Sunday, January 26, 2025

জি পি সিং যাবগৈ ! কিন্তু অসমে চিৰদিন মনত ৰাখিব পাঁচটা ফুলকুমলীয়া ল’ৰাৰ মৃত্যুৰ ব্যথা

 

জি পি সিং যাবগৈ ! কিন্তু অসমে চিৰদিন মনত ৰাখিব পাঁচটা ফুলকুমলীয়া লৰাৰ মৃত্যুৰ  ব্যথা

বি. চি ডেস্ক, ২৬ জানুৱাৰীঃ আৰক্ষী সঞ্চালক প্ৰধান হিচাপে অসমত অন্তিমটো গণৰাজ্য দিৱস উদযাপন কৰি আৱেগিক হৈ পৰিল জি পি সিঙে। আজি ২০০০ চনত খানাপাৰাত প্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথাও মনত পেলালে জিপি সিঙে।

তেওঁ কয়, “২০০০ চনত খানাপাৰাত গণৰাজ্য দিৱস উদযাপনত অংশ লোৱাৰ কথা মোৰ স্পষ্টকৈ মনত আছে তেতিয়া লেফটেনেণ্ট জেনেৰেল শ্ৰীনিবাস কুমাৰ সিনহা অসমৰ ৰাজ্যপাল আছিল। মই তেতিয়া আৰক্ষী আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিলো আৰু তেওঁৰ কাষত থিয় হৈ আছিলো। বোধহয় অসমৰ কেন্দ্ৰীয় অনুষ্ঠানত এয়া মোৰ শেষ অংশগ্ৰহণ। অসমৰ ৰাইজক সেৱা আগবঢ়োৱাটো মোৰ বাবে এক সৌভাগ্যৰ কথা আৰু আছে বহু গভীৰ আৱেগিক অভিজ্ঞতা

উল্লেখ্য যে কা আন্দোলনৰ ভৰপক সময়ত ২০১৯ চনত অসমলৈ আহিছিল জি পি সিং। জি পি সিঙে অসমত প্ৰৱেশ কৰাৰ পিছত পাঁচজন নিৰস্ত্ৰ যুৱকক গুলীয়াই হত্যা কৰে আৰক্ষীয়ে। কাৰ নিৰ্দেশত লৰাকেইটাক গুলী কৰা হয় সেই কথা পোহৰলৈ নাহিলেও সকলোৰে সন্দেহৰ আঙুলি জিপি সিংৰ ফালেই।

অসমৰ পৰা গৈ চি আৰ পি এফৰ সঞ্চালক প্ৰধান হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব জিপি সিঙে। কিন্তু অসমৰ সেই পাঁচটা ফুলকুমলীয়া লৰাৰ মৃত্যুৰ ব্যথা অসমে চিৰদিন মনত ৰাখিব।


আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: