বাজপেয়ী ভৱনত চলিছে ২৬ৰ' ৰণ জয়ৰ আখৰা: বিজেপিৰ লক্ষ্য ১০০ প্লাছ
বি. চি ডেস্ক, ৩মাৰ্চঃ ২৬ৰ' অসম বিধানসভা নিৰ্বাচনৰ বাবে সাজু বিজেপি। বিজেপিৰ লক্ষ্য ১০০ প্লাছ আসন জয় লাভ কৰা। দলীয় পৰিকল্পনা, সংগঠনিক শক্তি বৃদ্ধি আৰু আগন্তুক নিৰ্বাচনী কৌশলসমূহক কেন্দ্ৰ কৰি বাজপেয়ী ভৱনত অবিৰত চলি আছে ইখনৰ পিচত সিখন বৈঠক । এই বাৰ বিজেপিয়ে নিৰ্বাচনত অৱতীৰ্ণ হ'ব ১০০ প্লাছৰ লক্ষ্যৰে । বিৰোধীক ৰুধিবলৈ ৰচা হৈছে চক্ৰবেহু, আৰু আৰু এই ক্ষেত্ৰত সকলো স্তৰৰ নেতা-কৰ্মী সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে।
বিজেপিৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব লোৱাৰ পাছৰে পৰা ২৬ৰ' বিধানসভাৰ নিৰ্বাচনৰ কৌশল প্ৰস্তুতত ব্যস্ত দিলীপ শইকীয়া। কেন্দ্ৰীয় সমিতিৰ দায়িত্বত থকা নেতাসকলৰ সৈতে তেওঁ সঘন বৈঠকত মিলিত হৈছে। শনিবাৰে বাজপেয়ী ভৱনত অনুষ্ঠিত হৈছে গুৰুত্বপূৰ্ণ বৈঠক, য'ত দলীয় নেতা-কৰ্মীলৈ সভাপতি দিলীপ শইকীয়াই স্পষ্ট বাৰ্তা প্ৰেৰণ কৰে - "বদঅভ্যাস ত্যাগ কৰক। অন্যথা বন্ধ কৰক মোবাইল ফোন। দলীয় দায়িত্বত থকাসকলে '২৬লৈ নাপাব ছুটী। ২৪ ঘণ্টাই কৰিব লাগিব দলৰ কাম-কাজ এই ভাষ্য সভাপতি দিলীপ শইকীয়াৰ ।" অসম বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় চাৰিখনকৈ গুৰুত্বপূৰ্ণ বৈঠক। ইয়াৰ মূল লক্ষ্য আছিল সংগঠনৰ ভৱিষ্যত পৰিকল্পনা সুদৃঢ় কৰা।
বিজেপিৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব লোৱাৰ পাছৰে পৰা '২৬ ৰ বিধানসভাৰ নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুতক লৈ ব্যস্ত দিলীপ শইকীয়া। তৃণমূল পৰ্যায়ৰ পৰা কেন্দ্ৰীয় সমিতিৰ দায়িত্বত থকা নেতালৈ সকলোৰে সৈতে সঘন বৈঠকত মিলিত হৈছে সভাপতিগৰাকী।
বাজপেয়ী ভৱনত শনিবাৰে অনুষ্ঠিত হোৱা চাৰিখনকৈ গুৰুত্বপূৰ্ণ বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষ, কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, প্ৰভাৰী হৰিশ দ্বিবেদী আদি উপস্থিত থাকে। ৰাজ্য়িক বিজেপিৰ ৩৯ খন সাংগঠনিক জিলাৰ নৱ-নিৰ্বাচিত জিলা সভাপতি আৰু ৪৩৩ টা মণ্ডলৰ নৱ-নিৰ্বাচিত মণ্ডল সভাপতিসকলৰ সৈতে অনুষ্ঠিত হয় এই বৈঠক। বৈঠকত আগতীয়াকৈ নিৰ্ধাৰিত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হয়, বিশেষকৈ বুথ পৰ্যায়ৰ সংগঠনক অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়।
ইফালে, মণ্ডল, জিলা সভাপতিসকলক প্ৰভাৰী হৰিশ দ্বিবেদীয়েও পৰামৰ্শ আগবঢ়ায়। দলীয় শৃংখলা, নেতৃত্বগুণ আৰু সংগঠনৰ ভিতৰুৱা কার্যপদ্ধতি উন্নীত কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়। আনহাতে, দিনজোৰা বৈঠক সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱলোচন দাসে কয়, "তৃণমূল পৰ্যায়ত যিহেতু আমাৰ মণ্ডল সভাপতিগৰাকী অতি গুৰুত্বপূৰ্ণ। আমাৰ নৱ-নিৰ্বাচিত মণ্ডল সভাপতি আৰু জিলা সভাপতিসকলৰ সৈতে আজি বৈঠক অনুষ্ঠিত হৈছে। তৃণমূল পৰ্যায়ত সংগঠনৰ কাম-কাজ কেনেকৈ আগবঢ়াই লৈ যাব লাগে সেই কথা সবিশেষ আলোচনা কৰা হৈছে। বহু পৰামৰ্শ আৰু নিৰ্দেশনা আহিছে। সাংগঠনিক শৈলী কেনেকৈ আমি সলনি কৰিম, আধুনিক প্ৰযুক্তি আমি কেনেকৈ ব্যৱহাৰ কৰিম, ৰাইজৰ মাজলৈ আমাৰ কথাখিনি কেনেকৈ আমি লৈ যাব পাৰিম আদি সকলো বিষয় সুক্ষ্মভাৱে আলোচনা কৰা হৈছে।" তেওঁ লগতে কয়, "নেতৃত্বৰ গুণাগুণ আৰু সমাজত স্বীকৃতি পাবলৈ বিজেপিৰ নেতা-কৰ্মীৰ আচার-ব্যৱহাৰ আৰু শৃংখলাৰ প্ৰয়োজন। মোবাইল ফোনৰ অপব্যৱহাৰ ৰোধ কৰাৰ লগতে সাংগঠনিক দক্ষতা বৃদ্ধিতো গুৰুত্ব দিয়া হৈছে। নতুনভাবে নিৰ্বাচিত সভাপতি সকল সংগঠনত এক নতুন দিশ আনিব।"
উল্লেখ্য় যে এডভাণ্টেজ আছাম, ঝুমইৰ বিনন্দীয়া নৃত্যৰ কাৰ্যসূচীত অংশগ্ৰহণেৰে একপ্ৰকাৰে প্ৰধানমন্ত্ৰীৰ অসমত প্ৰাকনিৰ্বাচনী ভ্ৰমণ কৰি গ’ল বুলি ক’লেও ভুল কোৱা নহ’ব। ইফালে আৰ এছ এছ প্ৰধান মোহন ভাগৱতেও শেহতীযাকৈ পাঁচদিন অসমত থাকি বিভিন্ন পৰ্যায়ত কেইবাখনো গোপন বৈঠকত মিলিত হয়। তেওঁ অসমত বিজেপিৰ ভৱিষ্যত ৰণনীতিৰ বিষয়ে গভীৰভাৱে আলোচনা কৰে। বিজেপিৰ এই ব্যাপক প্ৰস্তুতি ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত ১০০ প্লাছ আসন জয় কৰাৰ লক্ষ্য পূৰণৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলিও দলীয় সূত্ৰে জনোৱা হৈছে।
0 coment rios: