ৰাজ্যত ডেংগুৰ জটিল ৰূপ; কৰ্তৃপক্ষই গুৱাহাটীৰ পাঁচটা অঞ্চলক ঘোষণা কৰিলে ৰেড জ’ন
বিকল্প
চিন্তা, ২৯ অক্টোবৰ:
কামৰূপ মহানগৰ, ডিমা
হাছাও, কাৰ্বি আংলঙকে ধৰি ৰাজ্যৰ কেইবাখনো জিলাত ডেংগুৱে
জটিল ৰূপ ধাৰণ কৰিছে । এডিছ মহে কামোৰাৰ ফলত হোৱা এই জ্বৰত যোৱা ২৫ অক্টোবৰ
পর্যন্ত অসমত ১৪৫১ গৰাকী লোক আক্রান্ত হোৱা বুলি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান,
অসমৰ তথ্যত প্ৰকাশ ।
এই তথ্য
মতে, ডিমা হাছাও জিলাত ৪৪১ গৰাকী,
কামৰূপ মহানগৰ জিলাৰ ২২৫ গৰাকী, যোৰহাট জিলাত ৮৪
পশ্চিম কাৰ্বি আংলং জিলাত ৬৬ গৰাকী, নলবাৰীত ৪৫ গৰাকী,
শোণিতপুৰ জিলাত ৪২ গৰাকী আক্রান্ত হৈছে । ৰাজ্যৰ তামুলপুৰ আৰু
দক্ষিণ শালমাৰা জিলাৰ বহিৰে সকলো জিলাত এই ৰোগত আক্ৰান্ত হৈছে লোক । অৱশ্যে
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ তথ্য মতে বৰ্তমানলৈকে এই
ৰোগত কোনো লোকৰ মৃত্যু হোৱা নাই ।
গুৱাহাটী
মহানগৰীৰ ৰাধাগোবিন্দ বৰুৱা পথৰ ভাস্কৰ নগৰ, গীতানগৰ আদি অঞ্চলতেই ডেংগু ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি ।
স্বাস্থ্য বিভাগে এই ৰোগ নিয়ন্ত্ৰণলৈ অহা বুলি দাবী কৰিছে যদিও ৰাইজ কিন্তু
আতংকিত হৈ আছে । বিশেষকৈ ৰাধাগোবিন্দ বৰুৱা পথ, ভাস্কৰ নগৰ,
গীতানগৰ, ৰংমিলি পথ, মিলিজুলি
পথ আদিৰ বাসিন্দাসলে এতিয়াও আশ্বস্ত হ'ব পৰা নাই ।
উল্লেখ্য
যে ডেংগু ৰোগত অতিপাত জ্বৰ হয়, গাঁঠি-মাংসপেশী-মূৰৰ বিষ হয় । তদুপৰি শৰীৰত ৰঙা দাগ বা ঘামচিসদৃশ লক্ষণে
দেখা দিব পাৰে । জটিল অৱস্থাত নাক, মুখ, দাঁতৰ আলুৰপৰা তেজ ওলায় । চিকিৎসকৰ মতে, অলাগতিয়াল
বাচন-বৰ্তন, টায়াৰ, নাৰিকলৰ খোলা,
খালী টাব আদিত জমা হোৱা পানীত এডিছ মহে কণী পাৰে । সেয়ে ঘৰৰ কোনো
মুকলি পাত্ৰৰ পানী জমা হ'বলৈ নিদিবৰ বাবে আহ্বান জনোৱাৰ লগতে
চিকিৎসকসকলে শোৱাৰ সময়ত আঁঠুৱা ব্যৱহাৰ কৰা, শৰীৰ সম্পূৰ্ণ
ঢাকি ৰখা কাপোৰ পিন্ধিবলৈ পৰামৰ্শ দিছে ।
গুৱাহাটী
মহানগৰীত ডেংগুৰ প্ৰকোপ উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী পৌৰ
নিগমে আৰ জি বৰুৱা পথ, ভাস্কৰ নগৰ, কাৰ্বি পথ, অম্বিকাগিৰী
নগৰ আৰু বামুণীমৈদাম ৰেলৱে ক'লনী- এই পাঁচটা অঞ্চল ‘ৰেড জ'ন' বুলি ঘোষণা কৰিছে ।
উল্লেখ্য যে কামৰূপ মহানগৰ জিলাত এতিয়ালৈকে প্রায় আঢ়ৈশ লোক ডেংগুত আক্ৰান্ত
হৈছে । বিশেষকৈ গীতানগৰ, মঠঘৰীয়া, ভাস্কৰ
নগৰ আৰু বামুণীমৈদামত এই ৰোগৰ প্ৰাদুৰ্ভাৱ অধিক বৃদ্ধি হৈছে । মহৰ নিয়ন্ত্ৰণৰ
বাবে পৌৰ নিগমে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা বুলি দাবী কৰিছে যদিও বিশেষ ফলপ্রসু
হোৱা নাই ।
0 coment rios: