Saturday, February 22, 2025

কোনো দিন ধূমপান নকৰা লোকৰো হাওঁফাওঁৰ কৰ্কট ৰোগ বৃদ্ধি পাইছে, কাৰণ কি ?

 কোনো দিন ধূমপান নকৰা লোকৰো হাওঁফাওঁৰ কৰ্কট ৰোগ বৃদ্ধি পাইছে, কাৰণ কি ?

বি.চি. ডেস্ক, ২২ফেব্ৰুৱাৰীঃ কেতিয়াও ধূমপান নকৰা লোকৰ মাজত কৰ্কট ৰোগৰ হাৰ বৃদ্ধি পাইয়েই আছে। এই ক্ষেত্ৰত বায়ু প্ৰদূষণ এক উল্লেখযোগ্য কাৰক হিচাপে বিবেচিত হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ কৰ্কট গৱেষণা সংস্থা আইএআৰচিয়ে এই তথ্য প্ৰকাশ কৰিছে।

আই এ আৰ চিৰ তথ্য অনুসৰি কেতিয়াও ধূমপান নকৰা লোকৰ হাওঁফাওঁৰ কৰ্কট ৰোগ, এতিয়া বিশ্বজুৰি কৰ্কট ৰোগত মৃত্যুৰ পঞ্চম প্ৰধান কাৰণ হিচাপে বিবেচিত হৈছে।

আই এ আৰ চিৰ মতে, কেতিয়াও ধূমপান নকৰা লোকৰ হাওঁফাওঁৰ কৰ্কট ৰোগ মূলতঃ এডিনকাৰ্চিনোমা (হাওঁফাওঁৰ এক প্ৰকাৰৰ কৰ্কট ৰোগ) হিচাপে দেখা দিয়ে। হাওঁফাওঁৰ চাৰি প্ৰকাৰৰ কৰ্কট ৰোগৰ ভিতৰত এডিনকাৰ্চিনোমা হৈছে প্ৰধান।

লেন্সেট ৰেস্পিৰেটৰী মেডিচিন জাৰ্নেলত প্ৰকাশিত আই এ আৰ চিৰ গৱেষণা প্ৰতিবেদনত কোৱা হৈছে যে ২০২২ চনত এডিনকাৰ্চিনোমা ৰোগীৰ প্ৰায় ২ লাখ লোক বায়ু প্ৰদূষণৰ সংস্পৰ্শৰ প্ৰভাব আছিল মূল। গৱেষণাৰ মতে এডিনকাৰ্চিনোমাৰ সৈতে বায়ু প্ৰদূষণৰ সম্পৰ্ক পূব এছিয়াত বিশেষকৈ চীনত অধিক হোৱা দেখা গৈছে।

সমীক্ষাৰ শীর্ষ লেখক আইএআৰচিৰ কেন্সাৰ বিষয়ক অধ্যয়ন শাখাৰ প্রধান ফ্রেডি ব্রে গার্ডিয়ানে দিয়া সাক্ষাৎকাৰত জনাইছে যে, গবেষণাত পোৱা তথ্যৰ পৰা বুজাযায় যে, হাওঁফাওঁৰ কৰ্কট ৰোগৰ আশংকাৰ ধৰণ পৰিৱৰ্তিত হোৱাৰ বিষয়টো জৰুৰী ভাবে বিবেচনা কৰাৰ প্রয়োজন। যদিও ধূমপান হাওঁফাওঁৰ কৰ্কট ৰোগৰ মূল কাৰণ নহয় তেনে হলে তেওঁ লগতে কয় যে বায়ু প্ৰদূষণৰ দৰে অন্যান্য সম্ভাৱ্য কাৰণ বোৰ চিনাক্ত কৰিবলৈ অধিক গৱেষণাৰ প্ৰয়োজন।

সমগ্ৰ বিশ্বৰ যথেষ্ট সংখ্যক লোক হাওঁফাওঁৰ কৰ্কট ৰোগত আক্ৰান্ত। ২০২২ চনত বিশ্বৰ প্ৰায় ২৫ লাখ লোক হাওঁফাওঁৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল। হাওঁফাওঁৰ কৰ্কট ৰোগৰ চাৰিটা প্ৰধান প্ৰকাৰ হল এডিনকাৰ্চিনোমা, স্ক্ৱামাছ চেল কাৰ্চিনোমা, ক্ষুদ্ৰ কোষৰ কাৰ্চিনোমা আৰু বৃহৎ কোষৰ কাৰ্চিনোমা। আই এ আৰ চিয়ে কয় যে পুৰুষ আৰু মহিলা উভয়ৰে ক্ষেত্ৰত এডিনকাৰ্চিনোমা প্ৰধান কাৰণ হৈ পৰিছে।

২০২২ চনত কেন্সাৰ ধৰা পৰা ৪৫.৬ শতাংশ পুৰুষ আৰু ৫৯.৭ শতাংশ মহিলাৰ এডিনকাৰ্চিনোমা হৈছিল। ২০২০ চনত পুৰুষৰ ৩৯ শতাংশ আৰু মহিলাৰ ৫৭.১ শতাংশ। আই এ আৰ চিয়ে জনোৱা মতে, কেতিয়াও ধূমপান নকৰা লোকৰ ভিতৰত হাওঁফাওঁৰ কৰ্কট ৰোগ হোৱা লোকৰ ৭০ শতাংশই এডিনকাৰ্চিনোমাত আক্ৰান্ত হয়।

বিগত ৪০ বছৰত বেছিভাগ দেশতে পুৰুষৰ হাওঁফাওঁৰ কৰ্কট ৰোগৰ হাৰ হ্ৰাস পাইছে যদিও মহিলাৰ ক্ষেত্ৰত এই ৰোগ বৃদ্ধি পাইয়েই আছে।

তথাপিও হাওঁফাওঁৰ কৰ্কট ৰোগত আক্ৰান্ত লোকৰ অধিকাংশই পুৰুষ (২০২২ চনলৈকে প্ৰায় ১৬ লাখ)। কিন্তু মহিলা আৰু পুৰুষৰ হাওঁফাওঁৰ কৰ্কট ৰোগৰ হাৰৰ মাজৰ ব্যৱধান কমি আহিছে। ২০২২ চনত প্ৰায় ৯ লাখ মহিলা হাওঁফাওঁৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল।

২০২৩ চনত গাৰ্ডিয়ানত প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে যে ব্ৰিটেইনত প্ৰথমবাৰৰ বাবে হাওঁফাওঁৰ কৰ্কট ৰোগ ধৰা পৰা মহিলাৰ সংখ্যাই পুৰুষৰ সংখ্যাতকৈ বেছি। ইয়াৰ পিছত মহিলাসকলক হাওঁফাওঁৰ কৰ্কট ৰোগৰ ক্ষেত্ৰত যিমান সাৱধান হব লাগে, সিমানেই স্তন কেন্সাৰৰ ক্ষেত্ৰতো সাৱধান হবলৈ পৰামৰ্শ দিয়া হৈছিল।

কেন্সাৰ বিশেষজ্ঞসকলে কয় যে মহিলাসকলে যেনেকৈ স্তনত গোটা অনুভৱ কৰিলে পৰীক্ষা কৰা উচিত, হাওঁফাওঁৰ কৰ্কট ৰোগৰ লক্ষণসমূহৰ প্ৰতিও সজাগ হব লাগে।

পৃথিৱীত কেতিয়াও ধূমপান নকৰা লোকৰ হাওঁফাওঁৰ কৰ্কট ৰোগৰ শতকৰা হাৰ কিমান সেয়া জনা নাযায়। এই ধাৰা বৃদ্ধি পোৱাৰ লক্ষণহে দেখা গৈছে। ধূমপানৰ উপৰিও হাওঁফাওঁৰ কৰ্কট ৰোগৰ কাৰণ কি সেই বিষয়ে জানিবলৈ গৱেষণা চলাইছে বিজ্ঞানীসকলে।


আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: