মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ হাতত গৃহ সমষ্টি গণ্ডেৰবল, বদগাঁৱৰ বিধায়ক পদৰ পৰা কৰে পদত্যাগ
নেচনেল ডেস্কঃ সদ্য সমাপ্ত জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনত ওমৰ আব্দুল্লাই শ্ৰীনগৰৰ দুয়োখন আসনৰ পৰা জয়লাভ কৰে।
মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেওঁ বদগাঁও সমষ্টিৰ পৰা পদত্যাগ কৰে। গণ্ডেৰবাল তেওঁলোকৰ ‘পৰিয়ালৰ সমষ্টি’ বুলি জনা যায়। সোমবাৰে এই মন্তব্য জম্মু-কাশ্মীৰ
বিধানসভাৰ প্ৰটেম অধ্যক্ষ মুবাৰক গুলেৰ।
চলিত বৰ্ষৰ বিধানসভা নিৰ্বাচনত বদগাঁও সমষ্টিত এন চি প্ৰাৰ্থী ওমৰে
প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতীৰ পিপলছ ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী আঘা চৈয়দ মুন্তাজিৰ
মেহদীক প্ৰায় ১৮,৫০০ ভোটত পৰাস্ত কৰে।
গাণ্ডেৰবালত পিডিপিৰ মূল প্ৰতিদ্বন্দ্বী বছিৰ আহমেদ মিৰৰ সৈতে তেওঁৰ জয়ৰ ব্যৱধান
১০,৫০০ৰো অধিক। ২০০৯ আৰু ২০১৪
চনৰ বিধানসভা নিৰ্বাচনতো ওমৰে গাণ্ডেৰবলৰ আসন খন লাভ কৰিছিল। সেই আসনৰ পৰা জয়ী
হোৱাৰ পাছত তেওঁৰ পিতৃ ফাৰুক আব্দুল্লা আৰু দাদা শ্বেখ আব্দুল্লা জম্মু-কাশ্মীৰৰ
মুখ্যমন্ত্ৰী হৈছিল।
0 coment rios: