Wednesday, October 30, 2024

আৰম্ভ হৈছে অসম সাহিত্য সভাৰ নিৰ্বাচনী প্ৰক্ৰিয়া : প্ৰথমবাৰৰ বাবে অসম সাহিত্য সভাৰ নিৰ্বাচন হ'ব দুতৰপীয়া

 

আৰম্ভ হৈছে অসম সাহিত্য সভাৰ নিৰ্বাচনী প্ৰক্ৰিয়া : প্ৰথমবাৰৰ বাবে অসম সাহিত্য সভাৰ নিৰ্বাচন হ'ব দুতৰপীয়া

বিকল্প চিন্তা, ২৯ অক্টোবৰ: সোমবাৰে গুৱাহাটীস্থিত অসম সাহিত্য সভাৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি সভাৰ নিৰ্বাচনী প্ৰক্ৰিয়াকথা সদৰী কৰে অসম সাহিত্য সভাৰ নিৰ্বাচনী বিষয়াই ।

সংবাদমেলত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মাই কয়, যে, প্ৰথমবাৰৰ বাবে অসম সাহিত্য সভাৰ দুতৰপীয়া নিৰ্বাচন অনুষ্ঠিত হ'ব।পূৰ্বতে তিনিটা পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল।নাৰায়ণপুৰত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত সাহিত্য সভাৰ সংবিধান সংশোধন কৰি দুতৰপীয়া নিৰ্বাচন কৰা হৈছিল।সেই মতে এইবাৰ সভাপতি পদটো এখন উচ্চস্তৰীয় নিৰ্বাচন সমিতিয়ে সম্পন্ন কৰিব।তেওঁ লগতে কয়,  ৭ জনীয়া উচ্চস্তৰীয় সমিতিয়ে জাতিৰ প্ৰতি অৱদান আগবঢ়োৱা বৰেণ্য ব্যক্তি ৫ গৰাকীক নিৰ্বাচন কৰিব।তাৰ পিছত তেওঁলোকৰ অনুমোদন লোৱা হ'ব। অনুমোদনৰ পিছত শাখা সাহিত্য সভালৈ বেলট কাকত প্ৰেৰণ কৰা হ'ব।শাখাবোৰে তাত ভোটদান কৰিব।এইদৰে সভাপতি নিৰ্বাচন কৰা হ'ব।কোনোৱে মনোনয়ন সংগ্ৰহৰ বাবে কাৰ্যালয়লৈ যাব নালাগে।আনহাতে, মনোনীত ব্যক্তিসকলৰ পৰিচয় সম্পূৰ্ণ গোপনে ৰখা হ'ব ।

আনহাতে, সংবাদমেলত মুখ্য নিৰ্বাচনী বিষয়া প্ৰশান্ত কুমাৰ ডেকা আৰু নিৰ্বাচনী বিষয়া চিন্ময় চৌধুৰীয়ে কয়,  অসম সাহিত্য সভাৰ ২০২৫-২০২৭ বর্ষৰ উপ-সভাপতি আৰু প্রধান সম্পাদক পদৰ বাবে নির্বাচনী প্রক্রিয়া ইতিমধ্যে আৰম্ভ হৈছে।যোৱা ১০ আগষ্টত শাখা সাহিত্য সভাৰ পুনৰীক্ষণ সমিতিৰ জৰিয়তে খচৰা ভোটাৰ তালিকা প্রকাশ হয় ।

লগতে তেওঁ জানিবলৈ দিয়ে যে, ওদালগুৰি জিলাৰ টংলাত অনুষ্ঠিত সভাৰ সপ্তম কার্যনির্বাহক সভাই ২২ ছেপ্টেম্বৰত নির্বাচনী সমিতি গঠন কৰি দিয়ে।১০ আগষ্টৰ পৰা ২৫ আগষ্টলৈ শাখা সাহিত্য সভাৰ পুনৰীক্ষণ সমিতিৰ জৰিয়তে ওজৰ-আপত্তি নিষ্পত্তিকৰণ কৰি ৩১ আগষ্টলৈ চূড়ান্ত ভোটৰ তালিকা প্রকাশ আৰু সভাৰ কৰ্ণধাৰ সভাত চূড়ান্ত ভোটাৰ তালিকা গ্রহণ কৰা হয়।২২ ছেপ্টেম্বৰত ওদালগুৰি জিলাৰ টংলাত অনুষ্ঠিত সভাৰ ষষ্ঠ কার্যনির্বাহক সভাত চূড়ান্ত ভোটাৰ তালিকা অনুমোদন আৰু গ্ৰহণ কৰা হয়।

২৭ অক্টোবৰত নির্বাচনী সমিতিৰ এক বৈঠকৰ সিদ্ধান্ত অনুসৰি সমাগত ২০২৫-২০২৭ বর্ষৰ নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হৈছে।অহা ৩-৪ নৱেম্বৰত উপ-সভাপতি আৰু প্রধান সম্পাদক পদৰ বাবে মনোনয়ন-পত্র সভাৰ যোৰহাটস্থিত কেন্দ্রীয় কার্যালয়ৰ পৰা প্ৰাৰ্থীসকলে সংগ্ৰহ কৰিব পাৰিব।৭-৮ নৱেম্বৰত মনোনয়ন-পত্র সভাৰ গুৱাহাটী কাৰ্যালয়ত দিনৰ ১১ বজাৰ পৰা ২ বজাৰ ভিতৰত নিৰ্বাচনী বিষয়াৰ হাতত জমা দিব লাগিব ।

প্রত্যেক মনোনয়ন-পত্ৰত সভাৰ এজন স্থায়ী সদস্যই প্রস্তাৱকৰূপে প্রস্তাৱ কৰিব লাগিব আৰু ন্যূনতম ২৫ জন স্থায়ী সদস্যই সমর্থক হিচাপে সমর্থন কৰিব লাগিব । প্রস্তাৱক আৰু সমর্থক সভ্যসকলে তেওঁলোকৰ সভ্যপদৰ ক্ৰমিক নম্বৰ উল্লেখসহ তাৰ প্রতিলিপি মনোনয়ন-পত্ৰত সংলগ্ন কৰিব লাগিব । ১০-১১ নৱেম্বৰ দিনৰ ১১ বজাৰ পৰা ৫ বজাৰ ভিতৰত মনোনয়ন-পত্ৰ পৰীক্ষা, ওজৰ-আপত্তি আৰু মনোনয়ন-পত্র প্রত্যাহাৰ কৰিব পাৰিব ।

১১ নৱেম্বৰত প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্রকাশ কৰা হ'ব । ১৫-২০ নৱেম্বৰৰ ভিতৰত জিলা আৰু শাখা পর্যায়ত ভোটদানৰ বাবে বেলট কাকত বিতৰণ কৰা হ'ব । ২১ নৱেম্বৰৰ পৰা জিলা আৰু শাখা সাহিত্য সভাসমূহে সময়-সুবিধা অনুযায়ী ভোটদান পর্ব সমাপন কৰিব । ৪ ডিচেম্বৰত ভোটদান শেষ হোৱাৰ পাছত ৫ ডিচেম্বৰ তাৰিখে নির্বাচনী বিষয়াৰ উপস্থিতিত মেঘদূত ভৱনত সংস্থাপিত ভোট বাকচ বন্ধ কৰা হ'ব । ইয়াৰ পাছত ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া সভাৰ সপ্তম কার্যনির্বাহক অধিবেশনত ভোটগণনা কার্য সম্পন্ন কৰা হ'ব।

উল্লেখ্য যে এইবাৰ নিৰ্বাচনত সাহিত্য সভাৰ ৮৪৯ টা শাখাই ভোটদানত অংশগ্ৰহণ কৰিব । ইয়াৰে ভিতৰত বহিঃৰাজ্যত আছে ৮ টা শাখা আৰু লণ্ডন আৰু আমেৰিকাত দুটাকৈ শাখা আছে ।


আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: