেস্ক, ১১এপ্ৰিলঃ ৱাকফ বিলৰ পাছত এতিয়া মোডী চৰকাৰ আৰু ইণ্ডিয়া জোঁটৰ মাজত ডিজিটেল পাৰ্চনেল ডাটা প্ৰটেকচন এক্ট (DPDP Act) লৈ নতুন সংঘাতৰ সূচনা হৈছে। বৃহস্পতিবাৰে ইণ্ডিয়া জোঁটে চৰকাৰৰ ওপৰত গভীৰ অভিযোগ উত্থাপন কৰি কয় যে সংসদীয় সমিতিক অন্ধকাৰত ৰাখি, সংগোপনে এই সংশোধনী অনা হৈছে, যাৰ লক্ষ্য হৈছে নাগৰিকসকলৰ তথ্য জানাৰ অধিকাৰক জলাঞ্জলী দিয়া।

Thursday, April 10, 2025

 মুম্বাই আক্ৰমণৰ অন্যতম মূল মাষ্টাৰমাইণ্ড টাহাউৰ ৰাণা এতিয়া ভাৰতত

মুম্বাই আক্ৰমণৰ অন্যতম মূল মাষ্টাৰমাইণ্ড টাহাউৰ ৰাণা এতিয়া ভাৰতত

 মুম্বাই আক্ৰমণৰ অন্যতম মূল মাষ্টাৰমাইণ্ড টাহাউৰ ৰাণা এতিয়া ভাৰতত

নেচনেল ডেস্ক, ১০এপ্ৰিলঃ মুম্বাই আক্ৰমণৰ অন্যতম মূল মাষ্টাৰমাইণ্ড টাহাউৰ হুছেইন ৰানা বৃহস্পতিবাৰে আমেৰিকাৰ পৰা ভাৰতলৈ উভতাই আনে। দিল্লীৰ পালাম বিমানবন্দৰত অৱতৰণ কৰিছে এখন বিশেষ বিমান। পালাম বিমানবন্দৰৰ পৰা এন আই এৰ মুখ্য কাৰ্যালয়লৈ নিয়াৰ বাবে এখন বিশেষ বুলেটপ্ৰুফ বাহনৰ ব্যৱস্থা কৰা হৈছে। কৰা হৈছে বিশেষ ছোৱাট বাহিনী মোতায়েন ।

 নীতিগত আৰু কূটনৈতিক পৰিণতিৰ ফলত ভাৰত-বাংলাদেশ ট্ৰেন্সশিপমেণ্ট সংকট:

নীতিগত আৰু কূটনৈতিক পৰিণতিৰ ফলত ভাৰত-বাংলাদেশ ট্ৰেন্সশিপমেণ্ট সংকট:

 নীতিগত আৰু কূটনৈতিক পৰিণতিৰ ফলত ভাৰত-বাংলাদেশ ট্ৰেন্সশিপমেণ্ট সংকট: 

বি. চি ডেস্ক, ১০এপ্ৰিলঃ উত্তৰ-পূব ভাৰতক "লেণ্ড লক" বুলি অভিহিত কৰা মন্তব্যৰ বাবে বাংলাদেশৰ অন্তর্বর্তীকালীন চৰকাৰৰ উপদেষ্টা মহম্মদ ইউনুছ এতিয়া তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। এই মন্তব্যৰ প্ৰেক্ষাপটত দুই দেশৰ মাজত বাণিজ্যিক সম্পৰ্কত স্পষ্ট উত্তেজনা সৃষ্টি হৈছে, যাৰ ফলত একাধিক নীতিগত পদক্ষেপ গ্ৰহণ কৰা হৈছে। 

Wednesday, April 9, 2025

 য়াৰলং চাংপোৰ ওপৰত চীনৰ বৃহৎ বান্ধৰ পৰিকল্পনাঃ চীনৰ বান্ধ প্ৰকল্পক লৈ বিশ্বজুৰি উদ্বেগ

য়াৰলং চাংপোৰ ওপৰত চীনৰ বৃহৎ বান্ধৰ পৰিকল্পনাঃ চীনৰ বান্ধ প্ৰকল্পক লৈ বিশ্বজুৰি উদ্বেগ

 য়াৰলং চাংপোৰ ওপৰত চীনৰ বৃহৎ বান্ধৰ পৰিকল্পনাঃ চীনৰ বান্ধ প্ৰকল্পক লৈ বিশ্বজুৰি উদ্বেগ 

বি. চি ডেস্ক, ৯এপ্ৰিলঃ চীনে তিব্বতৰ অন্তৰ্গত য়াৰলং চাংপো নদীৰ ওপৰত প্ৰস্তাৱিত "গ্ৰেট বেণ্ড বান্ধ" প্ৰকল্পক লৈ বিশ্বজুৰি বিশেষজ্ঞ আৰু পৰিৱেশ বিজ্ঞানীসকলৰ মাজত গভীৰ উদ্বেগৰ সৃষ্টি হৈছে। এই ব্ৰহ্মপুত্ৰখনে অৰুণাচল প্ৰদেশত চিয়াং আৰু অসমত ব্ৰহ্মপুত্ৰ নামেৰে পৰিচিত। চীনৰ এই প্ৰকল্পই কেৱল শক্তি উৎপাদন নহয়, অঞ্চলটোৰ জলবায়ু, ভূ-ৰাজনৈতিক স্থিতি আৰু লাখ লাখ লোকৰ জীৱন-পদ্ধতিত গভীৰ প্ৰভাৱ পেলাব বুলি আশংকা প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে ।

Sunday, April 6, 2025

১৩১ দিনৰ অন্তত অনশন প্রত্যাহাৰ, আন্দোলন অব্যাহত থাকিব কৃষক নেতা ডাল্লেৱাল

১৩১ দিনৰ অন্তত অনশন প্রত্যাহাৰ, আন্দোলন অব্যাহত থাকিব কৃষক নেতা ডাল্লেৱাল

 ১৩১ দিনৰ অন্তত অনশন প্রত্যাহাৰ, আন্দোলন অব্যাহত থাকিব কৃষক নেতা ডাল্লেৱাল 

অৱশেষত ১৩১ দিনৰ অন্তত অনশন প্রত্যাহাৰ কৰিলে কৃষক নেতা জগজিৎ সিং ডাল্লেৱালে। দেওবাৰে এই সিদ্ধান্ত ঘোষণা কৰে প্ৰবীণ কৃষক নেতাগৰাকীয়ে।

নেচনেল ডেস্ক, ৬এপ্ৰিলঃ অৱশেষত ১৩১ দিনৰ অন্তত অনশন প্রত্যাহাৰ কৰিলে কৃষক নেতা জগজিৎ সিং ডালেৱালে। দেওবাৰে এই সিদ্ধান্ত ঘোষণা কৰে প্ৰবীণ কৃষক নেতাগৰাকীয়ে। যদিও তেওঁ অনশন প্রত্যাহাৰ কৰা বুলি কয়, তথাপিও তেওঁ আন্দোলন পৰিত্যাগ কৰা নাই। আগৰ দৰেই চলি থাকিব আন্দোলন । শস্যৰ নূন্যতম সমৰ্থন মূল্যৰ আইনী নিশ্চয়তাকে ধৰি বিভিন্ন বিষয়ত প্ৰতিবাদ কৰা কৃষকসকলৰ সমৰ্থনত যোৱা বছৰৰ ২৬ নৱেম্বৰৰ পৰাই অনশন আৰম্ভ কৰিছিল ডাল্লেৱালে।

আজিৰ দিনটোতে ফতেহপুৰ চাহাব জিলাৰ ছিৰহিন্দত কিষাণ মহাপঞ্চায়ত আহ্বান কৰা হয়। তাতে ডাল্লেৱালৰ অনশন প্রত্যাহাৰ কৰাৰ সিদ্ধান্ত লোৱা হয়। এই সভাত এই জ্যেষ্ঠ কৃষক নেতা গৰাকীয়ে কয় যে, "আপুনি মোক মোৰ অনশন প্ৰত্যাহাৰ কৰিবলৈ কৈছে।" আপোনাৰ সিদ্ধান্তক মই সন্মান কৰো। আপোনাৰ নিৰ্দেশবোৰ আমি মূৰপাতি লৈছো। "অনশন প্রত্যাহাৰ হ'লেও আন্দোলন বন্ধ নহ'ব।"

প্ৰতিবাদকাৰী কৃষক নেতা ডাল্লেৱালক শনিবাৰে অনশন প্ৰত্যাহাৰ কৰিবলৈ কেন্দ্ৰই পুনৰবাৰ অনুৰোধ জনায়। তেওঁৰ শাৰীৰিক অৱস্থাক লৈও উদ্বেগ প্ৰকাশ কৰা হৈছিল। চৰকাৰে কয় যে বিভিন্ন দাবীৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰা কৃষক নেতৃত্বৰ সৈতে আলোচনা চলি আছে। পৰৱৰ্তী বৈঠক ৪ মে’ত অনুস্থিত হ'ব।


Friday, April 4, 2025

 বেংককত মোদী ইউনুছৰ প্ৰথম বৈঠকঃ ষষ্ঠ বিমষ্টেক সন্মিলনত দুই দেশ প্ৰধানৰ অংশগ্ৰহণ

বেংককত মোদী ইউনুছৰ প্ৰথম বৈঠকঃ ষষ্ঠ বিমষ্টেক সন্মিলনত দুই দেশ প্ৰধানৰ অংশগ্ৰহণ

বেংককত মোদী ইউনুছৰ প্ৰথম বৈঠকঃ ষষ্ঠ বিমষ্টেক সন্মিলনত দুই দেশ প্ৰধানৰ অংশগ্ৰহণ 

উৱেভ ডেস্ক, ৪এপ্ৰিলঃ ষষ্ঠ বিমষ্টেক সন্মিলনত অংশগ্ৰহণৰ বাবে দুদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে থাইলেণ্ডত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। এই সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ সৈতে সাক্ষাৎ কৰে। কিন্তু লগ পালেও যেন চিনি পোৱা নাছিল। দেশৰ নামৰ প্ৰথম আখৰৰ আধাৰত ইউনুছৰ কাষত থকা আসনখন ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বাবে আছিল। জানিব পৰা মতে, আনন্দৰ আদান-প্ৰদানৰ বাহিৰে দুয়োৰে মাজত কোনো কথা-বতৰা হোৱা নাছিল।

অৱশ্যে সূত্ৰৰ মতে, বাংলাদেশৰ অনুৰোধ অনুসৰি আজি মোডী আৰু ইউনুছৰ ব্যক্তিগত বৈঠক হ’ব পাৰে। বাংলাদেশত সংখ্যালঘু লোকৰ ওপৰত চলি থকা অত্যাচাৰত ক্ষুব্ধ হৈ পৰিছে ভাৰত। ফলত কূটনৈতিক মহলৰ এটা অংশই বিশ্বাস কৰে যে বৈঠক অনুষ্ঠিত হ’লে মোদীয়ে বাংলাদেশৰ মুখ্য উপদেষ্টালৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিব পাৰে।

বুধবাৰে ৰোহিংগীয়া বিষয় আৰু অগ্ৰাধিকাৰ বিষয়ত ইউনুছৰ শীৰ্ষ পৰ্যায়ৰ প্ৰতিনিধি খলিলুৰ ৰহমানে ঢাকাত দাবী কৰে যে তেওঁলোকৰ হাতত বাংলাদেশৰ মুখ্য উপদেষ্টা আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত বৈঠক অনুষ্ঠিত হোৱাৰ তথ্য আছে। তেওঁ কয় যে আমাৰ হাতত থকা তথ্যৰ ভিত্তিত মোডী-য়ুনুছৰ বৈঠক চলি আছে বুলি বিশ্বাস কৰাৰ যথেষ্ট কাৰণ আছে। বৃহস্পতিবাৰে একাধিক সূত্ৰই জনোৱা মতে এখন বৈঠকৰ সম্ভাৱনা অধিক। অৱশ্যে বৃহস্পতিবাৰে নিশা ৯ বজালৈকে ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে একো ঘোষণা কৰা নাছিল।

প্ৰধানমন্ত্ৰীৰ বেংকক ভ্ৰমণৰ সময়ত বৃহস্পতিবাৰে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হয়। বিমষ্টেক শীৰ্ষ সন্মিলনৰ আঁৰত বাংলাদেশ চৰকাৰে বেংকলৈ পত্ৰ প্ৰেৰণ কৰি মোডী-য়ুনুছৰ বৈঠকৰ প্ৰস্তাৱ। কিন্তু শেহতীয়া খবৰ অনুসৰি ভাৰতে আনুষ্ঠানিকভাৱে একো ঘোষণা কৰা নাই।

থাইলেণ্ড ভ্ৰমণ সম্পূৰ্ণ কৰাৰ পিছত প্ৰধানমন্ত্ৰীয়ে শ্ৰীলংকা ভ্ৰমণ কৰিব। নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছত দ্বীপ ৰাষ্ট্ৰলৈ মোডীৰ এয়া প্ৰথম ভ্ৰমণ।

 সংসদত ৱাকফ (সংশোধনী) বিধেয়ক গৃহীত:আৰ্থ-সামাজিক ন্যায়ৰ ঐতিহাসিক মুহূৰ্ত আখ্যা প্ৰধানমন্ত্ৰীৰ

সংসদত ৱাকফ (সংশোধনী) বিধেয়ক গৃহীত:আৰ্থ-সামাজিক ন্যায়ৰ ঐতিহাসিক মুহূৰ্ত আখ্যা প্ৰধানমন্ত্ৰীৰ

 সংসদত ৱাকফ (সংশোধনী) বিধেয়ক গৃহীত:আৰ্থ-সামাজিক ন্যায়ৰ ঐতিহাসিক মুহূৰ্ত আখ্যা প্ৰধানমন্ত্ৰীৰ

নেচনেল ডেস্ক, ৪এপ্ৰিলঃ লোকসভাৰ পিছত ৰাজ্যসভাতো ৱাকফ সংশোধনী বিধেয়ক গৃহীত হয়। পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাক এক ঐতিহাসিক মুহূৰ্ত” বুলি অভিহিত কৰে। বৰ্তমান তেওঁ বিমষ্টেক শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে থাইলেণ্ডত আছে। শুকুৰবাৰে পুৱা তাৰ পৰাই ছ’চিয়েল মিডিয়াত প্ৰধানমন্ত্ৰীয়ে ৱাকফ বিধেয়ক সন্দৰ্ভত পোষ্ট কৰে। তেওঁ ৱাকফ বিধেয়ক সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰাৰ বাবে দেশৰ সকলো সাংসদ আৰু অগণন জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে।

Tuesday, April 1, 2025

 ১ এপ্ৰিলৰ পৰা এলপিজিৰ পৰা ইউপিআইলৈ সলনি হৈছে কেইবাটাও নিয়ম

১ এপ্ৰিলৰ পৰা এলপিজিৰ পৰা ইউপিআইলৈ সলনি হৈছে কেইবাটাও নিয়ম

 ১ এপ্ৰিলৰ পৰা এলপিজিৰ পৰা ইউপিআইলৈ সলনি হৈছে কেইবাটাও নিয়ম 

নেচনেল ডেস্ক, ১এপ্ৰিলঃ আজি ১ এপ্ৰিলৰ পৰা আৰম্ভ হৈছে নতুন বিত্তীয় বৰ্ষ। এল পি জি চিলিণ্ডাৰৰ পৰা ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, ইউ পি আই ইত্যাদিলৈ একাধিক নিয়মৰ পৰিৱৰ্তন হ’ব, যাৰ প্ৰভাৱ সাধাৰণ ৰাইজৰ ওপৰত পৰিব। ইয়াৰ ফলত আপোনাৰ পকেটতো হেঁচা পৰিব। কি পৰিৱৰ্তন আহি আছে চাওঁ আহক।

 ৰাষ্ট্ৰপতিৰ শাসনৰ মাজতো অশান্ত মণিপুৰ

ৰাষ্ট্ৰপতিৰ শাসনৰ মাজতো অশান্ত মণিপুৰ

 ৰাষ্ট্ৰপতিৰ শাসনৰ মাজতো অশান্ত মণিপুৰ

নেচনেল ডেস্ক, এপ্ৰিলঃ ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়াৰ পিছত কেন্দ্ৰই মণিপুৰত আফছপাৰ এলেকা আৰু সময়সীমা বৃদ্ধি কৰিছে আগন্তুক ৬ মাহৰ বাবে সমগ্ৰ ৰাজ্যতে বলবৎ হ’ব সেনা বিশেষ ক্ষমতা আইন কেৱল মণিপুৰতে নহয়, উত্তৰ-পূৰ্বাঞ্চলৰ আন দুখন ৰাজ্য নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশতো কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আফছপা জাৰি কৰিছে

Saturday, March 29, 2025

ছত্তীশগড়ৰ চুকমায়াত নিৰাপত্তাৰক্ষীৰ লগত মাওবাদীৰ পুনৰ সংঘৰ্ষঃ কমেও ১৬জন মাওবাদী নিহত, আহত দুই জোৱান

ছত্তীশগড়ৰ চুকমায়াত নিৰাপত্তাৰক্ষীৰ লগত মাওবাদীৰ পুনৰ সংঘৰ্ষঃ কমেও ১৬জন মাওবাদী নিহত, আহত দুই জোৱান

 ছত্তীশগড়ৰ চুকমায়াত নিৰাপত্তাৰক্ষীৰ লগত মাওবাদীৰ পুনৰ সংঘৰ্ষঃ কমেও ১৬জন মাওবাদী নিহত, আহত দুই জোৱান

নেচনেল ডেস্ক, ২৯মাৰ্চঃ চুকমাত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত কমেও ১৬জন মাওবাদী নিহত হৈছে। এই সংঘৰ্ষত দুজন জোৱান সামান্যভাৱে আহত হয়। আহত জোৱান দুগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

আৰক্ষীয়ে জনোৱা মতে, সুকমা-দান্তেৱাড়া জিলাৰ সীমান্তৰ উপমপল্লী কেৰালাপাল অঞ্চলৰ এদল মাওবাদীয়ে অৰণ্যত আশ্ৰয় লোৱাৰ তথ্য গোপন সূত্ৰৰ পৰা লাভ কৰে। এই তথ্য লাভ কৰাৰ লগে লগে শুকুৰবাৰে নিশা চি আৰ পি এফ, জিলা ৰিজাৰ্ভ গাৰ্ড (ডি আৰ জি) আৰু আৰক্ষীৰ যুটীয়া বাহিনীয়ে সমগ্ৰ অঞ্চলটো ঘেৰি ধৰি তালাচী চলাইছিল।

আৰক্ষী সূত্ৰৰ মতে, বাহিনীৰ উপস্থিতি অনুভৱ কৰাৰ লগে লগে জংঘলৰ পৰা আৰক্ষীক লক্ষ্য কৰি গুলী চালনা কৰে, যাৰ ফলত সেনাইও গুলীৰে প্ৰতিউত্তৰ দিয়ে। গোটেই ৰাতি বন্দুকৰ যুঁজ চলি থাকে। শনিবাৰে পুৱাও অব্যাহত থাকে বন্দুকৰ যুঁজ। এই সংঘৰ্ষত ১৬জন মাওবাদী নিহত হোৱা বুলি আৰক্ষীয়ে দাবী কৰিছে। মাওবাদীৰ সঠিক সংখ্যা স্পষ্ট হোৱা নাই। অৱশ্যে প্ৰথম অৱস্থাত তেওঁলোকৰ গোটত বহুত মানুহ আছিল বুলি বিশ্বাস কৰা হৈছিল। এই পৰ্যন্ত উদ্ধাৰ হৈছে ১৬জন মাওবাদীৰ মৃতদেহ। বাকী থকা মাওবাদীৰ সন্ধানত বাহিনীয়ে জংঘলত  তালাচী চলাই আছে।

যোৱা ১৯ মাৰ্চত দনটেৱাড়া জিলাৰ সীমান্তৰ সমীপৱৰ্তী বিজাপুৰৰ গংগালুৰ থানা এলেকাত মাওবাদী আৰু ৰাজ্যিক আৰক্ষী টাস্ক ফ’ৰ্চ আৰু জিলা ৰিজাৰ্ভ গাৰ্ডৰ যুটীয়া বাহিনীৰ মাজত হোৱা সংঘৰ্ষত ২৬ জন সন্দেহযুক্ত মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। লগতে উদ্ধাৰ হৈছিল বৃহৎ সংখ্যক আগ্নেয়াস্ত্ৰ আৰু বিস্ফোৰক। সেই অভিযানত এজন জিলা ৰিজাৰ্ভ গাৰ্ডৰ জোৱানো নিহত হৈছিল। মঙলবাৰে দান্তেৱাড়া আৰু বিজাপুৰ জিলাৰ সীমান্তত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা মুখামুখিত তিনি মাওবাদী নিহত হয়।

১৯ জানুৱাৰীৰ পৰা ছত্তীশগড়, মহাৰাষ্ট্ৰ, ওড়িশাত যৌথ বাহিনীয়ে আন্তঃৰাজ্যিক অভিযান চলাই আহিছে।ইতিমধ্যে সেই তিনিখন ৰাজ্যত সংঘৰ্ষত দুশৰো অধিক মাওবাদী নিহত হৈছে। নিহতসকলৰ তালিকাত আছে মাওবাদী কেন্দ্ৰীয় সমিতিৰ সদস্য জয়ৰাম ওৰফে চলিপতি। আত্মসমৰ্পণ কৰিছে নিহত মাওবাদী নেতা মল্লোজুলা কোটেশ্বৰ ৰাও ওৰফে কিষেনজীৰ ভনীয়েক বিমলাই। তেওঁৰ স্বামী মল্লোজুলা ভেনুগোপাল ৰাও ওৰফে ভূপতি ওৰফে বিবেক ওৰফে সোণু নিষিদ্ধ সংগঠন চিপিআই (মাওবাদী)ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পূৰ্বে ঘোষণা কৰিছিল যে ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত দেশখন ‘মাওবাদী মুক্ত’ হ’ব।২০২৩ চনত ছত্তীশগড়ত বিজেপি ক্ষমতালৈ অহাৰ পিছত মাওবাদীক দমন কৰিবলৈ যৌথ শক্তিক মুক্ত হাত দিয়া হৈছিল বুলি একাংশ প্ৰশাসনিক সূত্ৰই দাবী কৰিছে। তেতিয়াৰ পৰাই মাওবাদীক দমনৰ অভিযান সম্পূৰ্ণ শক্তিৰে চলি আহিছে।

Monday, March 10, 2025

অস্ত্ৰ আমদানিত জেলেনস্কিৰ দেশ প্ৰথম স্থানত, তাৰ পিছতে ভাৰত! আন্তঃৰাষ্ট্ৰীয় প্ৰতিবেদনত প্ৰকাশ

অস্ত্ৰ আমদানিত জেলেনস্কিৰ দেশ প্ৰথম স্থানত, তাৰ পিছতে ভাৰত! আন্তঃৰাষ্ট্ৰীয় প্ৰতিবেদনত প্ৰকাশ

 অস্ত্ৰ আমদানিত জেলেনস্কিৰ দেশ প্ৰথম স্থানত, তাৰ পিছতে ভাৰত! আন্তঃৰাষ্ট্ৰীয় প্ৰতিবেদনত প্ৰকাশ

উৱেভ ডেস্ক, ১০মাৰ্চঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘আত্মনিৰ্ভৰ ভাৰত’ আৰু ‘মেক ইন ইণ্ডিয়া’ শ্লোগানক সফল কৰাৰ স্বাৰ্থত প্ৰতিৰক্ষা মন্ত্ৰালয়ে বিগত কেইবছৰমানৰ পৰা বাৰে বাৰে অস্ত্ৰ-শস্ত্ৰ আৰু সামৰিক সামগ্ৰীৰ আমদানি কৰ্তন কৰিছে। কিন্তু আন্তঃৰাষ্ট্ৰীয় বাতৰি অনুসৰি ৰাছিয়াৰ সৈতে যুদ্ধত লিপ্ত হোৱা ইউক্ৰেইনে যোৱা চাৰি বছৰত যিমান অস্ত্ৰ আমদানি কৰিছে, সেয়া শান্তিত থকা ভাৰতে আমদানি কৰা অস্ত্ৰৰ ওচৰা ওচৰি!

ছুইডেনৰ প্ৰতিৰক্ষা সমীক্ষা সংস্থা ষ্টকহ’ম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠান (SIPRI)ৰ শেহতীয়া প্ৰতিবেদনত দেখা গৈছে যে ২০২০ চনৰ পৰা ২০২৪ চনৰ ভিতৰত বিশ্বৰ মুঠ অস্ত্ৰ ক্ৰয়ৰ ৮.৩ শতাংশ ভাৰতে ক্ৰয় কৰিছে। কিন্তু শতাংশ হিচাপত এই হাৰ পূৰ্বৰ চাৰি বছৰৰ তুলনাত কিছু কম। ২০১৫ চনৰ পৰা ২০১৯ চনৰ ভিতৰত বিশ্বৰ অস্ত্ৰ আমদানিৰ বজাৰত ভাৰতৰ ‘অৱদান’ আছিল ৯.৩ শতাংশ। আনহাতে, ২০২০-২৪ চনত ভ’ল’ডিমাইৰ জেলেনস্কিৰ দেশখনে ৮.৯ শতাংশ অস্ত্ৰ আমদানিৰে প্ৰথম স্থান লাভ কৰে।

ছিপ্ৰিৰ প্ৰতিবেদনত বিশ্বৰ ১৬২খন দেশৰ ভিতৰত কাটাৰ, চৌদি আৰব আৰু পাকিস্তানে তৃতীয়, চতুৰ্থ আৰু পঞ্চম স্থান লাভ কৰিছে। অৰ্থনৈতিক মন্দাৱস্থাৰ সময়তো পাকিস্তানৰ অস্ত্ৰ আমদানি হ্ৰাস পোৱা নাই। বিগত চাৰি বছৰত বিশ্বৰ মুঠ অস্ত্ৰ আমদানিৰ ৫.৩ শতাংশই তেওঁলোকৰ ভাগ আছিল। আনহাতে, নব্বৈৰ দশকৰ পিছত প্ৰথমবাৰৰ বাবে চীন বিশ্বৰ শীৰ্ষ ১০ খন অস্ত্ৰ আমদানিকাৰক দেশৰ ভিতৰত স্থান লাভ কৰা নাই। অৱশ্যে ছি জিনপিঙৰ দেশৰ প্ৰতিৰক্ষা বাজেট ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ইয়াৰ অৰ্থ হ’ল চীন সঁচাকৈয়ে প্ৰতিৰক্ষা উৎপাদনত ‘আত্মনিৰ্ভৰশীল’ হৈ পৰিছে।

ভাৰতক অস্ত্ৰ বিক্ৰীৰ ক্ষেত্ৰত এতিয়াও শীৰ্ষত আছে ৰাছিয়া। ২০২০-২৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰকাৰে ক্ৰয় কৰা অস্ত্ৰ-শস্ত্ৰৰ ভিতৰত ৩৮ শতাংশ ভ্লাদিমিৰ পুটিনৰ দেশৰ পৰা আহিছিল। কিন্তু প্ৰতিৰক্ষা খণ্ডত নতুন দিল্লীৰ মস্কোৰ ওপৰত নিৰ্ভৰশীলতা ক্ৰমান্বয়ে কমি আহিছে। ২০১৫-১৯ বৰ্ষৰ পৰা ভাৰতৰ মুঠ অস্ত্ৰ ক্ৰয়ৰ ৫৫ শতাংশই ৰাছিয়াৰ পৰা আহিছিল। যোৱা চাৰি বছৰত ভাৰতে অস্ত্ৰ ৰপ্তানিত দ্বিতীয় ইজৰাইল (৩৪ শতাংশ) আৰু ফ্ৰান্স (২৮ শতাংশ) অস্ত্ৰ ৰপ্তানি কৰে। আনহাতে, ২০২০ চনৰ পৰা ২০২৪ চনলৈকে বিশ্বৰ পাঁচখন বৃহৎ অস্ত্ৰ ৰপ্তানিকাৰক দেশ হ’ল আমেৰিকা, ফ্ৰান্স, ৰাছিয়া, চীন, আৰু জাৰ্মানী।

Sunday, March 9, 2025

উৰিষ্যাত ১০ বাংলাদেশী গ্ৰেপ্তাৰ

উৰিষ্যাত ১০ বাংলাদেশী গ্ৰেপ্তাৰ

 উৰিষ্যাত ১০ বাংলাদেশী গ্ৰেপ্তাৰ

নেচনেল ডেস্ক, ৯মাৰ্চঃ স্থানীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি দেওবাৰে উৰিষ্যা আৰক্ষীৰ অপৰাধ দমন শাখাৰ বিশেষ টাস্ক ফ’ৰ্চৰ সদস্যই ১০ জন বাংলাদেশী লোকক উৰিষ্যাৰ ৰাজধানী ভুৱনেশ্বৰ ৰে’ল ষ্টেচনত অভিযান চলাই গ্ৰেপ্তাৰ কৰে ।  

আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চৰ সদস্যই গ্ৰেপ্তাৰ কৰা ১০ জন বাংলাদেশীৰ ভিতৰত আছে ৬ জন পুৰুষ, তিনিগৰাকী মহিলা, আৰু এটা শিশু। দেওবাৰে পুৱা ভুৱনেশ্বৰ ৰেলৱে ষ্টেচনৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে তেওঁলোকৰ লগত কোনো বৈধ নথি-পত্ৰ পোৱা নাই বুলি জানিব লৈ দিয়ে। এই লোক কেই গৰাকীয়ে বিগত কিছুদিন ধৰি ভুৱনেশ্বৰ ৰেল ষ্টেচনত আছিল। এই সময়ত এছটিএফে অনুপ্ৰৱেশকাৰী বাংলাদেশীৰ পৰা ৭টা মোবাইল ফোন আৰু কিছু বাংলাদেশী মুদ্ৰা জব্দ কৰে।

 উৰিষ্যা আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে, ধৃত বাংলাদেশীসকলে অসমৰ ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল। পিছত তাৰ পৰাই তেওঁলোক  উৰিষ্যা পায় গৈ। 

কেইবা দিন ধৰি ভুৱনেশ্বৰ ৰেল ষ্টেচনত অবৈধভাৱে থকা বাংলাদেশী লোক কেইগৰাকীক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই গ্ৰেপ্তাৰ কৰে । উৰিষ্যা আৰক্ষীয়ে জনোৱা মতে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

পুনৰ উত্তপ্ত মণিপুৰ: ১ নিহত, ২৭ নিৰাপত্তাৰক্ষীসহ ৪৩ জন আহত

পুনৰ উত্তপ্ত মণিপুৰ: ১ নিহত, ২৭ নিৰাপত্তাৰক্ষীসহ ৪৩ জন আহত

 পুনৰ উত্তপ্ত মণিপুৰ: ১ নিহত, ২৭ নিৰাপত্তাৰক্ষীসহ ৪৩ জন আহত

বি. চি ডেস্ক, ৯মাৰ্চঃ ইম্ফল আৰু পাহাৰীয়া জিলাৰ মাজত বাছ সেৱা পুনৰ আৰম্ভ কৰাৰ বিৰোধিতা কৰি কুকি-জো জনজাতীয় সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে বিভিন্ন জিলাত সংঘটিত হোৱা সংঘৰ্ষত এজন প্ৰতিবাদকাৰী নিহত হোৱাৰ বিপৰীতে ২৭ জন নিৰাপত্তাৰক্ষীসহ কমেও ৪৩ জন লোক আহত হয়।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰত মুক্ত চলাচল সুনিশ্চিত কৰিবলৈ দিয়া নিৰ্দেশৰ এসপ্তাহ পিছতে পুনৰ ৰাজ্যখনত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। মণিপুৰৰ কাংপকপি জিলাত প্ৰশাসনে ইম্ফলৰ পৰা কাংপকপি জিলা হৈ সেনাপতিলৈ আৰু ইম্ফলৰ পৰা বিষ্ণুপুৰ হৈ চুৰাচান্দপুৰলৈ বাছ সেৱা পুনৰ আৰম্ভ কৰাৰ পিছতে শনিবাৰে পুনৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় বুলি সূত্ৰই প্ৰকাশ কৰিছে।

নিৰাপত্তা বাহিনী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত এজন প্ৰতিবাদকাৰী নিহত হোৱাৰ বিপৰীতে ২৭ জন নিৰাপত্তাৰক্ষীসহ কমেও ৪৩ জন লোক আহত হয়। নিহত লোকজন লালগৌথাং চিংচিট বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, কিথেলমেনবিত সংঘৰ্ষৰ সময়ত ৩০ বছৰীয়া চিংচিট গুলীবিদ্ধ হয় আৰু চিকিৎসালয়লৈ নিয়াৰ সময়তে তেওঁৰ মৃত্যু হয়।

কাংপকপিৰ একাংশ গাঁৱৰ স্বেচ্ছাসেৱকে লাঠি-শিলেৰে পথ অৱৰোধ কৰে। এখন বাছত অগ্নিসংযোগ কৰাৰ খবৰো পোৱা গৈছে, যাৰ ফলত স্থানীয় লোক আৰু আইন-শৃংখলা বজাই ৰাখিবলৈ নিয়োজিত নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিৰাপত্তাৰক্ষীয়ে লাঠিচালনা কৰিব লগীয়া হোৱাত কেইবাজনো গাঁৱৰ স্বেচ্ছাসেৱক আহত হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ কৰে।

স্থানীয় ৰাইজে সংঘৰ্ষৰ ভিডিঅ’ কৰি ছ’চিয়েল মিডিয়াত আপলোড কৰে। ভিডিঅ’বোৰত দেখা গৈছে যে কিছুমান বাছত অগ্নিসংযোগ কৰাৰ লগতে কাঠ-শিলেৰে পথ অৱৰোধ কৰা হৈছে। বৰ্তমানলৈ কোনো সংবাদ মাধ্যমে এই ভিডিঅ'ৰ সত্যতা নিশ্চিত কৰা নাই।

শুকুৰবাৰে মণিপুৰৰ মুখ্য সচিবে জাৰি কৰা এক বিবৃতিত মণিপুৰত ৮ মাৰ্চ শনিবাৰৰ পৰা বাছ সেৱা আৰম্ভ হ’ব বুলি ঘোষণা কৰে। কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীয়ে বাছ সেৱালৈ নিৰাপত্তাৰক্ষীৰ এস্কৰ্টৰ ব্যৱস্থা কৰিব বুলিও উল্লেখ কৰা হয়। বাছসেৱা ইম্ফল-কাংপোকপি-সেনাপতি, সেনাপতি-কাংপোকপি-ইম্ফল, ইম্ফল-বিষ্ণুপুৰ-চুৰাচান্দপুৰ আৰু চুৰাচান্দপুৰ-বিষ্ণুপুৰ-ইম্ফল পথত চলাচল কৰিব। কোনোবাই এই সেৱাত বাধা সৃষ্টি কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সচিবগৰাকীয়ে সকীয়াই দিয়ে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ১ মাৰ্চত মণিপুৰৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা কৰি ৰাজ্যৰ ৰাজপথত সকলোৰে মুক্ত চলাচল নিশ্চিত কৰিবলৈ নিৰাপত্তা বাহিনীক নিৰ্দেশ দিছিল। গৃহমন্ত্ৰীয়ে ৮ মাৰ্চৰ ভিতৰত পুনৰ মুক্ত চলাচল আৰম্ভ কৰিবলৈ নিৰ্দেশনা দিয়ে। ইয়াৰ পিছত প্ৰশাসনে মণিপুৰ ৰাজ্যিক পৰিবহণৰ (এম এছ টি) বাছসমূহ ডাঙৰ ডাঙৰ পথত চলাবলৈ আৰম্ভ কৰে।

এই ঘটনাৰ পাছত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে সুৰক্ষা ব্যৱস্থা অধিক কঠোৰ কৰাৰ সিদ্ধান্ত লৈছে। অঞ্চলটোৰ মুখ্য স্থানসমূহত অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে যাতে পুনৰ এনে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি নহয়। ৰাষ্ট্ৰীয় ঘাইপথৰ কিছুমান অংশত সিসিটিভি সংস্থাপন কৰাৰ লগতে সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ অধিক চকী স্থাপন কৰিছে।

এই ঘটনাৰ পিচৰে পৰা স্থানীয় জনসাধাৰণৰ মাজত উদ্বেগ বৃদ্ধি পাইছে, বিশেষকৈ যাতায়াত ব্যৱস্থাৰ অবনতিৰ বাবে বহু লোক অসন্তুষ্ট। অঞ্চলটোৰ ৰাজনৈতিক নেতা আৰু সমাজৰ বিশিষ্ট ব্যক্তি সকলে সকলো পক্ষক শান্তি বজাই ৰাখিবলৈ আহ্বান জনাইছে। চৰকাৰে লগতে কয় যে মণিপুৰত শান্তি আৰু স্থায়িত্ব আনিবলৈ সকলো প্ৰয়াস চলোৱা হ'ব।

ইতিমধ্যে, স্থানীয় চৰকাৰ আৰু কেন্দ্ৰীয় বাহিনীৰ মাজত এক উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হৈছে, য’ত সামৰিক বাহিনী, আৰক্ষী অধীক্ষকসকল আৰু অন্যান্য উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে। বৈঠকত সিদ্ধান্ত লোৱা হয় যে, অহা দিনবোৰত অধিক সেনা মোতায়েন কৰি সম্পূৰ্ণ এলেকাত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হ'ব। প্রশাসনৰ তৰফৰ পৰা স্থানীয় ৰাইজক শান্তি বজাই ৰাখিবলৈ আহ্বান জনোৱা হৈছে, লগতে যিকোনো সন্দেহযুক্ত ঘটনাৰ খবৰ সঠিক সময়ত প্রশাসনক জনাবলৈ অনুৰোধ কৰা হৈছে।


Friday, March 7, 2025

আৰক্ষীয়ে বাক স্বাধীনতাক বুজিব লাগিবঃ উচ্চতম ন্যায়ালয়

আৰক্ষীয়ে বাক স্বাধীনতাক বুজিব লাগিবঃ উচ্চতম ন্যায়ালয়

আৰক্ষীয়ে বাক স্বাধীনতাক বুজিব লাগিবঃ উচ্চতম ন্যায়ালয়

নেচনেল ডেস্ক, ৭মাৰ্চঃ সংবিধান গৃহীত হোৱাৰ ৭৫ বছৰৰ পাছত আৰক্ষীয়ে বাক আৰু মত প্ৰকাশৰ স্বাধীনতাক এতিয়া হ’লেও অন্তত বুজিব লাগিব। সোমবাৰে কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ ইমৰাণ প্ৰতাপগড়ীৰ বিৰুদ্ধে এক গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে এই মন্তব্য কৰে।

কংগ্ৰেছৰ সাংসদ ইমৰাণ প্ৰতাপগড়ীৰ বিৰুদ্ধে উচটনিমূলক গীতত অংশগ্ৰহণ কৰাৰ অভিযোগত এফআইআৰ দাখিল কৰা হয়। ৰাজ্যসভাৰ সাংসদগৰাকীয়ে এফআইআৰ বাতিলৰ বাবে আবেদন দাখিল কৰে। ন্যায়াধীশ অভয় এছ ওকা আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠে সংবিধানৰ ১৯(১)(ক) অনুচ্ছেদৰ অধীনত বাক আৰু মত প্ৰকাশৰ স্বাধীনতাৰ মৌলিক অধিকাৰ সুৰক্ষিত কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। ন্যায়াধীশ ওকাই কয়, “যেতিয়া বাক আৰু মত প্ৰকাশৰ স্বাধীনতাৰ কথা আহে, তেতিয়া ইয়াক সুৰক্ষিত কৰিব লাগিব।” তেওঁলোকে অন্ততঃ পঢ়িব আৰু বুজিব লাগে (সংবিধানৰ অনুচ্ছেদ)। "সংবিধানৰ পঁচাত্তৰ বছৰৰ পাছত অন্ততঃ আৰক্ষীয়ে এতিয়া বাক আৰু মত প্ৰকাশৰ স্বাধীনতাক বুজিব লাগিব।"

কংগ্ৰেছৰ সাংসদ ইমৰান প্ৰতাপগড়ীয়ে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰিছিল। ভিডিঅ’টোৰ পটভূমি আছিল এটা কবিতা পাঠ। সেই কবিতাটোক লৈ বিতৰ্ক আৰম্ভ হৈছিল। ধৰ্মীয় আৱেগক আঘাত কৰা আৰু সাম্প্ৰদায়িক উত্তেজনা বিয়পোৱাৰ অভিযোগত সাংসদগৰাকীৰ বিৰুদ্ধে গুজৰাট আৰক্ষীয়ে এফআইআৰ ৰুজু কৰিছিল। ইয়াৰ পিছতে কংগ্ৰেছৰ সাংসদ ইমৰানে এফআইআৰ খাৰিজ কৰাৰ দাবীত গোচৰ তৰে। সোমবাৰে উচ্চতম ন্যায়ালয়ে গোচৰৰ শুনানি গ্ৰহণ কৰি ৰায়দান স্থগিত ৰাখে।

ন্যায়াধীশ ওকাই উল্লেখ কৰে যে ই ‘শেষত এটা কবিতা’ আৰু আচলতে ই অহিংসাৰ প্ৰচাৰ কৰিছিল। ন্যায়াধীশ ওকাই কয়, “অনুবাদৰ কিছু সমস্যা হোৱা যেন লাগে।” এইটো কোনো ধৰ্মৰ বিৰোধী নহয়। এই কবিতাটোৱে পৰোক্ষভাৱে কৈছে যে কোনোবাই হিংসাত লিপ্ত হ’লেও আমি হিংসাত লিপ্ত নহ’ম। এই বাৰ্তা কবিতাটোৰ জৰিয়তে প্ৰকাশ কৰা হৈছে। "এয়া কোনো বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে নহয়।"

সোমবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অভয় এছ ওকা আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাৰ বিচাৰপীঠে ইয়াৰ শুনানি গ্ৰহণ কৰে। আইনী সংবাদ ৱেবছাইটৰ এক প্ৰতিবেদন অনুসৰি দুগৰাকী ন্যায়াধীশৰ বিচাৰপীঠৰ মৌখিক পৰ্যবেক্ষণে ইংগিত দিছিল যে কবিতাটোৰ কোনো জাতীয় বিৰোধী কাৰ্যকলাপৰ সৈতে কোনো সম্পৰ্ক নাই। তেওঁ কি বুজাব বিচাৰিছে আৰক্ষীয়ে বুজিব লাগে। ন্যায়াধীশ ওকাই লগতে কয় যে এফআইআৰ পঞ্জীয়নৰ ক্ষেত্ৰত আৰক্ষীৰ সংবেদনশীলতাৰ অভাৱ আছিল।


Thursday, February 20, 2025

 যিয়ে যি লুটি নিছে সাত দিনৰ ভিতৰত ঘূৰাই দিয়ক, ৰাষ্ট্ৰপতিৰ শাসনৰ পিচত মণিপুৰৰ ৰাজ্যপালৰ নিৰ্দেশ

যিয়ে যি লুটি নিছে সাত দিনৰ ভিতৰত ঘূৰাই দিয়ক, ৰাষ্ট্ৰপতিৰ শাসনৰ পিচত মণিপুৰৰ ৰাজ্যপালৰ নিৰ্দেশ

 যিয়ে যি লুটি নিছে সাত দিনৰ ভিতৰত ঘূৰাই দিয়ক, ৰাষ্ট্ৰপতিৰ শাসনৰ পিচত মণিপুৰৰ ৰাজ্যপালৰ নিৰ্দেশ

নেচনেল ডেস্ক, ২০ফেব্ৰুৱাৰীঃ মণিপুৰত বলবৎ হৈছে ৰাষ্ট্ৰপতিৰ শাসন। ইফালে ৰাজ্যপাল অজয় ​​ভল্লাই লুট কৰা সকলো অস্ত্ৰ-শস্ত্ৰ ঘূৰাই দিয়াৰ নিৰ্দেশ দিয়ে। লুণ্ঠন কৰা অস্ত্ৰ-শস্ত্ৰ ৭ দিনৰ ভিতৰত ঘূৰাই দিব লাগিব বুলিও তেওঁ কয়। তেনে নকৰিলে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। এই সময়ছোৱাত থানাত অবৈধ অস্ত্ৰ-শস্ত্ৰ জমা দিয়াসকলৰ বিৰুদ্ধে কোনো অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা নহব বুলিও ৰাজ্যপালগৰাকীয়ে জানিবলৈ দিয়ে।

ৰাষ্ট্ৰপতিৰ শাসনকালত মণিপুৰৰ দায়িত্ব চম্ভালিব ৰাজ্যপালগৰাকীয়ে। বৃহস্পতিবাৰে তেওঁ ৰাজ্যৰ সকলো সম্প্ৰদায়কে এক বাৰ্তা প্ৰদান কৰে। এক বিবৃতিত ৰাজ্যপালগৰাকীয়ে লিখিছে, "মণিপুৰৰ পৰিস্থিতি স্বাভাৱিক কৰিব লাগিব।" এনে ব্যৱস্থা কৰিব লাগিব যাতে মানুহে স্বাভাৱিক জীৱন যাপন কৰিব পাৰে। ইয়াৰ বাবে সকলো সম্প্ৰদায় আগবাঢ়ি আহিব লাগিব। শত্ৰুতা মনত ৰাখিলে কাম নহব। "শান্তি বজাই ৰাখিব লাগিব।

ৰাজ্যপালগৰাকীয়ে আৰু কয়, "২০ মাহতকৈ অধিক সময় ধৰি মণিপুৰৰ জনসাধাৰণে অস্থিৰ পৰিস্থিতিত কটাবলগীয়া হৈছে।" মানুহৰ জীৱন কঠিন হৈ পৰিছে। সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট হৈছে। সকলো সম্প্ৰদায়ৰ লোকক স্বেচ্ছাই আগবাঢ়ি আহি ওচৰৰ আৰক্ষী থানাত অবৈধ অস্ত্ৰ জমা দিবলৈ অনুৰোধ জনালোঁ। আগন্তুক সাত দিনৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰক। বৃহস্পতিবাৰৰ পৰা ৭ দিন গণনা কৰা হব। "আপোনাৰ পদক্ষেপ মণিপুৰত শান্তি ঘূৰাই অনাৰ ক্ষেত্ৰত অতি ফলপ্ৰসূ হ'ব।" ৭ দিনৰ পাছত অবৈধ অস্ত্ৰ ৰখাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হব।

ৰাজ্য তথা বিদেশ বাসীৰ হেঁচাত বীৰেণ সিঙে মণিপুৰৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে। ইয়াৰ পিছত বিজেপিয়ে নিৰ্দিষ্ট সময়ৰ ভিতৰত নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিবলৈ সক্ষম নহল। ফলত ১৩ ফেব্ৰুৱাৰীত মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়া হয়।

 

Wednesday, February 19, 2025

‘প্ৰথমে শেষ হওক উচ্চতম ন্যায়ালয়ৰ শুনানি’, এতিয়াই ৰাজীৱ কুমাৰৰ উত্তৰাধিকাৰী বিচৰাৰ বিৰোধিতা কংগ্ৰেছৰ

‘প্ৰথমে শেষ হওক উচ্চতম ন্যায়ালয়ৰ শুনানি’, এতিয়াই ৰাজীৱ কুমাৰৰ উত্তৰাধিকাৰী বিচৰাৰ বিৰোধিতা কংগ্ৰেছৰ

প্ৰথমে শেষ হওক উচ্চতম ন্যায়ালয়ৰ শুনানি’, এতিয়াই ৰাজীৱ কুমাৰৰ উত্তৰাধিকাৰী বিচৰাৰ বিৰোধিতা কংগ্ৰেছৰ


নেচনেল ডেস্ক, ১৮ফেব্ৰুৱাৰীঃ মঙলবাৰে অৱসৰ লব মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে।ৰাজীৱ কুমাৰৰ উত্তৰসূৰি মনোনীত কৰাৰ বাবে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত তিনিজনীয়া নিযুক্তি সমিতিৰ বৈঠকত অনুস্থিত হয়। যাৰ এজন অন্যতম সদস্য হৈছে লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধী। কিন্তু বুধবাৰে উচ্চতম ন্যায়ালয়ত ইয়াৰ সৈতে জড়িত এটা গোচৰৰ শুনানি চলি থকাৰ বাবে এই নিযুক্তি প্ৰক্ৰিয়া স্থগিত ৰখাৰ দাবী জনায় কংগ্ৰেছে
সোমবাৰে নিশা কংগ্ৰেছ নেতা অজয় ​​মাকেনে কয় যে আজি চিইচিৰ মনোনয়ন সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। কংগ্ৰেছে বিশ্বাস কৰে যে আজিৰ বৈঠক স্থগিত কৰা উচিত আছিল কাৰণ উচ্চতম ন্যায়ালয়ত যিহেতুকে এই সন্দৰ্ভত চলি থকা গোচৰৰ শুনানি ১৯ ফেব্ৰুৱাৰীত হসূত্ৰই জনোৱা মতে, ৰাজীৱৰ উত্তৰাধিকাৰী হিচাপে নিৰ্বাচন আয়ুক্ত দুজনৰ মাজৰ পৰা কেন্দ্ৰই জ্যেষ্ঠজ্ঞানেশ কুমাৰক বাছি লৈছে। তেওঁৰ নামো অনুমোদনৰ বাবে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ প্ৰেৰণ কৰা হৈছে।
এনে পৰিস্থিতিত কংগ্ৰেছে অভিযোগ কৰিছে যে মোডী চৰকাৰে নিৰ্বাচন আয়োগক নিয়ন্ত্ৰণ ৰখাৰ ক্ষেত্ৰত সক্ৰিয় হৈ পৰিছে। প্ৰসংগক্ৰমে ২০২৩ চনৰ মাৰ্চ মাহত উচ্চতম ন্যায়ালয়ে দেশত নিৰ্বাচন আয়ুক্ত নিযুক্তি দিয়াৰ বাবে এখন কমিটীয়ে কৰিব বুলি নিৰ্দেশ দিছিল। এই সমিতিৰ সদস্য হব উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, প্ৰধানমন্ত্ৰী, বিৰোধী দলৰ নেতা। উচ্চতম ন্যায়ালয়ৰ এই পদক্ষেপক বিৰোধী দলসমূহে ঐতিহাসিকবুলি অভিহিত কৰিছিলকিন্তু মোডী চৰকাৰে সেই বছৰ সংসদৰ শীতকালীন অধিৱেশনত মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত’ (নিযুক্তি, সেৱাৰ চৰ্ত আৰু কাৰ্যকালৰ চৰ্ত) বিধেয়ক, ২০২৩গৃহীত কৰি প্ৰস্তাৱিত সমিতিৰ পৰা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ নাম আঁতৰাই নিযুক্তি সমিতিত প্ৰধানমন্ত্ৰীক প্ৰতিনিধিত্ব কৰা এজন কেন্দ্ৰীয় মন্ত্ৰীৰ নাম সন্নিবিষ্ট কৰিছিল। কেন্দ্ৰৰ এই পদক্ষেপক প্ৰত্যাহ্বান জনাই দাখিল কৰা গোচৰটো এতিয়া উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। তাৰ শুনানি হ বুধবাৰে। 

Thursday, February 13, 2025

আৰ এছ এছে ১৫০ কোটিৰে নিৰ্মাণ কৰিলে মুখ্য কাৰ্যালয়! তিনিটা বহুমহলীয়া অট্টালিকাত থাকিব প্রেক্ষাগৃহ, চিকিৎসালয়, কেতিয়া হ’ব উদ্বোধন?

আৰ এছ এছে ১৫০ কোটিৰে নিৰ্মাণ কৰিলে মুখ্য কাৰ্যালয়! তিনিটা বহুমহলীয়া অট্টালিকাত থাকিব প্রেক্ষাগৃহ, চিকিৎসালয়, কেতিয়া হ’ব উদ্বোধন?

 আৰ এছ এছে ১৫০ কোটিৰে নিৰ্মাণ কৰিলে মুখ্য কাৰ্যালয়! তিনিটা বহুমহলীয়া অট্টালিকাত থাকিব প্রেক্ষাগৃহ, চিকিৎসালয়, কেতিয়া হব উদ্বোধন?

নেচনেল ডেস্ক, ১৩ফেব্ৰুৱাৰীঃ দিল্লীৰ ঝাণ্ডেনৱালত থকা আৰ এছ এছৰ মুখ্য কাৰ্যালয় কেশৱ কুঞ্জে নতুন ৰূপ পালে। ৫ লক্ষ বৰ্গফুট এলেকাত গড় দিয়া হৈছে তিনিটা ১২ মহলীয়া সুউচ্চ অট্টালিকাসাধনা, প্ৰেৰণা আৰু অৰ্চনা। সংঘই জনাইছে যে নতুন মুখ্য কাৰ্যালয় নিৰ্মাণৰ বাবে মুঠ ব্যয় হৈছে ১৫০ কোটি টকা।

আৰ এছ এছৰ তৰফৰ পৰা জনোৱা মতে, ১৯ ফেব্ৰুৱাৰীত শিৱাজী জয়ন্তীৰ দিনা নতুন ভৱনটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব, আৰ এছ এছৰ মুৰব্বী (সৰসংঘচালক) মোহন ভাগৱত আৰু সাধাৰণ সম্পাদক (চৰকাৰী পৰিক্ৰমা) দত্তত্ৰেয় হোছাভোলে। ভাৰতীয় পৰম্পৰা আৰু সাংস্কৃতিক ধাৰা অনুসৰি নিৰ্মিত এই কাৰ্যালয়ৰ পৰা সংঘৰ দৈনন্দিন কাম-কাজ পৰিচালনা কৰাৰ লগতে নেতা-কৰ্মীসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা থাকিব। বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা আৰু কৰ্মশালাৰ আয়োজন কৰা হব।

নৰেন্দ্ৰ মোডী-অমিত শ্বাহৰ ৰাজ্য গুজৰাটৰ স্থপতিবিদ অনুপ ডেভে গুজৰাটী আৰু ৰাজস্থানী শৈলীৰ সংমিশ্ৰণেৰে আৰ এছ এছৰ মুখ্য কাৰ্যালয়ৰ নকচা তৈয়াৰ কৰিছে। চাৰি একৰতকৈ অধিক মাটিত নিৰ্মিত মুখ্য কাৰ্যালয়ৰ ৪৬৩ জনীয়া ভিআইপি প্ৰেক্ষাগৃহৰ নাম সংঘৰ শাখা বিশ্ব হিন্দু পৰিষদৰ প্ৰয়াত নেতা অশোক সিংঘলৰ নামেৰে নামাকৰণ কৰা হৈছে। আশীৰ দশকত তেওঁৰ নেতৃত্বত প্ৰথমে আৰম্ভ হৈছিল ৰাম মন্দিৰ আন্দোলন।আছে ৬০০ আসনৰ আন এটি সুকীয়া প্ৰেক্ষাগৃহ। তিনিওটা অট্টালিকাত থাকিব সংঘৰ বিভিন্ন শাখাৰ কার্যালয় আৰু স্বয়ংসেৱক আৰু প্রচাৰকসকলৰ বাবে থকাৰ ব্যৱস্থা৷ ইয়াৰ উপৰিও তাত থাকিব চিকিৎসালয়, দাতব্য চিকিৎসালয়, আৰু পাঠাগাৰ ।মুঠৰ ওপৰত দীনদয়াল উপাধ্যায় মাৰ্গত বিজেপিৰ মুখ্য কাৰ্যালয়কো অতিক্ৰম কৰিছে আৰএছএছৰ কেশৱ কুঞ্জাই।

বিনামূলীয়া ৰেচনৰ ৰাজনীতিয়ে সৃষ্টি কৰিছে পৰজীৱী শ্ৰেণীৰঃ উচ্চতম ন্যায়ালয়ৰ গৰিহণা

বিনামূলীয়া ৰেচনৰ ৰাজনীতিয়ে সৃষ্টি কৰিছে পৰজীৱী শ্ৰেণীৰঃ উচ্চতম ন্যায়ালয়ৰ গৰিহণা

বিনামূলীয়া ৰেচনৰ ৰাজনীতিয়ে সৃষ্টি কৰিছে পৰজীৱী শ্ৰেণীৰঃ উচ্চতম ন্যায়ালয়ৰ গৰিহণা

নেচনেল ডেস্ক, ১৩ফেব্ৰুৱাৰীঃ ভোটৰ বতৰৰ আগমনৰ লগে লগে আৰম্ভ হয় ৰাজনৈতিক দলসমূহৰ প্ৰতিশ্ৰুতিৰ বৰষুণ । ৰাজনৈতিক নেতাসকলে প্ৰতিশ্ৰুতিৰ ফুলৰ থোপা লৈ গাঁৱৰ পৰা আৰম্ভ কৰি মানুহৰ ঘৰে ঘৰে গৈ মানৱ সেৱাৰ চং। ৰাজনৈতিক দলসমূহে বিনামূলীয়া বিদ্যুৎ, বিনামূলীয়া ৰেচন, হাতে হাতে নগদ ধন দিয়াৰ ঘোষণা কৰিবলৈ হেতাওপৰা লগায়। এইবাৰ উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী ভোট ৰাজনীতিত বিনামূলীয়া সেৱা প্ৰদানৰ দৰে প্ৰতিশ্ৰুতি দিয়া কাৰ্যক তীব্ৰ গৰিহণা দিয়ে।



কালি উচ্চতম ন্যায়ালয়ে চহৰ অঞ্চলৰ গৃহহীন লোকৰ আশ্ৰয়ৰ অধিকাৰ সম্পৰ্কীয় এক গোচৰৰ শুনানি গ্ৰহণ কৰে।শুনানি গ্ৰহণ কালত ন্যায়াধীশ বি আৰ গাভাই আৰু অগাস্টিন জৰ্জ মাছিৰ বিচাৰপীঠে লক্ষ্য কৰে যে মানুহে আৰু কঠোৰ পৰিশ্ৰম কৰিবলৈ ইচ্ছুক নহয় কাৰণ তেওঁলোকে বিনামূলীয়া ৰেচনৰ পৰা আৰম্ভ কৰি হাতত নগদ ধন লাভ কৰি আহিছে। ইয়াৰ পিচত ন্যায়াধীশ বি আৰ গাভাইয়ে তীব্র  ক্ষোভ প্ৰকাশ কৰি  কয়, "নিৰ্বাচন আহিলেই বিনামূলীয়া ৰেচন আৰু ধন ঘোষণা কৰা হয়।" দুৰ্ভাগ্যজনকভাৱে এই সকলোবোৰৰ বাবেই মানুহে কঠোৰ পৰিশ্ৰম কৰিব নিবিচাৰে। বিনামূলীয়া ৰেচন পোৱা গৈছে, কাম নকৰাকৈয়ে ধন লাভ কৰা হৈছে। এই সকলোবোৰৰ পৰিৱৰ্তে দুখীয়া মানুহক সমাজৰ মূলসুঁতিৰ লগত একত্ৰিত কৰাটো ভাল । ফলস্বৰূপে তেওঁলোকেও দেশৰ উন্নয়নত অংশ লব পাৰিব। "আমি পৰজীৱী শ্ৰেণী এটা সৃষ্টি কৰা নাই নেকি?"

ইফালে, মহানগৰীৰ গৃহহীন লোকৰ বাবে কেতিয়া আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰা হব সেই বিষয়ে অৱগত কৰিবলৈ উচ্চতম ন্যায়ালয়ে এটৰ্নী জেনেৰেলক নিৰ্দেশ দিছে। এই গোচৰৰ পৰৱৰ্তী শুনানি ছয় সপ্তাহৰ পিছত পুনৰ অনুষ্ঠিত হয়। 



Tuesday, February 11, 2025

 ৰাষ্ট্ৰপতিৰ শাসনৰ দিশে মণিপুৰ! ভিতৰচ'ৰাত চলিছে জল্পনা-কল্পনা

ৰাষ্ট্ৰপতিৰ শাসনৰ দিশে মণিপুৰ! ভিতৰচ'ৰাত চলিছে জল্পনা-কল্পনা

 ৰাষ্ট্ৰপতিৰ শাসনৰ দিশে মণিপুৰ! ভিতৰচ'ৰাত চলিছে জল্পনা-কল্পনা

নেচনেল ডেস্ক, ১১ফেব্ৰুৱাৰীঃ মণিপুৰত সাম্প্ৰদায়িক হিংসা সংঘটিত হোৱাৰ প্ৰায় দুবছৰৰ পাছত দেওবাৰে নিশা মন্ত্ৰীসভাৰ লগতে  মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে বীৰেণ সিঙে। ৰাজ্যপাল অজয় ​​কুমাৰ ভল্লাই তেওঁৰ পদত্যাগ পত্ৰ মানি লৈছে যদিও বিকল্প ব্যৱস্থা নোহোৱা পৰ্যন্ত তেওঁক কাৰ্যভাৰ অব্যাহত ৰাখিবলৈ অনুৰোধ জনাইছে। ইফালে বীৰেন সিঙৰ পদত্যাগৰ পাছত বিজেপিৰ বাবে আটাইতকৈ ডাঙৰ কাম হল তেওঁৰ সলনি আন এজনক বিচাৰি উলিওৱা৷ যিহেতু মণিপুৰত কোনো দলৰ বিধায়কৰ সংখ্যাগৰিষ্ঠতা নাই, সেয়েহে মুখ্যমন্ত্ৰীৰ দায়িত্ব লব পৰাকৈ তাত কোনো উপযুক্ত নেতা নাই। তেনে ক্ষেত্ৰতে মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিব পাৰে। অৱশ্যে ৰাজনৈতিক ৰাজনৈতিক ভুৰখা মহলৰ এটা অংশই বিশ্বাস কৰে যে শীৰ্ষ নেতৃত্বই সংখ্যাগৰিষ্ঠতাৰ বাবে অপেক্ষা কৰিব পাৰে।



ইফালে, মণিপুৰত সংঘটিত ঘটনাৰ দায়িত্ব স্বীকাৰ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক পদত্যাগ কৰিবলৈ দাবী জনাইছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যসভাৰ কংগ্ৰেছ সাংসদ জয়ৰাম ৰমেশে। লগতে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অতি সোনকালে মণিপুৰ ভ্ৰমণ কৰিবলৈ দাবী জনায়।

২০২৩ চনৰ মেমাহৰ পৰা কুকি আৰু মেইটেইৰ মাজত হোৱা জাতিগত হিংসাৰ ফলত ২৫০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ লগতে হাজাৰ হাজাৰ লোক গৃহহীন হৈছে। বিৰোধীয়ে দীৰ্ঘদিন ধৰি মুখ্যমন্ত্ৰীক পদত্যাগ কৰিবলৈ দাবী জনাই আহিছে। কিন্তু ইয়াৰ পিছতো বীৰেণ সিং নিজৰ পদক বহাল ৰাখিল। কিন্তু দেওবাৰে পদত্যাগ কৰাৰ পিছত বিকল্প ব্যৱস্থা নোহোৱালৈকে মণিপুৰৰ প্ৰশাসনৰ দায়িত্বত থাকিব বীৰেন সিঙে। ইম্ফল ৰাজ ভৱনে জাৰি কৰা এক বিবৃতিত মণিপুৰৰ ৰাজ্যপাল অজয় ​​কুমাৰ ভল্লাই বীৰেন সিঙক কেয়াৰটেকাৰ মুখ্যমন্ত্ৰী হিচাপে কাম কৰিবলৈ নিৰ্দেশ দিছে। সূত্ৰ অনুসৰি দেওবাৰে নিশা দিল্লীত কেন্দ্ৰীয় চৰকাৰৰ এখন বৈঠক অনুষ্ঠিত কৰি মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে। কিছুমান প্ৰয়োজনীয় সিদ্ধান্তও ৰাজ্যপালক অৱগত কৰা হৈছে। কিন্তু যিহেতু দলটোৰ সংখ্যাগৰিষ্ঠ বিধায়কৰ সমৰ্থন লাভ কৰিব পৰা কোনো নেতা এতিয়াও নাই, গতিকে মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিব লগা হব পাৰে কেন্দ্ৰীয় চৰকাৰে। জানিব পৰা মতে ৰাজ্যপাল অজয় ​​কুমাৰ ভল্লাই কেইদিনমানৰ ভিতৰতে মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত বিতং প্ৰতিবেদন কেন্দ্ৰলৈ প্ৰেৰণ কৰিব। তাৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰপতিৰ শাসনৰ সিদ্ধান্ত লোৱা হব বুলি এক সূত্ৰত প্ৰকাশ।



জানিব পৰা মতে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি দিল্লীৰ পৰা উভতি অহা কেইঘণ্টামানৰ ভিতৰতে বীৰেণ সিঙে পদত্যাগ কৰাৰ সিদ্ধান্ত লয়। বীৰেণ সিঙৰ পদত্যাগে জনগোষ্ঠীৰ মাজত বিভাজন দূৰ কৰাৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিব বুলি শীর্ষ নেতৃত্বই আশা কৰিছে৷ একে সময়তে এই দীৰ্ঘদিনীয়া সংঘাতৰ স্থায়ী সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সদিচ্ছাও প্ৰকাশ পাব সচেতন মহলে আশা ব্যক্ত কৰছে।

ইফালে, চলিত সপ্তাহৰ আৰম্ভণিতে উচ্চতম ন্যায়ালয়ে সাম্প্ৰদায়িক হিংসাত উদগণি দিয়াৰ অভিযোগ উত্থাপন কৰি বীৰেন সিঙে ফাদিল কৰা অডিঅক্লিপৰ সত্যতা নিৰ্ণয় কৰিবলৈ কেন্দ্ৰীয় ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰৰ পৰা প্ৰমাণ বিচাৰিছিল। অধিবক্তা প্ৰশান্ত ভূষণক প্ৰতিনিধিত্ব কৰা কুকি অৰ্গেনাইজেশ্যন ফৰ হিউমেন ৰাইটছ ট্ৰাষ্টে এই বিষয়ত আদালতৰ তত্বাৱধানত এছ আই টিৰ তদন্তৰ দাবী জনায়। অডিঅলিক সন্দৰ্ভত ভূষণে কয় যে ক্লিপসমূহত বীৰেণ সিঙে কয় যে মেইটেই গোষ্ঠীক ৰাজ্য চৰকাৰৰ অস্ত্ৰ-শস্ত্ৰ লুটপাত কৰিবলৈ অনুমতি দিয়া হৈছে।



বীৰেণ সিঙৰ পদত্যাগৰ পিছত এতিয়া সকলোৰে দৃষ্টি মণিপুৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হব তাক লৈ। মণিপুৰৰ অধ্যক্ষ থকচোম সত্যব্ৰত সিং আৰু গ্ৰামোন্নয়ন আৰু পঞ্চায়তৰাজ মন্ত্ৰী যুমনাম খেমচান্দে মুখ্যমন্ত্ৰী পদৰ দৌৰত আছে বুলি জানিব পৰা গৈছে । সিঙৰ পদত্যাগৰ পূৰ্বে দুয়োকে দিল্লীলৈ মাতি অনা হৈছিল। আৰু আন এজন শক্তিশালী প্ৰতিদ্বন্দ্বী হৈছে কেবিনেট মন্ত্ৰী টি বিশ্বজিৎ সিং।

সংবিধানৰ ৩৫৬ নং অনুচ্ছেদ অনুসৰি সংসদৰ দুয়োটা সদনত ৰাষ্ট্ৰপতিৰ শাসন ঘোষণাৰ প্ৰস্তাৱ দাখিল কৰিব লাগিব। দুমাহৰ ভিতৰত এই কাম নকৰিলে ৰাষ্ট্ৰপতিৰ শাসনকালৰ ম্যাদ উকলি যাব। সূত্ৰ অনুসৰি কেন্দ্ৰই এতিয়া কিছু সময়ৰ অপেক্ষাত। কিন্তু উপযুক্ত মুখ্যমন্ত্ৰী বিচাৰি নোপোৱালৈকে ৰাষ্ট্ৰপতিৰ শাসন চাৰি-পাঁচ মাহলৈকে চলি থাকিব পাৰে।