অনিশ্চয়তাত উমৰাংছুত আবদ্ধ শ্ৰমিকৰ ভৱিষ্যৎ: উভতি গ’ল নৌ-সেনা
হাফলং: উমৰাংছুৰ কয়লাখনিত আবদ্ধ শ্ৰমিকসকলক উদ্ধাৰ অভিযানক লৈ পুনৰ অনিশ্চয়তাই দেখা দিছে ৷ সোমবাৰে কয়লাখনিৰ উদ্ধাৰ অভিযান চলি থকাৰ মাজতে অভিযান বন্ধ কৰি উভতি যায় নৌ-সেনাৰ দল । নৌ সেনাৰ দলটোৰ লগত ঘূৰাই লৈ যায় নাগপুৰৰ পৰা অনা বিশেষ পাম্প মেচিনটো ।
অৱশ্যে উদ্ধাৰ অভিযান আধাতে বন্ধ কৰি
নৌ-সেনাৰ দলটো উভতি যায় যদিও এন ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷
কয়লাখনিটোৰ পৰা পানী নিষ্কাষণৰ বাবে পাম্প লগোৱা হৈছে যদিও পাম্প বন্ধ কৰিলেই পুনৰ
খনিটোত পানী সোমাই আহে ৷ বৰ্তমানেও কয়লাখনিৰ ভিতৰতে ১০০ ফুট পানী জমা হৈ আছে । যাৰ
বাবে এতিয়া উদ্ধাৰ অভিযানক লৈ অনিশ্চয়তা বৃদ্ধি পাইছে ।
ইফালে নৌ-সেনাৰ দলটো উভতি যোৱাৰ পাছত খনিটোৰ ভিতৰত আবদ্ধ হৈ থকা ৫ গৰাকী শ্ৰমিকৰ জীৱনক লৈ শংকাত ভুগিছে তেওঁলোকৰ পৰিয়াল তথা আত্মীয়ই ৷ খনিটোত আবদ্ধ ৯ গৰাকী শ্ৰমিকৰ ৪ গৰাকীৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিছে ৷ বিগত ৯ দিনত খনিটোৰ ভিতৰত পানী বৃদ্ধি পাই থকাত পানী নিষ্কাশন প্ৰক্ৰিয়া কেতিয়া সম্পূৰ্ণ হ’ব সেয়া এক ডাঙৰ প্ৰশ্ন ৷
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ
উদ্ধৃতিৰে এ এন আইয়ে কয়, "আমি সন্দেহ কৰিছো যে
কপিলী নদী আৰু খনিটোৰ মাজত সম্ভাৱ্য সংযোগ আছে, যিয়ে পানীৰ নিষ্কাশনত
বাধাৰ সৃষ্টি কৰিছে । এই
ক্ষেত্ৰত তদন্তত সহায় কৰিবলৈ ভাৰতীয় ভূতাত্ত্বিক জৰীপ সংস্থা (জি এছ আই)ই
মঙলবাৰৰ পৰা এই স্থানৰ অধ্যয়ন আৰম্ভ কৰি নদীখন আৰু খনিটোৰ মাজত গভীৰ মাটিৰ তলৰ
সংযোগ আছে নে নাই সেইটো নিৰ্ণয় কৰিবলৈ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । এই সময়ছোৱাত উদ্ধাৰকাৰী
দলে পানী নিষ্কাষণ প্ৰক্ৰিয়াটো অব্যাহত ৰাখিবলৈ চেষ্টা কৰিব ।
সংবাদ সংস্থাৰ এ এন আই ৰ সহযোগত
0 coment rios: