Wednesday, January 15, 2025

বৰপেটাত অসমৰ বাকী অংশতকৈ ব্যতিক্ৰমী ভোগালীৰ পৰম্পৰাঃ বৰপেটা সত্ৰত বৰদোমাহী পালন

 

বৰপেটাত অসমৰ বাকী অংশতকৈ ব্যতিক্ৰমী ভোগালীৰ পৰম্পৰাঃ বৰপেটা সত্ৰত বৰদোমাহী পালন


বৰপেটা ১৫ জানুৱাৰী : সত্ৰীয়া ৰীতি-পৰম্পৰাৰে বুধবাৰে বৰপেটা সত্ৰত জ্বলোৱা হ'ল মাঘৰ উৰুকাৰ মেজি ৷ সোমবাৰে সত্ৰনগৰী বৰপেটাত উৰুকা পালন কৰাৰ পাছত বুধবাৰে পুৱাই সত্ৰৰ নাম প্ৰসংগৰ পিছত পৰম্পৰাগত ৰীতিৰে সত্ৰৰ টুপৰ চোতালত বিৰিণাৰে সজা মেজি জ্বলাই বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডঃ বাবুল চন্দ্ৰ দাসে ৷ সত্ৰৰ টুপৰ চোতালত মেজি জ্বলোৱা সময়ত উপস্থিত থাকে বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া গৌতম পাঠকৰ লগতে বৰপেটা সত্ৰৰ ভকত বৈষ্ণৱ আৰু ভক্তপ্ৰাণ ৰাইজ ৷

ইফালে বৰপেটা সত্ৰত মাঘৰ মেজি জ্বলোৱা আৰু বিহু উপলক্ষে সত্ৰত সেৱা জনাবলৈ বহু ভক্তৰ সমাগম হয় ৷ পৰম্পৰা অনুসৰি পুহৰ সংক্ৰান্তিৰ পৰা ৪ মাঘলৈ বৰপেটা সত্ৰত ৫ দিনীয়াকৈ মাঘৰ দোমাহী পালন কৰা হয় ৷ এই ৫ দিনে সত্ৰত নাম-প্ৰসংগ চলি থাকে ৷ বৰপেটা সত্ৰত মাঘৰ পহিলা দিনটোত অৰ্থাৎ বুধবাৰে বৰদোমাহী পালন কৰা হৈছে ৷ বৰদোমাহী উপলক্ষে বৰপেটা সত্ৰত পুৱাৰ নিত্য-নৈমিত্তিক প্ৰসংগৰ পিছত সত্ৰৰ টুপৰ চোতালত প্ৰজ্বলন কৰা মেজিৰ জুইৰ উম লোৱাৰ লগতে সত্ৰত সেৱা জনাবলৈ পুৱাৰে পৰা সত্ৰত সমবেত হয় বহু ভক্ত ৷ প্ৰজ্বলিত মেজিৰ ভস্মৰে কপালত তিলক লৈ প্ৰতিজন ভক্ত ঘৰমুৱা হয় ৷ আনহাতে সত্ৰত পুৱা নিত্য প্ৰসংগত ভতিমা, নাম-প্ৰসংগ আৰু ভাগৱত পাঠ প্ৰসংগৰ পিছত নৈমিত্তিক প্ৰসংগত গায়ন-বায়নে গুৰু আসনৰ সন্মুখত গুৰুঘাট পৰিৱেশন কৰে ৷


উৰুকাৰ পুৱাৰ পৰাই বৰপেটা সত্ৰৰ লগতে সত্ৰনগৰী বৰপেটাৰ ২২ খন হাটীত সমূহীয়াভাৱে বিৰিণাৰে মেজি নিৰ্মাণ কৰা হয় ৷ উৰুকাৰ নিশা মেজি ৰখিবলৈ অহা ৰাইজে 'গাটাৰ আলু ভজা'(বিশেষ আলু ভাজি) খায় ৷ উৰুকাৰ নিশা বৰপেটাত আলু ভজা খোৱাটো এক পৰম্পৰা ৷ উৰুকাৰ নিশা ভোজ-ভাত খোৱাৰ পৰিৱৰ্তে এই আলু ভজা খোৱাটোহে দীৰ্ঘদিনীয়া পৰম্পৰা ৷

সত্ৰীয়া পৰম্পৰা অনুসৰি বৰপেটা সত্ৰৰ লগতে ইয়াৰ কাষৰীয়া পাটবাউসী, সুন্দৰীদিয়া, বাৰাদি, বহৰি, মৈৰামাৰা, বৰপেটাৰোড আদি সত্ৰসমূহৰ লগতে জিলাখনৰ প্ৰায়বোৰ সত্ৰ আৰু দাতিকাষৰীয়া গাওঁ সমুহত সোমবাৰৰ পৰিৱৰ্তে মঙলবাৰে উৰুকা পালন কৰে ৷


আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: