বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰা পাঁচ অনুপ্ৰৱেশকাৰীৰ মাজত আছে ৰোহিংগীয়াও
বি চি, পূ, ডেস্কঃ ত্ৰিপুৰাত আৰক্ষীৰ জালত পৰিছে ৫ গৰাকী অনুপ্ৰৱেশকাৰী ৷ গোপন সূত্ৰৰ পমখেদি এক অভিযান চলাই আগৰতলা ৰে’ল ষ্টেচনৰ পৰা নিৰাপত্তাৰক্ষীৰ দলে আটক কৰে অবৈধ অনুপ্ৰৱেশকাৰী কেইগৰাকীক । ত্ৰিপুৰা ৰে’ল আৰক্ষীয়ে নিজৰ বিবৃতিত প্ৰকাশ কৰে যে, ৰে’ল আৰক্ষী, ৰে’লৱে সুৰক্ষা বাহিনী, বি এছ এফ আৰু চোৰাংচোৱা সংস্থাই চলাইছিল এই অভিযান ৷
আটকাধীন অনুপ্ৰৱেশকাৰীসকলৰ দুজগৰাকী বাংলাদেশী আৰু তিনিগৰাকী
ম্যানমাৰৰ নাগৰিক বুলি জানিব পৰা গৈছে ৷ আটাইকেইজনেই বাংলাদেশ হৈ ভাৰতত প্ৰৱেশ
কৰিছিল ৷ আগৰতলাৰ পৰা ৰে’লযোগে ভাৰতৰ আন ৰাজ্যলৈ যোৱাৰ
প্ৰস্তুতি চলাইছিল এই পাঁচ অনুপ্ৰৱেশকাৰীয়ে ৷
আটকাধীন অনুপ্ৰৱেশকাৰী কেইজন হ’ল ক্ৰমে- ৰহিম উল্লাহ (২৬), ম্যানমাৰৰ ৰাচিদাঙৰ
বাসিন্দা যদিও বৰ্তমান বাংলাদেশৰ কক্স বাজাৰৰ কুটুপালঙত থকা ১ নং ৰোহিংগীয়া কেম্পৰ
বাসিন্দা, মঃ আয়ুব (৪৫), ঘৰ ম্যানমাৰৰ ৰাচিদাং
আৰু বৰ্তমান
বাংলাদেশৰ কক্স বাজাৰৰ হাকিমপাৰাত থকা ১৪নং ৰোহিংগীয়া কেম্পৰ শৰণাৰ্থী , হাস্নাৰা বেগম (৩২), ঘৰ ম্যানমাৰৰ ৰাচিদাংত
বৰ্তমান বাংলাদেশৰ
কক্স বাজাৰৰ হাকিমপাৰাত থকা ১৪ নং ৰোহিংগীয়া কেম্পৰ শৰণাৰ্থী আৰু তেওঁৰ লগত এটি ৪ বছৰীয়া পুত্ৰ
সন্তানো আছে ৷ এই
ৰোহিংগীয়া কেইগৰাকীৰ লগত আছে মঃ চান মিঞা (২৪), বগুৰা, বাংলাদেশ আৰু ছাব্বিৰ হোছেইন (২৪), বগুৰা, বাংলাদেশৰ
বুলি আৰক্ষী
সূত্ৰে প্ৰকাশ ।
লগতে জানিব পৰা যায় যে, আৰক্ষীৰ জেৰাৰ সময়ত তেওঁলোক
বিসংগতিপূৰ্ণ উত্তৰ দিয়ে ৷ তেওঁলোকৰ এজনে কৈছে হায়দৰাবাদলৈ যাবলৈ ওলাইছে আৰু আন
এজনে কৈছে তেওঁলোকৰ লক্ষ্যস্থান মুম্বাই ৷ কৰ্তৃপক্ষই জনোৱা মতে, এই অনুপ্ৰৱেশকাৰী কেইজনক ইতিমধ্যে আগৰতলা ৰে’লৱে আৰক্ষী থানাত জেৰা চলাই থকা
হৈছে ৷ অনুসন্ধানৰ পিচত আৰু অধিক সন্দেহযুক্ত নাগৰিক ধৰা পৰাৰ সম্ভাৱনা আছে বুলিৰে’ল আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷
আৰক্ষীৰ বিবৃতিত উল্লেখ কৰা মতে, ‘‘আগৰতলা ৰে’ল আৰক্ষী থানাই ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে আৰু অনুপ্ৰৱেশকাৰী
কেইজনক আদালতত হাজিৰ কৰোৱা হ’ব ৷’’
0 coment rios: