Wednesday, October 30, 2024

দীপাৱলীতো ফটকা নুফুটা দুখন গাঁও, পক্ষীকূলৰ সংৰক্ষণেই যাৰ সংকল্প

 

দীপাৱলীতো ফটকা নুফুটা দুখন গাঁও, পক্ষীকূলৰ সংৰক্ষণেই যাৰ সংকল্প

নেচনেল ডেস্ক, ২৯ অক্টোবৰ: এতিয়া মানুহৰ উপদ্ৰপত বিপন্ন হৈ পৰিছে চৰাই কুল । তেনে সময়তে বছৰৰ সকলো সময়তে এখন গাঁৱত আপুনি শুনিবলৈ পাব কেৱল পক্ষীৰ কলৰৱ। কাৰণ গাঁওখনত প্ৰায় ১০ হাজাৰ পৰিভ্ৰমী চৰায়ে বাহৰ পাতে।

পৰিভ্ৰমী চৰাইৰ ৰম্যভূমি এখন গাঁও। নানা ধৰণৰ অলেখ পক্ষীয়ে ভৰি থকা এখন গাঁও। বছৰৰ এচোৱা সময়ত আপুনি এইখন গাঁৱত শুনিবলৈ পাব কেৱল পক্ষীৰ কলৰৱ। কাৰণ সেই সময়ত গাঁওখনত প্ৰায় ১০ হাজাৰ পৰিভ্ৰমী চৰায়ে বাহৰ পাতে। মানুহৰ উপদ্ৰপত চৰাইসমূহ এতিয়া বিপন্ন হৈ পৰিছে। পৰিভ্ৰমী চৰায়ে ঘনে ঘনে আশ্ৰয়স্থলী সলাবলৈ বাধ্য হৈছে। তেনে সময়ত এইখন গাঁৱত পিছে প্ৰতি বছৰে পৰিভ্ৰমী চৰাইৰ সংখ্যা বৃদ্ধি পাই আহিছে। পৰিভ্ৰমী চৰাইৰ বাবে এই গাঁওখন ক্ৰমে অধিক বিশ্বাস যোগ্য হৈ উঠাৰ আঁৰৰ কাৰণ গাঁওখনৰ বাসিন্দাসকলেই। গাঁওখনৰ বাসিন্দাসকলে দশক দশক ধৰি পৰিভ্ৰমী চৰাইৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰি আহিছে। কেইবা দশক ধৰি এইখন গাঁৱত এটাও ফটকা ফুটা নাই। দীপাৱলীৰ আতচবাজীৰ শব্দ, চকু চাৎ মাৰি ধৰা পোহৰে মানুহৰ লগতে জীৱজন্তু তথা চৰাইক বিবুধিত পেলোৱা নাই। বোমা-ফটকা-আতচবাজী কোনো চৰাইৰ মৃত্যুৰ কাৰণ হৈ পৰা নাই।

খাৰ বাৰুদ তথা বোমা ফটকাৰ কাৰখানা হিচাপে সমগ্ৰ দেশতে নাম থকা তামিলনাডুৰ শিৱকাশীৰ নাম নিশ্চয় আপুনি শুনিছে। এই শিৱকাশীৰ সমীপতে আছে শিৱগংগা। শিৱকাশীৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰে শিৱগংগালৈ দুই আঢ়ৈ ঘণ্টাৰ পথ। দূৰত্ব প্ৰায় ১২০ কিলোমিটাৰ । শিৱগংগাৰ কল্লুকুড়িপট্টি আৰু ভেটাংগুড়িপাট্টি গাঁৱৰ বাসিন্দাসকলে পক্ষী তথা বন্যপ্ৰাণী সুৰক্ষাৰ বাবে কেইবাদশক পূৰ্বেই ফটকা ফুটুৱা বন্ধ কৰিছিল। গাঁওবাসীয়ে ওচৰৰ ভেটাংগুড়ি চৰাই অভয়াৰণ্যত পৰিভ্ৰমী চৰাইৰ সুৰক্ষাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছিল।

এসময়ত ভেটাংগুড়িপট্টি অভয়াৰণ্যৰ জলাশয়লৈ সঘনাই অহা এই চৰাইবোৰে মূল বাসস্থানৰ বিঘিনিৰ বাবে কল্লুকুড়িপট্টিলৈ প্ৰব্ৰজন কৰিছিল। আৰু তেতিয়াৰ পৰাই পৰিভ্ৰমী চৰাইবোৰে অভয়াৰণ্যৰ ভিতৰৰ ১৩.৬ হেক্টৰ মাটিৰ লগতে দুয়োখন গাঁৱত থকা তিনিটাকৈ জলাশয়ত আশ্ৰয় লৈ আহিছে। অভয়াৰণ্যখন স্থাপনৰ বহু আগতেই গাঁওবাসীয়ে সামূহিকভাৱে ফটকা পৰিহাৰ কৰাৰ সিদ্ধান্ত লৈছিল। প্ৰাকৃতিক বাসস্থান সংৰক্ষণৰ প্ৰতি গাঁওদুখনৰ দায়বদ্ধতা প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি আহিছে। নতুন প্ৰজন্ময়ো গাঁৱৰ পৰম্পৰাক আকোঁৱালি লৈ বন্যপ্ৰাণী তথা পক্ষী সংৰক্ষণক অধিক গুৰুত্ব দি আহিছে।


আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: