এ আই গডফাদাৰৰ মন্তব্য: এয়া যেন বিনা মেঘে বজ্ৰপাত !
বিজ্ঞান আৰু প্ৰযুক্তি ডেস্ক, ২১ অক্টোবৰ : কৃত্ৰিম বুদ্ধিমত্তা (AI) প্ৰযুক্তিয়ে পৃথিৱীখনক ধুমুহা গতিৰে লৈ গৈছে। প্ৰযুক্তিয়ে বিশ্বত
আমূল পৰিৱৰ্তন আনিছে। কিন্তু ইয়াৰ এজন গডফাদাৰ বিখ্যাত জেফ্ৰি এভাৰেষ্ট হিণ্টনে
কেতিয়াও ভবা নাছিল যে এআইয়ে তেওঁলৈ নোবেলৰ দৰে সন্মান কঢ়িয়াই আনিব। খবৰটো
তেওঁৰ বাবে ‘এয়া যেন বিনা মেঘে বজ্ৰপাত’ৰ দৰে।
এইবাৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰ বাবে মনোনীত
হৈছে হিণ্টন আৰু জন জে হপফিল্ড। কৃত্ৰিম স্নায়ু নেটৱৰ্কৰ জৰিয়তে মেচিন লাৰ্নিং
ৰূপায়ণৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদানৰ স্বীকৃতি স্বৰূপে এই সন্মান প্ৰদান কৰা হৈছে।
এই প্ৰযুক্তিয়ে কম্পিউটাৰক মানুহৰ দৰে চিন্তা কৰাত সহায় কৰে। ফলত বিজ্ঞান, অভিযান্ত্ৰিক আৰু দৈনন্দিন জীৱনত এক অভূতপূৰ্ব বিপ্লৱৰ সৃষ্টি হৈছে।
এআই প্ৰযুক্তিয়ে দিনক দিনে নিজৰ সামৰ্থ্য প্ৰমাণ
কৰি আহিছে। মেচিন লাৰ্নিঙে জটিল সমস্যাৰ সহজ সমাধান প্ৰদান কৰে। হিণ্টনে কয় যে এই
প্ৰযুক্তিয়ে ঔদ্যোগিক বিপ্লৱৰ দৰে মানৱ সভ্যতাক প্ৰভাৱিত কৰিব। বুদ্ধিমত্তাৰ
ক্ষেত্ৰত ই মানুহক অতিক্ৰম কৰিব।”
তেওঁৰ মতে এআইয়ে প্ৰায় সকলো উদ্যোগতে মানুহক
অধিক কাৰ্যক্ষম কৰি তুলিব।
নোবেল বঁটাৰ খবৰ পাই হিণ্টন স্তম্ভিত হৈ পৰিল।
তেওঁ আছিল কেলিফৰ্ণিয়াৰ এখন সাধাৰণ হোটেলত। য’ত ইণ্টাৰনেট বহু দূৰত, তাত ফোন নেটৱৰ্ক সঠিকভাৱে উপলব্ধ নহয়! "মই একেবাৰে স্তম্ভিত হৈ
পৰিছো" হিণ্টনে ক'লে।
“মোৰ জীৱনত এনেকুৱা একো হ’ব বুলি কেতিয়াও ভবা
নাছিলো। বিনা মেঘে বজ্ৰপাতৰ দৰে।”
১৯৪৭ চনত জন্মগ্ৰহণ কৰা হিণ্টনে বৰ্তমান কানাডাৰ
টৰন্টো বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি আছে। তেওঁ ২০১৩ চনত গুগলত যোগদান কৰে। কিন্তু
যোৱা বছৰ এআইৰ সংকটৰ বিষয়ে মুক্তভাৱে মাত মাতি গুগলৰ চাকৰি এৰে।
0 coment rios: