Wednesday, January 22, 2025

দিল্লী নিৰ্বাচনঃ ‘ব্ৰেণ্ড মোডী’ৰ মুখ ৰক্ষা হ’বনে?

 দিল্লী নিৰ্বাচনঃ ব্ৰেণ্ড মোডীৰ মুখ ৰক্ষা হবনে?

বি. চি,২২ জানুৱাৰীঃ ৫ ফেব্ৰুৱাৰীত দিল্লীত বিধানসভা নিৰ্বাচন। এই নিৰ্বাচনত অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টিক পৰাস্ত কৰৰিবলৈ উঠিপৰি লাগিছে বিজেপি ইয়াক দেশৰ ৰাজধানীৰ ভোট বুলি কোৱা হয়। গতিকে সকলো ভাৰতীয়ৰে দৃষ্টি এতিয়া দিল্লীৰ ওপৰত। কিন্তু প্ৰশ্ন হয়, দিল্লী দখল কৰিবলৈ সক্ষম হবনে বিজেপিয়ে?

প্ৰায় তিনি দশক দিল্লীৰ ক্ষমতাত নাই বিজেপি আনহাতে বিগত তিনিটা লোকসভা নিৰ্বাচনত দিল্লীৰ আটাইকেইখন আসনত বিজেপিয়ে জয়লাভ কৰিলেও বিধানসভা নিৰ্বাচনত বিজেপিয়ে একেবাৰেই সফলতা লাভ কৰা নাই। তাত বিজেপিৰ নেতৃত্বৰ কেইবাটাও পৰিৱৰ্তন হৈছে, নতুন মুখৰো সন্মুখলৈ অনা হৈছে। কিন্তু ইয়াৰ পিছতো বিধানসভা নিৰ্বাচনৰ ফলাফলত ইয়াৰ কোনো প্ৰভাৱ পৰা নাছিল।

দিল্লী বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পূর্বেই আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ শীৰ্ষ নেতাসকল জপিয়াই পৰিছে দিল্লীৰ নিৰ্বাচনী ৰণক্ষেত্ৰত দিল্লী বিধানসভা নিৰ্বাচনত শাসকীয় আপ চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে বিজেপি আৰু কংগ্ৰেছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আম আদমী পাৰ্টী আপক আপ-দাবা আপদ বুলি কটাক্ষ কৰে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, "দিল্লীতো প্ৰতিধ্বনিত হৈছে - মই আপ-ডা (বিপৰ্যয়) সহ্য নকৰো, মই ইয়াক সলনি কৰি এৰি দিম।" দিল্লীয়ে এতিয়া উন্নয়নৰ ধাৰা চাব বিচাৰিছে।

আনহাতে, গৃহমন্ত্ৰী অমিত শ্বাহে অৰবিন্দ কেজৰিৱালক লক্ষ্য কৰি লৈছিল। তেওঁ অভিযোগ কৰে যে কেজৰিৱালে মুখ্যমন্ত্রীৰ কার্যকালত দিল্লীৰ মুখ্যমন্ত্রীৰ বাসগৃহটো শিশ মহলকৰি তুলিছে৷

দিল্লীত বিধানসভা নিৰ্বাচনত বিজেপিয়ে শেষবাৰৰ বাবে জয়লাভ কৰিছিল ১৯৯৩ চনত। তেতিয়া মদন লাল খুৰানা দিল্লীৰ মুখ্যমন্ত্ৰী হয়। কোৱা হয় যে সেই সময়ত বিজেপিৰ জয়ত ভোট বিভাজননে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। সেই বছৰৰ নিৰ্বাচনত ভি পি সিঙৰ মণ্ডলৰাজনীতিয়ে দিল্লীতো প্ৰভাৱ পেলাইছিল। জনতা দলে ১২ শতাংশতকৈ অধিক ভোট লাভ কৰে। আনহাতে কংগ্ৰেছে প্ৰায় ৩৫ শতাংশ ভোট আৰু বিজেপিয়ে প্ৰায় ৪৩ শতাংশ ভোট লাভ কৰে। গতিকে দিল্লীত বিজেপিৰ জয়ৰ বাট সুগম কৰি দিছিল ভোট বিভাজননে ।

১৯৯৩ চনত ৪৯ খন আসন লাভ কৰাৰ পিছতো বিজেপিয়ে পাঁচ বছৰত তিনিবাৰকৈ দিল্লীৰ মুখ্যমন্ত্ৰীক সলনি কৰিব লগা হৈছিল। প্ৰথমে মদন লাল খুৰানা, তাৰ পিছত চাহিব সিং ভাৰ্মা আৰু শেষত সুষমা স্বৰাজক দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়। ইয়াৰ পিছত প্ৰায় তিনি দশক ধৰি বিজেপিয়ে দিল্লীত পুনৰ ক্ষমতালৈ আহিব নোৱাৰিলে।

একেৰাহে তিনিটাকৈ বিধানসভা নিৰ্বাচনত কংগ্ৰেছক ভোট দিয়ে দিল্লীৰ বাসিন্দাসকলে। মুখ্যমন্ত্ৰী হয়  শীলা দীক্ষিত। ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ মতে, আম আদমী পাৰ্টি গঠনৰ পিছত বিজেপিৰ দৰে পুৰণি দলটোক বিশ্বাস নকৰি দিল্লীৰ জনসাধাৰণে অৰবিন্দ কেজৰিৱালৰ দলটোক অগ্ৰাধিকাৰ দিয়ে

২০১৩ চনৰ দিল্লী বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৩১খন আসন লাভ কৰিছিল। ইয়াৰ পিছত ২০১৫ চনৰ বিধানসভা নিৰ্বাচনত মাত্ৰ তিনিখন আসন আৰু ২০২০ চনত ৮খন আসন লাভ কৰি মোডী-শ্বাহে সন্তুষ্ট হবলগীয়া হৈছিল। কিন্তু যোৱা তিনিটা লোকসভা নিৰ্বাচন অৰ্থাৎ ২০১৪, ২০১৯ আৰু ২০২৪ চনত দিল্লীৰ সাতখন আসনতে বিজেপিয়ে জয়লাভ কৰিছিল। ২০২০ৰ বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টিয়ে প্ৰায় ৫৪ শতাংশ ভোট লাভ কৰিছিল। বিজেপিয়ে প্ৰায় ৪০ শতাংশ আৰু কংগ্ৰেছে প্ৰায় ৪ শতাংশ লাভ কৰিছিল ২০১৯ চনত দিল্লীত হোৱা লোকসভা নিৰ্বাচনত বিজেপিয়ে ৫৬ শতাংশ, আম আদমী পাৰ্টিয়ে ১৮ শতাংশ আৰু কংগ্ৰেছে প্ৰায় ২৩ শতাংশ ভোট লাভ কৰিছিল।

বিধানসভা নিৰ্বাচনত বিজেপিৰ পৰাজয়ৰ এটা ডাঙৰ কাৰণ বস্তিৰ এক বৃহৎ অংশ, দলিত আৰু মুছলমান ভোটৰ বাবে বুলি কোৱা হয়। আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে যোৱা ৬ মাহ ধৰি বিভিন্ন মহল্লাত ঘূৰি ফুৰি মহানগৰীৰ দুখীয়া ৰাইজৰ মাজত ইখনৰ পিছত সিখনকৈ বৈঠক অনুষ্ঠিত কৰি আহিছে। ইউ পি চৰকাৰৰ বিভিন্ন কল্যাণমূলক প্ৰকল্পৰ কথা আঙুলিয়াই দিয়াৰ উপৰিও আইন-শৃংখলাৰ অৱনতিৰ বিষয়ে কেন্দ্ৰক প্ৰশ্ন উত্থাপন কৰিছে। কাৰণ দিল্লী আৰক্ষী অমিত শ্বাহৰ গৃহ মন্ত্ৰালয়ৰ অধীনত।

কংগ্ৰেছেও হেৰুৱা মাটি ঘূৰাই পাবলৈ আপ্ৰাণ চেষ্টা কৰিছে। লগতে আপৰ জনকল্যাণমূলক প্ৰকল্পৰ প্ৰতি-প্ৰকল্প দাঙি ধৰিছে। লগতে বিজেপিৰ ধৰ্মীয় মেৰুকৰণৰ বিৰুদ্ধে একমাত্ৰ ধৰ্মনিৰপেক্ষ বিৰোধী শক্তি হিচাপে নিজকে প্ৰক্ষেপ কৰি। কেজৰিৱালে আপ আৰু অন্যান্য ৰাজনৈতিক দলৰ মাজত পাৰ্থক্য সৃষ্টি কৰিছে। তেওঁৰ জনপ্ৰিয়তাই এতিয়াও ৰাইজৰ মাজত হ্ৰাস হোৱা নাই। তেওঁ ফ্ৰণ্ট লাইনৰ পৰাই দলটোক নেতৃত্ব দি আছে।

আনহাতে কেজৰিৱালৰ বিৰুদ্ধে এজন নেতা বিচাৰি হাহাকাৰ কৰিছে বিজেপি। কেজৰিৱালক প্ৰত্যাহ্বান জনাব পৰা মদন লাল খুৰানা বা সুষমা স্বৰাজৰ দৰে মুখ বৰ্তমান নাই২০১৫ চনৰ নিৰ্বাচনত কিৰণ বেদীক ঠিয় কৰোৱাৰ প্ৰয়াস কৰা হৈছিল। কিন্তু সময়ত গৈ হৈ নুঠিল। আনহাতে, হৰ্ষ বৰ্ধনও কেজৰিৱালৰ মুখামুখি হবলৈ উপযুক্ত প্ৰাৰ্থী নহয়। কংগ্ৰেছৰ ক্ষেত্ৰতো একেই পৰিস্থিতি। শ্বিলা দীক্ষিতৰ পিছত ইমান যোগ্যতা থকা কোনো লোক এতিয়া লৈ ওলাইল নাহিল ।এই ক্ষেত্ৰত অজয় ​​মাকেন বা শীলা-পুত্ৰ সন্দীপ দীক্ষিত কোনেও কেজৰিৱালৰ সমকক্ষ নহয়ইয়াৰ উপৰিও আছে দলীয় সংঘাত

দলৰ নেতৃত্বৰ অভাৱ উপলব্ধি কৰি প্ৰধানমন্ত্ৰী ৰণক্ষেত্ৰত নামি পৰিছে । তেওঁ বিভিন্ন প্ৰতিশ্ৰুতিৰে  দলৰ দুৰ্বলতা ঢাকিবলৈ চেষ্টা কৰিছে। দুৰ্নীতি আৰু পৰিয়ালতন্ত্রৰ ওপৰত কংগ্ৰেছক লক্ষ্য কৰি লোৱাৰ পিছতো এতিয়ালৈকে বিজেপিয়ে আপক পৰাস্ত কৰিব পৰাকৈ শক্তিশালী অস্ত্ৰ পোৱা নাই। কেজৰিৱালে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰাৰ সন্দৰ্ভত কোনো ধৰণৰ ব্যাখ্যাও দিব নোৱাৰিলে গেৰুৱা শিবিৰে

সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপটত বিজেপিয়ে আপৰ বিৰুদ্ধে দুৰ্নীতিৰ বিষয়টো উত্থাপন কৰিছে। এই ৰাজনৈতিক পৰিস্থিতিত গেৰুৱা শিবিৰে কৌশলগত পদক্ষেপ হিচাপে নতুন দিল্লীৰ আসন খনত কেজৰিৱালৰ বিৰুদ্ধে প্ৰাক্তন সাংসদ পৰ্বেশ ভাৰ্মাক থিয় কৰাইছে। তেওঁৰ সাম্প্ৰদায়িক মন্তব্য আৰু CAA বিৰোধী আন্দোলনৰ পিছৰে পৰা তীব্ৰ মুছলমান বিৰোধিতাৰ মুখ হিচাপে সংঘ পৰিয়ালৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। একেদৰে বিজেপিয়ে কলকাজী আসন খনত বৰ্তমানৰ মুখ্যমন্ত্ৰী আতিশীৰ বিৰুদ্ধে প্ৰাক্তন সাংসদ ৰমেশ বিধুৰিক প্ৰক্ষেপ কৰিছে। তীব্র সাম্প্ৰদায়িক মন্তব্যৰ বাবেও তেওঁ পৰিচিত।

বিজেপিয়ে ২০২০ চনৰ নিৰ্বাচনত CAA বিৰোধী আন্দোলনৰ বিষয়টোক ইস্যু হচাপে উত্থাপন কৰিছিল । ধৰ্মীয় মেৰুকৰণৰ কৰিব লৈ যাওতে মুছলমানসকলক বিশ্বাসঘাতক আৰু "জাতিদেশদ্ৰোহী" বুলি কবলৈ এই দলটোৱে লাজ কৰা নাছিল। অৱশ্যে আপে এই ফান্দত সুচতুৰভাবেই ভৰি নিদিয়াকৈ পাৰ  হৈ ছিল। কিন্তু নিৰ্বাচন শেষ হোৱাৰ ঠিক পিচতে সমগ্ৰ দিল্লীতেই সংঘটিত হয় এক ভয়াৱহ সাম্প্ৰদায়িক দাঙ্গা।

২০২৫ চনত বিজেপিয়ে ৰাজনীতিক মেৰুকৰণৰ নতুন কৌশলৰ আশ্ৰয় লৈছে। বিহাৰ আৰু পূব উত্তৰ প্ৰদেশ (পূব)ৰ দৰিদ্ৰ লোকৰ মাজত আপৰ প্ৰবল জনপ্ৰিয়তাৰ ইংগিত দেখি বিজেপি মেৰুকৰণৰ নতুন পথ লৈছিল। তেওঁলোকৰ দিল্লীৰ পাঞ্জাবী, জাট আৰু গুজ্জাৰ ভোটলৈ চকু। দিল্লীৰ ৪০ শতাংশ ভোটাৰ এই পূব অঞ্চলৰ। আনহাতে পাঞ্জাবীৰ ভোটদানৰ হাৰ ২০ শতাংশ আৰু জাট আৰু গুজ্জাৰৰ মিলি ভোটৰ হাৰ ১২ শতাংশ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শেহতীয়াকৈ ৰাকবগঞ্জ গুৰুদ্বাৰা ভ্ৰমণ কৰি পাঞ্জাৱীৰ হৃদয় জয় কৰিবলৈ চেষ্টা চলাইছিল। একেদৰে জাথ বাৰ্মা আৰু গুজ্জাৰ সম্প্ৰদায়ৰ বিধৱা নাৰীক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাটো বিজেপিৰ নিৰ্বাচনী কৌশলৰ অংশ।

কিন্তু বিজেপিয়ে ব্ৰেণ্ড মোডীৰ ওপৰত অধিক নিৰ্ভৰ কৰিছে। লগতে, আপ বিৰোধী বতাহ জাকক কামত লগাব বিচাৰে। আপ, বিজেপি আৰু কংগ্ৰেছৰ মাজত তিনিমুখীয়া যুঁজ হব। বিজেপিয়েও এই অঙ্ক মনত ৰাখিছে। দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল কংগ্ৰেছৰ ভোটৰ ভাগৰ ওপৰত বহুখিনি নিৰ্ভৰশীল। দলৰ নেতৃত্বক লৈ সংকটৰ সৃষ্টি হোৱাৰ পাছতো ২০১৩ চনৰ পৰা বিজেপিৰ ভোটৰ ভাগ ৩৩ শতাংশ অক্ষুণ্ণ ৰাখিছে৷ আনহাতে, যোৱা দশকত কংগ্ৰেছৰ পতনে আপৰ উত্থানত অৰিহণা যোগাইছে। ২০১৩ চনত কংগ্ৰেছৰ ভোটৰ অংশীদাৰিত্ব ২৪.৫৫ শতাংশ আছিল, যিটো ২০১৫ চনত ৯.৬৫ শতাংশলৈ হ্ৰাস পাইছিল। ২০২০ চনত আৰু অধিক হ্ৰাস পাই ৪.২৬ শতাংশ হৈছে। কংগ্ৰেছৰ এই পতনৰ ফলত আপে যথেষ্ট লাভৱান হৈছে।

২০১৩ চনৰ প্ৰথমখন নিৰ্বাচনী যুঁজত আপে ২৯.৪৯ শতাংশ ভোট লাভ কৰি বিজেপিৰ পিছতে দ্বিতীয় স্থানত আছিল। তাৰ পিছত ২০১৫ চনত আপৰ ভোটৰ হাৰ ৫৪.৩৪ শতাংশ হয়, তেওঁলোকৰ আসনৰ সংখ্যা ৬৭ খনলৈ বৃদ্ধি হয়। ২০২০ চনত আপে ৫৩.৫৭ শতাংশ ভোট লাভ কৰি ৬২খন আসনত জয়লাভ কৰে। ২০১৫ চনত বিজেপিৰ ভোটৰ অংশ ৩২.১৯ শতাংশৰ পৰা ২০২০ চনত ৩৮.৫১ শতাংশলৈ বৃদ্ধি পাইছে।

আনহাতে বিজেপিয়ে আপৰ বিৰুদ্ধে সর্বাত্মক যুদ্ধ ঘোষণা কৰিছে যদিও কংগ্ৰেছৰ বিৰুদ্ধে ইমান সৰৱ হোৱা দেখা নাই। যদি কংগ্ৰেছে ভোটৰ ভাগ সামান্য বৃদ্ধি কৰিব পাৰে তেন্তে ইয়াৰ দ্বাৰা বিজেপি লাভৱান হব পাৰে। আৰু যদি কংগ্ৰেছৰ ভোট বেংকত কোনো বিশেষ পৰিৱৰ্তন নহয়, তেন্তে বিজেপিৰ দিল্লী দখলৰ সপোন আকৌ এবাৰ আধৰুৱা হৈ থাকিব।

আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: