Saturday, January 18, 2025

 

৩১ জানুৱাৰীৰ পৰা আৰম্ভ হব সংসদৰ বাজেট অধিৱেশনঃ অষ্টম বাজেট দাখিলৰ বাবে সাজু নিৰ্মলা সীতাৰমণ


নেচনেল ডেস্ক, ১৭ জানুৱাৰীঃ ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হব সংসদৰ বাজেট অধিৱেশন। এই বাজেট অধিৱেশনতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে একেৰাহে অষ্টম বাৰৰ বাবে বাজেট দাখিল কৰিব। ১ ফেব্ৰুৱাৰীত সংসদৰ অধিৱেশনৰ সময়ত বিত্তমন্ত্ৰীয়ে দাখিল কৰিব সাধাৰণ বাজেট। এই বাজেট অধিৱেশন ৪ এপ্ৰিললৈকে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত  পৰম্পৰা অনুসৰি অহা ৩১ জানুৱাৰীৰ পৰা সংসদৰ দুয়ো খন সদনৰ যৌথ অধিৱেশনৰ জৰিয়তে অধিৱেশন আৰম্ভ হব। এই যৌথ অধিৱেশনত পৰম্পৰা অনুসৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ভাষণ প্ৰদান কৰিব।

লোকসভা সচিবালয়ে এক প্ৰেছ বিজ্ঞপ্তি যোগে প্ৰকাশ কৰে যে, সংসদৰ দুয়োখন সদনৰ যৌথ অধিৱেশনৰ পিছত দাখিল কৰা হব অৰ্থনৈতিক জৰীপ। বাজেট অধিবেশনত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদৰ প্ৰস্তাৱ সন্দৰ্ভত সংসদৰ দুয়োটা সদনত বিতৰ্ক হয়। সংসদৰ দুয়োটা সদনত প্ৰধানমন্ত্ৰীৰ উত্তৰৰ সৈতে এই বিতৰ্কৰ অন্ত পৰে। উল্লেখ্য যে এইখন হব অষ্টাদশ লোকসভাৰ চতুৰ্থ অধিৱেশন।

আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয় কাৰ্যকালৰ এয়া হব প্ৰথম বাজেট অধিবেশন। ১৮তম লোকসভা নিৰ্বাচনৰ পিছত মোদী চৰকাৰে দাখিল কৰিব সম্পূৰ্ণ বাজেট। উল্লেখ্য যে বিগত বৰ্ষত অনুষ্ঠিত হোৱা সংসদৰ শীতকালীন অধিবেশনত ব্যাপক বিতৰ্ক তথা বিবাদৰ সৃষ্টি হৈছিল। শীতকালীন অধিৱেশনৰ প্ৰথম চাৰিদিনৰ বাবে সদনৰ কাম-কাজ সম্পূৰ্ণৰূপে স্থগিত ৰখা হৈছিল। বিগত বৰ্ষৰ ২৫ নৱেম্বৰৰ পৰা ২১ ডিচেম্বৰলৈ চলিছিল এই শীতকালীন অধিবেশন। ২৬ দিন ধৰি চলি থকা অধিৱেশনত লোকসভাৰ ২০খন বৈঠক আৰু ৰাজ্যসভাৰ ১৯খন বৈঠক অনুষ্ঠিত হয়।


আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: