দেশৰৰ সংবাদ মাধ্যমৰ ৯০ শতাংশই উচ্চ জাতিৰ মালিকানাধীন
২০২১ চনৰ এপ্ৰিলৰ
পৰা ২০২২ চনৰ মাৰ্চলৈকে কৰা এই অধ্যয়নত ২০ হাজাৰৰো অধিক আলোচনী আৰু বাতৰি কাকতৰ
প্ৰবন্ধ,
৭৬ জন এংকৰ, ৩,৩১৮ জন
পেনেলিষ্টৰ ২০৭৫ টা প্ৰাইম টাইম বিতৰ্ক আৰু ১২ মাহৰ অনলাইন বাতৰিৰ প্ৰতিবেদন
বিশ্লেষণ কৰা হৈছে। গুণগত ভিত্তিত এই গৱেষণা কৰা হৈছে। যেনে লেখক বা অংশগ্ৰহণকাৰীৰ
সামাজিক স্থান, বাতৰিটোৰ গুৰুত্ব, আৰু
বাতৰিৰ কভাৰেজৰ বিষয়।
ইয়াত কোৱা হৈছে যে
ছপা,
টিভি আৰু ডিজিটেল মাধ্যমৰ প্ৰায় ৯০ শতাংশ সাধাৰণ জাতিৰ নেতৃত্বত
আছে, ইয়াৰ ভিতৰত কোনো অনুসূচিত জাতি বা অনুসূচিত জনজাতি
(এছটি) নাই। ভাৰতত অনুসূচিত জাতি (এছি) আৰু অনুসূচিত জনজাতি (এছটি)ক
আনুষ্ঠানিকভাৱে ঐতিহাসিকভাৱে বঞ্চিত জনগোষ্ঠী হিচাপে নিৰ্ধাৰণ কৰা হৈছে। এই
শব্দবোৰ ভাৰতৰ সংবিধানত স্বীকৃতিপ্ৰাপ্ত আৰু এটা বা আন এটা শ্ৰেণীৰ গোটক নিৰ্ধাৰণ
কৰে। ভাৰতীয় উপমহাদেশত ইংৰাজৰ শাসনৰ অধিকাংশ সময়ছোৱাত তেওঁলোকক অনুন্নত শ্ৰেণী
বুলি জনা গৈছিল।
নিউজ
ৰুমৰ ১২১টা নেতৃত্বৰ পদৰ ভিতৰত ১০৬টা উচ্চ জাতিৰ লোকৰ হাতত,পাঁচজন অন্য পিছপৰা
শ্ৰেণীৰ লোকৰ আৰু ছয়টা সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ হাতত। দক্ষিণ এছিয়াৰ সৰ্ববৃহৎ
মিডিয়া ফ’ৰাম দ্য মিডিয়া ৰামবলত প্ৰকাশিত এক প্ৰতিবেদনত
হিন্দী আৰু ইংৰাজী কাকতত প্ৰতি ৫টা প্ৰবন্ধৰ ভিতৰত ৩টা লেখা সাধাৰণ জাতিৰ লেখকে
লিখা বুলিও প্ৰকাশ পাইছে। আনহাতে প্ৰতি ৫টা প্ৰবন্ধৰ ভিতৰত মাত্ৰ ১টা প্ৰবন্ধ
প্ৰান্তীয় জাতি (এছি,এছটি বা অ’বিচি )ৰ দ্বাৰা
লিখা হয়।
বাতৰি
কাকত, টিভি চেনেল, নিউজ ৱেবছাইট
আৰু অধ্যয়নধীন আলোচনীসমূহৰ নিউজ ৰুমত ১২১টা নেতৃত্বৰ পদৰ ভিতৰত ১০৬টা উচ্চ জাতিৰ
হাতত আছে। পাঁচজন অন্য পিছপৰা শ্ৰেণীৰ আৰু ছয়টা সংখ্যালঘু সম্প্ৰদায়ৰ। এই ঘটনাত
চাৰিজন লোকৰ পৰিচয় পোৱা নগ’ল। নিউজ ৰুমৰ নেতৃত্বৰ পদসমূহ হ’ল মুখ্য সম্পাদক, পৰিচালন সম্পাদক, কাৰ্যবাহী সম্পাদক, ব্যুৰো মুখ্য, ইনপুট/আউটপুট সম্পাদক।
প্ৰতিবেদন
অনুসৰি প্ৰতি চাৰিটা এংকৰৰ ভিতৰত তিনিজন উচ্চ জাতিৰ। ইয়াৰে এজনো দলিত, আদিবাসী বা অ’বিচি নাই। তেওঁলোকৰ
৭০ শতাংশতকৈ অধিক বাতৰি বা অনুষ্ঠান উচ্চ বৰ্ণৰ সংখ্যাগৰিষ্ঠ
পেনেলিষ্টৰ দ্বাৰা গঠিত ইংৰাজী বাতৰি কাকত লিখকৰ ৫ শতাংশতকৈ অধিক দলিত বা আদিবাসীৰ
সংখ্যা নাই। হিন্দী কাকতত এই সংখ্যা প্ৰায় ১০ শতাংশ। নতুন বাতৰি ৱেবছাইটত লেখকৰ
নাম থকা প্ৰায় ৭২ শতাংশ লেখা উচ্চ বৰ্ণৰ লোকে লিখা বুলিও প্ৰতিবেদনত উল্লেখ কৰা
হৈছে। অধ্যয়ন কৰা ১২খন আলোচনীৰ কভাৰ পেজত প্ৰকাশ পোৱা ৯৭২টা প্ৰবন্ধৰ ভিতৰত মাত্ৰ
১০টাহে জাতি সম্পৰ্কীয় বিষয়ত লিখা হৈছিল।
অক্সফাম
ইণ্ডিয়াৰ চিইঅ’ অমিতাভ বেহাৰে কয়, ‘তিনি
বছৰৰ ভিতৰত আমাৰ দ্বিতীয়টো প্ৰতিবেদনত দেখা গৈছে যে ভাৰতৰ নিউজ ৰুমসমূহ দেশৰ
প্ৰান্তীয় সম্প্ৰদায়সমূহত বাবে অন্তৰ্ভুক্তিৰ স্থান নাই। সকলো
প্লেটফৰ্মৰ মিডিয়া হাউছৰ নেতাসকলে দলিত, আদিবাসী আৰু
বহুজনসকলৰ বাবে এক উপযুক্ত পৰিৱেশ সৃষ্টি কৰাত ব্যৰ্থ হৈছে।”
তেওঁ কয় যে, দেশৰ সংবাদ মাধ্যমে কেৱল কভাৰেজতে নহয়, নিযুক্তিৰ
ক্ষেত্ৰতো সমতাৰ সাংবিধানিক নীতি ৰক্ষা কৰিব লাগে।
লগতে
তেওঁ কয় যে, দেশৰ সংবাদ মাধ্যমৰ সংস্থাসমূহৰ বাবে নিযুক্তিৰ ক্ষেত্ৰত নিউজ
ৰুমসমূহক অধিক বৈচিত্ৰময় আৰু সৰ্বাংগীন কৰি তোলাটো গুৰুত্বপূৰ্ণ হোৱাৰ উপৰিও
বৈষম্যহীন ভাৰত গঢ়ি তোলাটো অতি প্ৰয়োজনীয়।
0 coment rios: