Saturday, January 18, 2025

 অসমে এতিয়া ৰূপান্তৰৰ যুগত প্ৰৱেশ কৰিছেঃ হিমন্ত বিশ্ব শৰ্মাৰ

বি. চি ডেস্ক, ১৭ জানুৱাৰীঃ এদিনীয়া কাৰ্যসূচীৰে আজি মৰিগাঁও জিলা ভ্ৰমণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই ভ্ৰমণৰ সময়তে মুখ্যমন্ত্ৰীগৰাকীয়ে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীসকলৰ সৈতে জাগীৰোডত নিৰ্ম্মীয়মান অসমৰ প্রথমটো ছেমিকণ্ডাক্টৰ এচেম্বলী এণ্ড টেষ্ট প্রকল্প পৰিদৰ্শন কৰি প্রকল্পটোৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়।

বিগত বৰ্ষৰ ১৩ মাৰ্চত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ হাজাৰ কোটি টকা বিনিয়োগেৰে স্থাপন হবলগীয়া এই প্রকল্পটোৰ আধাৰশিলা স্থাপন কৰাৰ পিছত বিগত বৰ্ষৰ ৩ আগষ্টত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভূমিপূজন অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল।

এই পৰিদৰ্শন কালত ৰাজ্যিক মন্ত্ৰীসভাৰ সদস্যসকলৰ লগতে বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ আগত টাটা ছেমিকণ্ডাক্টৰ এচেম্বলী এণ্ড টেষ্ট প্রকল্পৰ মুৰব্বী আশিস মিশ্ৰই প্রকল্পটোৰ নিৰ্মাণৰ বিভিন্ন দিশত হোৱা অগ্ৰগতিৰ বিষয়ে অৱগত কৰে। এই প্ৰকলপৰ দোহাই দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সু-প্ৰশাসনৰ জৰিয়তে ৰাজ্যখনৰ উন্নয়নৰ গতি ত্বৰাশ্বিত কৰা উদ্দেশ্যেৰে ৰাজ্য চৰকাৰে লোৱা পদক্ষেপৰ ইতিবাচক দিশসমূহ মুকলি হবলৈ আৰম্ভ কৰিছে বুলি মন্তব্য কৰে।

জাগীৰোডত নিৰ্মাণৰত ছেমিকণ্ডাক্টৰ প্ৰকল্পই অসমত বৃহৎ উদ্যোগীকৰণৰ দুৱাৰ মুকলি কৰিছে বুলিও তেওঁ মন্তব্য কৰে। তেওঁ লগতে কয় যে অসমৰ উন্নয়নৰ গতি অধিক দ্ৰুত কৰিবলৈ হলে সৰ্বোৎকৃষ্ট সু-প্রশাসন সুনিশ্চিত কৰিব লাগিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ বিভিন্ন স্থানত তিনিটাকৈ প্ৰকল্পৰ শিলান্যাস কৰিছিল আৰু ইয়াৰ ভিতৰত অসমৰ জাগীৰোডৰ এই প্রকল্পটো আছিল অন্যতম বুলি তেওঁ লগতে দোহাৰে।

যদি অসমৰ এই প্ৰকল্পটোই অন্য প্রকল্পকেইটাৰ তুলনাত প্রথমে উৎপাদন আৰম্ভ কৰিবলৈ সক্ষম হয়, তেনেহলে এয়া নিশ্চিতভাৱে ৰাজ্যখনৰ বাবে এটা গৌৰৱৰ বিষয় হব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে। একেসময়তে ছেমিকণ্ডাক্ট উৎপাদনৰ জৰিয়তে অসমে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈও সমৰ্থ হব বুলি মন্তব্য কৰি তেওঁ ছেমিকণ্ডাক্টৰ প্রকল্পক ভৱিষ্যতৰ দিশ নিৰ্ণয়কাৰী এক প্রকল্প বুলি অভিহিত কৰে।

হিমন্ত বিশ্ব শৰ্মাই কয়, ”ভূ-ৰাজনৈতিক দৃষ্টিকোণেৰে অসম যথেষ্ট উন্নত স্থানত অৱস্থিত যদিও চুবুৰীয়া ৰাষ্ট্ৰসমূহত বিৰাজ কৰা অস্থিৰতা তথা ৰাজ্যখনৰ স্থানীয় বজাৰখন যথেষ্ট সীমিত হোৱাৰ বাবে বহু সময়ত বৃহৎ প্ৰতিষ্ঠানসমূহে অসমত উদ্যোগ স্থাপনৰ বাবে আগ্ৰহ প্ৰকাশ নকৰে। ইয়াৰ পৰিপ্ৰেক্ষিততে ৰাজ্য চৰকাৰে আগ্ৰহী বৃহৎ প্ৰতিষ্ঠানসমূহক সু-প্ৰশাসন ব্যৱস্থাৰ জৰিয়তে অসমত বিনিয়োগৰ বাবে আকৰ্ষণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে।

সু-প্ৰশাসন আগবঢ়োৱাৰ জৰিয়তে অসমে আগন্তক সময়ছোৱাতো অধিক উদ্যোগ ৰাজ্যত স্থাপন কৰিবলৈ সক্ষম হব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে জাগীৰোডৰ এই প্ৰকল্পটোৰ বাবেও ৰাজ্য চৰকাৰে সৰ্বতোপ্রকাৰে সহায়-সহযোগিতা আগবঢ়াইছে বুলি দোহাৰে। প্ৰকল্পটোৰ বাবে প্রয়োজন হোৱা বিদ্যুৎ, পানী যোগান, সুৰক্ষা ব্যৱস্থা আদিকে ধৰি যাৱতীয় প্রয়োজনসমূহ তৎপৰতাৰে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগসমূহে পূৰণ কৰিছে বুলি মন্তব্য কৰে।

এনে পদক্ষেপসমূহে ইতিবাচক বাৰ্তাও প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ লগতে কয়। সমূহীয়া প্ৰচেষ্টাই কিদৰে এক ইতিবাচক ৰূপ লব পাৰে সেয়া প্রত্যক্ষ কৰাৰ উদ্দেশ্যেই ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলক আজি জাগীৰোডৰ এই প্রকল্পস্থলী পৰিদৰ্শনৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে উপস্থিত ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকলক উপ্দেশ্যি মন্তব্য কৰে যে এখন বিকশিত অসম নিৰ্মাণ কৰিবলৈ হলে সৰ্বোত্তম সুশাসন প্রদান সুনিশ্চিত কৰিবই লাগিব ।

তেওঁ কয় যে বহু প্ৰতিষ্ঠানে অসমত উদ্যোগ স্থাপনৰ বাবে শেহতীয়াকৈ আগ্ৰহ প্রকাশ কৰিছে আৰু অসমত উদ্যোগ স্থাপনৰ দিশত যাৱতীয় কাম-কাজসমূহ যে অতি দ্ৰুত গতিত আগবাঢ়ে সেই সম্বন্ধে প্রতিষ্ঠানসমূহৰ মাজত এক বিশ্বাস গঢ় লৈ উঠিছে। সেয়ে একমাত্ৰ সুপ্ৰশাসন আগবঢ়োৱাৰ জৰিয়তেহে এনে প্রকল্পসমূহ অসমত স্থাপন হোৱাটো বাস্তৱায়িত কৰিব পৰা যাব বুলিও তেওঁ কয়।

টাটা ছেমিকণ্ডাক্টৰ প্রকল্পৰ মূৰব্বী আশিস মিশ্ৰই চলিত বৰ্ষৰ অক্টোবৰ মাহতেই প্রকল্পটোৰ পৰা চিপ্ছউৎপাদন কৰিব পৰা যাব বুলি কৰা মন্তব্যৰ কথা উল্লেখ কৰি তেওঁ কয় যে প্রকল্পটোৰ মূৰৰবীগৰাকীয়ে উল্লেখ কৰা অনুযায়ী প্রকল্পটোৱে যদি চলিত বৰ্ষৰ শেষৰফালে চিপ্ছউৎপাদন কৰিবলৈ সমৰ্থ হয় তেন্তে ইয়ে অসমৰ প্রতিচ্ছবিকেই যথেষ্ট পৰিমাণে সলনি কৰিবলৈ সক্ষম হব।

অহা ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হবলগীয়া এডভাণ্টেজ আছাম ২.০ৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন স্থানত অনুষ্ঠিত কৰি অহা ৰোড শ্বসমূহত টাটা ইলেকট্ৰনক্সে জাগীৰোডৰ প্রকল্প ৰূপায়ণত অসম চৰকাৰৰ পৰা লাভ কৰা ইতিবাচক সঁহাৰিৰ অভিজ্ঞতাৰ ভিত্তিত আগবঢ়োৱা বক্তব্যসমূহে বিভিন্ন বিনিয়োগকাৰীক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সুপ্ৰশাসন প্রদানৰ এই ধাৰা অব্যাহত ৰাখিলে আগন্তুক সময়ছোৱাত ৰাজ্যখনে অধিক সংখ্যক বিনিয়োগকাৰীক ৰাজ্যত বিনিয়োগৰ বাবে আকৰ্ষণ কৰিবলৈ সমৰ্থ হব।

অসমে এতিয়া ৰূপান্তৰৰ যুগত প্ৰৱেশ কৰিছে বুলি মন্তব্য কৰি তেওঁ লগতে কয় যে সকলোৰে সমূহীয়া প্ৰচেষ্টাই ৰাজ্যখনক এক নতুন স্তৰলৈ নিবলৈ সক্ষম হব আৰু জাগীৰোডৰ এই প্রকল্পটোৱে হব সকলোৰে বাবে এক দৃষ্টান্ত স্বৰূপ। জাগীৰোডৰ এই প্ৰকল্পস্থলী পৰিদৰ্শনৰ সময়ত কেবিনেট মন্ত্ৰীসকলৰ লগতে মুখ্য সচিব ৰবি কোটাকে ধৰি বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। আনহাতে, মুখ্যমন্ত্ৰীয়ে আজি এই পৰিদৰ্শনকালত প্রকল্পস্থলীত এটা ৰদ্ৰাক্ষ গছৰ পুলিও ৰোপণ কৰে।




আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: