দিল্লী নিৰ্বাচনত আপৰ হৈ প্ৰচাৰত তৃণমূলৰ শত্ৰুঘ্ন সিনহা
নেচনেল
ডেস্ক,২৮ জানুৱাৰীঃ বলীউডৰ অভিনেতা শত্ৰুঘ্ন
সিনহা বৰ্তমান তৃণমূলৰ সাংসদ। ৰাজনৈতিক জীৱনৰ আৰম্ভনি বিজেপিৰ পৰা, তাৰ পিছত কংগ্ৰেছত যোগদান কৰে। আছানছলৰ পৰা জয়ী হৈ তেওঁ দুবাৰকৈ
সংসদ ভৱনত ভৰি দিছে। তৃণমূল নেত্ৰী মমতা বেনাৰ্জীয়ে দিল্লীৰ আগন্তুক নিৰ্বাচনত সমমনোভাবাপন্ন
আপৰ প্ৰচাৰৰ বাবে শত্ৰুঘন সিনহাক নিৰ্বাচিত কৰিছে। সূত্ৰ অনুসৰি শত্ৰুঘ্নে অৰবিন্দ
কেজৰিৱালৰ হৈ দিল্লীত প্ৰচাৰ চলাব। এই তালিকাত বুৰ্দৱান-দুৰ্গাপুৰৰ সাংসদ তথা
প্ৰাক্তন কংগ্ৰেছ নেতা কীৰ্তি আজাদৰ নাম শুনা যায় যদিও এই ক্ষেত্ৰত তেওঁ কয় যে, এই বিষয়ত মোৰ তাত কোনো গাইডলাইন নাই
।শত্ৰুঘ্ন সিনহা অভিনেতা হিচাপে যথেষ্ট জনপ্ৰিয় আছিল, জাতীয় ৰাজনীতিত এজন সুপৰিচিত মুখ।
শত্ৰুঘ্ন সিনহাক
হিন্দী ভাষাত ভাল বক্তা হোৱাৰ বাবে দিল্লী নিৰ্বাচনত প্ৰচাৰ চলোৱাৰ দায়িত্ব দিছে তৃণমূলে।
দিল্লীত আপৰ প্ৰচাৰত তৃণমূল জড়িত হোৱাটো স্বাভাৱিক। কেজৰিৱাল ৰাষ্ট্ৰীয় পৰ্যায়ত
বিজেপি বিৰোধী ‘ভাৰত’ মিত্ৰজোঁটৰ অন্যতম
অংশীদাৰ। আৰু তাৰ উদ্যোক্তা হৈছে বংগৰ শাসকীয় দল তৃণমূলৰ নেত্ৰী মমতা বেনাৰ্জী।
ইণ্ডিয়া এলায়েন্সৰ বহুতেই কেজৰিৱালৰ প্ৰচাৰৰ বাবে নিজৰ দলৰ সাংসদক ভোট যুদ্ধত প্ৰক্ষেপ
কৰা দেখা গৈছে। অহা ৫ ফেব্ৰুৱাৰীত দিল্লীত অনুষ্ঠিত হ’ব
নিৰ্বাচন। নতুন দিল্লীৰ পৰা অৰবিন্দ কেজৰিৱালে, কলকাজীৰ পৰা
মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনা, জংপুৰাৰ পৰা মনীষ চিছ’দিয়াই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। জানিব পৰা মতে এই তিনিজনৰ বাবে ‘বিহাৰীবাবু’ শত্ৰুঘ্ন সিনহাই প্ৰচাৰ চলাব। অৱশ্যে
তেওঁৰ প্ৰচাৰৰ তাৰিখ সন্দৰ্ভত এতিয়ালৈকে একো জানিব পৰা হোৱা নাই।
0 coment rios: