ৰতন টাটা: দেশৰ আটাইতকৈ সন্মানীয় ব্যৱসায় সম্ৰাট তথা দানবীৰগৰাকীৰ জীৱনৰ কিছু কথা
তেওঁক ভালপোৱা মানুহৰ কোনো সীমা-সংখ্যা নাই ৷ সহজ-সৰল ব্যক্তিত্বৰ মানুহগৰাকীৰ মৃত্য়ুৱে আজি সকলোকে কন্দুৱাইছে ৷ আহক জানো ৰতন টাটাৰ বিষয়ে কিছু কথা-
নিউজ ডেস্ক, ১০অক্টোবৰ: দেশৰ উদ্যোগ জগতৰ ভোটা তৰা, টাটা সাম্ৰাজ্যৰ গৰাকী ৰতন টাটাই বুধবাৰে নিশা 86 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ৷ কেৱল ভাৰততেই
নহয়, বিদেশতো
উদ্যোগী হিচাপে যথেষ্ট সন্মান আছিল ৰতন টাটাৰ ৷ কেৱল নিজৰ ব্যৱসায়িক সাম্ৰাজ্যৰ
বাবেই নহয়, দানশীল
ব্যক্তি হিচাপেও সকলোৱে তেওঁক সমীহ কৰিছিল ৷
সোমবাৰেই প্ৰকাশ পাইছিল ৰতন টাটাক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ বাতৰি ৷ 7 অক্টোবৰত X ত প্ৰকাশ কৰা এক বিবৃতিত ৰতন টাটাই নিজেই দেশবাসীক
আশ্বস্ত কৰিছিল যে ‘চিন্তাৰ
কোনো কাৰণ নাই’ ৷
বাৰ্ধক্য আৰু স্বাস্থ্যজনিত কাৰণত চিকিৎসা গ্ৰহণ কৰা বুলি বিবৃতিটোত তেওঁ উল্লেখ
কৰিছিল ৷ কিন্তু বুধবাৰে নিশা স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁক ব্ৰিচ কেণ্ডি
চিকিৎসালয়ৰ আই চি ইউলৈ স্থানান্তৰ কৰা হয় ৷সকলোৱে সেই সময়ত প্ৰাৰ্থনা জনাইছিল নিজৰ
আৰ্থিক উপাৰ্জন বাবেই কেৱল ব্যৱসায় নকৰি দেশবাসীৰ কল্যাণৰ বাবে কাম কৰা ৰতন টাটাৰ
আশু আৰোগ্য কামনা কৰি ৷ কিন্তু সকলোকে শোক সাগৰত পেলাই নিশা অনন্ত ধামলৈ গ’লগৈ এইগৰাকী মানৱ দৰদী ব্যৱসায় সম্ৰাট ৷
ৰতন টাটাৰ জীৱনত এভুমুকি মাৰো আহক-
1.ৰতন টাটাৰ জন্ম হৈছিল 1937 চনৰ 28 ডিচেম্বৰত ৷ ৰতন টাটা হৈছে নাভাল টাটাৰ পুত্ৰ ৷
ভাৰতৰ সৰ্ববৃহৎ ব্যৱসায়িক গোষ্ঠীৰ প্ৰতিষ্ঠাপক জামছেদজী টাটাৰ পুত্ৰ ৰতনজী টাটাৰ
দত্তকপুত্ৰ আছিল নাভাল টাটা৷
2. ৰতন
টাটাই 1961 চনত টাটা গ্ৰুপত যোগদান কৰে ৷ কৰ্ণেল ইউনিভাৰ্চিটী অৱ আৰ্কিটেক্সাৰৰ
পৰা আৰ্কিটেক্সাৰত স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পিচতেই ৰতন টাটাই টাটা ষ্টীল
কোম্পানীত প্ৰথম চাকৰিত যোগদান কৰে ৷
3. ১৯৯১ চনত
জে আৰ ডি টাটাৰ অৱসৰৰ পিছত তেওঁ অধ্যক্ষ হিচাপে কাৰ্যভাৰ চম্ভালিবলৈ আৰম্ভ কৰে ।
ৰতন টাটাই ব্যৱসায়িক ক্ষেত্ৰত ক্ৰমান্বয়ে খ্যাতি লাভ কৰাৰ লগতে টাটা গ্ৰুপ অৱ
কোম্পানীৰ জৰিয়তে সাধন কৰা কাৰ্যকলাপৰ বাবে দানবীৰ হিচাপেও পৰিচিত হয় ।
4. টাটা গ্ৰুপত ৰতন টাটাৰ শেহতীয়া পদবী আছিল ব্যৱসায়িক সাম্ৰাজ্যৰ
অধ্যক্ষ ৷ তেওঁ 1990 চনৰ পৰা 2012 চনলৈ টাটা গ্ৰুপৰ অধ্যক্ষ আছিল আৰু 2016 চনৰ পৰা 2017 চনৰ ফেব্ৰুৱাৰী মাহলৈকে অন্তৱৰ্তীকালীন অধ্যক্ষ
হিচাপেও দায়িত্ব পালন কৰিছিল ৷
5. টাটাক বহুলাংশে ভাৰতকেন্দ্ৰিক গোটৰ পৰা বিশ্বব্যাপী ব্যৱসায়লৈ
ৰূপান্তৰিত কৰাৰ প্ৰয়াসেৰে ৰতন টাটাৰ নেতৃত্বত টাটা গ্ৰুপে টেটলি, জাগুৱাৰ লেণ্ড ৰভাৰ আৰু ক’ৰাছক ক্ৰয় কৰে ৷
6. বিশ্ব ভিতৰতে এগৰাকী অন্যতম দানবীৰ হিচাপেও নাম আছে ৰতন টাটাৰ ৷ তেওঁ
নিজৰ আয়ৰ প্ৰায় ৬০-৬৫% দাতব্য সংস্থালৈ দান কৰিছিল ৷ 21 বছৰীয়া দায়িত্বকালত ৰতন টাটাই টাটা গ্ৰুপৰ ৰাজহ 40 গুণ বৃদ্ধি কৰে আৰু লাভ 50 গুণৰো অধিক কৰিবলৈ সক্ষম হয় ৷ উইকিপেডিয়াৰ পৰা
পোৱা গৈছে এই তথ্য ৷
7. ৰতন টাটাই নিজৰ দাতব্য ন্যাসৰো নেতৃত্ব দি গৈছিল । ২০০০ চনত তৃতীয়
সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম ভূষণ লাভ কৰাৰ পিছত ২০০৮ চনত ভাৰতৰ দ্বিতীয়
সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণৰ দৰে সন্মানীয় বঁটাৰে সন্মানিত হয় ৰতন টাটা
।
8. কেৱল টাটা গ্ৰুপেই নহয়, ৰতন টাটাই নিজৰ বুদ্ধিমত্তাৰ ভাগ-বাটোৱাৰা আৰু
ভাৰতৰ ভৱিষ্যত স্বৰূপ যুৱক-যুৱতীসকলক আগুৱাই নিবলৈ সহায় কৰাত বিশ্বাস কৰিছিল ।
এতিয়ালৈকে তেওঁ ব্যক্তিগত ক্ষমতাৰে প্ৰায় ৩০ টা ষ্টাৰ্ট-আপত বিনিয়োগ কৰিছে আৰু
কিছুমানত নিজৰ বিনিয়োগ কোম্পানীটোৰ জৰিয়তে বিনিয়োগ কৰিছে ।
9. ৰতন টাটা সেইগৰাকী ব্যক্তি আছিল যি মধ্যবিত্ত মানুহৰ গাড়ী চলোৱাৰ
সপোনক সাকাৰ ৰূপ দিছিল ৷ 2008 চনত টাটা গ্ৰুপে বজাৰলৈ লৈ আহে নেন’ নামেৰে এখন চাৰিচকীয়া বাহন ৷ অতি কম মূল্যত 1 লাখ টকাতেই উপলব্ধ এই বাহনখন ভাৰতৰ ৰাস্তাবোৰত
চলিবলৈ আৰম্ভ কৰে ৷ মানুহৰ এখন গাড়ী কিনাৰ যি হাবিয়াস থাকে, বহু সময়ত আৰ্থিক পৰিস্থিতিৰ বাবে সেয়া সম্ভৱ নহয় ৷
কিন্তু ৰতন টাটাই মানুহৰ সেই সপোনক বাস্তৱ কৰিছিল নেন’ৰ দ্বাৰা ৷
10. অসমত টাটা ন্যাসে 14 খন কেন্সাৰ হাস্পতাল স্থাপনৰ প্ৰকল্প গ্ৰহণ কৰিছিল ৷ ইয়াৰে 7 খন হাস্পতাল সম্পূৰ্ণ হৈছে আৰু বাকী 7 খনৰ কাম চলি আছে ৷ শেহতীয়াকৈ যোৱা আগষ্ট মাহত অসমৰ জাগীৰোডত টাটা
গ্ৰুপে আৰম্ভ কৰিছে ছেমি কণ্ডাক্টৰ প্ৰকল্প ৷ এই প্ৰকল্পই অসমৰ বহু যুৱক-যুৱতীক
কৰ্ম সংস্থাপনৰ বাট মোকলাই দিব ৷ অসম চৰকাৰে 2021 চনত ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ
বঁটাৰে সন্মানিত কৰে ৰতন টাটাক ৷
0 coment rios: