Friday, January 17, 2025

 

শীঘ্ৰে মুকলি হ'ব নীট ইউ জি ২০২৫ ৰ প্ৰ-পত্ৰ: জাননী জাৰিঃ ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা


নিউজ ডেস্ক, ১৬জানুৱাৰী :  ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা চমুকৈ এন টি এয়ে শীঘ্ৰেই চিকিৎসা প্ৰৱেশ পৰীক্ষা বনাম ৰাষ্ট্ৰীয় যোগ্যতা প্ৰৱেশ পৰীক্ষাৰ (নীট ইউ জি ২০২৫) বাবে প্ৰ-পত্ৰ মুকলি কৰিব । এই সন্দৰ্ভত ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই অফিচিয়েল ৱেবছাইটত এক জাননী প্ৰকাশ কৰি  আধাৰ আৰু পৰিচয়-পত্ৰ আপডেট কৰিবলৈ নিৰ্দেশ দিছে ।

ব্যক্তিগত প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ কেৰিয়াৰ পৰামৰ্শ বিশেষজ্ঞ পাৰিজাত মিশ্ৰই কয় যে এন টি এয়ে অফিচিয়েল ৱেবছাইটত এখন জাননী আপলোড কৰিছে তাত কোৱা হৈছে যে পঞ্জীয়ন প্ৰক্ৰিয়া সোনকালেই আৰম্ভ হ'ব । আৰু জাননী খননত শিক্ষাৰ্থীসকলক আই ডি আৰু আধাৰ কাৰ্ড আপডেট কৰি ৰাখিবলৈও নিৰ্দেশ দিয়া হৈছে । দশম শ্ৰেণীৰ মাৰ্কশ্বীটৰ আধাৰত আধাৰ কাৰ্ড আপডেট কৰিব লাগিব । যদি কাৰোবাৰ আধাৰ কাৰ্ড আপডেট কৰা হোৱা নাই, তেন্তে ইয়াক লগে লগে আপডেট কৰিবলৈ কোৱা হৈছেএই আধাৰত নাম আৰু জন্মৰ তাৰিখ সম্পূৰ্ণ শুদ্ধ আৰু একে হ'ব লাগিব ।

ইয়াৰ উপৰি আধাৰ কাৰ্ডৰ পঞ্জীভুক্ত মোবাইল নম্বৰ সক্ৰিয় কৰি ৰাখিব লৈ কোৱাৰ লগতে যদি সেয়া হোৱা নাই তেন্তে ইয়াকো আপডেট কৰিব লাগিব যত অ' টি পি প্ৰমাণীকৰণ প্ৰক্ৰিয়া থাকিব । আধাৰ আপডেট কেন্দ্ৰলৈ গৈ সকলোবোৰ আপডেট কৰিব পাৰি । লগতে এইবাৰ ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই মুখৰ চিনাক্তকৰণৰ বিষয়েও কয় যে আধাৰত শেহতীয়া ফটো থাকিব লাগিবকিয়নো নিজৰ শেহতীয়া মুখৰ ছবি অনুসৰি আধাৰৰ ছবি থকাটো উচিত ।


আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: