১০০ বছৰৰ প্ৰচেষ্টাৰ অন্তত মেলেৰিয়াৰ মুক্ত হ’ল ইজিপ্ত
আন্তঃৰাষ্ট্ৰীয়
ডেস্ক, ২১
অক্টোবৰ : এশ বছৰৰ
প্ৰচেষ্টাৰ অন্তত ইজিপ্তক মেলেৰিয়ামুক্ত বুলি ঘোষণা কৰা হয়। আফ্ৰিকাৰ দেশখনক
বিশ্ব স্বাস্থ্য সংস্থাই মেলেৰিয়ামুক্ত বুলি প্ৰমাণিত কৰিছে। দেশৰ এই সাফল্যক
ৰাষ্ট্ৰসংঘৰ জনস্বাস্থ্য সংস্থাই “সঁচাকৈয়ে
ঐতিহাসিক” বুলি
অভিহিত কৰিছে বুলি বিবিচিৰ বাতৰিত প্ৰকাশ।
মহৰ কামোৰৰ দ্বাৰা বিয়পি
পৰা প্লাজমোডিয়াম নামৰ জটিল পৰজীৱীৰ সংক্ৰমণৰ ফলত হোৱা এক মাৰাত্মক ৰোগ হৈছে
মেলেৰিয়া। বিশ্বজুৰি প্ৰতি বছৰে কমেও ৬ লাখ লোকৰ মৃত্যু হয় মেলেৰিয়াই, ইয়াৰে
অধিকাংশই আফ্ৰিকাত হয়।
ইজিপ্তৰ কৰ্তৃপক্ষই প্ৰায়
১০০ বছৰ পূৰ্বে মহৰ দ্বাৰা সংক্ৰমিত মাৰাত্মক ৰোগ মেলেৰিয়া নিৰ্মূলৰ বাবে প্ৰথম
প্ৰচেষ্টা আৰম্ভ কৰিছিল। ১৯২০ চনত আৰম্ভ হোৱা প্ৰচেষ্টাৰ অংশ হিচাপে ঘৰৰ ওচৰত ধান
খেতি আৰু কৃষি শস্য নিষিদ্ধ কৰা হৈছিল।
অৱশেষত তেওঁলোকৰ সফলতাক
স্বীকৃতি দিয়া হ’ল।
দেওবাৰে দেশখনক মেলেৰিয়ামুক্ত বুলি ঘোষণা কৰি বিশ্ব স্বাস্থ্য সংস্থাই এক বিবৃতিত
কয় যে ইজিপ্ত চৰকাৰ আৰু জনসাধাৰণে প্ৰাচীন কালৰে পৰা এটা ৰোগৰ অন্ত পেলাবলৈ
চেষ্টা কৰা বাবে প্ৰশংসাৰ যোগ্য।
বিবৃতিটোত কোৱা হৈছে যে
সংযুক্ত আৰব আমিৰশ্বাহী আৰু মৰক্কোৰ পিছত ইজিপ্ত বিশ্ব স্বাস্থ্য সংস্থাৰ পূব
ভূমধ্যসাগৰীয় অঞ্চলত প্ৰমাণপত্ৰ লাভ কৰা তৃতীয়খন দেশ। বিশ্বজুৰি ৪৪খন দেশ আৰু
এটা অঞ্চলে এতিয়ালৈকে এই মাইলৰ খুঁটিত উপনীত হৈছে।
ডব্লিউ এইচ অ’ৰ মুৰব্বী টেড্ৰ’ছ আধানম গেব্ৰেইছাছে কয় যে
মেলেৰিয়া ইজিপ্তৰ সভ্যতাৰ দৰেই পুৰণি। ফেৰাউনসকলক জুৰুলা কৰা বেমাৰটো এতিয়া
ইতিহাস হৈ পৰিছে।
মূলতঃ এখন দেশক
মেলেৰিয়ামুক্ত বুলি ঘোষণা কৰা হয় যেতিয়া তেওঁলোকে প্ৰমাণ কৰে যে একেৰাহে তিনি
বছৰ ধৰি সংক্ৰমণ বন্ধ হৈ গৈছে। অৰ্থাৎ একেৰাহে তিনি বছৰত কোনেও এই ৰোগত আক্ৰান্ত
হোৱা নাই।
ডব্লিউ এইচ অ’ই কয় যে ইজিপ্তৰ বাবে এয়া
নতুন পৰ্যায়ৰ আৰম্ভণি মাথোঁ, যিয়ে
মেলেৰিয়ামুক্ত অৱস্থা বজাই ৰাখিবলৈ সজাগ হ’ব লাগিব।
বৰ্তমান বহু দেশত মেলেৰিয়াৰ ভেকচিন ব্যৱহাৰ কৰা হৈছে। কিন্তু ৰোগ
নিৰীক্ষণ কৰা আৰু মহৰ কামোৰৰ পৰা আঁতৰি থকাটোৱেই মেলেৰিয়া প্ৰতিৰোধৰ আটাইতকৈ
ফলপ্ৰসূ উপায়।
0 coment rios: