আমাৰ সামাজিক-ৰাজনৈতিক সমস্যা
দেশত নিবনুৱা সমস্যা দিনক দিনে বাঢ়ি গৈ আছে। শিক্ষাৰ অভাৱ, চিকিত্সা ব্যৱস্থাৰ দুৰ্বলতা, আৰু খাদ্য- বস্তুৰ দাম বৃদ্ধিয়ে সাধাৰণ মানুহৰ জীৱন কোঙা কৰি তুলিছে। এই সমস্যাবোৰৰ সমাধানৰ বাবে চৰকাৰে কার্যকৰী পদক্ষেপ গ্ৰহণ কৰিছে নে? দিনক দিনে বাঢ়ি অহা সমস্যা বোৰ জতিলৰ পৰা জতিলতৰ হ’বলৈ ধৰিছে, কিন্তু সমাধানৰ আশা ক’ত?
বহু নেতা-মন্ত্ৰী ভোটৰ নামত মাত্ৰ নিজৰ ক্ষমতা ৰক্ষা কৰাতহে
ব্যস্ত। ধৰ্মৰ নামত বিভেদ সৃষ্টি কৰি সাধাৰণ মানুহ, বিশেষকৈ নিবনুৱা যুৱচামক,
মন্দিৰ-মছজিদৰ নামত ব্যস্ত ৰাখি নিজৰ স্বাৰ্থ পূৰণ কৰি আছে।আজিৰ
তাৰিখত কোনোবা নেতাই জনতাৰ হিতত কাম কৰি আছে নেকি? দেশৰ প্ৰকৃত
সমস্যা কি, সেয়া নেতাসকলে মনোযোগ দিয়ে নেকি? আমাৰ পৰিবেশ, শিক্ষা, স্বাস্থ্যসেৱা,
আৰু বেকাৰ সমস্যাৰ উন্নয়ন ধুপৰ চাঙত ।
প্ৰতিটো নিৰ্বাচনৰ সময়ত নেতাসকলে বহুতো প্রতিশ্ৰুতি দিয়ে, কিন্তু
সেইবোৰ কেতিয়াও পূৰণ নহয়। আমি সদায় বান, খহনীয়া,দুৰ্যোগ আদিত
ভুগি থাকোঁ। জাতি, ভাষা, ধৰ্মৰ ভিত্তিত
অসমীয়াক ভাগি পেলোৱাৰ ষড়যন্ত্র চলি আছে। সংবাদ মাধ্যমো আজি কিছুসংখ্যক ৰাজনৈতিক ব্যক্তিৰ
হাতত বন্ধকত পৰি সত্য তথ্য জনসাধাৰণক দিবলৈ অপাৰগ। দেশৰ সংবাদ মাধ্যম সমুহ স্বাধীন
হোৱাটো উচিত, যাতে জনসাধাৰণ সঠিক তথ্য লাভ কৰে।কিন্তু সেয়া ক’ত ?
দেশৰ বাবে জীৱন আহুতি দিয়া মহান বীৰ শ্বহীদসকলৰ ত্যাগ
আমি আজি পাহৰি গৈছো । জাতি,
ধৰ্ম, ভাষা যিয়েই নহওক, সকলো
মানুহৰ তেজ ৰঙা। নেতাসকলে সংবিধানৰ শপত লৈ দেশৰ দায়িত্ব লয়, সেই
দায়িত্ব সঠিক ৰূপে পালন কৰে নে ? ইতিহাস বৰ নিষ্ঠুৰ! ইতিহাসে কাকো ৰেহাই
নিদিয়ে ।
বাপু আহমেদ
ভ্ৰাম্যভাষঃ ৭০০২৩৬৬৫৯৭
0 coment rios: