আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ১১৭ সংখ্যক জন্মদিন ! অৱহেলিত কলাগুৰুৰ আবক্ষ মূৰ্তি
বি.
চি ডেস্ক, ৩১জানুৱাৰীঃ আজিৰ দিনটো কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ১১৭
সংখ্যক জন্মদিন। তেজপুৰত তেওঁৰ সমাধিস্থলীত বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জৰিয়তে
দিনটো উদযাপন কৰা হৈছে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আবক্ষ মূৰ্তিসহ প্ৰস্তাৱিত
কলাক্ষেত্ৰ চৌহদৰ কদৰ্যৰূপে সকলোকে আচৰিত কৰি তুলিছে । প্ৰস্তাৱিত কলাক্ষেত্ৰ চৌহদটো
অতি দুখজনকভাৱে অৱহেলিত হৈ পৰিছে।
তেজপুৰৰ জয়মতী পথাৰত ৪ বিঘা ৩ কঠা মাটিত কলাগুৰুৰ
স্মৃতিত এখন কলাক্ষেত্ৰ স্থাপনৰ পৰিকল্পনা
কৰা হৈছিল। কিন্তু বৰ্তমান সেই ঠাইৰ চৌপাশে আৱৰ্জনাৰে ভৰি পৰিছে। তেজপুৰ পৌৰসভা
আৰু শোণিতপুৰ প্ৰশাসনৰ চূড়ান্ত অৱহেলাৰ ফলত এনে অৱস্থা সৃষ্টি হৈছে বুলি সচেতন মহলে দাবী কৰে।
দীৰ্ঘদিন ধৰি কলাগুৰুৰ স্মৃতিত এক বিশেষ প্ৰকল্প স্থাপন
কৰাৰ দাবী উঠি আহিছে যদিও সেয়া কাৰ্যতঃ বাস্তৱায়িত আজিলৈ হৈ নুঠিল । ঐতিহ্য
সুৰক্ষা মঞ্চ,
অসম নামৰ সংস্থাটোৱে জয়মতী পথাৰৰ সমীপৰ ৪ বঘা ভূমিত শিল্পীগৰাকীৰ স্মৃতিত এখন
কলাক্ষেত্ৰ গঢ়ি তোলাৰ পৰিকল্পনা হাতত লোৱাৰ লগতে কলাগুৰুৰ এক আবক্ষ মূৰ্তিও স্থাপন কৰে ৷ পৰৱৰ্তী
সময়ত এই ভূমি বিহীত ব্যৱস্থাৰে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগক গতাই দিয়া
হয় যাতে তাত কলাগুৰুৰ স্মৃতিত তাত কলাক্ষেত্ৰ নিৰ্মাণ হয় ।
ইতিমধ্যেই কলাগুৰুৰ আবক্ষ মূৰ্তি ৰাজহুৱাভাৱে স্থাপন হোৱা এই চৌহদৰ প্ৰৱেশদ্বাৰত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা কলাক্ষেত্ৰ হিচাপে নামাকৰণ কৰা হ'ল ঠিকেই কিন্তু আজিলৈকে ইয়াত কোনো কামহে আৰম্ভ নহ'ল ৷ ইফালে ২০২১ চনত তেজপুৰৰ বিধায়ক হিচাপে নিৰ্বাচিত হয় কলাগুৰুৰ পুত্ৰ পৃথ্বিৰাজ ৰাভা ৷ কিন্তু তাতোকৈ পৰিতাপৰ কথা যে ৰাজ্য খনৰ ভিতৰতে পৰিষ্কাৰ চহৰ হিচাপে খ্যাত তেজপুৰৰ বিভিন্ন অঞ্চলৰ বাসগৃহ আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা আৱৰ্জনা সংগ্ৰহৰ বাবে তেজপুৰ পৌৰসভাই ঠিকা দিয়া প্ৰতিষ্ঠানসমূহৰ আৱৰ্জনা সংগ্ৰহ কৰিবলৈ যান-বাহন ৰখাৰ বাবে উপযুক্ত স্থান নোহোৱাত চহৰখনৰ বিভিন্ন আৱাসিক অঞ্চলতে এইবোৰ ৰখাক লৈ ৰাইজে আপত্তি দৰ্শোৱাত পৌৰসভাই কলাগুৰুৰ স্মৃতিত নিৰ্মাণ হ'বলগীয়া কলাক্ষেত্ৰৰ চৌহদটোতে সেই যান-বাহন ৰখাৰ ব্যৱস্থা কৰে ৷ পৰিণতিত ক্ৰমান্বয়ে লেতেৰা আৰু আৱৰ্জনাৰে ভৰি পৰিছে কলাগুৰুৰ আবক্ষ মূৰ্তি আৰু ইয়াৰ কাষৰ অঞ্চল ।
কলাগুৰুৰ স্মৃতিত নিৰ্মাণ কৰা আবক্ষ মূৰ্তিটোৰ উদ্বোধনৰ দিনটোতে পিন্ধোৱা গামোচাখনো এতিয়া উৱঁলি পৰিছে৷ আনহাতে ক্ষমতাৰ যুঁজত মত্ত বহু অনিয়মৰ অভিযোগত অভিযুক্ত তেজপুৰ পৌৰসভাক পূৰ্বৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই এই বিশেষ চৌহদটোৰ পৰা পৌৰসভাৰ আৱৰ্জনা কঢ়িওৱা যান-বাহনসমূহ আঁতৰাবলৈ নিৰ্দেশ দিছিল যদিও তদানীন্তন পৌৰপতি প্ৰজ্ঞানু ভট্টাচাৰ্যৰ যিদৰে এইক্ষেত্ৰত গা নলৰিল একেদৰে কলাগুৰুৰ জন্মদিনটোৰ প্ৰাকমুহূৰ্ততো চৌহদটো পৰিষ্কাৰ কৰাৰ বাবে তেজপুৰ পৌৰসভা তথা বৰ্তমানৰ পৌৰপতি ৰমেন তামুলীৰো কোনো কানসাৰ পৰিলক্ষিত নহ'ল ৷ কলাগুৰুৰ স্মৃতিত কলাক্ষেত্ৰ গঢ়িবলৈ আৱণ্টিত চৌহদটোও পৌৰসভাই যি কদৰ্যৰূপলৈ পৰিণত কৰিছে সেয়া দেখি তেজপুৰ পৌৰসভা আৰু প্ৰশাসনক বিভিন্নজনে ধিক্কাৰ দিছে ৷
কলাগুৰুৰ স্মৃতিত গঢ়ি উঠিব লগা কলাক্ষেত্ৰত
উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন সংস্কৃতিৰ তথ্যভঁৰাল, গৱেষণা কেন্দ্ৰ,
অতিথিশালা, ১০০০ লোক বহিব পৰা প্ৰেক্ষাগৃহ আৰু
এক উন্নতমানৰ ষ্টুডিঅ' স্থাপন কৰাৰ পৰিকল্পনা আছে। এই
প্ৰকল্পটো বাস্তবায়ন কৰিবলৈ ঐতিহ্য সুৰক্ষা মঞ্চই কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ
আয়োগৰ ওচৰত ৩৭ কোটি টকীয়া প্ৰস্তাৱ দাখিল কৰিছে। কিন্তু এতিয়াও ইয়াৰ কোনো
অগ্ৰগতি হোৱা দেখা নাই।
এই কলাক্ষেত্ৰটি কলাগুৰুৰ সোঁৱৰণত গঢ়ি তোলাৰ কথা আছিল, কিন্তু
আজিলৈকে ইয়াৰ উন্নয়নমূলক কামকাজ আৰম্ভ নহ’ল। স্থানটোৰ
পৰিচ্ছন্নতা নাথাকাৰ বাবে বহু সংগঠন, সচেতন ৰাইজে ক্ষোভ
প্ৰকাশ কৰিছে। স্থানীয় সাংস্কৃতিক সংগঠন আৰু সচেতন নাগৰিকে মিলি এক গুৰুত্বপূৰ্ণ
সিদ্ধান্ত লৈ এই অঞ্চলটো পৰিষ্কাৰ কৰা আৰু কলাক্ষেত্ৰটো উন্নয়নৰ বাবে চৰকাৰক চাপ
প্ৰদান কৰাৰ সময় আহি পৰিছে বিভিন্ন জনে মতপোষণ কৰে ।
ৰাইজৰ দাবী যে— চৰকাৰে এই স্থানটোক
পৰিষ্কাৰ কৰি প্রকল্পটোক সোনকালে পূৰ্ণ কৰা হওক, যাতে
কলাগুৰুৰ সঠিক সন্মান ৰক্ষা হয় আৰু নতুন প্ৰজন্মেও তেওঁৰ দৰ্শন আৰু কলাসাহিত্যৰ
সৈতে জড়িত হৈ থাকিব পাৰে।
0 coment rios: