ভাৰতত মাওবাদৰ অন্ত ক’ত
নেচনেল ডেস্ক, ১৬
জানুৱাৰী: ছত্তীশগড়ত ভাৰতীয় কমিউনিষ্ট পাৰ্টি-মাওবাদী
(চিপিআই-এম)ৰ গেৰিলাৰ আক্ৰমণত কমেও ৯ জন নিৰাপত্তাৰক্ষী নিহত হোৱাৰ পিছতে মাওবাদীক
পুনৰ তদন্তৰ আওতালৈ আহে। প্ৰায় দুবছৰৰ পাছত ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰ ওপৰত ইমান ডাঙৰ আক্ৰমণ চলালে।
এনে পৰিপ্ৰেক্ষিতত জ্যেষ্ঠ সাংবাদিক
কমল শুক্লাই ছত্তীশগড়ৰ পৰা কয় যে, যেতিয়া এনে ঘটনা সংঘটিত
হয়, তেতিয়া সাধাৰণতে দেখা যায় যে মাওবাদী অঞ্চলত
নিৰাপত্তা বাহিনীৰ চলাচলৰ বাবে গৃহ মন্ত্ৰালয়ে যি নিৰ্দেশনা প্ৰস্তুত কৰিছে (মানক
পৰিচালন পদ্ধতি) সেই সমূহ সঠিকৰূপে অনুসৰণ কৰা হোৱা নাই । এতিয়া এই ঘটনাৰ তদন্তৰ
অন্ততহে নিৰ্দেশ মানি চলিছিল নে নাই সেয়া বুজিব পৰা যাব
এইগৰাকী সাংবাদিকে কয় যে বহু সময়ত
দেখা যায় যে, আক্ৰমণত নিৰাপত্তাৰক্ষীৰ মৃত্যুক লৈ চৰকাৰে বিশেষ গুৰুত্ব নিদিয়ে।
কাৰণ তেওঁ কয়,বস্তৰৰ এই আদিবাসী–অধ্যুষিত অঞ্চলত হিংসাত্মক ঘটননাত আৰক্ষীয়ে
হওক বা মাওবাদীয়ে হওক যাৰে মৃত্যু হয় তোওঁলোক আদিবাসী আৰু স্থানীয় শ্ৰমিক বা
কৃষকৰ সন্তান। মাওবাদী অঞ্চলত সংঘৰ্ষত কোনো উচ্চ শ্ৰেণী, উচ্চ
বৰ্ণৰ পৰিয়ালৰ সদস্য বা ৰাজনীতিবিদৰ সন্তানৰ মৃত্যু নহয়। ফলত পুলিচ বা মাওবাদীৰ
মৃত্যু হওক, শেষত কোনেও বিশেষ গুৰুত্ব নিদিয়ে।
২০২৪ চনত ছত্তীশগড়ত
মুঠ ২১৯ জন লোকক মাওবাদী বুলি চিনাক্ত কৰি হত্যা কৰা হৈছিল। কিন্তু মানৱ অধিকাৰ
কৰ্মীসকলৰ সকলো মাওবাদী নে নহয় তাত সন্দেহ আছে। এই ২১৯ জন লোকৰ ভিতৰত ২১৭ জন আছিল
বাষ্টাৰ ৰেঞ্জৰ বাসিন্দা।
কালি ছত্তীশগড়ৰ উপ-মুখ্যমন্ত্ৰী
অৰুণ ছাউৱে সোমবাৰৰ কাণ্ডক মাওবাদী কাপুৰুষৰ আন এক প্ৰমাণ বুলি অভিহিত কৰি কয় যে
২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত ৰাজ্যখনত মাওবাদৰ অন্ত পৰিব।
উপ-মুখ্যমন্ত্ৰীৰ
ভাষণৰ কথা উল্লেখ কৰি কমল শুক্লাই কয় যে, ‘মই ২৮-২৯
বছৰ ধৰি শুনি আহিছো যে এই বছৰ বা অহা বছৰ মাওবাদৰ অন্ত পৰিব। কিন্তু এতিয়াও হোৱা
নাই । এনেদৰে বল প্ৰয়োগ কৰি শক্তিশালী ন্যায়িক ব্যৱস্থাৰ অন্ত পেলোৱা সম্ভৱ বুলি
মই নাভাবো। আনকি কংগ্ৰেছৰ দিনতো এনেদৰে অহা বছৰ মাওবাদৰ অন্ত পৰিব বুলি কোৱা
হৈছিল। এতিয়াও কোৱা হৈছে। বাস্তৰত সাধাৰণ মানুহৰ অৱস্থা দিনক দিনে বেয়াহে হৈ
আহিছে।
কমল শুক্লাই লগতে
কয়,
"আগতে এটা ডাঙৰ হত্যাকাণ্ডৰ পিছত আমি অন্ততঃ গাঁৱৰ ভিতৰলৈ গৈ
অলপ সোধা-পোছা কৰি বাহিৰৰ জগতক খবৰ দিব পাৰিছিলোঁ।" সেয়া এতিয়া সম্ভৱ নহয়;
কাৰণ নিৰাপত্তাৰক্ষীয়ে গাঁওখনলৈ যোৱা আটাইকেইটা পথতে ডাঙৰ ডাঙৰ
শিবিৰ পাতিছে। ছত্তীশগড়ৰ গাঁৱে গাঁৱে গৈ সোধা-পোছা কৰিবলৈ দিয়া নহয়। ইয়াৰ
বাবেই আজি গাঁওখনত কি হৈছে সেয়া কোৱা সম্ভৱ নহয়।
ছত্তীশগড়ত ১৯৮০
চনৰ পৰা মাওবাদী আন্দোলন চলি আহিছে। মূলতঃ জনজাতীয়, অনুসূচিত
জাতিৰ কৃষকসকলে এই আন্দোলনৰ নেতৃত্ব দি আহিছে। মহানগৰীৰ শিক্ষিত সমাজে আগতে এই
নক্সালসকলক সহায় কৰিছিল যদিও এতিয়া তেওঁলোকে নিদিয়ে বা দিব পৰা নাই। কাৰণ যোৱা
কেইবছৰমানৰ পৰা তেওঁলোকৰ বহুতেই গ্ৰেপ্তাৰ হৈছে।
এই সশস্ত্ৰ আন্দোলনৰ বাবে বিগত সময়ত
ছত্তীশগড়কে ধৰি মধ্য আৰু দক্ষিণ ভাৰতত হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে আৰু এতিয়াও
মৃত্যু হৈছে। ভাৰতৰ মাওবাদৰ পৰ্যবেক্ষকসকলে ভাবে যে ২০ বছৰ আগৰ আন্দোলনৰ শক্তি
হয়তো কিছু কমি গৈছে,
কিন্তু এই আন্দোলন এতিয়াই শেষ হ’ব বুলি ভাবিব নোৱাৰা বুলি কয় দেশৰ মাওবাদীৰ
পর্যবেক্ষ মহলে।
0 coment rios: