Monday, October 28, 2024

মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ আৰম্ভঃ সিঙক অপসাৰণ কৰিলেই শান্ত হ'ব মণিপুৰ !

 

মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ আৰম্ভঃ সিঙক অপসাৰণ কৰিলেই শান্ত হ'ব মণিপুৰ !

                                        

 
বি চি, পূ, ডেস্কঃ চৰকাৰৰ অস্তিত্ব প্ৰায় নাই যদিও মণিপুৰৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বত আছে এন বীৰেন সিং। প্ৰায় ডেৰ বছৰ ধৰি অশান্ত হৈ থকা মণিপুৰৰ শান্তি প্ৰতিষ্ঠানত চূড়ান্ত ৰূপে ব্যৰ্থ হোৱা এইগৰাকী নেতাৰ নিজ দলৰে শীৰ্ষ নেতাৰ সন্মুখত মূৰ তুলি কথা কোৱাৰ সাহ নহোৱা হৈ পৰিছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰো সাক্ষাতৰ বাবে হাবাথুৰি খাবলগীয়া হোৱা এই নেতাগৰাকীৰ বিৰুদ্ধে অৱশেষত নিজ দলতেই মুকলি বিদ্ৰোহ আৰম্ভ হৈছে। ৰাজ্যখনৰ বিজেপিৰ ১৯ জনকৈ বিধায়কে মুখ্যমন্ত্ৰী এন বীৰেন সিঙক অপসাৰণ কৰিবলৈ দাবী তুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এক পত্ৰ প্ৰেৰণ কৰিছে।

এই পত্ৰত মণিপুৰ বিধানসভাৰ অধ্যক্ষ থৌকচম সত্যব্ৰত সিঙেও স্বাক্ষৰ কৰিছে। মুখ্যমন্ত্ৰীক অপসাৰণৰ দাবী তোলা এই ১৯ বিধায়কৰ মাজত কুকিমেইটেইনাগা সকলো সম্প্ৰদায়ৰে বিধায়ক আছে।

তেওঁলোক মণিপুৰৰ শান্তি প্ৰতিষ্ঠাৰ বাবেই এই দাবী উত্থাপন কৰিছে। উল্লেখ্য যেযোৱা ১৫ অক্টোবৰত দিল্লীত গৃহমন্ত্ৰণালয়ৰ উদ্যোগত মণিপুৰৰ শান্তি প্ৰতিষ্ঠাৰ কাৰণে প্ৰথমবাৰৰ বাবে কুকিমেইটেই আৰু নাগা সম্প্ৰদায়ৰ মন্ত্ৰীবিধায়কসকলৰ মাজত অনুষ্ঠিত হৈছিল এক বৈঠক।

এই বৈঠকৰ পাছতে বিধায়কসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এক পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰত তেওঁলোকে উল্লেখ কৰিছে মণিপুৰৰ শান্তি স্থাপনৰ বাবে এন বীৰেন সিঙক অপসাৰণ কৰিব লাগিব। এয়াই একমাত্ৰ উপায়। কেৱল সুৰক্ষা বাহিনী নিয়োগ কৰি মণিপুৰৰ শান্তি ঘূৰাই আনিব নোৱাৰি।

বিধায়কসকলে পত্ৰখনত এই কথাও লিখিছে ৰাজ্যখনত বিজেপি চৰকাৰক লৈ নানান প্ৰশ্ন উত্থাপন হৈছে আৰু জনতাৰ আস্থা নোহোৱা হৈছে। ইয়াৰ বাবে এন বীৰেন সিঙক অপসাৰণ কৰিব লাগিব। নতুন দিল্লীত অনুষ্ঠিত হোৱা সেই বৈঠকত ২০ জন বিধায়ক উপস্থিত আছিল।


আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: