ঝুমুৰ অনুষ্ঠানৰ বাবে মেট্ৰিক পৰীক্ষাৰ পৰা বঞ্চিত ৬০০০ শিক্ষাৰ্থী: অখিল গগৈ
বি. চি ডেস্ক, ৪মাৰ্চঃ অসম চৰকাৰৰ উদ্যোগত ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীস্থ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হয় "ঝুমুৰ বিনন্দিনী" শীৰ্ষক এক অনুষ্ঠানৰ। এই বিশেষ সাংস্কৃতিক আয়োজনত ৰাজ্যৰ ৮০০ খন চাহ বাগিচাৰ শিল্পীয়ে ঝুমুৰ নৃত্য পৰিৱেশন কৰে, আৰু এই অনুষ্ঠানটো উপভোগ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই অনুষ্ঠান সফল কৰিবলৈ বহুকেইখন বাগিচাত মাহজোৰা অনুশীলন চলিছিল। কিন্তু শেহতীয়াকৈ এই অনুষ্ঠানক লৈ বিতৰ্ক সৃষ্টি হৈছে, য'ত বিধায়ক অখিল গগৈয়ে এক গুৰুত্বপূর্ণ অভিযোগ উত্থাপন কৰিছে।
প্ৰকাশিত বাতৰি অনুসৰি, এই অনুষ্ঠানত অংশ লোৱাৰ বাবেই প্ৰায় ৬০০০ শিক্ষাৰ্থী এবাৰ মেট্ৰিক পৰীক্ষা দিব নোৱাৰিলে। অসম বিধানসভাৰ বাজেট অধিবেশনৰ সময়ত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে এই বিষয়টো উত্থাপন কৰি বঞ্চিত শিক্ষাৰ্থীসকলৰ বাবে বিশেষ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ আহ্বান জনাইছে। তেওঁ লগতে কয়, "শিক্ষাৰ্থীসকলৰ একাডেমিক ক্ষতি হোৱাটো কোনো মতে গ্রহণযোগ্য নহয়। লগতে বিধায়ক গৰাকীয়ে কয় যে, মেট্ৰিক পৰীক্ষাৰ সময়ত এনে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰাটো সুস্থ চিন্তা হব নোৱাৰে।"
অখিল গগৈয়ে লগতে কয়, “ঝুমুৰ আয়োজন কৰাটোত আমাৰ কাৰো আপত্তি নাই । চাহ জনগোষ্ঠী-আদিবাসীসকলৰ নিচিনা এটা নিষ্পেষিত জনগোষ্ঠীক এইদৰে বিশ্বচৰ আগত তুলি ধৰাটো নিশ্চিতভাৱে এটা ভাল খবৰ । কিন্তু তাৰ নামত যদি জনগোষ্ঠীটোৰ ৬০০০ শিক্ষাৰ্থীয়ে এটা শৈক্ষিক বৰ্ষ হেৰুৱাবলগীয়া হয়, তেন্তে এয়া কেতিয়াও মানি ল’ব পৰা নাযায় ।”
সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বড়াই এই অভিযোগ প্ৰত্যাখ্যান কৰি কৈছে, "৬০০০ শিক্ষাৰ্থীয়ে পৰীক্ষা নিদিয়াৰ তথ্য অখিল গগৈয়ে ক’ত পালে? ঝুমুৰ আৰম্ভ কৰাৰ সময়তেই পৰীক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব নালাগে বুলি কোৱা হৈছিল। এই অনুষ্ঠান চাহ জনগোষ্ঠীৰ সাংস্কৃতিক পৰিচয় আগবঢ়োৱাৰ বাবে আয়োজন কৰা হৈছিল। এতিয়ালৈকে শিক্ষা বিভাগৰ পৰা এনে কোনো অভিযোগ অহা নাই।"
ইয়াৰোপৰি, শিক্ষা বিভাগৰ সচিবগৰাকীয়ে উল্লেখ কৰিছে যে, "মেট্ৰিক পৰীক্ষাৰ সময়ত এনে অনুষ্ঠান আয়োজন কৰা উচিত নাছিল। শিক্ষাৰ্থীৰ ভবিষ্যৎ অতি গুৰুত্বপূৰ্ণ। যদি কোনো শিক্ষাৰ্থীয়ে পৰীক্ষা দিব নোৱাৰিছে, তেন্তে আমি সেই বিষয়ে তদন্ত কৰিম।"
আন এক সূত্ৰৰ মতে শিক্ষাৰ্থীসকলৰ অভিভাৱকসকলে এই ঘটনাৰ বাবে চৰকাৰক দোষাৰোপ কৰিছে। তেওঁলোকৰ মতে, শিক্ষাৰ্থীসকলক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ বাধ্য কৰোৱা হৈছিল, যাৰ ফলত বহু শিক্ষাৰ্থীয়ে পৰীক্ষা দিব নোৱাৰিলে। অভিভাৱকসকলে বিশেষ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ দাবী জনাইছে বুলি জানিব পৰা গৈছে।
এই বিষয়টোক লৈ সামাজিক মাধ্যমতো বহুত আলোচনাৰ সৃষ্টি হৈছে। বিভিন্ন শৈক্ষিক সংগঠন আৰু সচেতন মহলে বিষয়টোৰ ওপৰত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। একাংশে কয় যে, "চাহ জনগোষ্ঠীৰ উন্নয়ন নিশ্চিত কৰাটো প্ৰশংসনীয়, কিন্তু শিক্ষাৰ্থীৰ একাডেমিক ক্ষতি কোনো মতে গ্রহণযোগ্য নহয়।
বিভিন্ন মহলে দাবী কৰে যে যিসকল শিক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষা দিব নোৱাৰিলে, তেওঁলোকৰ বাবে বিকল্প পৰীক্ষাৰ ব্যৱস্থা কৰা হওক। চৰকাৰে এই বিষয়ে কিমান গুৰুত্ব দিয়ে আৰু শিক্ষাৰ্থীসকলৰ ক্ষতিপূৰণৰ বাবে কি পদক্ষেপ লয়, তাৰ ওপৰত সকলোৱে দৃষ্টি ৰাখিছে।
0 coment rios: