Friday, January 31, 2025

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশন আৰম্ভ

 অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশন আৰম্ভ

ভট্টদেৱ ক্ষেত্ৰৰ পৰা  বিপুল আলীৰ প্ৰতিবেদন,৩১জানুৱাৰীঃ বজালী জিলাৰ সদৰ পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত শুক্ৰবাৰৰ পৰা আৰম্ভ হ'ল বহু অপেক্ষিত অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক অধিৱেশন । পুৱা ৮-৩০ বজাত বামাখাটা সত্ৰৰ সত্ৰাধিকাৰ প্ৰবোধ দেৱ অধিকাৰীয়ে নামঘৰৰ দ্বাৰ মুকলি কৰাৰ লগে লগে অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ কাৰ্যসূচীৰ শুভাৰম্ভ হয় । ইয়াৰ পিছতে বন্তি প্ৰজ্বলন, গুৰু আসন প্ৰতিষ্ঠা কৰা হয় ।

পুৱা ৯ বজাৰ লগে লগে অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশনৰ উদযাপন সমিতিৰ সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ভট্টদেৱ ক্ষেত্ৰ উদ্বোধন কৰে । ইয়াৰ পিছতেই সাহিত্য সভাৰ মুখ্যদ্বাৰ উন্মোচন কৰে বিশিষ্ট নাট্যকাৰ অসম সৌৰভ কৃষ্ণ ৰয়ে । ইয়াৰ পিছত গুৰু প্ৰসাদ দাস বিজ্ঞান মেলাৰ উন্মোচন কৰে অসমৰ বিজ্ঞান, প্ৰযুক্তি বিদ্যা আৰু জলবায়ু পৰিৱৰ্তনকে ধৰি কেইবাটাও বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই । বিজ্ঞান মেলাত ভাৰতীয় সেনা বাহিনীৰ অস্ত্ৰসমূহো প্ৰদৰ্শন কৰা হৈছে, যাৰ দ্বাৰা জনসাধাৰণক ভাৰতৰ শক্তি সম্পৰ্কে কিছু আভাস দিয়াৰ প্ৰয়াস কৰা হৈছে ।

 লগতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰীকাকে ধৰি কেইবাগৰাকীও মন্ত্ৰী তথা বিধায়ক আৰু সাংসদ অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশনৰ উদ্বোধনী কাৰ্যসূচীত উপস্থিত থাকে । উদযাপন সমিতিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে কয়, "অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱাৰ পিছতেই প্ৰথমবাৰৰ বাবে সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশন অনুষ্ঠিত হৈছে । অসমৰ সকলো শ্ৰেণীৰ ৰাইজে সহযোগিতা কৰাৰ লগতে যিসকলে আহিব নোৱাৰে তেখেতসকলে দূৰৈৰ পৰাই আশীৰ্বাদ দিব বুলি আশা কৰিলো ।" তেওঁ লগতে কয় যে ১৯৮৭ চনত পাঠশালা সাহিত্য সভাৰ অধিৱেশনত পোন প্ৰথমবাৰৰ বাবে গ্ৰন্থমেলা অনুষ্ঠিত হৈছিল আৰু এইবাৰ সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশনত বিজ্ঞান মেলাৰ সংযোজন কৰা হৈছে । এই বিজ্ঞান মেলা যাতে আহিবলগীয়া সাহিত্য সভাসমূহত বৰ্তি থাকে তাৰো কামনা কৰে মন্ত্ৰীগৰাকীয়ে ।

অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তই কয় যে পাঠশালা হৈছে বিদ্যায়তনিক কেন্দ্ৰ । ধ্ৰুপদী ভাষা সংযোজন হোৱাৰ পিছতেই অসম সাহিত্য সভা পাঠশালাত অনুষ্ঠিত হৈছে, সেয়েহে অসমীয়া ভাষাটো আৰু অধিক উন্নত হ'ব বুলিও তেওঁ উল্লেখ কৰে । তেওঁ লগতে কয় যে পাঠশালাৰ ঐতিহ্য আৰু সংস্কৃতিৰ সংহতি ৰাখি ইয়াৰ উন্নতিৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে, যাতে নতুন প্ৰজন্মও সাহিত্য-সংস্কৃতিৰ গুৰুত্ব উপলব্ধি কৰিব পাৰে ।

উদ্বোধনী অনুষ্ঠানৰ অন্তত সাহিত্যিক আৰু অতিথিসকলে সাহিত্য, বিজ্ঞান আৰু ইতিহাসৰ সম্পৰ্কত আলোচনা কৰে । বিশেষ অতিথি হিচাপে উপস্থিত নাট্যকাৰ কৃষ্ণ ৰয়ে অসমীয়া নাটকৰ বিকাশ সম্পৰ্কে আলোচনা কৰে, যি সাহিত্যসভাৰ ইতিহাসত গুৰুত্বপূৰ্ণ ঠাই লাভ কৰিব । তেওঁ কয় যে অসমৰ নাট্যচর্চা আৰু সাহিত্য চর্চাই আৰু আগুৱাই যাবলৈ এইধৰণৰ সভাসমূহৰ বিশেষ ভূমিকা আছে ।

বিজ্ঞান মেলাত বিশেষ ধৰণৰ প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে, 'ত ছাত্ৰ-ছাত্ৰীসকলে প্ৰযুক্তি আৰু বিজ্ঞানৰ বিভিন্ন নতুন আবিষ্কাৰসমূহ প্ৰদৰ্শন কৰে । ইয়াৰ উপৰি, স্থানীয় কলা-সংস্কৃতি প্ৰতিষ্ঠানসমূহেও অংশগ্ৰহণ কৰি অসমৰ ঐতিহ্যৱাহী কলাসমূহ দেখুৱাইছে ।

সকলো মিলি এই অধিৱেশনত সাহিত্যৰ লগতে বিজ্ঞান, ইতিহাস, সংস্কৃতি আৰু নাট্যকলাৰ এক অনন্য সমাহাৰ লক্ষ্য কৰা হৈছে, যি অসম সাহিত্য সভাৰ বাবে এটি উল্লেখযোগ্য পদক্ষেপ হ'ব বুলি আয়োজকসকলে আশা প্ৰকাশ কৰিছে ।



আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: