দিল্লীৰ স্কুলৰ সমীপত ৰহস্যজনক বিস্ফোৰণ
নেচনেল ডেস্ক, ১০ অক্টোবৰ : দেওবাৰে পুৱা ভাৰতৰ ৰাজধানী দিল্লীৰ ৰোহিনী অঞ্চলৰ
এখন বিদ্যালয়ৰ সমীপত সংঘটিত এক ৰহস্যজনক বিস্ফোৰণে সমগ্ৰ অঞ্চলটো জোকাৰি যায়।
স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি স্থানীয় সময় অনুসৰি পুৱা ৭:৪৭ বজাত সংঘটিত
হয় এই বিস্ফোৰণ
টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি বিস্ফোৰণ
ইমানেই শক্তিশালী আছিল যে চি আৰ পি এফ স্কুলৰ দেৱালৰ লগতে ওচৰৰ দোকান এখনৰ খিৰিকী
আৰু ৰখাই থোৱা গাড়ীৰ ক্ষতিসাধন হয়।
কিন্তু সৌভাগ্যক্ৰমে এই ঘটনাত এতিয়ালৈকে কোনো লোক
আহত হোৱাৰ খবৰ পোৱা নাই।
ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে সেই
স্থানত উপস্থিত হৈ অঞ্চলটো ঘেৰি ধৰে। আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ ক্ষতিগ্ৰস্ত
বিদ্যালয়খনৰ দেৱালৰ পৰা দুৰ্গন্ধ নিৰ্গত হোৱা উদ্ধাৰ কৰে।
লগতে দেখা গৈছে ভঙা খিৰিকী আৰু ক্ষতিগ্ৰস্ত গাড়ী।
আৰক্ষীয়ে সেই স্থান ঘেৰি ধৰিছে আৰু ফৰেনছিক আৰু বোমা নিষ্কাশন ইউনিটকে ধৰি
বিশেষজ্ঞৰ এটা দলে বিস্ফোৰণৰ কাৰণৰ তদন্তৰ কাম আৰম্ভ কৰিছে।ঘটনাস্থলীত
অগ্নিনিৰ্বাপক বাহিনীৰ এটা দলো উপস্থিত থাকে।
এনডিটিভিৰ এক প্ৰতিবেদনত কোৱা হৈছে যে স্থানীয়
এজন বাসিন্দাই শ্বুট কৰা এটা ভিডিঅ’ত দেখা গৈছে যে
বিস্ফোৰণস্থলীৰ পৰা ধোঁৱা ওলাই আহিছে।
ভিডিঅ’ ৰেকৰ্ডিং
কৰা সাক্ষীগৰাকীয়ে এনডিটিভিক জনাইছে যে, “সেই সময়ত মই ঘৰত আছিলো।” হঠাৎ এটা ডাঙৰ শব্দ শুনি ওলাই আহি ধোঁৱাৰ ডাৱৰ এটা দেখি ভিডিঅ’টো ৰেকৰ্ড কৰিলোঁ। ইয়াতকৈ বেছি মই নাজানো। ঘটনাস্থলীত আৰক্ষীৰ দল
আৰু এম্বুলেঞ্চ উপস্থিত হয়।
0 coment rios: