Monday, October 28, 2024

বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমৰ ৪ জিলাত AFSPA-ৰ ম্যাদ বৃদ্ধি

 

তিনিচুকীয়াডিব্ৰুগড়চৰাইদেউ আৰু শিৱসাগৰ জিলাত পুনৰ ছমাহৰ বাবে আফস্পাৰ ম্যাদ বৃদ্ধি ।


নিউজ ডেস্ক৯ অক্টোবৰ : ৰাজ্যৰ ৪ জিলাত পুনৰ বৃদ্ধি কৰা হৈছে আফস্পাৰ (AFSPA) ম্যাদ । মঙলবাৰে জাৰি কৰা এক জাননী অনুসৰিবাংলাদেশৰ শেহতীয়া পৰিস্থিতি আৰু ইয়াৰ ফলত আভ্যন্তৰীণ আইন-শৃংখলা পৰিস্থিতিৰ ওপৰত সম্ভাৱ্য বিদ্বেষপূৰ্ণ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি এই চাৰিখন জিলাত সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন চমুকৈ আফস্পাৰ ম্যাদ ছয় মাহৰ বাবে বৃদ্ধি কৰা হৈছে ।

এই জিলাকেইখন হৈছে তিনিচুকীয়াডিব্ৰুগড়চৰাইদেউ আৰু শিৱসাগৰ । এই আইনৰ অধীনত আগন্তুক ছয়মাহলৈ জিলা চাৰিখন 'অশান্ত অঞ্চলহিচাপে পৰিগণিত হৈ থাকিব বুলি জাননীখনত কোৱা হৈছে ।

"আৰক্ষী মুখ্য কাৰ্যালয়ৰ জৰিয়তে লাভ কৰা বিভিন্ন সংস্থাৰ প্ৰতিবেদনে ইংগিত দিছে যে নিৰাপত্তা বাহিনীৰ নিৰন্তৰ প্ৰচেষ্টা আৰু সক্ৰিয় বিদ্ৰোহী বিৰোধী পদক্ষেপৰ বাবেবিগত কেইবছৰমানত আৰু বিশেষকৈ বিগত তিনি বছৰত অসমৰ সামগ্ৰিক পৰিস্থিতি যথেষ্ট উন্নত হৈছে ।" জাননীখনত লগতে কোৱা হৈছে ।

"অৱশ্যে চুবুৰীয়া দেশ বাংলাদেশত শেহতীয়াকৈ হোৱা বিশৃংখলতা আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত আভ্যন্তৰীণ আইন-শৃংখলা পৰিস্থিতিৰ ওপৰত ইয়াৰ সম্ভাৱ্য বিদ্বেষপূৰ্ণ প্ৰভাৱৰ বাবে অসম চৰকাৰে পৰামৰ্শ দিছে যে সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন১৯৫৮ আৰু ৬ মাহৰ বাবে বাহাল ৰখা হ'ব পাৰে ।" জাননীখনত উল্লেখ কৰা হৈছে ।

উল্লেখ্য যে আফস্পাৰ অধীনত নিৰাপত্তা বাহিনীৰ সুবিধাৰ বাবে কোনো এক এলেকাক 'অশান্ত অঞ্চলহিচাপে ঘোষণা কৰা হয় । এই প্ৰস্তাৱ গৃহ মন্ত্ৰণালয়ৰ ওচৰত দাখিল কৰাৰ পিচত যথাযথ বিবেচনাৰ পিচত ৰাজ্যখনৰ অশান্ত অঞ্চলসমূহৰ সন্দৰ্ভত 'পূৰ্বৰ স্থিতিঅক্টোবৰৰ 1 তাৰিখৰ পৰা আৰু ছয় মাহৰ বাবে বাহাল ৰখাৰ সিদ্ধান্ত লোৱা হয় বুলি জাননীখনত উল্লেখ কৰা হৈছে । প্ৰণিধানযোগ্য যে যোৱা বছৰ অক্টোবৰৰ পৰা ৰাজ্যৰ আন অংশৰ পৰা ক্ৰমান্বয়ে এই আইন প্ৰত্যাহাৰ কৰা হ'লেও আফস্পাৰ অধীনত একমাত্ৰ এই চাৰিখন জিলা আছে । যোৱা বছৰ যোৰহাটগোলাঘাটকাৰ্বি আংলং আৰু ডিমা হাচাওৰ পৰা আফস্পা প্ৰত্যাহাৰ কৰা হয় । আনহাতেঅন্যান্য অঞ্চলবোৰ ইয়াৰ পূৰ্বেই এই আইনৰ আওতাৰ পৰা বাহিৰলৈ নিয়া হৈছিল ।

উল্লেখ্য১৯৯০ চনৰ নৱেম্বৰত অসমত প্ৰথমবাৰৰ বাবে আফস্পা বলৱৎ কৰা হৈছিল আৰু তেতিয়াৰে পৰা প্ৰতি ছয়মাহত ইয়াৰ ম্যাদ বৃদ্ধি কৰি অহা হৈছে ।

এই আইনখনে নিৰাপত্তা বাহিনীক যিকোনো ঠাইতে অভিযান চলাবলৈ আৰু কোনো আগতীয়া ৱাৰেণ্ট অবিহনে কাৰোবাক গ্ৰেপ্তাৰ কৰাৰ ক্ষমতা প্ৰদান কৰে । আনহাতেআইনখনে কোনো এক অভিযান ভুল হোৱাৰ ক্ষেত্ৰতো সুৰক্ষা বাহিনীক এক নিৰ্দিষ্ট স্তৰৰ সকাহ প্ৰদান কৰে ।

উল্লেখ্য যে সশস্ত্ৰ বাহিনীৰ দ্বাৰা মানৱ অধিকাৰ উলংঘনৰ দাবী তুলি বিভিন্ন দল-সংগঠনে সমগ্ৰ উত্তৰ-পূবৰ পৰা এই 'কঠোৰ আইন'খন প্ৰত্যাহাৰৰ বাবে বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছে । ২০২১ চনৰ ৪ ডিচেম্বৰত নাগালেণ্ডৰ মন জিলাত বিদ্ৰোহ-বিৰোধী অভিযান আৰু প্ৰতিশোধমূলক হিংসাত নিৰাপত্তা বাহিনীৰ গুলীচালনাত ১৪ গৰাকী নাগৰিকৰ মৃত্যুৰ পিচত আইনখন বাতিলৰ দাবীয়ে পুনৰ নতুন গতি লাভ কৰে ।


আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: