Thursday, January 23, 2025

ইছলাম জেউতি বিডিকে হাইস্কুলৰ চৰকাৰী ধন ব্যক্তিগত একাউণ্টৰ পৰা ওলাব নে

 

ইছলাম জেউতি বিডিকে হাইস্কুলৰ চৰকাৰী ধন ব্যক্তিগত একাউণ্টৰ পৰা ওলাব নে

 বি.চি ডেক্স, গুৱাহাটী,২২জানুৱাৰীঃ ইছলাম জেউতি বিডিকে হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক আব্দুলা জিয়াদৰ অবাধ দূৰ্নীতিৰ বিৰুদ্ধে জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শকে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ উমান পাই সোনৰ কণী দিয়া প্ৰধান শিক্ষকৰ চকী খন দখলৰ বাবে শিক্ষয়িত্ৰী ৰাণু ওঁজাই জনৈক বিজেপি নেতাৰ আশীষ লৈ বৰপেটা- গুৱাহাটী লৈ তাঁত বাতি কাঢ়ি থকা বুলি বিদ্যালয় খনৰ বাহিৰে ভিতৰে চৰ্চা আৰম্ভ হৈছে।

   প্ৰাপ্ত তথ্য মতে,বিগত ২০১৭ চনৰ ৩১মাৰ্চত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ দায়িত্ব লোৱাৰে পৰা আজিলৈকে আব্দুলা জিয়াদে স্কুলৰ আন্ত: গাঁথনিৰ ধন,বছৰেকীয়া পুঁজি,খেল শিতানৰ ধন, ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্মৰ ধন,মধ্যাহ্ন ভোজনৰ ধনকে আদি কৰি এক বৃহৎ অংকৰ চৰকাৰী ধন গো-গ্ৰাসে গিলি ভুৰখা মহলে দাবী কৰিছে। পৰ্বত সম দূৰ্নীতিত লিপ্ত জিয়াদে আত্মসাত কৰাৰ উদ্দেশ্যে চৰকাৰী শিতানৰ ধন স্কুলৰ একাউণ্টত জমা নকৰি নিজৰ নামত আৰু শিক্ষয়িত্ৰী ৰাণু ওঁজাৰ  নামত ভুৱা ভেণ্ডৰ খুলি ক্ৰমে ২৫হাজাৰ টকা, ১৩হাজাৰ ৯শ টকা আৰু ৬৪হাজাৰ টকা সহ মুঠ ১লাখ২হাজাৰ ৯শ টকা সুমুৱাই লৈছিল। ইফালে জিয়াদে নিজৰ নামত ভেণ্ডৰ খুলি ক্ৰমে ৯শ টকা,৯শ টকা,১২শ টকা আৰু ১৫হাজাৰ টকা সহ মুঠ ১৮হাজাৰ টকা নিজৰ এচবিআই একাউণ্ট xxxx৬৫৬৭(শেষৰ চাৰিটা  অংক)'  সুমুৱাই লৈছিল।

উল্লেখ্য যে এই দুজন শিক্ষকে এতিয়ালৈকে নিজৰ তাত থকা চৰকাৰী ধন স্কুলৰ একাউণ্টত জমা কৰা নাই এক সূত্ৰত প্ৰকাশ। ৰাণু ওঁজা আৰু  জিয়াদৰ মাজত থকা ঘনিষ্ঠ মিতিৰালিৰ সময়তে দুয়োগৰাকী শিক্ষকৰ সন্মতি সাপেক্ষে নিশ্চয় জিয়াদে ৰাণুৰ নামত ভেণ্ডৰ খুলিছিল এক মাত্ৰ হৰলুকি কৰাৰ নামত। কিন্তু বিষয়টো জটিল হোৱাত আৰু নিজৰ চাকৰিৰ ক্ষতি হোৱাৰ সম্ভাৱনা  দেখি ৰাণু ওঁজাই ভেণ্ডৰ সন্দৰ্ভত  একো নাজানো বুলি স্কুল পৰিদৰ্শকৰ লগতে শিক্ষাৰ দায়িত্বত থকা এডিচি'ক লিখিত অভিযোগ দিয়ে। অভিযোগৰ ভিত্তিত স্কুল পৰিদৰ্শক ৰাতুল দাসে ৰাণু ওঁজা,জিয়াদ আৰু এচ‌এমডিচি'ৰ কাৰ্যকৰী সভাপতি এডভোকেট মোজাম্মিল ওঁজাক শুনানিৰ বাবে কাৰ্যালয়ত হাজিৰ কৰোৱাত ৰাণুই গোকাট মিছা মাতি সম্পূৰ্ণ দোষ জিয়াদৰ ওপৰত জাপি দিয়ে বুলি জানিব পৰা  গৈছে।

ইতিপূৰ্বে জিয়াদৰ বিৰুদ্ধে কেবাটাও গুৰুত্বপূৰ্ণ অভিযোগ পৰিদৰ্শকৰ মেজত জমা হৈ আছে বুলি একাংশ স্থানীয় ৰাইজে জানিবলৈ দিয়ে । পৰিস্থিতি সাপেক্ষে বিগত ২০২৩ চনৰ ১৮ নভেম্বৰৰ দিনা দিনৰ ১১বজাত বিদ্যালয় সমূহৰ পৰিদৰ্শক ৰাতুল দাসে ইছলাম জেউতি বিডিকে হাইস্কুল পৰিদৰ্শন কৰে। সিদিনা  পৰিদৰ্শকে জিয়াদে স্কুলৰ ছাত্ৰ- ছাত্ৰীক মধ্যাহ্ন ভোজন নুখু‌ওৱা, য়ুথ এণ্ড ইকু'শিতানৰ ২৫হাজাৰ টকা, প্ৰগ্ৰেম ফৰ গাৰ্লছ ইডুকেশ্বন স্কুল গ্ৰাণ্ড 'শিতানৰ ১৩হাজাৰ ৯শ টকা, আৰু স্কুল এণ্ড স্পৰ্টছ গ্ৰাণ্ড শিতানৰ

 ৬৪ হাজাৰ ৭শ টকা অপব্যৱহাৰ কৰাটো প্ৰত্যক্ষ কৰে। তাৰ পাছত স্কুল পৰিদৰ্শকৰ কাৰ্য্যালয়ৰ পৰা মেমো নং আৰ‌এম‌এচ‌এ বিপিটি/ শ্বো কজ/২০২৩-২৪/১/১৪৯৮৯ পত্ৰযোগে জিয়াদক কাৰণ দৰ্শাবলৈ ২দিনৰ সময় দিছিল । লগতে পৰিদৰ্শকে ওপৰোক্ত অপব্যৱহাৰ হোৱা ধন খিনিৰ সদ ব্যৱহাৰ কৰাৰ বাবে দুবাৰ কৈ জিয়াদক সময় দিয়াৰ পাছতো খৰছ দেখুৱাব নোৱাৰিলে। ইয়াৰ মূলতে হ'ল ভেণ্ডৰৱালী বাইডেউ ৰাণু ওঁজা। ওপৰোক্ত সম্পূৰ্ণ টকা ৰাণুৰ একাউণ্টত জমা থকাৰ পাছতো তেওঁ সেই ধন উলিয়াই নিদিলে। ঘনিষ্ঠ মিতিৰালি কৰা ৰাণুই জিয়াদক এনেকৈ বিপাঙত পেলালে যিটো কথা জিয়াদে বহু দেৰিকৈ বুজি পালে বুলি আজি সচেতনমহৰ মুখে মুখে।

     ৰাজহুৱা অভিযোগ মতে,জিয়াদৰ নিচিনা কৈ ৰাণু ওঁজাও সম্পূৰ্ণ দোষী। স্কুলৰ ছাত্ৰ -ছাত্ৰীৰ পৰীক্ষাৰমাচুলৰ প্ৰায় ৪০হাজাৰ টকা ৰাণু ওজাৰ হাতত জমা থকা স্বত্ত্বেও স্কুল কতৃপক্ষৰ হাতত জমা দিয়া নাই। গতিকে এই দুজন দূৰ্নীতিগ্ৰস্ত শিক্ষকৰ সলনি অন্য এজন নিষ্ঠাৱান,কৰ্তব্য পৰায়ণ শিক্ষকক দায়িত্ব দিয়াৰ বাবে বৃহত্তৰ ভেল্লা বাসী ৰাইজে স্কুল কৰ্তৃপক্ষক অনুৰোধ জনোৱাৰ লগতে বিষয়টো শিক্ষামন্ত্ৰীয়ে হস্তক্ষেপ কৰি উক্ত বিষয়ৰ ওপৰত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহন কৰিবলৈ দাৱী জনায় ।


আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: