পৰেশ বৰুৱাৰ আজীৱন শাস্তি হ্ৰাস, বাংলাদেশ উচ্চ ন্যায়ালয়ৰ
বিকল্প
চিন্তা, ১৬জানুৱাৰীঃ
আলফ (স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱা সন্দৰ্ভত বাংলাদেশ উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ এক
গুৰুত্বপূৰ্ণ ৰায়দান কৰি বৰুৱাৰ শাস্তি হ্ৰাস কৰে।
আলফা (স্বা)
সেনাধ্য়ক্ষ পৰেশ বৰুৱা সন্দৰ্ভত বাংলাদেশ উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দান
কৰে। ন্যায়ালয়ে বৰুৱাৰ আজীৱন কাৰাদণ্ডৰ শাস্তি হ্ৰাস কৰি ১৪ বছৰৰ কাৰাবাসলৈ
ৰূপান্তৰিত কৰে। ইয়াৰ কিছুদিন পূৰ্বে ন্যায়ালয়ে পৰেশ বৰুৱাক মৃত্যুদণ্ডৰ পৰা ৰেহাই
দি শাস্তি হ্ৰাস কৰি আজীৱন কাৰাদণ্ডলৈ পৰিবৰ্তন কৰিছিল। বুধবাৰে এই তথ্য প্ৰকাশ
কৰে এটৰ্নী জেনেৰেল ব্যুৰোৰ এগৰাকী বিষয়াই । উল্লেখ্য যে,
আলফা (স্বা) ৰ সেনাধ্যক্ষগৰাকী ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা এজেন্সীৰ
মোষ্ট ৱান্টেডৰ তালিকাৰ অন্তৰ্ভুক্ত ।
২০০৪ চনত বাংলাদেশৰ
বি এন পি-জমাত মিত্ৰজোঁটৰ চৰকাৰৰ দিনত বাংলাদেশ আৰক্ষীয়ে নিশাৰ ভাগত চট্টগ্ৰামৰ
কৰ্ণাফুলি নদীৰ পাৰৰ জেট ঘাটৰ পৰা ১০খন অস্ত্ৰ ভৰ্তি ট্ৰাক উদ্ধাৰ কৰিছিল। জব্দ
কৰা অস্ত্ৰসমূহৰ ভিতৰত আছিল ২৭ হাজাৰৰো অধিক গ্ৰেনেড,
১৫০টা ৰকেট লঞ্চাৰ, ১১ লাখৰো অধিক বোমা-বাৰুদ,
১১০০টা চাব মেচিনগান আৰু ১১.৪১ লাখ সজীৱ গুলী। পৰৱৰ্তী তদন্তত
পোহৰলৈ আহিছিল যে, এই চীনত নিৰ্মিত অস্ত্ৰ-শস্ত্ৰ সমুহ ভাৰত বিৰোধী কাৰ্যকলাপত
ব্যৱহাৰৰ বাবে সৰবৰাহ কৰা হৈছিল।
এই ঘটনাৰ লগত পৰেশ
বৰুৱাকে ধৰি প্ৰায় ৫০ জনলোক জড়িত হোৱাৰ অভিযোগ উত্থাপন হৈছিল। এই গোচৰতেই দোষী
সাব্যস্ত হোৱা পৰেশ বৰুৱাক বাংলাদেশ উচ্চ ন্যায়ালয়ে প্ৰথম অৱস্থাত মৃত্যুদণ্ড
বিহিছিল। কিন্তু শ্বেইখ হাছিনা চৰকাৰৰ পতনৰ পাছত আলফা (স্বা)ৰ সেনাধ্যক্ষগৰাকীৰ
শাস্তি দুবাৰকৈ হ্ৰাস কৰা হয়। এই সিদ্ধান্তৰ বিষয়ে তথ্য দি এটৰ্নী জেনেৰেল
ব্যুৰোৰ এগৰাকী বিষয়াই বুধবাৰে কয় যে, ২ জন
ন্যায়াধীশৰ বিচাৰপীঠে বৰুৱা আৰু চাৰিজন বাংলাদেশীৰ শাস্তি যাৱজ্জীৱন কাৰাদণ্ডলৈ
হ্ৰাস কৰিছে।
আনহাতে ইয়াৰ পূৰ্বে বাংলাদেশ জাতীয়তাবাদী পাৰ্টিৰ প্ৰাক্তন ৰাজ্যিক গৃহমন্ত্ৰী লুটফুজ্জামান বাবৰকে ধৰি এই ঘটনাৰে জড়িত ৫ অভিযুক্তক আদালতে দোষমুক্ত ঘোষণা কৰিছিল। লগতে আদালতে আন ৫ জনৰ শাস্তিও হ্ৰাস কৰে। এই বিচাৰপীঠে আৰু জনাই যে তিনিজন অভিযুক্তৰ আবেদন কমি গৈছে, কিয়নো তেওঁলোকৰ ইতিমধ্যে মৃত্যু হৈছে।
উল্লেখ্য যে,
বাংলাদেশ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত ভাৰতৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে।
শ্বেইখ হাছিনা চৰকাৰৰ পতন আৰু মহম্মদ ইউনুছ শাসনলৈ অহাৰ পাছতেই ভাৰতৰ- বাংলাদেশৰ
সম্পৰ্ক অধিক বেয়াৰ পিনে ঢাল খাইছে। নিতৌ দেশখনৰ পৰা ন ন হিংসাত্মক ঘটনাৰ খবৰ পোহৰলৈ অহাৰ লগতে দুয়োখন
দেশৰ মতানৈক্যৰ দিশবোৰো স্পষ্ট হৈ পৰিছে।
ইয়াৰোপৰি যোৱা কেইটামান দিনত পাকিস্তানৰ
লগত বাংলাদেশৰ সম্পৰ্ক অধিক উন্নত হোৱাৰ লগতে ভাৰত বিৰোধী কাৰ্যকলাপত জড়িতত
অভিযুক্ত পৰেশ বৰুৱাৰ শাস্তি ৰেহাই কৰা কাৰ্যয় ভাৰতৰ বাবে আন এক উদ্বেগজনক বিষয় হৈ
পৰিছে ।
0 coment rios: