Sunday, March 9, 2025

সোমবাৰে বাজেট, মঙলবাৰে পুনৰ ল'ব ৯০০ কোটিৰ ঋণ

সোমবাৰে বাজেট, মঙলবাৰে পুনৰ ল'ব ৯০০ কোটিৰ ঋণ

বি. চি ডেস্ক, ৯মাৰ্চঃ বাজেট দাখিলৰ পিছদিনাই পুনৰ অসম চৰকাৰে ল'ব ঋণ । সোমবাৰে ৰাজ্যৰ বিত্তমন্ত্রী অজন্তা নেওগে বিধানসভাত ২০২৫-২৬ বৰ্ষৰ বাজেট দাখিল কৰিব। বাজেট দাখিলৰ ঠিক পিছদিনাই, অৰ্থাৎ মঙলবাৰে, ৰাজ্য চৰকাৰে পুনৰ ৯০০ কোটি টকাৰ ঋণ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

লক্ষণীয় যে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে প্রতিমাহে হাজাৰ হাজাৰ কোটি টকা ঋণ লৈ আহিছে। এই ধাৰাবাহিকতাই ৰাজ্যখনৰ বিত্তীয় ব্যৱস্থাপনাৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে।

চলিত মাহৰ ৪ মাৰ্চত ৰাজ্য চৰকাৰে ৯০০ কোটি টকাৰ ঋণ লোৱাৰ পিছত, পুনৰ ১১ মাৰ্চত সম পৰিমাণৰ ঋণ লোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ঋণ ২০ বছৰ মেয়াদী চৰকাৰী ষ্টক (ছিকিউৰিটি) নিলামৰ জৰিয়তে সংগ্ৰহ কৰা হ'ব। ইতিমধ্যে, চৰকাৰে এই ঋণ গ্ৰহণৰ বাবে ৰিজাৰ্ভ বেংকৰ ওচৰত প্ৰয়োজনীয় প্ৰস্তাৱ দাখিল কৰিছে বুলি জানিব পৰা গৈছে।

জানুৱাৰী মাহত ৰাজ্য চৰকাৰে দুটা পৰ্যায়ত মুঠ ১,০০০ কোটি টকাৰ ঋণ সংগ্ৰহ কৰিছিল। তাৰ পাছত, ফেব্ৰুৱাৰীত ৩,৬৫০ কোটি টকাৰ ঋণ লোৱা হৈছিল। এতিয়া, মাৰ্চ মাহত ৪ মাৰ্চ আৰু ১১ মাৰ্চত ৯০০ কোটি কৈ  মুঠ ১,৮০০ কোটি টকাৰ ঋণ সংগ্ৰহ হ'ব। চলিত বিত্তীয় বৰ্ষ সমাপ্ত হ'বলৈ হাতে-মুঠে কেই দিন মান বাকী থাকোতেই চৰকাৰখনে ঋণ গ্ৰহণৰ বাবে উঠি-পৰি লাগিছে ।

উল্লেখযোগ্য যে এডভান্টেজ আছাম ২.০ অনুষ্ঠিত হোৱাৰ পিছতে অসম চৰকাৰে দ্বিতীয়বাৰলৈ ঋণ গ্ৰহণৰ বাবে আগবাঢ়িছে। এইটো লক্ষ্যণীয় যে, চৰকাৰে ৪ মাৰ্চত ৯০০ কোটি টকাৰ ঋণ লোৱাৰ ঠিক পিছতে ১১ মাৰ্চত পুনৰ একে পৰিমাণৰ ঋণ সংগ্ৰহ কৰিব। ফলস্বৰূপে, কেৱল মাৰ্চ মাহতে ৰাজ্য চৰকাৰে লোৱা ঋণৰ মুঠ পৰিমাণ ১,৮০০ কোটি টকালৈ বৃদ্ধি পাব। এডভান্টেজ আছাম ২.০ অনুষ্ঠিত হোৱা ফেব্ৰুৱাৰীত চৰকাৰে ৩,৬৫০ কোটি টকাৰ ঋণ সংগ্ৰহ কৰিছিল। ইয়াৰ ফলত, বৰ্তমানে ৰাজ্য চৰকাৰৰ মুঠ ঋণৰ পৰিমাণ ১,৬৬,৮৫০ কোটি টকালৈ বৃদ্ধি পাইছে।

ফেব্ৰুৱাৰী মাহত তিনিবাৰকৈ ঋণ সংগ্ৰহ কৰা চৰকাৰ খনে মাৰ্চ মাহৰ প্ৰথমভাগত ১,৮০০ কোটি টকা ঋণ লোৱাৰ পিছত পুনৰ ঋণ ল'ব নেকি, সেই বিষয়ে কোনো নিশ্চয়তা নাই। ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত 'এডভান্টেজ আছাম ২.০' বিনিয়োগ সন্মিলনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে অসমত ৫.১৮ লাখ কোটি টকাৰ বিনিয়োগৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ হৈছে।

যদিহে মুখ্যমন্ত্রীৰ ঘোষণাৰ অনুসৰি অসমত প্ৰকৃতপক্ষে ৫.১৮ লাখ কোটি টকাৰ বিনিয়োগ হয়, তেন্তে ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থাত ব্যাপক উন্নতি হ’ব লাগিছিল। এই বিনিয়োগে অসমৰ সামগ্ৰিক বিত্তীয় পৰিস্থিতি সুদৃঢ় কৰাৰ লগতে চৰকাৰখনে বাৰম্বাৰ ঋণ ল'বলগীয়াৰ দৰে অৱস্থা কিয় হৈছে বুলি বিভিন্ন জনে প্ৰশ্ন উত্থাপন কৰিছে।

ইফালে, আগন্তুক বৰ্ষৰ বাবে সোমবাৰে ৰাজ্য চৰকাৰে বিধানসভাত বাজেট দাখিল কৰিব। ২০২৬ত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। তেনেস্থলত, বাজেটত বহু হিতাধিকাৰীমূলক আঁচনি অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে। চৰকাৰৰ এই বাজেট আৰু ঋণ গ্ৰহণৰ নীতি কিদৰে ৰাজ্যৰ সামগ্ৰিক অৰ্থনৈতিক ক্ষেত্ৰক প্ৰভাৱিত কৰিব, সেইটো সময়তে বুজিব পৰা যাব।

 


আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: