Tuesday, January 21, 2025

মানহানিৰ গোচৰত ৰাহুল গান্ধীক সকাহ উচ্চতম ন্যায়ালয়ে


নেচনেল ডেস্ক, ২০ জানুৱাৰীঃ মানহানিৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ পালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। উচ্চতম ন্যায়ালয়ে পৰৱর্তী নির্দেশ নিদিয়া পর্যন্ত ট্রায়াল কোর্টৰ কার্যক্রমৰ ওপৰত অন্তর্বর্তীকালীন স্থগিতাদেশ জাৰি কৰিছে। ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ সন্দীপ মেহতাৰ বিচাৰপীঠেও ৰাহুল গান্ধীয়ে গোচৰটো বাতিল কৰিবলৈ কৰা আৱেদনৰ সন্দৰ্ভত ঝাৰখণ্ড চৰকাৰ আৰু অভিযোগকাৰীৰ পৰা সঁহাৰি বিচাৰিছিল।

সোমবাৰে উচ্চতম ন্যায়ালয়ত শুনানিৰ সময়ত ৰাহুল গান্ধীৰ হৈ হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভীয়ে কয় যে এই অভিযোগ তৃতীয় পক্ষই দাখিল কৰা হৈছে আৰু মানহানিৰ গোচৰত সেয়া গ্ৰহণযোগ্য নহয়।

মানহানিৰ গোচৰত ৰাহুল গান্ধীৰ আবেদনৰ পিছতে উচ্চতম ন্যায়ালয়ে ঝাৰখণ্ড চৰকাৰ আৰু অভিযোগকাৰী বিজেপি কৰ্মী নবীন ঝালৈ জাননী জাৰি কৰিছে। বিজেপি নেতা নবীন ঝাই ৰাহুল  গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পিছতে বিষয়টো পোহৰলৈ আহে। অভিযোগনামাত উল্লেখ কৰা অনুসৰি ২০১৮ চনৰ ১৮ মাৰ্চত ৰাহুল গান্ধীয়ে ভাষণ দি বিজেপিক সমালোচনা কৰি হত্যাকাণ্ডত অমিত শ্বাহ জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল।

প্ৰথম অৱস্থাত ৰাঁচীৰ এখন দণ্ডাধীশ আদালতে ঝাৰ অভিযোগ খাৰিজ কৰে। পিছত তেওঁ ৰাঁচীৰ ন্যায়িক আয়ুক্তৰ সন্মুখত পুনৰীক্ষণ আবেদন দাখিল কৰে।

২০১৮ চনৰ ১৫ ছেপ্টেম্বৰত ন্যায়িক আয়ুক্ত ৰাঞ্চিয়ে অভিযোগ খাৰিজ কৰা আদেশ উলটি পুনৰ দণ্ডাধীশ আদালতলৈ প্ৰেৰণ কৰে। ন্যায়িক আয়ুক্তই দণ্ডাধীশক অভিলেখত থকা প্ৰমাণসমূহ পুনৰ পৰীক্ষা কৰি গোচৰটো আগবঢ়াই নিয়াৰ বাবে প্ৰাইমা ফেচি সামগ্ৰী নিৰ্ধাৰণ কৰি নতুন আদেশ প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে।

ইয়াৰ পিছতে ২০১৮ চনৰ ২৮ নৱেম্বৰত দণ্ডাধীশে নতুন আদেশ প্ৰদান কৰে। তেওঁ এই সিদ্ধান্তত উপনীত হয় যে ভাৰতীয় দণ্ডবিধিৰ ৫০০ নং ধাৰাত ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰাইমা ফেচি কেছ স্থাপন কৰিব পৰাকৈ পৰ্যাপ্ত প্ৰমাণ আছে। ফলস্বৰূপে দণ্ডাধীশে ৰাহুল গান্ধীক হাজিৰ হবলৈ চমন জাৰি কৰে। ইয়াৰ পিছতে ২০১৮ চনৰ ১৫ ছেপ্টেম্বৰত ৰাঁচী ন্যায়িক আয়ুক্তৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল ৰাহুল গান্ধীয়ে।

ন্যায়াধীশ অম্বুজ নাথে কয় যে, ৰাহুল গান্ধীয়ে বিজেপি নেতাসকল মিছলীয়া, যি ক্ষমতাৰ ৰাগীত মতলীয়া আৰু বিজেপি কৰ্মীসকলে এজন হত্যাৰ অভিযুক্তক তেওঁলোকৰ সভাপতি হিচাপে গ্ৰহণ কৰে। ভাৰতীয় দণ্ডবিধিৰ         (আইপিচি) ৪৯৯ ধাৰাৰ অধীনত ৰাহুল গান্ধীৰ এই মন্তব্য অপমানজনক বুলি উচ্চ ন্যায়ালয়ে কয়। প্ৰধানকৈ এই বক্তব্যৰ অৰ্থ হ, ৰাহুল গান্ধীয়ে কবলৈ বিচাৰিছে যে বিজেপিৰ নেতৃত্বত ক্ষমতাৰ ৰাগীত মতলীয়া আৰু প্ৰতাৰক লোকেৰে গঠিতবিজেপি । ২০২৪ চনৰ ২২ ফেব্ৰুৱাৰীত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাইছিল ৰাহুল গান্ধীয়ে। উচ্চ ন্যায়ালয়ে খাৰিজ নকৰিলে মানহানিৰ গোচৰটো।


আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: