মুখ্যমন্ত্ৰীয়ে গণৰাজ্য দিৱসৰ দিনটোতে ৰাজ্যবাসীক দিলে কেইবাটাও ভাল খবৰ
বি. চি ডেস্ক, ২৬ জানুৱাৰীঃ সমগ্ৰ
দেশৰ লগতে ৰাজ্যবাসীয়ে পালন কৰিলে ৭৬ সংখ্যক গণৰাজ্য দিৱস।প্ৰথমবাৰৰ বাবে ৭৬
সংখ্যক গণৰাজ্য দিৱসৰ ডিব্ৰুগড়ত পতাকা উত্তোলন কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত
বিশ্ব শৰ্মাই।ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত আয়োজন কৰা গণৰাজ্য দিৱসৰ কাৰ্যসূচীত
উপস্থিত থাকি পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।
ৰাজ্যবাসীক গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাই ভাষণ আৰম্ভ কৰে
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।এই ঐতিহাসিক দিনটোত ডিব্ৰুগড়ত প্ৰথমবাৰলৈ
পতাকা উৰুৱাই নিজকে সৌভাগ্যবান বুলি বিবেচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব
শৰ্মাই। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানীলৈ ৰূপান্তৰ
কৰা যাত্ৰাৰ এয়া প্ৰথম পদক্ষেপ। ২০২৭ চনৰ পৰা ডিব্ৰুগড়ত প্ৰতি বছৰে অসম বিধানসভাৰ
অধিৱেশন অনুষ্ঠিত হ’ব বুলি
ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। লগতে তেওঁ কয় যে, অহা বছৰৰ ২৫
জানুৱাৰীৰ দিনটোত বিধানসভাৰ ভৱনৰ নিৰ্মাণ কাম আৰম্ভ কৰিবলৈ চৰকাৰ
প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ কয়, অহা ৩ বছৰৰ ভিতৰত ডিব্ৰুগড় চহৰ
ভাৰতৰ ভিতৰত প্ৰসিদ্ধ মহানগৰলৈ ৰূপান্তৰিত কৰা হ’ব।
ইয়াৰ উপৰিও চৰকাৰৰ অমৃত যাত্ৰাৰ সহযোগী হ’বলৈ অসমবাসীক আহ্বান জনাই
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী কয়, “মই
বিশ্বাস কৰো আগন্তুক দশকত অসম ভাৰতৰ ভিতৰতে নহয় বিশ্বৰ ভিতৰতে মহান ৰাজ্য হিচাপে
উজলি উঠিব”। তেওঁ কয়, “এখন ৰাজ্যৰ অৰ্থনৈতিক
উত্থানত নগৰীকৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান দখল কৰে। নগৰীকৰণ অবিহনে কেতিয়াও
অৰ্থনৈতিত দিশত দ্ৰুত গতিত আগুৱাই যাব নোৱাৰি।” গুৱাহাটীৰ
পিছতে কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰি ডিব্ৰুগড়, তেজপুৰ আৰু
শিলচৰত দ্ৰুত নগৰীকৰণৰ কাম আৰম্ভ হ’ব বুলি উল্লেখ কৰে
মুখ্যমন্ত্ৰীয়ে।তেজপুৰত ৰাজ্যপালৰ বাবে ৰাজভৱন নিৰ্মাণ কৰি অসমৰ সাংস্কৃতিক ৰাজধানীৰ পৰিচয়েৰে উদ্ভাসিত কৰা হ’ব। শিলচৰত নিৰ্মাণ কৰা হ’ব সচিবালয় লগতে মুখ্য সচিবৰ
কাৰ্যালয়।”
ইয়াৰ উপৰিও মাজুলি-যোৰহাটৰ ওপৰত দলং, নুমলীগড় আৰু গহপুৰৰ মাজত আণ্ডাৰ ৱাটাৰ টানেল,
ব্ৰহ্মপুত্ৰত তলেদি আণ্ডাৰ ৱাটাৰ টানেল, কাজিৰঙাৰ
ওপৰেদি এলিভেটেড কৰিডৰ, নগাঁও আৰু মৰিগাঁৱৰ মাজত
ব্ৰহ্মপুত্ৰৰ ওপৰত নতুন দলং, নাৰেংগী আৰু কুৰুৱাৰ মাজত
সংযোজনেৰে গুৱাহাটীৰ উত্তৰ-দক্ষিণ পাৰক সংযোজন, ধুবুৰী আৰু
গোৱাপাৰৰ মাজত ফুলবাৰীৰৰ দলং নিৰ্মাণৰ পদক্ষেপ লোৱা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত
বিশ্ব শৰ্মাই কয়, এপ্ৰিলৰ ভিতৰত অসমত নিৰ্মাণ কৰা হ’ব ১০খন নতুন বিশ্ববিদ্যালয়। যুৱক-যুৱতীৰ সুবিধাৰ বাবে অসমত স্থাপন হ’ব নতুন ষ্টাৰ্টআপ বিভাগ। প্ৰথমবাৰৰ বাবে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ব দবা খেল। এই বছৰত ৰাজ্য চৰকাৰে পালন কৰিব কিতাপৰ বৰ্ষ। অসমৰ ২৫ হাজাৰ নামঘৰ আৰু
উপাসনাস্থলীলৈ ৩ লাখ টকাকৈ আৰ্থিক অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত লোৱা হৈছে৷ লগতে
বসুন্ধৰা আঁচনি পুনৰ ১৫ ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা
কৰে।
গণৰাজ্য দিৱসৰ দিনটোতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যিক
কর্মচাৰীৰ বাবে দিলে সুখবৰ । নতুন পেঞ্চন আঁচনিৰ সামৰণিৰে সকলো নতুন কৰ্মচাৰীৰ
বাবে একত্ৰিত পেঞ্চন আঁচনি প্ৰযোজ্য হ’ব। যিসকল কৰ্মচাৰীৰ
নিযুক্তি প্ৰক্ৰিয়া ২০০৫ চনৰ আগতে আৰম্ভ হৈছিল, কিন্তু
সম্পূৰ্ণ কৰিব পৰা হোৱা নাছিল, তেওঁলোকক পুৰণি পেঞ্চন
আঁচনিলৈ স্থানান্তৰ কৰা হ’ব
বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ।
0 coment rios: