Wednesday, January 22, 2025

‘হিটলাৰআছিলসমকামী, ব্ৰিটিছ প্ৰেমিকাৰ ডায়েৰীত বিস্ফোৰক তথ্য

 

হিটলাৰআছিলসমকামী, ব্ৰিটিছ প্ৰেমিকাৰ ডায়েৰীত বিস্ফোৰক তথ্য


উৱেভ ডেস্ক, ২২ জানুৱাৰীঃ ১৯৪৫ চনৰ ৩০ এপ্ৰিলত বাৰ্লিনৰ বাংকাৰত এডলফ হিটলাৰে নিজকে গুলীয়াই আত্মহত্যা কৰে। সংগী আছিল ইভা ব্ৰাউন। যাক ফুয়াৰে দুদিন আগতে বিয়া কৰাইছিল। সেই মৃত্যুৰ আঠ দশক পাৰ হৈ গল। তথাপিও তেওঁলৈ সমগ্ৰ বিশ্বৰ কৌতুহলৰ কোনো অন্ত নাই। তেওঁৰ বিষয়ে কোনো নতুন খবৰ ওলালেই বিশ্বতেই হুলস্থুলৰ সৃষ্টি হয়। এইবাৰ সেই উত্তেজনাৰ সৃষ্টি কৰিছ হিটলাৰৰ ব্ৰিটিছ প্ৰেমিকা ইউনিটি মিটফোৰ্ডৰ ডায়েৰীৰ পৰাই । কেনে আছিল নাজী সেনাপতি? হিটলাৰৰ বিষয়ে মিটফোৰ্ডে নিজৰ ডায়েৰীত লিখিছিল, "তেওঁ অতি মিঠা আৰু সমকামী।" এই বক্তব্য আৰু এই ডায়েৰীখনক কেন্দ্ৰ কৰিয়েই হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে।

 

ইতিহাসৰ পৃষ্ঠাবোৰ লুতিয়ালে দেখা যায় যে ফুয়েৰাবেৰ প্ৰেমিকাৰ সংখ্যা কম নাছিল। ত্ৰিশৰ দশকত ইউনিটি মিটফোৰ্ডৰ সৈতে হিটলাৰৰ অন্তৰংগ সম্পৰ্ক আছিল। মিটফোৰ্ডে তেওঁলোকৰ প্ৰেম কাহিনী ডায়েৰীত লিপিবদ্ধ কৰিছিল। শেহতীয়াকৈ ডায়েৰীখন উদ্ধাৰ কৰি প্ৰকাশ কৰা হৈছে। সেই ডায়েৰীৰ পৃষ্ঠাই পৃষ্ঠাই হিটলাৰৰ সৈতে থকা সম্পৰ্কৰ কথা কবললৈ গৈ ইউনিটিয়ে লিখিছে, ‘তাই হিটলাৰৰ ভালপোৱাৰ বাবে আগ্ৰহেৰে বাট চাই আছিল। ডায়েৰীৰ পৃষ্ঠাই পৃষ্ঠাই  তেওঁ বাৰে বাৰে লিখা দেখা যায়, ‘হিটলাৰ আছিল অতি মিঠা আৰু সমকামী।১৯৩৫ চনৰ পৰা ১৯৩৯ চনলৈকে দুয়োৰে ১৩৯  বাৰ লগ হৈছিল। প্ৰথম দৃষ্টিতে তেওঁ হিটলাৰৰ প্ৰেমত পৰিল। ডায়েৰীখনত এইটোও উল্লেখ আছে যে হিটলাৰৰ দৰে আন কোনো ব্ৰিটিছ নাগৰিকে তেওঁৰ ইমান ওচৰ চাপিব নোৱাৰিলে।

 

১৯৩৯ চনৰ ১ ছেপ্টেম্বৰত হিটলাৰৰ ব্ৰিটিছ প্ৰেমিকৰ ডায়েৰীৰ পাত শেষ হয় । যিদিনা পোলেণ্ড জাৰ্মানীয়ে দখল কৰিছিল। তাৰ পিছত জাৰ্মান চ্যান্সেলৰে যুদ্ধ ঘোষণা কৰে। এই তিক্ত সংগ্ৰামৰ মাজেৰে হিটলাৰৰ প্ৰেমিকজনে আৱিষ্কাৰ কৰিছিল যে তেওঁৰ প্ৰিয় দেশ জাৰ্মানী আৰু মাতৃভূমি ব্ৰিটেইন ইজনে সিজনৰ লগত যুদ্ধত লিপ্ত হৈছে। তেওঁ হতাশ হৈ পৰিল। এই আঘাত সহ্য কৰিব নোৱাৰি ইউনিটিয়ে নিজৰ মূৰত গুলীয়াই যদিও আত্মহত্যাৰ চেষ্টা ব্যৰ্থ হয়। মুৰৰ বাওঁ ফালে গুলীৰ ফলত ভয়ংকৰভাৱে আঘাতপ্ৰাপ্ত হয়। সেই পৰিস্থিতিত মিটফোৰ্ড ব্ৰিটেইনলৈ উভতি যায়। ১৯৪৮ চনত ৩৩ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।

 

ইমান বছৰৰ পাছত এই হেৰাই যোৱা ডায়েৰীখন ওলোৱাত বিষয়টোক লৈ চর্চা তুঙ্গত উঠিছে। এই ডায়েৰীয়ে হিটলাৰৰ এটা অজ্ঞাত দিশ উন্মোচন কৰিব বুলি বিশ্বাস কৰা হয়। ইয়াৰ লগতে এই ডায়েৰীখন আচলতে সঁচা নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে। অৱশ্যে চিয়াহী আৰু ইউনিটিৰ হাতৰ আখৰ ভালদৰে চোৱাৰ পিছত এই ডায়েৰীখন ভুৱা নহয়, সম্পূৰ্ণ মৌলিক বুলি গৱেষকসকলে নিশ্চিত হৈছে ।


আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: