Monday, October 28, 2024

একেদিনাই অনুষ্ঠিত হ’ব টীম ইণ্ডিয়াৰ দুখনকৈ মেচ; কেনেদৰে কৰিব উপভোগ

 

একেদিনাই অনুষ্ঠিত হব টীম ইণ্ডিয়াৰ দুখনকৈ মেচ; কেনেদৰে কৰিব উপভোগ

স্প’ৰ্টছ ডেস্ক, 8 অক্টোবৰ: ক্ৰিকেট অনুৰাগীসকলৰ বাবে এটা বিশেষ দিন হিচাপে পৰিচিত হ’ব বুধবাৰৰ দিনটো ৷ কিয়নো এই দিনটোত অনুষ্ঠিত হ’ব দুখনকৈ গুৰুত্বপূৰ্ণ মেচ ৷

আই চি চি মহিলা টি 20 বিশ্বকাপ 2024 ৰ তৃতীয়খন মেচত ভাৰতীয় মহিলা ক্ৰিকেট দলটো শ্ৰীলংকাৰ বিৰুদ্ধে মুখামুখি হব ৷ আনহাতেসূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় পুৰুষ ক্ৰিকেট দলটোৱে টি 20 শৃংখলাৰ দ্বিতীয়খন মেচ বাংলাদেশৰ বিৰুদ্ধে খেলিব ।

ভাৰতীয় মহিলা দলৰ অতিকৈ গুৰুত্বপূৰ্ণ এই মেচ

আই চি চি মহিলা টি 20 বিশ্বকাপ 2024  12 নং মেচখনত ভাৰতৰ মুখামুখি হব শ্ৰীলংকা ৷ এই মেচখন ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ৷ ভাৰতীয় সময় অনুসৰিবুধবাৰে সন্ধিয়া 7.30 বজাৰ পৰা অনুষ্ঠিত হ'ব মেচখন ।

সংযুক্ত আৰৱ আমিৰশ্বাহীত চলি থকা আই চি চি মহিলা টি 20 বিশ্বকাপত ভাৰতীয় দলটোৰ এয়া তৃতীয়খন মেচ । প্ৰথমখন মেচত নিউজিলেণ্ডে ভাৰতক 58 ৰাণত পৰাস্ত কৰিছিল ৷ আনহাতেদেওবাৰে দ্বিতীয়খন খেলত ভাৰতীয় মহিলা দলটোৱে চিৰপ্ৰতিদ্বন্দ্বী পাকিস্তানক 6 উইকেটত পৰাস্ত কৰে ৷ প্ৰতিযোগিতাৰ ছেমি ফাইনেলত স্থান লাভৰ বাবে যিকোনো প্ৰকাৰে ভাৰতে বুধবাৰৰ মেচখনত জয়ী হোৱাতো গুৰুত্বপূৰ্ণ বিবেচিত হৈছে ৷

পুনৰ মুখামুখি ভাৰত-বাংলাদেশ

আনহাতেভাৰত আৰু বাংলাদেশৰ মাজত 6 অক্টোবৰৰ পৰা আৰম্ভ হৈছে তিনিখন মেচৰ টি 20 শৃংখলা ৷ এই শৃংখলাৰ প্ৰথমখন মেচত ভাৰতে দৰ্শনীয় বিজয় সাব্যস্ত কৰিছে ৷ শৃংখলাৰ দ্বিতীয়খন মেচ বুধবাৰে ৰাজধানী দিল্লীত অনুষ্ঠিত হব ৷ বুধবাৰৰ এই মেচখনত ভাৰতে শৃংখলা দখলৰ হকে খেলপথাৰত নামিব ৷ বিপৰীতে বাংলাদেশে শৃংখলাত সমতা স্থাপন কৰিবলৈ চেষ্টা চলাব ৷ ভাৰতীয় সময় মতেবুধবাৰে সন্ধিয়া 7 বজাৰ পৰা মেচখন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত আৰম্ভ হ'ব ।

কেনেদৰে উপভোগ কৰিব মেচ দুখনৰ পোনপটীয়া সম্প্ৰচাৰ

আই চি চি মহিলা টি 20 বিশ্বকাপৰ ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হবলগীয়া মেচখন ষ্টাৰ স্পৰ্টছ নেটৱৰ্কত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ'ব ৷ আনহাতেমেচখনৰ লাইভ ষ্ট্ৰীমিং ডিজনী প্লাছ হটষ্টাৰত উপলব্ধ হ'ব ।

আনহাতেভাৰত আৰু বাংলাদেশৰ মাজৰ দ্বিতীয়খন টি 20 মেচ ভাৰতৰ স্পৰ্টছ 18 নেটৱৰ্কত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ'ব ৷ ক্ৰিকেট অনুৰাগীসকলে জিঅ’ চিনেমাত এই মেচখনৰ লাইভ ষ্ট্ৰীমিং উপভোগ কৰিব পাৰে ।


আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: