Showing posts with label প্ৰৱন্ধ. Show all posts
Showing posts with label প্ৰৱন্ধ. Show all posts

Wednesday, March 5, 2025

 কৱি নীলমণি ফুকনৰ কৱিতাৰ ইটো সিটো কথা

কৱি নীলমণি ফুকনৰ কৱিতাৰ ইটো সিটো কথা

 কৱি নীলমণি ফুকনৰ কৱিতাৰ ইটো সিটো কথা

ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

কৱি নীলমণি ফুকনৰ কৱিতা সাম্প্ৰতিক কৱিতাৰ জগতত বহুলভাৱে আলোচ্য বিষয়৷ তেওঁৰ কাৱ্য প্ৰতিভাই অসমীয়া কৱিতাক  সৰ্বভাৰতীয় কাৱ্যজগতত প্ৰতিষ্ঠা কৰিলে। তেওঁ জ্ঞানপীঠ পুৰষ্কাৰ পোৱাৰ সময়ত মনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল- “কাব্যৰ সাধাৰণ পঢ়ুৱৈ হিচাপে মোৰ কাব্যৰ সীমাবদ্ধতাৰ প্ৰতি মই সচেতন। খুব বেছি বাতৰি কাকতত মোৰ নামটো প্ৰচাৰ হ’ব। মানুহে জানিব এই নামেৰে এজন লোক আছে।” ইয়াৰ কাৰণ হ’ল তেখেতৰ কৱিতাৰ ভাৱৰ জটিলতা৷ সাধাৰণ পঢ়ুৱৈয়ে কৱিতাখিনি বুজি নাপায়৷ এই খিনিতে, লোপা বৰুৱাই তেখেতৰ "আধুনিক কবিতাত প্ৰতীক আৰু চিত্ৰকল্প" শীৰ্ষক গ্ৰন্থত উল্লেখ কৰা কিছু কথা প্ৰাসঙ্গিক— "যুগৰ দেওনা অতিক্ৰম কৰি কবিতাত ব্যৱহাৰ হৈ অহা ভাষাৰ বিভিন্ন ৰূপক এনেদৰে ভাগ কৰিব পৰা যায় (১) ছন্দবদ্ধ ভাষা (২) আলংকাৰিক ভাষা (৩) গীতিধৰ্মী ভাষা (৪) প্ৰতীকধৰ্মী ভাষা (৫) ইংগিতধৰ্মী ভাষা আৰু (৬) চিত্ৰধৰ্মী ভাষা।" তেখেতৰ কৱিতাৰ ভাষা প্ৰতীকধৰ্মী আৰু ইঙ্গিতধৰ্মী ভাষা৷ এই দুয়োটাৰে সংমিশ্ৰণত হৈ উঠিছে এটা বিশেষ চিত্ৰধৰ্মী ভাষা৷

কৱিতা কৱি নীলমণি ফুকনৰ কৱি জীৱনৰ উল্লেখযোগ্য স্বাক্ষৰ। তেখেতৰ কৱিতা অধ্যয়ন কৰিলে এটা কথা স্পষ্ট হৈ পৰে যে,  তেখেতৰ সমান অসমীয়া কৱিতাত পৰীক্ষা-নিৰীক্ষা কোনো কৱিয়ে কৰা নাই৷ কৱি গৰাকীয়ে তেখেতৰ কৱিতাত ব্যৱহাৰ কৰা উপমা, চিত্ৰকল্প, প্ৰতীক আৰু ব্যঞ্জনাৰ ব্যৱহাৰত কৱিগৰাকীৰ গভীৰ অধ্যয়নশীল মনৰ নিদৰ্শন পোৱা যায়। সেইবাবে প্ৰায়বোৰ কৱিতাতেই প্ৰকৃতিৰ এখন সুন্দৰ ছবি প্ৰতিফলিত হোৱা দেখা যায়৷ তেওঁ কৱিতাৰ বিষয়বস্তু জীৱন, যৌৱন, প্ৰেম, আনন্দ, বিশ্বৰ চৰাচৰ ৰহস্য, প্ৰকৃতি, আদি৷ তেখেতৰ কৱিতাৰ বিশেষ ধৰণৰ উপমা, চিত্ৰকল্প আৰু প্ৰতীকী ব্যৱহাৰে অসমীয়া কাৱ্য সাহিত্যত এটি সুকীয়া পৰিচয় ডাঙি ধৰাৰ  লগতে এটা নিজা ব্যঞ্জনাৰ সূচনা কৰি আহিছে। বেছিভাগ কৱিতাতে ব্যক্তিগত প্ৰতীকীৰ সফল সুষ্ঠ প্ৰয়োগে সুৱগা চৰাবলৈ সক্ষম হৈছে৷ তাৰ সোৱাদ তেখেতৰ- 

*বুৰঞ্জী

শ্যামবৰণীয়া নাৱিকবোৰ

সূৰ্য হেনো নামি আহে এই নদীয়েদি

ব্ৰহ্মপুত্ৰত সূর্যাস্ত

মৈথুন সংগীত

নীলা নীলা সিৰবোৰ

তুমি যে তিলফুল হৈ

এখনি মুখ

ওলমি থকা গোলাপীজামুৰ লগ্ন

হংসধ্বনি শুনিছোঁ 

মুঠি মুঠিকৈ কাটি তোৰ ঢেঁকীয়াৰ আঙুলি

দুয়োখন দুৱাৰ মেলি থবি

মুখ-আন্ধাৰিত আৰু 

হাড়-কঁপোৱা জোনাকত

আদি কৱিতাৰ মাজেদি পাওঁ৷


এই কৱিতাবোৰৰ ভাষাও লক্ষ্য কৰিবলগীয়া৷ যিহেতু কাৱ্যসাহিত্য মূলতঃ ভাষাৰ শিল্প। কৱি নীলমণি ফুকনৰ ভাষাৰো স্বকীয়তা আছে৷ তেখেতৰ কৱিতাৰ প্ৰধান আকৰ্ষণ হ'ল প্ৰকাশিকা শক্তি। এই শক্তিয়ে ভাষাৰ মাজেৰে সুশ্ৰী ভাৱে আত্মপ্ৰকাশ কৰিছে। যদিও কৱিতাৰ ভাষাৰ পৰিৱৰ্তন সূক্ষ্ম যে সি সতকাই আমাৰ চকুত নপৰে; কিন্তু কৱিজনাৰ ভাষাৰ পৰিৱৰ্তন সতকাই চকুত লগা বিধৰ৷ কৱিতাৰ ভাষাই অনুভৱৰ দুৱাৰেদি মানুহৰ হৃদয়ৰ প্ৰৱেশ কৰি মনত আলোড়নৰ সৃষ্টি কৰে। সেয়ে বিষয়বস্তু উপযোগী ভাষা নিৰ্মাণ কৰাটো সকলো কৱিৰে এক মহৎ কৰ্তব্য৷ তেখেতৰ প্ৰতিটো কৱিতাত যদিও জটিল বিষয়বস্তুৰ উপস্থাপন কৰা দেখা পাওঁ তথাপি প্ৰতিটো কৱিতাই আকৰ্ষণীয়৷ তাৰ উমাণ তলৰ কৱিতাবোৰত পোৱা যায়—

তেওঁৰ গানৰ প্ৰতিটো জোন আৰু বেলি

প্ৰতিজোপা জোপোহা ৰঙা ফলৰ গছ (এটা নীল উপলব্ধি)

***

“ওখ ওখ এজাৰ গছৰ ছাঁত

মূৰ্ছা গৈ পৰি আছে

মোৰ শৈশৱ”……

“মূৰৰ ওপৰৰ সূৰ্য্যলৈ মুখ কৰি

থিয় দি আছে.

এজন নিঃসংগ মানুহ”  (তেজ)

***

“শব্দৰ শংখ

সেই ৰহস্য

নিৰ্জন আৰ্তি

সেই ৰহস্য

অহৰহ মই সেই আৱহমান ৰহস্যৰ অনুসন্ধান কৰোঁ” (সেই ৰহস্য নীল ধতুৰা)

***

চৰাইৰ গান

তেজৰ টোপাল

প্ৰতিটো ফুল


নীৰৱ চকুলো (আচ্ছাদিত দুখ)

***

ৰাতিৰ বৃন্দাবনৰ মাজেৰে

গৈ আছোঁ

জোনাকত ছাঁ এটা হৈ তিৰোতা এজনী

মোৰ লগে লগে গৈ আছে

তাই চিঞৰিবলৈ বিচাৰিছে

চিঞৰিব নোৱাৰে

তাই কান্দিবলৈ বিচাৰিছে

তাই তোমালোক প্ৰেমিকবোৰক বিচাৰিছে” (ৰাতিৰ বৃন্দাবনৰ মাজেৰে)

কৱিতাত প্ৰতীকৰ ব্যৱহাৰে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰতীক মানে সঙ্কেত বা নিদৰ্শন। শব্দ এটাই যেতিয়া তাৰ নিৰ্দিষ্ট আক্ষৰিক অৰ্থতকৈ বহল ব্যঞ্জনা আনি দিয়ে তেতিয়া তাকেই প্ৰতীক বুলি ক’ব পাৰি। অৰ্থাৎ প্ৰতীকৰ উপৰুৱা অৰ্থ আৰু নিহিত অৰ্থ বঞ্জনাময়। হেনৰি দ্য ৰেনিয়াৰ মতে, "প্ৰতীক হ'ল বিমূৰ্ত আৰু মূৰ্তৰ এক প্ৰকাৰ তুলনা, আৰু সেই তুলনাত যিকোনো এটা পক্ষ মাথোন ব্যঞ্জিতহে হয়।" কৱি নীলমণি ফুকনৰ কৱিতাত এই দিশটোৱে চহকী ৰূপত ধৰা দিয়ে৷ সেয়ে তেখেতে কৱিতাটোৰ মাজেৰে যি কৈছে বা অৰ্থ প্ৰকাশ কৰিছে পাঠকে বুজিছে তেওঁৰ নিজৰ ভাগে৷ কিন্তু যি বুজিছে সুন্দৰ ৰূপত বুজিছে৷ প্ৰাচীন কালৰে পৰাই কাৱ্যত প্ৰতীকৰ ব্যৱহাৰ হৈ আহিছে। প্ৰতীকবাদীসকলৰ মতে কৱিতাই যিবোৰ বক্তব্য প্ৰকাশ কৰে সেই বক্তব্য পোনপটীয়া হোৱাতকৈ আওপকীয়া হোৱা উচিত। প্ৰতীকবাদৰ গুৰুত্বপূৰ্ণ কথা হ'ল শব্দৰ ধ্বনিময়তাৰ ওপৰত অধিক মনোযোগ দিয়া আৰু কাৱ্যক মূলতঃ সংগীত ধৰ্মী কৰা। তেওঁলোকৰ মতে সংগীতৰ সমপৰ্যায়লৈ নিব পৰাতেই কৱিতাৰ সাৰ্থকতা নিৰ্ভৰ কৰে।

কৱিতাত যেতিয়াই প্ৰতীকৰ কথা বা প্ৰতীকী চিত্ৰকল্পৰ কথা আহিব তেতিয়াই কৱিতাৰ নিৰ্মাণৰ কথা আহিব৷ কৱিতাৰ এই নিৰ্মানৰ পৰ্যায়ক কিছু সমালোচকে অপৰিহাৰ্য বোলাৰ বিপৰীতে কিছুৱে বিৰোধিতাও কৰিছে৷ যিহেতু কৱিজনাৰ প্ৰতিটো কৱিতা প্ৰতীকী চিত্ৰকল্পৰ কৱিতা সেয়ে প্ৰতিটো কৱিতাই বুজিবলৈ জটিল৷ পৰম্পৰাগত কাব্যৰ প্ৰতীক আৰু আধুনিক কবিতাৰ প্ৰতীকৰ মাজত যথেষ্ট প্ৰভেদ পৰিলক্ষিত হয়। আধুনিক কৱিয়ে প্ৰতীকক কাৱ্যৰ মূল আত্মাৰূপে গ্ৰহণ কৰাৰ বিপৰীতে পৰম্পৰাগত কাৱ্যত প্ৰতীকক মাথোন অলঙ্কাৰ ৰূপেহে প্ৰয়োগ কৰিছিল। এই ক্ষেত্ৰত কৱিজনা ব্যতিক্ৰমী৷ তেখেতে প্ৰতিটো প্ৰতীকক কৱিতাৰ মূল আত্মা ৰূপে ব্যৱহাৰ কৰিছে৷ প্ৰতীকবাদীসকলৰ মতে কৱিতাই যিবোৰ বক্তব্য প্ৰকাশ কৰে সেই বক্তব্য পোনপটীয়া হোৱাতকৈ আওপকীয়া হোৱা উচিত। প্ৰতীকবাদৰ গুৰুত্বপূৰ্ণ কথা হ'ল শব্দৰ ধ্বনিময়তাৰ ওপৰত অধিক মনোযোগ দিয়া আৰু কাৱ্যক মূলতঃ সংগীতধৰ্মী কৰি তোলা। তেওঁলোকৰ মতে সঙ্গীতৰ সমপৰ্যায়লৈ নিব পৰাতেই কৱিতাৰ সাৰ্থকতা নিৰ্ভৰ কৰে। 

সেয়ে বোধকৰো কৱি নীলমণি ফুকনে প্ৰতীকক বা প্ৰতীকী চিত্ৰকল্পক ইমান গুৰুত্ব দিছে৷ পলমকৈ হ’লেও এইজনা কৱিয়ে আজি অসমীয়া কৱিতাক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে৷ আজি ভাৰতীয় অইন মুলুকৰ কৱিয়ে অসমীয়া কৱিতাক চিনি পোৱাতোই নিশ্চিত ভাৱে কৱিকুলক উদ্বুদ্ধ কৰিব৷

Saturday, February 1, 2025

আমাৰ সামাজিক-ৰাজনৈতিক সমস্যা

আমাৰ সামাজিক-ৰাজনৈতিক সমস্যা

আমাৰ সামাজিক-ৰাজনৈতিক সমস্যা

দেশত নিবনুৱা সমস্যা দিনক দিনে বাঢ়ি গৈ আছে। শিক্ষাৰ অভাৱ, চিকিত্সা ব্যৱস্থাৰ দুৰ্বলতা, আৰু খাদ্য- বস্তুৰ দাম বৃদ্ধিয়ে সাধাৰণ মানুহৰ জীৱন কোঙা কৰি তুলিছে। এই সমস্যাবোৰৰ সমাধানৰ বাবে চৰকাৰে কার্যকৰী পদক্ষেপ গ্ৰহণ কৰিছে নে? দিনক দিনে বাঢ়ি অহা সমস্যা বোৰ জতিলৰ পৰা জতিলতৰ হবলৈ ধৰিছে, কিন্তু সমাধানৰ আশা ক?

বহু নেতা-মন্ত্ৰী ভোটৰ নামত মাত্ৰ নিজৰ ক্ষমতা ৰক্ষা কৰাতহে ব্যস্ত। ধৰ্মৰ নামত বিভেদ সৃষ্টি কৰি সাধাৰণ মানুহ, বিশেষকৈ নিবনুৱা যুৱচামক, মন্দিৰ-মছজিদৰ নামত ব্যস্ত ৰাখি নিজৰ স্বাৰ্থ পূৰণ কৰি আছে।আজিৰ তাৰিখত কোনোবা নেতাই জনতাৰ হিতত কাম কৰি আছে নেকি? দেশৰ প্ৰকৃত সমস্যা কি, সেয়া নেতাসকলে মনোযোগ দিয়ে নেকি? আমাৰ পৰিবেশ, শিক্ষা, স্বাস্থ্যসেৱা, আৰু বেকাৰ সমস্যাৰ উন্নয়ন ধুপৰ চাঙত ।

প্ৰতিটো নিৰ্বাচনৰ সময়ত নেতাসকলে বহুতো প্রতিশ্ৰুতি দিয়ে, কিন্তু সেইবোৰ কেতিয়াও পূৰণ নহয়। আমি সদায় বান, খহনীয়া,দুৰ্যোগ আদিত ভুগি থাকোঁ। জাতি, ভাষা, ধৰ্মৰ ভিত্তিত অসমীয়াক ভাগি পেলোৱাৰ ষড়যন্ত্র চলি আছে। সংবাদ মাধ্যমো আজি কিছুসংখ্যক ৰাজনৈতিক ব্যক্তিৰ হাতত বন্ধকত পৰি সত্য তথ্য জনসাধাৰণক দিবলৈ অপাৰগ। দেশৰ সংবাদ মাধ্যম সমুহ স্বাধীন হোৱাটো উচিত, যাতে জনসাধাৰণ সঠিক তথ্য লাভ কৰে।কিন্তু সেয়া ক ?

দেশৰ বাবে জীৱন আহুতি দিয়া মহান বীৰ শ্বহীদসকলৰ ত্যাগ আমি আজি পাহৰি গৈছো । জাতি, ধৰ্ম, ভাষা যিয়েই নহওক, সকলো মানুহৰ তেজ ৰঙা। নেতাসকলে সংবিধানৰ শপত লৈ দেশৰ দায়িত্ব লয়, সেই দায়িত্ব সঠিক ৰূপে পালন কৰে নে ?  ইতিহাস বৰ নিষ্ঠুৰ! ইতিহাসে কাকো ৰেহাই নিদিয়ে ।

বাপু আহমেদ

ভ্ৰাম্যভাষঃ ৭০০২৩৬৬৫৯৭

Wednesday, January 29, 2025

অসমীয়া কাৱ্যসাহিত্যৰ নতুন সংযোজন অসমীয়া লতিফা আৰু কিছু প্ৰাসঙ্গিক কথা---

অসমীয়া কাৱ্যসাহিত্যৰ নতুন সংযোজন অসমীয়া লতিফা আৰু কিছু প্ৰাসঙ্গিক কথা---

 

অসমীয়া কাৱ্যসাহিত্যৰ নতুন সংযোজন অসমীয়া লতিফা আৰু কিছু প্ৰাসঙ্গিক কথা---

 ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

 অসমীয়া কাৱ্যসাহিত্যত সংযোজন ঘটাব বিচৰা এটি ধাৰা এই লতিফা শৈলীৰ কৱিতাসমূহ৷ এই ধাৰাটো দৰাচলতে ভাৰতীয় কাৱ্যসাহিত্যৰ ধাৰাই নহয়৷ এইটো মূলতঃ আৰৱীয় সাহিত্যৰ ধাৰা৷ আমি যিহেতু মাতৃভাষা অসমীয়াৰ লগতে অতিৰিক্তভাৱে আন কেইবাটাও ভাষা লিখিব পঢ়িব জানো সেইহেতুকে আমি লতিফালিখিবলৈ শিকি লৈ বাংলা লতিফা সমাজখনত এখন স্বকীয় আসন আঁজুৰি লব পাৰিছিলোঁ৷ সেই যাত্ৰা অব্যাহত থাকিল৷ আমাৰদ্বাৰা সৃষ্ট বাংলা লতিফাসমূহ আবৃত্তিও হব ধৰিলে আৰু লগতে বাংলা লতিফা কলশসঙ্কলনতো ঠাই পালে৷ বাংলাদেশ, পশ্চিম বঙ্গৰ কিছুসংখ্যক কাৱ্যৰসিক আৰু কাৱ্যচৰ্চা কৰা লোকে এই ধাৰাটোৰ চৰ্চা কিছুকালৰপৰা কৰি অহাৰ পৰিপ্ৰেক্ষিতত আমিও নাটকীয়ভাৱে জড়িত হৈ পৰি এই ধাৰাত কাৱ্যচৰ্চা কৰিবলৈ উদ্বুদ্ধ হৈছিলোঁ৷ দিন গৈ আছিল আমাৰ সৃষ্টিৰো যতি পৰা নাছিল৷ অৱশ্যে আজিও পৰা নাই৷ হঠাতে মান্যৱৰ লতিফ ড° অনুপ কুমাৰ দত্তদেৱে আমাক কলে যে, যিহেতু আমি পাঁচটা ভাষাত কাৱ্যচৰ্চা কৰোঁ সেয়ে অসমীয়া ভাষাত এই ধাৰাটোৰ প্ৰচলন ঘটাব লাগে৷ প্ৰথমতে অকণমান বিমোৰত পৰিছিলোঁ৷ সেই বিশ্বাস মনত বহন কৰি আমাৰ তত্ত্বাৱধানত এদল কাৱ্যসাধকে ইতিমধ্যে পৰীক্ষামূলক ভাৱে লতিফা চৰ্চা আৰম্ভ কৰিছে৷ অনাগত দিনবোৰত এয়া যুগান্তকাৰী পদক্ষেপ হব বুলি আমি আশা কৰিব পাৰোঁ৷

আৰৱী সাহিত্যত লতিফাৰ স্থান উল্লেখণীয়৷ যি কোনো এটি সভ্য জাতিৰ পৰিচয় হল সাহিত্য, কলা, সংস্কৃতি৷ মানুহৰ সাধনা, সংগ্রাম, হর্ষ, বিষাদ, পতন বা প্রতিষ্ঠাৰ পৰিচয় নিহিত হৈ থাকে সাহিত্যত৷ সৃজনৰ আনন্দ-ৰস সাহিত্যত যেনেকৈ নিহিত হৈ থাকে তেনেকৈ নিহিত হৈ  থাকে বেদনাৰ ৰঙৰ চিহ্নও আমি দেখিবলৈ পাওঁ৷ সাহিত্য হল জাতিৰ অভিৱ্যক্তি। সেই দিশেৰে চালে আৰৱী সাহিত্যও পিছ হুহুঁকি থকা নাই৷