Monday, October 28, 2024

ধৰ্মনিৰপেক্ষতা সংবিধানৰ মৌলিক গাঁথনিৰ অংশ: উচ্চতম ন্যায়ালয়

 

ধৰ্মনিৰপেক্ষতা সংবিধানৰ মৌলিক গাঁথনিৰ অংশ: উচ্চতম ন্যায়ালয়

নেচনেল ডেস্ক২১অক্টোবৰঃ ন্যায়াধীশে পোনপটীয়াকৈ প্রশ্ন কৰে যে, “আপোনালোকে ভাৰত ধৰ্মনিৰপেক্ষ হোৱাটো নিবিচাৰেনে?” আইনজীৱীয়ে উত্তৰ দিয়ে যেআমি কেৱল সাংবিধানিক সংশোধনীৰ বিৰোধিতা কৰিছো।''

ইয়াৰ পিছত তেওঁ কয় যে, “কেইবাটাও ৰায়দানে স্পষ্ট কৰি দিছে যে ধৰ্মনিৰপেক্ষতা সংবিধানৰ মৌলিক গাঁথনিৰ এক অবিচ্ছেদ্য অংশ আছিল।

১৯৭৬ চনত ৪২ সংখ্যক সংশোধনীৰ জৰিয়তে সংবিধানৰ প্ৰস্তাৱনাত ‘সমাজবাদী’ আৰু ‘ধৰ্মনিৰপেক্ষ’ শব্দটো সন্নিবিষ্ট কৰা হয়। বলৰাম সিংবিজেপি নেতা সুব্ৰহমান্য স্বামী আৰু অশ্বিনী উপাধ্যায়ে তেওঁৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰে। সোমবাৰে ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ সঞ্জয় কুমাৰৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰে। তাত ন্যায়াধীশ খান্নাই মৌখিকভাৱে কলে, “কেইবাটাও ৰায়দানত স্পষ্ট হৈ পৰিছে যে ধৰ্মনিৰপেক্ষতা সংবিধানৰ মৌলিক গাঁথনিৰ এক অবিচ্ছেদ্য অংগ আছিল।” সমতা আৰু ভ্ৰাতৃত্ববোধ শব্দ দুটা আৰু সংবিধানৰ তৃতীয় অধ্যায়ত সন্নিৱিষ্ট অধিকাৰসমূহলৈ চালে স্পষ্ট হৈ পৰে যে ধৰ্মনিৰপেক্ষতাক সংবিধানৰ মূল বৈশিষ্ট্য হিচাপে দেখা যায়।

অধিবক্তা বিষ্ণুশংকৰ জৈনে দাবী কৰিছে যে বি আৰ আম্বেদকাৰে সমাজবাদি ব্যক্তিৰ স্বাধীনতাক ক্ষতিগ্ৰস্ত কৰে বুলি বিশ্বাস কৰিছিল। উত্তৰত ন্যায়াধীশ খান্নাই কয়, ‘সমাজবাদৰ অৰ্থ হৈছে সুযোগ আৰু ধনৰ সমতাও। আমি শব্দটো পশ্চিমীয়া অৰ্থত দেখা নাপালে ভাল পাম!''

স্বামীয়ে প্ৰশ্ন উত্থাপন কৰে যেসংবিধানৰ প্ৰস্তাৱনা ১৯৪৯ চনৰ ২৬ নৱেম্বৰত গ্ৰহণ কৰা হয়। পিছত শব্দ যোগ কৰাটো স্বেচ্ছাচাৰী। এনে লাগিব পাৰে যে ১৯৪৯ চনৰ ২৬ নৱেম্বৰত ধৰ্মনিৰপেক্ষতা আৰু সমাজবাদ ঘোষণা কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। এই প্ৰসংগত ন্যায়াধীশ খান্নাই কয়, "সেই শব্দটো দুটা বন্ধনীত আছে।" ফলত যিকোনো ব্যক্তিয়েই বুজিব যে সেইটো পিছৰ সংযোজন।'' ’’ তেওঁ উল্লেখ কৰে যজাতীয় ‘ঐক্য’ অৰু ‘সংহতি’ শব্দ দুটিও পিছৰ সংযোজন।  অহা সপ্তাহত পুনৰ শুনানি অনুষ্ঠিত হব।

নিউজ এজেন্সী


আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: