Showing posts with label কেৰিয়াৰ. Show all posts
Showing posts with label কেৰিয়াৰ. Show all posts

Tuesday, January 28, 2025

উচ্চ মাধ্যমিক শিক্ষা সাং কৰি উচ্চ শিক্ষা ল'বলৈ যোৱা প্ৰসঙ্গত

উচ্চ মাধ্যমিক শিক্ষা সাং কৰি উচ্চ শিক্ষা ল'বলৈ যোৱা প্ৰসঙ্গত

 

উচ্চ মাধ্যমিক শিক্ষা সাং কৰি উচ্চ শিক্ষা ল'বলৈ যোৱা প্ৰসঙ্গত

ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতীৰ প্ৰতিবেদন, ২৮জানুৱাৰীঃ আজিৰ ছাত্ৰ-ছাত্ৰীয়ে উচ্চ মাধ্যমিক শিক্ষা সাং কৰি উচ্চ শিক্ষা ল'বলৈ যাওঁতে কেইটামান কথাত গুৰুত্ব দিব লাগে। যিটো বিষয় বাছি ল'ব সেই বিষয়টোৰ চাকৰিৰ বজাৰত কিমান চাহিদা আছে সেইটো সর্বাধিক গুৰুত্বপূৰ্ণ। যিবোৰে গৱেষণাত্মক দৃষ্টিভঙ্গীৰে অধ্যয়ন কৰিব যায় তেনে ছাত্ৰৰ ক্ষেত্ৰত কথাটো অন্য ৰূপে ধৰা দিব। উদাহৰণ স্বৰূপে কোনো এজন ছাত্রই বি টেক ডিগ্রী ল'ব বিচাৰে মেকানিকেল শাখাত আৰু মেকানিকেল শাখাত ডিগ্রী লৈ আহিল। এতিয়া কৰিব কি? সংস্থাপনৰ ব্যৱস্থা বিচাৰিব লাগিল। চাকৰিৰ বজাৰখনত তাৰ চাহিদা কিমান?

সমগ্ৰ ৰাজ্যখনত মেকানিকেল ইঞ্জিনীয়াৰৰ চাকৰি যিমান আছে তাৰ তুলনাত আছে বেছি ইতিমধ্যে  মেকানিকেল ইঞ্জিনীয়াৰ পাচ কৰিওলাই অহা লৰা- ছোৱলী। কোনোবা জনে সংস্থাপনৰ বিকল্প ব্যৱস্থাকে যদি আঁকোৱালি ল'ব বিচাৰি অধ্যয়ন কৰে তেতিয়া ক'বলগীয়া নাথাকিব। অন্যথা ভাবি-গুণি চোৱাৰ অৱকাশ নিশ্চয়কৈ থাকিব। এই ক্ষেত্রত চাহিদাক অগ্রাধিকাৰ দিলে বেছি কামত আহিব। উদাহৰণ স্বৰূপে পৰিৱেশ বিজ্ঞান, বিমান ৰক্ষণাবেক্ষণ অভিযান্ত্রিকী (AME) পাঠ্যক্রম, পাৰামেডিকেল পাঠ্যক্রম আদি। এই পাঠ্যক্রম সমুহৰ চাকৰিৰ আকাল নাই; চাকৰি কৰোঁতাৰহে আকাল। ইয়া লগতে মন কৰিবলগীয়া এটা বিষয় হ'; অধ্যয়নৰ নামত কৰা অৰ্থনিৱেশ। এনে এটা বিষয়ত অর্থনিৱেশ কৰিব লাগে যিটো বিষয়ৰ সংস্থাপনৰ বজাৰখনত চাহিদাও বেছি আৰু সহজলভ্যও।

আজিৰ দিনত শিক্ষাকেন্দ্ৰৰ চয়নো এটা বিচার্য বিষয়। দেশত শিক্ষা ব্যৱস্থাটো বৃত্তিমুখী শিক্ষা ব্যৱস্থালৈ পৰিৱৰ্তিত হৈ আহিছে। সেয়ে কোনখন শিক্ষাকেন্দ্ৰই সংস্থাপনৰ উৎসবোৰৰ সৈতে ব্যৱসায়িক বন্ধন ৰক্ষা কৰি আহিছে তাৰো ভু লোৱাটো বাঞ্ছনীয়। শুনিলে আচৰিত হ'; ইংৰাজী বিষয়টোক লৈ স্নাতক মহলৰ শিক্ষা ল'ব বিচাৰিছে। শিক্ষানুষ্ঠানৰ ইংৰাজী বিষয়টোৰ লেব'ৰেটৰী মিছিল আছে নে নাই আমি গমিব লাগিব। কিয়নো এই বিষয়টো পঢ়ি উঠি যি যি প্ৰতিষ্ঠানত চাকৰি কৰিম সেই সেই প্রতিষ্ঠানত সংস্থাপনৰ চাহিদা কেনে কেনে প্ৰকাৰৰ। সেই ধৰণেহে আজিকালি পঢ়োৱায়। ধৰি লওক এখন বাতৰিকাকতৰ বাবে এজন ইংৰাজীৰ স্নাতকৰ প্ৰয়োজন। তেওঁ বাতৰি কাকতৰ লগত সঙ্গতি ৰাখি অধ্যয়ন কৰিব লাগিব। আজিৰ ভাৰতীয় শিক্ষানুষ্ঠানত এনেকৈ ভাৱি শিক্ষা প্ৰদান কৰা বহু শিক্ষা প্রতিষ্ঠান আছে।

শিক্ষানুষ্ঠানৰ লগত কিমান সংখ্যক চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান জড়িত হৈ আছে যিবোৰত প্ৰতিবছৰে চাকৰিৰ চাহিদা থাকে। বহু ধনী দেশ আছে যিবোৰ দেশে ভাৰতৰপৰা প্ৰতিবছৰে লোভনীয় দৰ্মহা দি মজদুৰ বিচাৰে। সেয়া লাগিলে শিক্ষকেই হওক কিম্বা অভিযান্ত্রিক শিক্ষাৰে শিক্ষিত লোকেই হওক। এই ক্ষেত্ৰত নিজ দেশৰ প্ৰতিষ্ঠানবোৰকো লক্ষ্যত ৰাখিব লাগিব।

শেষত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল- আজিকালিৰ শিক্ষাক্ষেত্ৰখনত এডুকেছন কাউন্সেলৰৰ দ্বাৰা পৰিচালিত কাউনচেলিং চেন্টাৰ আছে। তেওঁলোকৰপৰা বিভিন্ন বিষয় সম্পর্কে নতুন নতুন তথ্য প্রাপ্ত হয়। তেওঁলোকে দেশৰ আগশাৰীৰ কলেজবোৰলৈ গৈয়ে হওক, বিভিন্ন চেমিনাৰৰ মাধ্যমেদি হওক তেওঁলোকে নিজক আপডেটেড কৰি ৰাখে। ছাত্ৰ-ছাত্ৰী নিজৰ ইচ্ছা প্রকাশ কৰিলেই হ', তেওঁলোকে বিষয়টো চালিজাৰি চাই বিষয় লৈ পঢ়িলে ভৱিষ্যত উজ্জ্বল হ'ব বুলি কৈ দিয়ে। এই প্রসঙ্গত এটা কথা দৃঢ়তাৰে ক'ব লাগিব যে, ছাত্র-ছাত্ৰীয়ে গুগলৰ সহায়ত যিবোৰ গাইগুটীয়াকৈ তথ্য সংগ্রহ কৰি লয় তেনে ক্ষেত্ৰত ঠগন খোৱাৰ অৱকাশেই বেছি। কিয়নো গুগল ডাটা একপক্ষীয় হয়। তাত ইণ্টেৰেক্ট কৰাৰ সুবিধা নাথাকে। কোনোবাজনে হয়তো ক'ব যে আজিকালি সেই সুবিধাও আছে। পাছে আর্টিফিচিয়েল ইন্টেলিজেঞ্চৰ যুগত হয়তো সেয়া ফিডেড ভার্চনো শুনাব পাৰে । সেয়াই হয়। ফিডেড ভার্চনেই শুনিব পোৱা যায়।

আমাৰ চৰজমিন তদন্ত কৰি পোৱা তথ্যৰ ওপৰত ভিত্তি কৰি এই লিখনিটো যগুত কৰা হ'ল ।

Friday, January 17, 2025

 

শীঘ্ৰে মুকলি হ'ব নীট ইউ জি ২০২৫ ৰ প্ৰ-পত্ৰ: জাননী জাৰিঃ ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা


নিউজ ডেস্ক, ১৬জানুৱাৰী :  ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা চমুকৈ এন টি এয়ে শীঘ্ৰেই চিকিৎসা প্ৰৱেশ পৰীক্ষা বনাম ৰাষ্ট্ৰীয় যোগ্যতা প্ৰৱেশ পৰীক্ষাৰ (নীট ইউ জি ২০২৫) বাবে প্ৰ-পত্ৰ মুকলি কৰিব । এই সন্দৰ্ভত ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই অফিচিয়েল ৱেবছাইটত এক জাননী প্ৰকাশ কৰি  আধাৰ আৰু পৰিচয়-পত্ৰ আপডেট কৰিবলৈ নিৰ্দেশ দিছে ।

ব্যক্তিগত প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ কেৰিয়াৰ পৰামৰ্শ বিশেষজ্ঞ পাৰিজাত মিশ্ৰই কয় যে এন টি এয়ে অফিচিয়েল ৱেবছাইটত এখন জাননী আপলোড কৰিছে তাত কোৱা হৈছে যে পঞ্জীয়ন প্ৰক্ৰিয়া সোনকালেই আৰম্ভ হ'ব । আৰু জাননী খননত শিক্ষাৰ্থীসকলক আই ডি আৰু আধাৰ কাৰ্ড আপডেট কৰি ৰাখিবলৈও নিৰ্দেশ দিয়া হৈছে । দশম শ্ৰেণীৰ মাৰ্কশ্বীটৰ আধাৰত আধাৰ কাৰ্ড আপডেট কৰিব লাগিব । যদি কাৰোবাৰ আধাৰ কাৰ্ড আপডেট কৰা হোৱা নাই, তেন্তে ইয়াক লগে লগে আপডেট কৰিবলৈ কোৱা হৈছেএই আধাৰত নাম আৰু জন্মৰ তাৰিখ সম্পূৰ্ণ শুদ্ধ আৰু একে হ'ব লাগিব ।

ইয়াৰ উপৰি আধাৰ কাৰ্ডৰ পঞ্জীভুক্ত মোবাইল নম্বৰ সক্ৰিয় কৰি ৰাখিব লৈ কোৱাৰ লগতে যদি সেয়া হোৱা নাই তেন্তে ইয়াকো আপডেট কৰিব লাগিব যত অ' টি পি প্ৰমাণীকৰণ প্ৰক্ৰিয়া থাকিব । আধাৰ আপডেট কেন্দ্ৰলৈ গৈ সকলোবোৰ আপডেট কৰিব পাৰি । লগতে এইবাৰ ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই মুখৰ চিনাক্তকৰণৰ বিষয়েও কয় যে আধাৰত শেহতীয়া ফটো থাকিব লাগিবকিয়নো নিজৰ শেহতীয়া মুখৰ ছবি অনুসৰি আধাৰৰ ছবি থকাটো উচিত ।

Thursday, January 16, 2025

দেশত কাঠফুলাৰ দৰে গজি উঠিছে ভুৱা বিশ্ববিদ্যালয় :ইউ জি চিয়ে শিক্ষাৰ্থীসকলক সতৰ্ক হবলৈ দিছে পৰামৰ্শ

দেশত কাঠফুলাৰ দৰে গজি উঠিছে ভুৱা বিশ্ববিদ্যালয় :ইউ জি চিয়ে শিক্ষাৰ্থীসকলক সতৰ্ক হবলৈ দিছে পৰামৰ্শ

 

দেশত কাঠফুলাৰ দৰে গজি উঠিছে ভুৱা বিশ্ববিদ্যালয় :ইউ জি চিয়ে শিক্ষাৰ্থীসকলক সতৰ্ক হবলৈ দিছে পৰামৰ্শ


নিউজ ডেস্ক, ১৫জানুৱাৰী : সমগ্ৰ ভাৰতত চলি আছে ২১ খন ভুৱা বিশ্ববিদ্যালয় । বিশ্ববিদ্যালয় অনুদান আয়োগে (ইউ জি চি) ইয়াৰ শেহতীয়া তালিকা প্ৰকাশ কৰিছে । ডিগ্ৰী প্ৰদানৰ বাবে প্ৰয়োজনীয় আইনী অনুমোদন নথকা এই প্ৰতিষ্ঠানবোৰে শিক্ষাৰ্থীসকলৰ জীৱনলৈ চৰম ভাবুকি কঢ়িয়াই আনিছে ।

উল্লেখ্য যে এই ভুৱা বিশ্ববিদ্যালয়সমূহ একাধিক ৰাজ্যত মেললি দিছে ভুৱা শিক্ষাৰ দোকানইয়াৰে ভিতৰত আঠখন ভুৱা প্ৰতিষ্ঠানেৰে শীৰ্ষস্থানত আছে দেশৰ ৰাজধানী  দিল্লী । ইয়াৰ পিছত চাৰিখন ভুৱা বিশ্ববিদ্যালয়েৰে উত্তৰ প্ৰদেশ আছে  দ্বিতীয় স্থানত । আনহাতে অন্ধ্ৰ প্ৰদেশ, কেৰালা আৰু পশ্চিমবংগত দুখনকৈ এনে শিক্ষা প্ৰতিষ্ঠানে গঢ় লৈছেকৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু পুডুচেৰীৰ দৰে ৰাজ্যত এখনকৈ এনে প্ৰতিষ্ঠান আছে বুলি ইউ জি চিয়ে প্ৰকাশ কৰিছে

এই বিশ্ববিদ্যালয়বোৰৰ পৰা গ্ৰহণ কৰা ডিগ্ৰী বা উচ্চ শিক্ষা নিযুক্তিৰ বাবে স্বীকৃত নহয় । যাৰ ফলত শিক্ষাৰ্থীসকল ভৱিষ্যতৰ শৈক্ষিক কাৰ্যসূচী বা চাকৰিৰ বাবে অযোগ্য হৈ পৰে । ইয়াৰ উপৰি বহুতো শিক্ষাৰ্থীয়ে মোটা অংকৰ টিউচন মাচুলৰ বাবে আৰ্থিক লোকচানৰো সন্মুখীন হব লগাত পৰে ।

ইউ জি চিয়ে শিক্ষাৰ্থী আৰু অভিভাৱকসকলক সতৰ্ক কৰিবলৈ নিয়মীয়াকৈ এই ভুৱা বিশ্ববিদ্যালয় সমুহৰ শেহতীয়া তালিকা প্ৰকাশ কৰে । লগতে নামভৰ্তিৰ পূৰ্বে ইউ জি চি বা চৰকাৰী ৱেবছাইটৰ জৰিয়তে প্ৰতিষ্ঠানসমূহৰ বৈধতা পৰীক্ষা কৰাৰ বাবে সম্ভাৱ্য শিক্ষাৰ্থীসকলৰ প্ৰয়োজনীয়তাৰ ওপৰতো বিষয়াসকলে গুৰুত্ব আৰোপ কৰা বুলি জানিব পৰা গৈছে

ইউ জি চিৰ অধ্যক্ষই এক বিবৃতিত মন্তব্য কৰে, "আমি শিক্ষাৰ্থী আৰু অভিভাৱকসকলক সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনাইছোঁ । এই ভুৱা বিশ্ববিদ্যালয়সমূহে যুৱ শিক্ষা শিক্ষাৰ্থী সকলক মিছা প্ৰতিশ্ৰুতিৰে বিপথে পৰিচালিত কৰি শোষণ কৰে । সেয়ে নামভৰ্তি কৰাৰ পূৰ্বে সদায় শিক্ষানুষ্ঠানসমূহ প্ৰমাণিত কৰিব লাগে"

                                            

ইউ জি চিয়ে লগতে কয় যে, ইউ জি চি আইন, ১৯৫৬ৰ ধাৰা ২২ৰ অধীনত স্বীকৃত বিশ্ববিদ্যালয় হিচাপে তালিকাভুক্ত নোহোৱা যিকোনো প্ৰতিষ্ঠানৰ ডিগ্ৰী প্ৰদানৰ বাবে অনুমোদন নাই । ভুৱা বিশ্ববিদ্যালয়বোৰে প্ৰায়ে বিভ্ৰান্তিকৰ নামেৰে কাম কৰে, যাৰ ফলত শিক্ষাৰ্থীসকলৰ মাজত বিভ্ৰান্তি সৃষ্টি হয় । সেয়েহে

শিক্ষাৰ্থীসকলে ইউজিচিৰ অফিচিয়েল ৱেবছাইটত বিশ্ববিদ্যালয়ৰ প্ৰমাণ-পত্ৰ ভালদৰে পৰীক্ষা কৰি লব লাগে লগতে অতিৰঞ্জিত ধন দাবী কৰা বা 'অতি উত্তম আৰু সঁচা' ডিগ্ৰী কাৰ্যসূচী আগবঢ়োৱা প্ৰতিষ্ঠানবোৰ পৰিহাৰ কৰিব লাগে  

ইউ জি চিয়ে শিক্ষাৰ্থীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ আৰু দেশক এক স্বচ্ছ শিক্ষা ব্যৱস্থা নিশ্চিত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । তাৰ বাবে শিক্ষাৰ্থীসকল সতৰ্ক থাকিব লাগিব আৰু তেওঁলোকৰ শৈক্ষিক যাত্ৰাৰ বাবে প্ৰমাণিত প্ৰতিষ্ঠানসমূহক অগ্ৰাধিকাৰ দিব লাগিব ।

ৰাজ্য ভিত্তিক দেশৰ ভুৱা বিশ্ববিদ্যালয়সমূহ-

 অন্ধ্ৰপ্ৰদেশ                                  

১. খ্ৰীষ্ট নিউ টেষ্টামেণ্ট ডিম্ড ইউনিভাৰ্ছিটী, #32-32-2003, সপ্তম লেন, কাকুমানুভাৰিথোটো, গুন্টুৰ, অন্ধ্ৰপ্ৰদেশ-522002 আৰু ফিট নং 301, গ্ৰেছ ভিলা এপ্টছ, 7/5, শ্ৰীনগৰ, গুন্টুৰ, অন্ধ্ৰপ্ৰদেশ-522002

২. বাইবেল অপেন ইউনিভাৰ্ছিটী অব ইণ্ডিয়া, ঘৰ নং 49-35-26, এন জি অ' কল'নী, বিশাখাপট্টনম, অন্ধ্ৰপ্ৰদেশ-530016

দিল্লী

৩. All India Institute of Public & Physical Health Sciences (AIIPHS) State Government University, কাৰ্যালয় নং 608-609, প্ৰথম মহলা, সন্ত কৃপাল সিং ৰাজহুৱা ন্যাস ভৱন, বিডিঅ' কাৰ্যালয়ৰ ওচৰত, আলিপুৰ, দিল্লী-110036

৪. কমাৰ্চিয়েল ইউনিভাৰ্ছিটী লিমিটেড, দৰিয়াগঞ্জ, দিল্লী

৫. ৰাষ্ট্ৰসংঘ বিশ্ববিদ্যালয়, দিল্লী

৬. বৃত্তিমূলক বিশ্ববিদ্যালয়, দিল্লী

৭. ADR-Centric Juridical University, এ ডি আৰ হাউছ, 8 জে, গোপাল টাৱাৰ, 25 ৰাজেন্দ্ৰ প্লেচ, নতুন দিল্লী-110008

৮. ভাৰতীয় বিজ্ঞান আৰু অভিযান্ত্ৰিক প্ৰতিষ্ঠান, নতুন দিল্লী

৯. Viswakarma Open University for Self-Employment, ৰোজগাৰ সেৱাসদন, 672, সঞ্জয় এনক্লেভ, জি টি কে ডিপোৰ বিপৰীতে, দিল্লী-110033

১০. অধ্যাত্মিক বিশ্ববিদ্যালয়, 351-352, ফেজ-I, ব্লক-এ, বিজয় বিহাৰ, ৰিথালা, ৰোহিণী, দিল্লী-110085

কৰ্ণাটক

১১. Badaganvi Sarkar World Open University Education Society, গোকাক, বেলগাম, কৰ্ণাটক

১২. ছেইণ্ট জনছ বিশ্ববিদ্যালয়, কিষাণত্তম, কেৰালা

১৩. ইণ্টাৰনেচনেল ইছলামিক ইউনিভাৰ্ছিটী অব প্ৰফেটিক মেডিচিন (আই আই ইউ পি এম), কুন্নামঙ্গলাম, কোজিকোড, কেৰালা-673571

মহাৰাষ্ট্ৰ

১৪. ৰাজা আৰবী বিশ্ববিদ্যালয়, নাগপুৰ, মহাৰাষ্ট্ৰ

পুডুচেৰী

১৫. শ্ৰী বোধি একাডেমী অব হায়াৰ এডুকেচন, নং 186, থিলাস্পেট, ভাজুথাভুৰ ৰোড, পুডুচেৰী-605009

উত্তৰ প্ৰদেশ

১৬. গান্ধী হিন্দী বিদ্যাপীঠ, প্ৰয়াগ, এলাহাবাদ, উত্তৰ প্ৰদেশ

১৭. নেতাজী সুভাষ চন্দ্ৰ বসু বিশ্ববিদ্যালয় (মুক্ত বিশ্ববিদ্যালয়), আচলতাল, আলিগড়, উত্তৰ প্ৰদেশ

১৮. ভাৰতীয় শিক্ষা পৰিষদ, ভাৰত ভৱন, মাটিয়াৰী চিনহাট, ফৈজাবাদ ৰোড, লক্ষ্ণৌ, উত্তৰ প্ৰদেশ-227105

১৯. মহামায়া কাৰিকৰী বিশ্ববিদ্যালয়, মহৰ্ষি নগৰ, জিলা- জিবি নগৰ, ছেক্টৰ 110ৰ বিপৰীতে, ছেক্টৰ 110, নয়ডা-201304

পশ্চিমবংগ

২০. ইণ্ডিয়ান ইনষ্টিটিউট অব অলটাৰ্নেটিভ মেডিচিন, কলকাতা

২১. ইনষ্টিটিউট অব অলটাৰ্নেটিভ মেডিচিন এণ্ড ৰিচাৰ্ছ, 8-এ, ডায়মণ্ড হাৰ্বাৰ ৰোড, বিল্টেচ ইন, দ্বিতীয় মহলা, ঠাকুৰপুৰকুৰ, কলকাতা-700063

Monday, October 28, 2024

চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি কৰি থকা প্ৰাৰ্থীসকলৰ বাবে ভাল খবৰ

চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি কৰি থকা প্ৰাৰ্থীসকলৰ বাবে ভাল খবৰ

 

চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি কৰি থকা প্ৰাৰ্থীসকলৰ বাবে ভাল খবৰ

নিউজ ডেস্ক :  উত্তৰাখণ্ড অধীনস্থ সেৱা বাছনি আয়োগে ষ্টেনোগ্ৰাফাৰঅতিৰিক্ত ব্যক্তিগত সচিবকে ধৰি বহুতো পদৰ নিযুক্তিৰ বাবে জাননী প্ৰকাশ কৰিছে। প্ৰাৰ্থীসকলে ১৪ অক্টোবৰলৈকে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰে। লিখিত পৰীক্ষাৰ প্ৰক্ৰিয়াৰ জৰিয়তে প্ৰাৰ্থী বাছনি কৰা হ'ব।

দ্বাদশ আৰু স্নাতক সম্পূৰ্ণ কৰাৰ পাছত চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি কৰি থকা প্ৰাৰ্থীসকলৰ বাবে ভাল খবৰ। উত্তৰাখণ্ড অধীনস্থ সেৱা বাছনি আয়োগে (UKSSSC) অতিৰিক্ত ব্যক্তিগত সচিব (APS), ব্যক্তিগত সহায়কষ্টেনোগ্ৰাফাৰ আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ পদত নিযুক্তিৰ বাবে জাননী প্ৰকাশ কৰিছে। এই পদসমূহৰ বাবে আবেদনৰ প্ৰক্ৰিয়া ২৪ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে। আগ্ৰহী প্ৰাৰ্থীসকলে ১৪ অক্টোবৰলৈকে আয়োগৰ sssc.uk.gov.in অফিচিয়েল ৱেবছাইটলৈ গৈ আবেদন কৰিব পাৰে।

এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে আয়োগে মুঠ ২৫৭টা পদত প্ৰাৰ্থী নিয়োগ কৰিব। আবেদন কৰাৰ পাছত পঞ্জীভুক্ত প্ৰাৰ্থীসকলে ১৮ অক্টোবৰৰ পৰা ২১ অক্টোবৰলৈ আবেদন পত্ৰত সংশোধন কৰিব পাৰে। এই পদসমূহৰ বাবে প্ৰাৰ্থীসকলে কিমান বয়সলৈকে আবেদন কৰিব পাৰে আৰু বাছনি কেনেদৰে কৰা হব সেয়া জানো আহৰ

অৰ্হতা কি থাকিব লাগিব?

ব্যক্তিগত সহায়কষ্টেনোগ্ৰাফাৰ/ব্যক্তিগত সহায়কষ্টেনোগ্ৰাফাৰ ডাটা এণ্ট্ৰি অপাৰেটৰ আৰু ব্যক্তিগত সহায়ক/ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলে দ্বাদশ পৰীক্ষাত উত্তীৰ্ণ হব লাগিব। অতিৰিক্ত ব্যক্তিগত সচিব পদৰ বাবে প্ৰাৰ্থীৰ কোনো স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাত স্নাতক ডিগ্ৰী থাকিব লাগিব।

বয়সৰ সীমা

আবেদনকাৰীৰ বয়স ২১ বছৰৰ পৰা ৪২ বছৰৰ ভিতৰত হব লাগে। চৰকাৰী নিয়ম অনুসৰি সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীসকলৰ বাবে সৰ্বাধিক বয়সৰ সীমা শিথিল কৰা হৈছে। বয়স ১ জুলাই ২০২৪ৰ পৰা গণনা কৰা হব।

আবেদন মাচুল

সাধাৰণ আৰু অবিচি শ্ৰেণীৰ আবেদনকাৰীসকলে ৩০০ টকাৰ আবেদন মাচুল পৰিশোধ কৰিব লাগিব। একে সময়তে অনুসূচীত জাতিঅনুসূচীত জনজাতিইডব্লিউএছ আৰু পিডব্লিউডি শ্ৰেণীৰ প্ৰাৰ্থীসকলে ১৫০ টকাৰ আবেদন মাচুল পৰিশোধ কৰিব লাগিব।