Sunday, January 26, 2025

আইইডি বিস্ফোৰণৰে শক্তি প্ৰদৰ্শনঃ স্বীকাৰ আলফা স্বাধীনৰ

 

আইইডি বিস্ফোৰণৰে শক্তি প্ৰদৰ্শনঃ স্বীকাৰ আলফা স্বাধীনৰ

বি. চি ডেস্ক, ২৬ জানুৱাৰীঃ আজি সমগ্ৰ দেশে পালন কৰিছে গণৰাজ্য দিৱস ইয়াৰ মাজতে গুৱাহাটীৰ কেইবা স্থানত শুনিবলৈ পোৱা যায় বিস্ফোৰণৰ শব্দ। এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে আলফা (স্বা)য়ে। ৰাজ্যজুৰি উলহ-মালহেৰে গণৰাজ্য দিৱস উদযাপন কৰি থকাৰ সময়তে আজি  পুৱা গুৱাহাটীৰ বেহাৰবাৰী আৰু আই এছ বি টিৰ সমীপত বোমা বিস্ফোৰণৰ খবৰ আহে । বেহাৰবাৰীৰ ব্ৰক্ষ্মপুত্র বজাৰৰ সমীপত হোৱা বিস্ফোৰণটোৱে অঞ্চলটো কঁপাই যায় । এই বিস্ফোৰণৰ প্ৰসংগত আলফা স্বাধীনে মেইলযোগে নিজৰ স্থিতি স্পষ্ট কৰিছে । আলফা স্বাধীনে সদৰী কৰা অনুসৰি তেওঁলোকেই গুৱহাটীৰ দুই স্থানত আই ই ডি সংস্থাপন কৰিছিল আৰু ব্ৰক্ষ্মপুত্র বজাৰৰ সমীপৰটো বিস্ফোৰিত হৈছে । সংবাদ মাধ্যমলৈ মেইল যোগে দিয়া বিবৃতিত আলফা স্বাধীনে এই দায়িত্ব স্বীকাৰ কৰি কয় যে জনতাৰ কোনো হানি নোহোৱাকৈ এই সশস্ত্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে । অসমে হেৰুৱা স্বাধীনতা যেতিয়ালৈকে ঘূৰাই নাপায় তেতিয়ালৈকে এনে সশস্ত্ৰ প্ৰতিবাদ অব্যাহত থাকিব বুলিও বিবৃতিটোত উল্লেখ কৰে আলফা স্বাধীনে । লগতে আগন্তুক দিনত এনে প্ৰতিবাদ সৰ্বাত্মক ৰূপত হ'ব বুলিও হুংকাৰ প্ৰদান কৰে আলফা স্বাধীনে ।

বিবৃতিযোগে আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ সহকাৰী সম্পাদক দ্বিতীয় লেফটেনেণ্ট ঈশান অসমে কয়, "সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠনে প্ৰতি বছৰে ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰৰ তথা-কথিত স্বাধীনতা আৰু গণৰাজ্য দিৱস পালনৰ প্ৰতিবাদ কৰি আহিছে । উক্ত প্রতিবাদস্বৰূপে গুৱাহাটীৰ লালমাটি, ৰিহাবৰীকে আদি কৰি একাধিক স্থানত আই ই ডি বিস্ফোৰণেৰে প্ৰতিবাদ সাব্যস্ত কৰা হয় । সংগঠনৰ এই সশস্ত্ৰ প্ৰতিবাদ অসমৰ থলগিৰি জনগণৰ বিৰুদ্ধে তথা জনগণৰ জীৱনৰ ক্ষতি-বিঘিনিৰ বাবে নহয় । ই কেৱল ঔপনিৱেশিক শাসকৰ বাবে এক বার্তা বুলি কয়আলফা স্বাধীনৰ বিবৃতিটোত ।"

 

 


আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: